আপুনিওঁ আমালৈ লেখা প্ৰেৰণ কৰিব পাৰিব ,আমাৰ ঠিকনাnotuntathyaasomiya@gmail.com
আনুষংগিক মাৰ্গঃ- জাৰচাং আৱৰ বিডিঅবোৰ সমাজক প্ৰভাৱিত কৰা বিডিঅ,তেওঁৰ শেহতীয়াকৈ তেওঁৰ ইউটিউব চেনেলত আপলোড কৰিছে যে ,,কোনো এজন লৰা বা ছোৱালীয়ে নিচাসক্তৰ পৰা কেনেকৈ পৰিত্ৰাণ কৰিব পাৰি ,তাৰ ওপৰত প্ৰচাৰ কৰা দেখা গৈছে । তাৰোপৰিওঁ উল্লেখখনীয়ৰ বিডিঅ সমুহৰ ভিতৰত অধ্যুষিত অঞ্চলত প্ৰাকৃতিক দূৰ্যোগৰ সময়ছোৱাত যেনে বানপানী সময়ত ৰাইজৰ হৈ থিয় দিয়াৰ লগতে চৰকাৰক ভিদিঅৰ যোগেদি আবেদন জনোৱা । আনহাতে গাৱঁৰ ৰাস্তাসমূহ মেৰামতি কৰাক লৈ কোনো দল বা চৰকাৰক টোলা-ধনা নকৰাকৈ দাৱী জনোৱা ।
মিচিং বোলছবি তথা মিচিঙৰ কলা-সংস্কৃতিক ভিডিঅৰ জৰিয়তে প্ৰচাৰ কৰা।
শেহতীয়াবাবে মুক্তি লাভ কৰা তথা মিচিং বোলছবি জগতৰ প্ৰথম ৰিমেক ছবি তেওঁৰ প্ৰিয় অভিনেতা সত্যজিৎ মৰাঙৰ অভিনীত লেকদা পামে আপ্পুন খন একেৰাহে গাৱে ভুৱে প্ৰচাৰ কৰি ছবিখনৰ বাণিজ্যিক দিশত সফল কৰাত অৰিহনা যোগাইছে । তাৰোপৰিওঁ মিচিঙৰ মুৰকং,তেগজক চিনেমাখনকে ধৰি মিচিং গানৰ এলবামকো প্ৰচাৰ কৰা দেখা গৈছে।
ইতিমধ্যে মিচিঙৰ জনপ্ৰিয় শিল্পী অমিয় কুমাৰ চিৰাং,কথা শিল্পী গোবিন্দ টাইদ,মিচিং তথা ৰঙানৈ পৰীয়া কবি জিতেন নৰহ,নিৰ্মল নৰহ আদিকে ধৰি কেইবাখনো সাক্ষাৎকাৰৰ ভিদিঅ জাৰচাং আৱই নিজৰ চেনেলত আপলোড কৰা হৈছে।
তাৰোপৰিওঁ তেওঁৰ মতে মিচিঙৰ সংস্কৃতি জাকত জিলিকা কিয় পিছ পৰি ৰ'ম,বৰ্তমান বিশ্বায়নৰ যুগ নিজৰ নিজৰ হাতে হাতে প্ৰচাৰ কৰিম, ভৱিষ্যতলৈ সঞ্চয় কৰিম ,আনেওঁ চাব।মিচিং জনগোষ্টীৰ পৰম্পৰাগত উৎসৱ পৰাগ,আলি আয়ে লৃগাং,ডবুৰ পূজা আদিৰ বিষয়ে প্ৰচাৰ কৰা দেখা যায়।
জাৰচাং আৱৰ শীৰ্ষত্বম বিডিঅবোৰঃ-
সচাকৈ আমাক পাহৰি গৈছে নেকি বাৰু?এই বিডিঅৰ জৰিয়তে ৰাইজৰ প্ৰয়োজনীয় সাপেক্ষে অসুবিধা অনুঞ্চিতবোৰ বিডিঅৰ জৰিয়তে চৰকাৰক তথা স্থানীয় বিধায়কজনক দৃষ্টিগোচৰ কৰাইছে। আনহাতে ফলপ্ৰুত অনুসৰি জাৰচাং বিডিঅই কামতো দিছে বৰ্তমান গাৱৰ পৰা চহৰলৈ যোৱা ৰাস্তা মেৰামতি কৰাওঁ দেখা গৈছে।
তেওঁলোক কিয় নিচামুক্তি কেন্দ্ৰ খুলিলে ? উক্ত বিডিঅৰ জৰিয়তে সমাজত জৰ্জৰিত নিচাসক্ত সমস্যাকলৈ বিডিঅৰ যোগেদিওঁ প্ৰচাৰ কৰা দেখা গৈছে।
0 Comments:
Post a Comment
আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ