• This is default featured slide 1 title

    নতুন তথ্য অসমীয়া" সাম্প্ৰতিক সময়ৰ কথা তথা লেখা,আন্তঃৰাষ্ট্ৰীয়,ৰাষ্ট্ৰীয়,অসম,শিক্ষা,বিভিন্ন ধৰণৰ সাহিত্য সম্বদ্ধীয় লেখাৰ জৰিয়তে শনিবৰীয়া শিতান বা অতিথী লেখাসমুহো প্ৰকাশ কৰা হ'য়

  • This is default featured slide 2 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 3 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 4 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 5 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

Showing posts with label শনিবৰীয়া নিয়ৰ. Show all posts
Showing posts with label শনিবৰীয়া নিয়ৰ. Show all posts

শনিবৰীয়া নিয়ৰ ১.৪ লৃগাং বিশেষ


শনিবৰীয়া নিয়ৰ লৃগাং বিশেষ
শনিবৰীয়া নিয়ৰ লৃগাং বিশেষ

মা

নীলনয়ন মিলি

মা-নীল নয়ন মিলি
মা-নীল নয়ন মিলি



মা!

তুমি আমাক জনম দিলা 

দেখুৱালা পোহৰ বাট 

এই বিশাল বসুন্ধৰাত।

মা!

তুমি আমাক জ্ঞান দিলা 

তামস ৰাতি পোহৰাই তুলিলা 

তোমাৰ ত্যাগৰ দিম প্ৰতিদান 

আমাৰ কৰ্মৰে কৰি তুলিম তোমাক মহান।

মা!

তুমি আমাৰ আপোনৰো আপোন 

তোমাৰ বাবেই হৃদয়ত প্রতিনিতে চাকি জ্বলাওঁ জন্ম-জন্মান্তৰে যেন তোমাকে পাওঁ।

শনিবৰীয়া নিয়ৰ লৃগাং বিশেষ


"অ কনেং"

দীপাংকৰ কুটুম

অ কনেং গম পাইছানে বাৰু

তুমি লৃগাংৰ বতৰ 

সোনমনা ফাগুনীয়া বতাহ জাঁকৰ সৈতে ন ৰূপত ফুলিছে শিমলু ফুল 

সমুখত অতিকৈ চেনেহৰ 

আলি-আয়ে লৃগাং ।

মিচিং জাতিৰ দাপোন আনি দিব 

সমদল গতি মহা মহা জীৱনৰ 

 শান্তি আৰু আনন্দ ।

আনন্দত স্নিগ্ধ জোনাকেও দিব জ্যোতি ।

তোমাৰ অসীম পৰসত 

লুইতেও জনাৱ সহাঁৰি 

অ কনেং তুমি আহিবা নহয় লৃগাংঙলৈ ।

হেপাঁহৰ লৃগাংৰ আনন্দত ,

 নাচিব কুমাৰ কুমাৰী

 নানা ৰঙীন সাজত ।

পুৰাং আপিন ,পৰ আপং ঙচান অঙৰ 

জুতি লৈ ঢূলৰ চেৱে চেৱে ঐনিতম এপাকিৰে  গুমৰাগ নৃত্যত মতলীয়া হম ।

মাথো তুমি এবাৰ আহিবা লৃগাংলৈ 


নেপাহৰিবা আকৌ,

ৰিবি গাছেং  গাপা গালে পিন্ধি আহিবলৈ

তুমি আহিলে

 দুয়ো হেপাঁহ পলুৱাই নাছিম দেই....

অ কনেং আহিবা নহয়  ।

                **



নদীৰ সৈতে আমাৰ এৰাব নোৱাৰা সম্পৰ্ক 

অনুভৱ প্ৰিয়ম মিৰি 

নদীৰ সৈতে আমাৰ এৰাব নোৱাৰা সম্পৰ্ক


আমি উলংগ হোৱা দিনৰ পৰা 

নদীৰ সৈতে সম্পৰ্ক আমাৰ 

নদীৰ সৈতে আজন্ম প্ৰেম আমাৰ 

আমি কাপোৰ পিন্ধা দিনৰ পৰা 

নদীৰ দৰে জীপাল হৈ পৰিছে 

আমাৰ সমাজ-সংস্কৃতি 

মিছৰীয়,মেছ'পটেমিয়া

সিন্ধু-হৰপ্পা-মহেঞ্জোদাৰোৰ আগৰ পৰা 

নদীৰ সৈতে আমাৰ এৰাব নোৱাৰা সম্পৰ্ক  

নদীৰ উপত্যকাতেই গজি উঠে 

আমাৰ জীৱন জীয়াৰ সপোন 

আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ কৰলৱ 

নদীয়ে জানে আমাৰ সঠিক ঠিকনা 

আমাৰ দুখ-দুৰ্দশাৰ চৈ দিয়া নাও 

আমাৰ হাঁহি-কান্দোনৰ ঐনিতম 

প্ৰাগৈতিহাসিক দিনৰ পৰা 

বৰ্তমান পাৰ হৈ 

যিমান দিনলৈকে নদী বৈ থাকিব 

সিমান দিনলৈকে আমাৰ আয়ুস ৰেখা 

আমাৰ উশাহ-নিশাহ 

নদীৰ সৈতে আমাৰ এৰাব নোৱাৰা সম্পৰ্ক 

এইয়ে নদীৰ দৰে বৈ আমাৰ স্বভাৱ-চৰিত্ৰ

আমাৰ কঁহুৱা ফুলা অনুভূতিবোৰ

কেতিয়াবা চাকনৈয়াৰ দৰে জটিল হৈ পৰে 

জীৱনৰ জঁই নপৰা সমস্যাবোৰ 

বাৰিষা-খৰালিৰ পোছাক পিন্ধি 

গৰা খহি সুঁতি সলাই চৰ-চাপৰি পাতি 

সুখী হৈ নদী ।


লৃগাঙতে দি আহিম গৈ মোৰ ৰঙা কলিজা

◼কাৰ্চাং তাকাৰ

হেপাঁহৰে হৌৰগক খনি কালৈনো বৈচা

অ মোৰে নীলা চৰাই!

লৃগাং অহাৰে বতৰা ,তোমাৰ খোপাতে এতিয়া শিমলুৰে 

ৰঙা ৰঙা ফুল,

তোমাৰে খামুচীয়া দেহাৰে ককাল ভাঙি গুমৰাগৰ ৰাগ

নপৰাকৈ কেনেকৈ থাকো তোমাৰে প্ৰেমত ॥


চাই থৈ আহিম গৈ তোমাৰে পদূলি

দি থৈ আহিম গৈ মোৰ ৰঙা কলিজা

এইবাৰ ন'হলেওঁ,অহাবাৰ লৈ আনিমগৈ মোৰে পজাঁলৈ।

যিখিনি অইনিতঃম পদ্য মাতাদি আওঁৰাইছো,তোমাৰ বাবে।

লেখন দাই গোৱাৰ দৰে ক তা কাৰে কা ৰৃকচুপলাংকা 

দন্ত্যয়া ত ,সন্ধিয়া দ॥॥


জীৱন

জীৱন হ'ল চলন্ত ৰেলগাড়ীৰ দৰে। চলি গৈ থাকে। ৰেলগাড়ী ষ্টেচনত ৰৈ যায়। আকৌ গতি আৰম্ভ কৰে। ঠিক তেনেকৈ জীৱনেও সুখ-দুখত ৰৈ যায়। আকৌ চলি যায়। থমকি নৰয়। 
  জীৱনৰ অংশ কিছুমান হ'ল - হাঁহি কান্দোন , সুখ- দুখ , প্ৰেম-ভালপোৱা , বিবাহ ইত্যাদি। এইবোৰৰ মাজেৰে আমি জীৱনত আগুৱাব লাগিব। ৰৈ গ'লে হাৰি যাম। জীৱনত জিকিবলৈ হ'লে কষ্ট কৰিবই লাগিব , কষ্ট সহ্য কৰিবই লাগিব। নহ'লে জীৱনৰ মূল্য নাথাকিব। 

জীৱন মানেই সুখ-দূখ


জীৱনটো আমাৰ এবাৰেই। গতিকে এই দুদিনীয়া জীৱনত হাঁহি থকাটো অতি গুৰুত্বপূৰ্ণ। কান্দিবলৈ আমি সকলোৱে পাৰোঁ , কিন্তু আমি মন খুলি হাঁহিবলৈ পাহৰি থাকোঁ। জীৱনৰ কষ্ট বোৰে , আঘাত বোৰে আমাক হঁহুৱাবলৈ পাহৰাই দিয়ে। কিন্তু আমি মনত ৰাখিব লাগিব যে হাঁহিয়েই জীৱনৰ মূল শক্তি। হাঁহিয়ে জীৱনত পজিটিভ ফিল কৰায়। 
 জীৱনত জীয়াই থাকিবলৈ অকণমান কষ্ট হ'বই। কিন্তু এই কষ্ট বোৰ আমি নোহোৱা কৰিব পাৰোঁ। কিছুমান ভাললগা কামেৰে আমি জীৱনটো‌ আগুৱাই লৈ যাব পাৰোঁ। পঢ়ি শুনি কষ্ট কৰি ভাল কৰ্মসংস্থাপন কৰি আমি আমাৰ জীৱন আগুৱাই লৈ যাব পাৰোঁ। আনক সহায় কৰি আমি জীৱনত আগুৱাব পাৰোঁ। 
জীৱনক ভালপাবলৈ শিকি লওঁক। নিজৰ জীৱনটোক ধংসৰ পথলৈ ঠেলি নিদিব। জীৱনটো আপোনাৰ। সুন্দৰ ভাৱে উপভোগ কৰক। মাদক দ্ৰব্যৰ ব্যৱহাৰ নকৰি আনন্দত কটাওঁক নিজৰ জীৱন। এবাৰ জীৱন হেৰাই গ'লে কেতিয়াওঁ ঘূৰাই নাপাব। গতিকে নিজৰ জীৱনটোক মূল্য দিবলৈ শিকক। 
নিজৰ জীৱনটোক প্ৰথম মূল্য দিয়ক। তেতিয়াহে আনৰ জীৱনৰ মূল্য বুজিব। জীৱনত হাৰি নাযাবলৈ কষ্ট কৰক সদায়। এদিন জিকিবই। জিকিলে আপোনাৰ সপোন বোৰ বাস্তৱত পৰিণত হ'ব। এদিন আপুনি হাঁহি থাকিব পাৰিব। এই হাঁহিয়ে আপোনাক শান্তি আৰু সুখ দিব। 
জীৱনত কাকো হিংসা নকৰিব। নহ'লে আপোনাৰ জীৱনত আপোনাক ভগৱানে হিংসা কৰিব। ভগৱানে হিংসা কৰিলে কিন্তু আপুনি একেবাৰে হাৰি যাব। কেতিয়াওঁ তল পৰিলে উঠিব নোৱাৰিব। 
জীৱনত মা দেউতা গুৰুত্বপূৰ্ণ। মা দেউতাতকৈ আপোনাৰ জীৱনত কোনো ইমান আপোন হ'ব নোৱাৰে। আপোনাৰ জীৱনত আপোনাৰ বাহিৰে এটা সময়ত কাষত কোনো নাথাকে। সকলো আঁতৰি যাব। 
জীৱনত অকলে চলিবলৈ শিকক। কাকো কষ্ট দি নহয়। জীৱনত যি কৰে অকলে কৰিবলৈ শিকক। কাকো অশান্তি কৰি নহয়। 
জীৱনত অকলেই সাহসী হওঁক। কোনোবা এজন আপোনাৰ কাষৰ পৰা আঁতৰি যোৱাৰ পাছত যাতে আপুনি ভাঙি নপৰে তাৰ সাহসকণ গোটাওঁক। যিমান পাৰে অকলে থাকক। কিবা এটা জীৱনত শিকক।‌
জীৱনত নিজৰ লগতে আনকো কিবা এটা শিকাই যাওঁক। যাতে সকলোৱে উপকৃত হ'ব পাৰে। জীৱনত যিয়েই নকৰক কিয় সদায় ভাল কাম কৰি আগবাঢ়ি যাওঁক।। 
✍️কলিতা নিজৰা
       দৰং ( ছিপাঝাৰ )

বিশেষ খবৰ
◼অসমৰ দ্বিতীয়ত্বম জনগোষ্টীয় মিচিং ভাষাক ২০০খন প্ৰাথমিক বিদ্যালয়সমুহত পাঠদানৰ অধিসুচনা ।
Share:

শনিবৰীয়া নিয়ৰ ১.৩ (জানুৱাৰী ২০২৫)


 আজিৰ এই শনিবৰীয়া নিয়ৰ ১.৩ সংখ্যাটিত আপোনালোকে পঢ়িবলৈ পাব কবিতা,কুইজ আৰু কেইটিমান চাকৰী সম্বদ্বীয় প্ৰশ্নৰ টোপোলা।কবিতাসমুহ সজাইছে অজয় পগাগ,সুখলতা টাইড,নীল নয়ন মিলি,তপন পায়েং,অচিন কুমাৰে।

শনিবৰীয়া নিয়ৰ ১.৩
শনিবৰীয়া নিয়ৰ ১.৩

Share:

শনিবৰীয়া নিয়ৰ ১.২ কবিতামালা

শনিবৰীয়া নিয়ৰ ১.২ সংখ্যাটি কবিতামালা নামেৰে সজোৱা হৈছে শীৰ্ষক সংখ্যাটিত,নীল মিলি,অজয় পগাগ,সুখলতা টাইড আৰু কাৰ্চাং তাকাৰৰ কবিতাৰে সজোৱা হৈছে । আশা কৰিছো তেওঁলোকৰ কবিতাসমূহ পঢ়ি ভাল পাব ।

শনিবৰীয়া নিয়ৰ ১.২ কবিতামালা


নাৰী

নীল নয়ন মিলি


নাৰী,

তুমি মাতু মাতৃ

তুমি শক্তি সৃষ্টিৰ প্ৰতিৰক্ষী।


নাৰী, 

মোৰ মানস পৃথিৱীৰ 

নিবিড় মৰম তুমি গভীৰ প্ৰশান্ত।


নাৰী, 

চিৰ উজ্জীৱিত মোৰ সেউজ প্ৰাণৰ 

হৃদয়ত লিখা এটি কবিতাৰ ছন্দ।


নাৰী, 

তুমি প্রশমিত ঢৌ 

সাগৰৰ দৰে শান্ত স্নেহময়ী অফুৰন্ত।


নাৰী, 

তুমি অর্দ্ধাঙ্গিনী 

সুবিশাল আকাশ 

যিদৰে আছে বিয়াপি 

দু-ৰ দিগন্ত।


নাৰী, 

তুমি প্ৰতিভূ জগতৰ 

জীৱন্ত খনিকৰ 

জাগ্ৰত প্ৰহৰী মহামানৱৰ।


নাৰী, 

তুমি আদ্যশক্তি ৰূপী প্ৰেৰণাময় 

কৰ্ম, ভক্তি আৰু ধৰ্মৰো 

শক্তি প্রাণময়।


নাৰী, 

তুমি সুন্দৰ আৰু সেই 

সুন্দৰ পৃথিৱীৰ সুগন্ধি 

বিলোৱা এপাহি ফুল।


নাৰী, 

এই বসুন্দৰা সৃষ্টিৰো তুমিয়েই মূল 

এয়েহে আজি হৃদয়ত থাপিছো তোমাৰ প্ৰতিমা তুমি মোৰ হিয়াৰ জ্যোতি চন্দ্রমা।



জীৱন চক্ৰ (মোৰ)

অজয় পগাগ

সযতনে সাঁচি ৰাখিম ৰক্তাশয়ত

যদিও মমবাতিৰ কথা সোঁৱৰাই

মানৱীয়তা মৰমৰ চিন্তাই সংসাৰত,

প্ৰতি নিশা বসুন্ধৰাক পোহৰাই এদিন

অমাবস্যাৰ নিশা নিজেই অন্ধকাৰত।

সফলতা বিফলতা মাজত সকলো

ভাবো কৰ্মৰ কুফল এলেহুৱাৰ কাৰণ,

তথাপিও আৰম্ভনি কোনোদিনে নাই

সুকৰ্মৰ দিশে অভ্যাসৰ ৰূপ ধাৰণ ।

হৃদয়ত সযতনে সাঁচি ৰখা আপোন

পানীৰ তলত কাঁইট হৈ বিন্ধিছে আজীৱন ।

অবিশ্বাস্য যদিও অদৃষ্ট শক্তি হৈ 

কাৰোবাৰ উপস্থিতিয়েই জীৱনত

মনত অনুকূল প্ৰেৰণা যোগালে,

যেনেকৈ কোনো অমানিশা ৰাতি 

অন্ধকাৰ স্বত্বেও সেউজী ধৰণীক 

তৰালিয়ে পোহৰাই তুলিলে ।

তোমাৰ সম্পৰ্ক এপাহ ফুলৰ দৰে

ধুনীয়া হেতুকে সুৰবৈৰীয়ে চিঙি লৈ

হেঁপাহেৰে ছবিঘৰত সজালে,

বিশ্ৰম্ভৰ মূল হিচাপে আপোন পৰ

সকলোৱে আপদৰ কালত দৰ্শায়

যে কিমান বিশ্বাসযোগ্য আছিলে ।

ল'ৰালি ও কৈশোৰ কাল অকলশৰীয়া

যদিও অপগণ্ড স্বভাৱত অঁত লগা মোৰ

জীৱন একেবাৰে নাছিলে ,

ভদ্ৰ হ'ব খোজোঁতে বেমেজালি কাম

আপোন পৰ লগে-সঙ্গে সহস্ৰ জনে 

বহুত কাল চুকে-কোণে মোলৈ হাঁহিলে ।

মোৰ অপযশ গাপ দিয়াৰ বাবদ

কোনোবাৰ আশা নিৰাশাৰে ভৰা খিদমত

সুষ্ট বিবেকত হস্তাক্ষৰেৰে উছৰ্গিলে,

আনৰ দুখত দুখি নহ'লেও একেলগে

আউল ভাং কুটুম্বিতা চিদাঙ্গৰ পৰা

চকুৰ পচাৰতে পৰিহৰ কৰিব নোৱাৰা

সঁচাকৈ জীৱনে মোক বহু কথা শিকালে।

শনিবৰীয়া কবিতা মালা
শনিবৰীয়া কবিতা মালা


কি নাম দিম।

সুখলতা টাইড

সপোন  সপোন  লগা,

এটি  জীয়াই  সঁচা  কথা

ঠুনুকা  হৃদয়ৰ  কান্দে  অকলে

ভাঙে  বুলি  সপোনৰ  পূজা।

প্ৰেমৰ  মায়া  জালে  আগুৰিলে  কেওফালে,

সপোনৰ  মালা  গাঁঠি

অশ্ৰু  নিগৰে, নীৰৱে  আজি।

সম্ভ্ৰান্ত  এই  জীৱন  চায়াত

নিসংগ  হৈ  ৰল।

এন্ধাৰৰ  মাজত  জোনাকীৰ,

জাকে  পোহৰ  দিয়ে

বিষাদ  জীৱন  বাটত 

এৰি  থৈ  গলা  মোক  ৰুগ্ন  কৰি।

বিশাল  সৰগত  বিচাৰি  গলা 

পৰী, অপেশ্বৰীক

এটি  মাথো  ৰেণু  মই।

নতুন  ফাগুন  মোৰ  নামি  আহি

নতুন  ফাগুনৰ  পছোৱাই  মোক  চুমা  দিয়া।

মৰীচিকা  যেন  এটি  চায়া

মৰীচিকা  খেদি  খেদি  সৌ  সিপাৰলৈ

পাৰহীন  এটি  আশাৰ  পণ।



নতুন  দিনৰ আগমণ
তপন পায়েং/কাৰ্চাং তাকাৰ

নতুন বছৰবোৰ কিয় আহে ,
নাহিবা বুলিওঁ ক'ব নোৱাৰো পলকতে  বাঁহো সাজেচোন
এৰা! দুখৰ দোমোজাতে পৰি থকা হৃদয়খনক
নতুন কাপোৰ পিন্ধোৱাৰ কথাওঁ আছিল,
নতুনতে মন নতুন কৰাৰ কবিতাওঁ কেইবাৰো লিখিছিলো ॥

ঠিকনাৰ সন্ধানত ক'ত হাবাথুৰি খালো
মেপল লিপ ৰ কফি দিয়া ছোৱালীজনীক সুধিছিলো
বাইদেওঁ ইয়াত ! নতুন পাবনে?
নতুন পোৱাৰ লালসাত জেপত হাত দি চালো
নতুন কিনিবলৈ মোৰ হাতত নাই
মাথোন আছে কেৱল শূন্যতাই শূন্যতা॥

বাৰে বাৰে এই নতুনৰেই অসুখ
নতুনক সজাবলৈ নিজেই পুৰণি হৈ গ'ল
নতুনৰ সন্ধানত নিজেই লুকাল,নতুনক বিচাৰি
অথচ
এই বৃদ্ধ বৃক্ষই, নতুন পুলিক  সেউজীয়া হ'বলৈ কবলৈ নাপাহৰিল॥

নতুনৰ জন্ম হ'ব,নতুন মুখা পিন্ধা
পুৰণিৰ শ্মশানলৈ যাত্ৰা হ'ব
পুৰণিক জানো নতুন কৰিব পাৰি
অথচ পুৰণিয়ে নিশিকায় নতুনক পুৰণি হ'বলৈ ॥



Share:

শনিবৰীয়া নিয়ৰ ১.১-Notun Tathya Asomiya

শনিবৰীয়া নিয়ৰ ১.১


শনিৰবীয়া নিয়ৰ ১.১

এই সংখ্যাটি অলংকৃত কৰিছে, অজয় পগাগ,সুখলতা টাইদ,কাৰ্চাং তাকাৰ আৰু সূৰ্যকুমাৰ পায়েঙে আশা কৰিছো আপোনালোকে তেওঁলোকৰ লেখা পঢ়ি ভাল পাব॥


 মই "শনিবৰীয়া নিয়ৰ"
মই শনিবৰীয়া নিয়ৰ
মোৰ ঘৰ "নতুন তথ্য অসমীয়া,কবিতা,গল্প,নীলাখামৰ চিঠি,অণুগল্প,প্ৰবন্ধৰ সাজ পিন্ধি ওলাওঁ প্ৰত্যেকটো মাহৰ প্ৰতিটো সপ্তাহৰ শনিবাৰে । আপোনালোকেওঁ মোক সজাব পাৰে ,কুমলীয়া হাতেৰে কবিতা,গল্প,প্ৰবন্ধ আদি অলংকাৰেৰে,,মোৰ প্ৰতিতো কবিতা,গল্প,প্ৰবন্ধ আদি সাজোন আপোনালোকৰ বাবে । পিছে মোৰ সুন্দৰতাৰ বিষয়ে মন্তব্য দিবলৈ নাপাহৰিব কিন্তু।


কবিতা

বিভ্ৰান্তি জীৱন অজয় পগাগ


বিভ্ৰান্তি জীৱন

অজয় পগাগ

সঁচাকৈ এলেহুৱাৰ দিন বোলে নাযায় নুপুৱাই

আসাদন জীৱন বুলি সৰ্বজনে মিলি নচুৱাই,

দিশহাৰা জীৱনত আটাইৰে শতকৌটি কামনা

সন্দিগ্ধ হৰতন মোৰ অত্যাধিক নঞৰ্থক ভাৱনা ।

ব্যস্ততাৰ পৰত আজি ভূমিৰ বাবে কুৰুক্ষেত্ৰ ৰণ

মুৰাৰি উপাসনাই ভৰি দিব জানো অনুকূল মন, 

সহস্ৰ সমিধান লৈ আগবাঢ়িছিল আপদৰ পিনে

কৌৰৱৰ চক্ৰবেহুত উভতনি নহ'ল কোনোদিনে ।

তুমি হেতুকে মূৰুতিত কিঞ্চিৎ হাঁহি বিৰিঙীয়ায়

অন্যথা অতীতৰ বিচেষ্টাৰ বিপাকে নিতৌ কন্দুৱায়,

সমস্যাৰ বোৱতি নৈ "জীয়াধল" ভেটি দিব যোৱা 

যথাৰ্থপক্ষে পথভ্ৰষ্ট তথা অধমৰ্ণ হ'বলৈ বাধ্য হোৱা।

অল্পবিদ্যা ভয়ংকৰী আজি নপতা ফুকনে বুজালে

আত্মবৰ্গ বিসংবাদে আমঠুত তাল-ফাল লগালে 

বাংবিং বাণী শুনোৱাই অব্ধিদ্বীপাত একাকিন কৰা

অলসৰ ৰণ যুঁজি মোৰ দুৰৱস্থা অতীতৰ পৰা ।

হিংসাত্মক মাৰ্গৰ পুৰস্কাৰত লগালো খেলিমেলি

অজান জীৱনৰ অধ্যায়ত এক নতুন পাতনি মেলি

মাহিনাৰ নামত আত্ম সম্ভ্ৰম হেৰুৱাই নহও বীৰোচিত

কিঙ্কৰালি ত্যাগ দি আৰব্ধ কৰিছো শূন্যৰে জীৱিত ।


জোনাকৰ ৰাতি



জোনাকৰ ৰাতি 

সূৰ্য্যধৰ পায়েং.

প্ৰকৃতিয়ে নিজেই আঁকে নিজৰ ছবি ।
যেন জোনাকৰ আলিংগনত প্রকৃতিয়ে সাৰ পাইছে ।।

জোনাকৰ ৰাতিত 
বতাহজাকে নীৰৱ হল,
তথাপিও পাতবোৰ কঁপে;যেন জোনাকে গান গাইছে।।
নৈৰ পানীত জোনাকে দেখে নিজৰ প্ৰতিচ্ছবি 
যেন নৈ খনেই তেওঁৰ প্ৰিয়।।

জোনাক ৰাতি নীৰৱ হলেও 
জোনাকৰ মৃদু পোহৰে স্পৰ্শ কৰে মোৰ মন,
য'ত শব্দৰ আগত থমকি ৰয় হৃদয়ৰ গভীৰ স্পন্দন।।

এই ৰাতি মোৰ বাবে এটি কবিতা 
য'ত শব্দ নাই,আছে মাতো জীৱনৰ গভীৰতাৰ সুৰ 
যত আকাশ আৰু পৃথিৱী মিলি যায়; 
যত মই বিচাৰি পাওঁ জীৱনৰ প্ৰকৃত অৰ্থ।।

অশ্ৰু সুখলতা টাইদ



অশ্ৰু

সুখলতা টাইদ


 য'ত তোমাৰ বাবে কোনো ঠাই নাই
য'ত তোমাৰ অশ্ৰুৰ কোনো মূল্য নাই
য'ত তোমাৰ আৱেগৰ কোনো সহাৰি নাই।
কাক দেখিবা তোমাৰ হৃদয়ৰ সৃষ্টি গৃহত
কাক কবা তোমাৰ বৃন্দাবনৰ লীলা।
কাক কবা তোমাৰ সপোনৰ কথা।
কোনে  পাৰে ৰৈ থাকিব বিশাল আকাশত,
কোনে পাৰে বিচাৰিব জীৱনৰ  অন্তিম ক্ষণ।
কোনে জানে কাৰ ক্ষণ কেনেকৈ গণিছে।
যত মনৰ দুখ বোৰ উকাশত উৰিব
বিশাল সাগৰলৈ।
হয়টো তেতিয়াহে কমিব হৃদয়ৰ বেদনা।
অশ্ৰুৰ কোনো মূল্য নাই, আৱেগৰ কোনো সহাৰি নাই, হৃদয়ৰ কোনো স্থান নাই।


নীলা খামৰ চিঠি


তোমালৈ বুলি



তুমি আহিবা বুলি বাৰে বাৰে মন
পদূলি মুখলৈ চাও,আগ চোতালৰ কৰবী জোপাহ
কিজানি সুৱাস পাও।               ✒সুখলতা টাইদ


 

 পঢ়ক যোৱা সংখ্যাটিঃ-শনিবৰীয়া নিয়ৰ


মৰমৰ
     প'ল
      হৃদয়ৰ মৰমবোৰ নিস্বাৰ্থভাৱে  তোমালৈ পঠালো। তোমাৰ সোনালী হাতেৰে মোৰ মৰম, শ্ৰদ্ধা নিবেদিলো গ্ৰহণ কৰিবা বুলি আশা ৰাখিলোঁ। পৃথিৱীৰ বুকুত যেনেকৈ সকলোৱে সাৱটি আছে, ময়ো তোমাৰ বুকুত নিৰ্ভয়ে, নিস্বাৰ্থ মনেৰে সাবতি উমনিব বিচাৰো। পুৱাৰ বেলি ৰঙচুৱা হৈ দিনৰ ভাগত উজ্বল ৰশ্মি বিলাই তেনেকৈ তোমাৰ হাতৰ পৰশতে মোৰ সৰ্বোচ্চ সুখৰ সন্ধানত তোমাৰ কাষ চপাই। তুমি তুমি লগা মোৰ প্ৰতিটো খোজৰ ছাঁৰ সতে ময়ো কথা পাতো কিজানি মোৰ তোমাৰ প্ৰতি থকা মনৰ বতৰাবোৰ তোমাৰ কানত পেলাই। বুজি নাপাওঁ, বুজাব ও নোৱাৰো মোৰ এই অবুজ মনৰ হৃদয়খন। তুমি বুজি পাবানে এই যে সন্ধিয়া ৰঙচুৱা সুমথিৰা যেন লগা তোমাৰ কেঁচা কলিজাৰ পাৰে পাৰে মোক ৰাখিবা নে প'ল। আজিকালি কিয় জানো মোৰ সঘনাই তোমালৈ মনত পৰে।তুমি অহাৰ বাটে বাটে ময়ো নয়ন জুৰি চাও। নদীৰ পাৰত যে আমি সৰুতে বালিমাহি চৰাই জাকৰ লগত কেনেকৈ যে উৰি ফুৰিছিলো। মনত পৰে নে তোমাৰ শৰতৰ কালত নদীৰ পাৰত বহি পানীৰ কুল কুল শব্দৰ সতে আমাৰ যে প্ৰেমৰ নামৰ নৌকা খনি উজাইছিল।  আঘোনৰ বেলি লহিওৱাৰ লগে লগে সোনালী ধানৰ সুৱাসেৰে আমিও আমাৰ নিজ নিজ বাটেৰে উভতিছিলো। জানানে সেই দিনবোৰ আজিও জীপাল হৈ আছে আজিও সেই ঠাইলৈ গৈ মোৰ প্ৰথম প্ৰেমৰ নামৰ বাটটো সতে কথা পাতো,সেই তাহানিৰ সুৰত সুৰ, খোজত খোজ মিলোৱা স্মৃতিৰ সতে কথা পাতিবলৈ,আজিও সজীৱ হৈ আছে।

এতিয়াও শক্তি পাওঁ যে সেই তাহানিৰ স্মৃতিবোৰেই মোক শক্তিশালী কৰি তোলে তোমাৰ অসীম শক্তি লগত মোৰ চিনাকি বাট এতিয়াও পোহৰ দিয়ে। বাস্তৱত সংগ্ৰামৰ লগত এই পৃথিৱীৰ বুকুত যেনেকৈ সকলোৱে যুঁজি আছে তুমি বা ময়ো আছোঁ।সেই নদী, সেই পাহাৰ, মাটি ,বায়ু সকলোৱে সাক্ষী আছে আমি যুঁজি যামে সফলতাৰ আগ চুমিম। ভালপোৱা কম নহয়,কম নকৰিবা, লগ পাম এদিন সেই তাহানিৰ দৰে কথা নহ'লেও অনাগত দিনবোৰৰ সপোনৰ কথা পাতিম।

আহি থকা দিনবোৰত তোমালৈ চিঠি লিখাৰ আৱেগ, ভালপোৱাবোৰ আকৌ উজলিব তাৰেই আশাতে আজিলৈ তোমাক মৰম জনাই সামৰিছো।

                                              ইতি 
                                       সুখলতা টাইদ



তোমালৈ এটি নীলাভ চিঠি



তোমালৈ এটি নীলাভ চিঠি
◾কাৰ্চাং তাকাৰ(তপন পায়েং)

মোৰ কুৱঁলী
         কথা কবিতাৰে ভালপোৱাৰ কথা এটি কোৱাৰ ইচ্ছা এটা আছিল,মই জানো তুমি নুশুনিবা!! অহ পিছে ,তোমাৰ খবৰ নুশুধাই হ'ল নহ'য়, তোমাৰ খবৰৰ বাতৰি মোৰ ঠিকনালৈ ডাক কৰিবাহি দেই,মই আশাৰে বাট চাম॥
     জানা কুৱঁলী, আহিনমহীয়া লাহে লাহেকৈ কুঁৱলীয়ো নামি আহিছে ,কিজানি তুমিওঁ নামি অহা হ'লে ভাল আছিল মোৰ জীৱনলে ,নিয়ৰ কুৱঁলী মিলি যোৱা হলেহেতেন যেন গোটেই জীৱনটোৱে শীতকাল,শীতকাল,বাহ! খৰিৰ জুই এটুকুৰা পুৰি পুৰি চাই হলেহেতেন,জুইৰ কাষে কাষে তুমি আৰু মই ,মাথোন  তুমি আৰু মই ! কি ৰোমন্টিক হ'লেহেতেন ,,তুমি মোৰ কাষৰলে আহিব দেহৰ শীতৰ প্ৰৱনত মোৰ দুহাতৰ আঙুলীত আঙুলীতে থবাহি ,মই তোমালৈ চাম নিৰৱে তুমি চাবা ,জুইয়ে জুইয়ে মিলি সৰ্বদিনৰ শীতকাল ,কেৱল তুমি আৰু মই
মই জানো ! এই দিন কেতিয়াওঁ নাহে ,,বিচাৰিলেওঁ ;কথাবোৰ কবওঁ নোৱাৰি । কলেই যেনিবা ! তুমি যে মোৰ কুৱঁলী হ'ব কি গেৰান্টি আছে । পুৰণিৰ কথা সামৰি নকৈ কুহিপাত মেলিবাছোন ,সৰি যোৱা সৰাপাতৰ কথা পাহৰিব নোৱাৰিনে ?কুৱঁলী॥ কিজানি বুজি পোৱা হলে ভাল আছিল,কেতিয়াবা ভাৱো ভাল লগাবোৰ ভাল হয়েই থাককচোন,ভালপোৱাবলৈ গলে তোমাকেই হেৰুৱাম এইবুলি ভয়ো লাগে ,মোৰ প্ৰতি যি ভাৱনা ,মোৰ প্ৰতি বিশ্বাস কিজানি এইবোৰ হেৰুৱাম নেকি এই কথাওঁ ভাৱো,,বাৰু এইবোৰ কথা বাদ দিয়া ,বাকী ঘৰত  সকলোৰে ভাল নহ'য়,॥ 
                অনাগত নৱবৰ্ষত তোমাৰ সুখ সমৃদ্ধি বৃদ্ধি হওঁক,তাৰেই কামনা পিছে শেষত কি উপসৰ্গ দি সামৰো,তোমাৰ প্ৰেমিক নে তোমাৰ শুভাকাংশী নে অন্য॥

                                 ইতি 
                                 নিয়ৰ
Share:

শনিবৰীয়া"নিয়ৰ"১.০/নতুন তথ্য অসমীয়া Notun Tathya Asomiya


নতুন তথ্য অসমীয়া ৱেবচাইটলৈ আপোনালোকক আদৰণি জনাইছো,,আমাৰ এই ৱেবচাইটত প্ৰথম প্ৰচেষ্টা প্ৰতিটো শনিবাৰে আমাৰ তৰপৰ "শনিবৰীয়া নিয়ৰ"সম্ভাৰটি সজোৱা হৈছে । খুবেই নবীন ৱেবচাইট,সেয়ে শিতানৰ সংখ্যা ঠাকৰ। আপোনাৰ লেখা সমুহ কাষৰ Notun Tathya Asomiya শব্দটোত ক্লিক কৰিলে প্ৰেৰণ কৰিবলৈ ঠিকনাটো পাব।আমি শনিবৰীয়া শিতানত কবিতা,গল্প,প্ৰবন্ধ প্ৰকাশ কৰিবলৈ চেষ্টা কৰো ।

Share:

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ