• This is default featured slide 1 title

    নতুন তথ্য অসমীয়া" সাম্প্ৰতিক সময়ৰ কথা তথা লেখা,আন্তঃৰাষ্ট্ৰীয়,ৰাষ্ট্ৰীয়,অসম,শিক্ষা,বিভিন্ন ধৰণৰ সাহিত্য সম্বদ্ধীয় লেখাৰ জৰিয়তে শনিবৰীয়া শিতান বা অতিথী লেখাসমুহো প্ৰকাশ কৰা হ'য়

  • This is default featured slide 2 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 3 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 4 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 5 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

Showing posts with label চিনেমা. Show all posts
Showing posts with label চিনেমা. Show all posts

পুষ্পা ২ দ্য ৰোল ,Pushpa 2: The Rule

লেখা-তপন পায়েং/কাৰ্চাং তাকাৰ

আজিৰ এই লেখা ব্যতিক্ৰমী চিনেমা Pushpa the rule বোলছবিৰ বিষয়ে বৰ্ণনা হৈছে ।ছবিখন হয়তো টাম্বনেইল চাই গম পাইছে ।ছবিখনৰ মুখত Allu arjurn ,Rashmika Mandana,Fahad Fajil.আপুনিও আপোনাৰ লেখা আমালৈ প্ৰেৰণ কৰিব পাৰিব।

Pushpa2


 পুুষ্পা ২ হৈছে ২০২৪ চনৰ  ভাৰতীয় তেলেগু ভাষা একচন চিনেমা। চিনেমাখনৰ মুখ্য আকৰ্ষন দাক্ষিনাত্য তথা পেন ইণ্ডিয়াৰ ষ্টাইলিষ্ট ষ্টাৰ অল্লু অৰ্জুন। ছবিখনৰ পৰিচালনা সুকুমাৰ আৰু মিথ্ৰি মুৱি মেকাৰ্চৰ দ্বাৰা প্ৰযোজিত । ছবিখনৰ মুখ্য চৰিত্ৰত আছে অল্লু অৰ্জুন,ৰশ্মিকা মন্দানা,ফাহাদ ফাজিল,জগপতি বাবু,ৰাওঁ ৰমেশ আৰু সুনিল ইত্যাদি।

ছবিখনৰ কাহিনীঃ-

জাপানাৰ যোকোহামা বন্দৰত উপস্থিত হয় আৰু  ৰঙা চন্দনৰ চালান দিবলৈ যত শ্ৰমিকসকলৰ মাজত লুকাই ৰখা হৈছিল। পুষ্পাই তেওঁলোকক আক্ৰমন কৰিছিল লোডৰ বাবে ধন দাবী কৰাৰ বাবে ।  এনে সময়তে ফ্লেচব্লেগলৈ গুচি যায়, এছ পি ভানোৱাৰ সিঙক ধমক দিয়াৰ পাছত ৰঙা চন্দন দিলিঙৰ ক্ষমতা পুষ্পাৰ হাতলৈ আহে,আনহাতে ভানোৱাৰ সিং নিজকে আত্মগোপন কৰে । ভানোৱাৰ সিঙে শ্ৰমিকৰ ভুষন বেশ ধৰি বহুতো চন্দন চালান জব্দ কৰে । ইফালে পুষ্পাই মুখ্যমন্ত্ৰী নৰসিংহ ৰেদ্দীৰ সৈতে ফটো তুলিবলৈ মানা কৰে  এনে ক্ষেত্ৰত পুষ্পাই নৰসিংহক মুখ্যমন্ত্ৰী শাসনৰ পৰা ওপৰাই  চিংগাপ্পাক মুখ্যমন্ত্ৰী কৰাৰ পন লয়।  পুষ্পাই চন্দন কাঠৰ জৰিয়তে ৫০০ কোটি টকা সংগ্ৰহ কৰে । কেন্দ্ৰীয় মন্ত্ৰী  কোপাতগাম বীৰ প্ৰতাপ ৰেদ্দীৰ সৈতে চুক্তিবদ্ধ হৈ মালদ্বীপত আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাক  সাক্ষাৎ কৰি ২০০০ টন চন্দন কাঠ ৫০০কোটি টকাত বিক্ৰি কৰে । কেইবাজনো চোৰাংচোৱা চিণ্ডিকেটে পুষ্পাৰ সৈতে যোগ দিয়ে । বিশ্বব্যাপী চন্দন কাঠ দামী এই বিষয়েও ফুটি উঠিছে ।আনহাতে ছবিখনত পুষ্পা আৰু ভানৱাৰ সিঙৰ শত্ৰুতাৰ বিষয়ে ফুটি উঠিছে ।

আমাৰ অন্য লেখাসমুহ পঢ়ক

  1. পামে আপ্পুন 
  2. মিৰ  ২ নতুন মিচিং চিনেমা
  3. পীতাম্বৰ দেৱ গোস্বামী

সকলোবোৰ কাহিনী চন্দন কাঠৰ চোৰাংচোৱাৰ ব্যৱসায়কলৈ নিৰ্মিত কৰা হৈছে । চোৰাংচোৱাৰ ক্ষেত্ৰত নিজকে ক্ষমতাশালী দেখুৱাবলৈ চেষ্টা কৰা হৈছে ।


চৰিত্ৰসমুহ

পুষ্পাৰাজঃ-অল্লু অৰ্জুন

ইয়ংঃ-মাষ্টাৰ ধ্ৰুৱ

ভানোৱাৰ সিং সেখাৱতঃ-ফাহাদ ফাজিল

কেশৱাঃ-জগদেশ মণ্ডাৰী

কেন্দ্ৰীয় মন্ত্ৰীঃ-জগপতি বাবু

শ্ৰীৱল্লীঃ- ৰশ্মিকা মন্দানা

জাপানী অনুবাদক হিচাপেঃ-সত্য আদি....

মিশ্ৰন সৰ্বঃ-

২০২১ ত পুষ্পা দ্য ৰাইজ নামেৰে ছবিগৃহত মুক্তি দিয়া হৈছিল।ছবিখন দুটা ভাগত মুক্তি কৰাৰ কথা আছিল সেয়ে পৰৱৰ্তী সময়ত দুটা ভাগত নিৰ্মিত কৰা হৈছেগৈ । ছবিখনৰ পৰিচালনা কৰিছে সুকুমাৰে আৰু চিত্ৰনাট্য সংলাপ দিছে শ্ৰীকান্তে । চিনেমাটগ্ৰাপাৰ কৰিছে মিৰছলাভ কুবা ,সম্পাদনা শ্ৰীনিবাস কাৰ্তিকে ॥ কৰিঅগ্ৰাফাৰ গনেশ আচাৰ্য, সংগীতত কাম কৰিছে দেৱী শ্ৰীপ্ৰসাদে । ছবিখন ব্যতিক্ৰমিক ভাৱে প্ৰচাৰত অব্যাহত , ছবিখনৰ ট্ৰেইলাৰ বিহাৰৰ পাটনাত মুক্ত কৰা হৈছে যত বিপুল সমাদৰ সহাৰি জনোৱাৰ খবৰ পোৱা গৈছিল।


কালেকচন(collection)

একেইদিনা দুটা ভাষাত পঞ্চাছ কোটি টকা সংগ্ৰহ কৰাত সক্ষম। ছবিখনে তেলেগু,তামিল ,হিন্দী,কানাড়া,মালায়ালম,বাংলা আদি একাদিক ভাষাত মুক্তি লাভ কৰিছে । খবৰ অনুসৰি ছবি খন এটা দিনত ৫০ লাখ টকা সংগ্ৰহ কৰি অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে । প্ৰতিবেদন সমুহত প্ৰকাশ কৰিছে যে ৫০ কোটি টকাৰ বৃহৎ পৰিমানৰ সংগ্ৰহৰ অভিলেখৰ থিয় দিছে অন্য ছবিসমুহৰ তুলনাত ।কেজিএফ ২,আৰ আৰ আৰ,বাহুৱলী ২ তকৈ অধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । উত্তৰ আমেৰিকাত ২৫ লাখ ডলাৰত অতিক্ৰম হৈ আছে যিয়ে আন্তঃৰাষ্ট্ৰীয় বাবে বিশেষ সমাদৰ লাভ কৰিছে ।

Pushpa 2:The Rule review in Assamese

যিকসলে  ওপভোগ কৰিব বিচাৰে Bookmy show ৰ জৰিয়তেওঁ টিকট সংগ্ৰহ কৰিৱ পাৰিৱ । প্ৰতিবেদন অনুসৰি আগতীয়াকৈ ৩০ লাখৰো অধিক টিকট বিক্ৰি হৈছে বুলি জানিব দিয়া হৈছে ।  প্ৰথম অৱস্থাত চিনেমাখন ২০২৪ চনৰ ১৫ আগষ্টৰ দিনা মুক্তি দিয়াে কথা আছিল কিন্তু অসমাপ্ত শ্বুটিঙৰ বাবে ৫ ডিচেম্বৰলৈ পিছুৱাই দিয়া হয়। প্ৰতিবেদনৰ সুত্ৰ অনুসৰি জানিব দিয়া গৈছে যে ১২০০০ টা স্ক্ৰিনিঙত ছবিগৃহত মুকলি কৰিছে বুলি জানিব দিয়া গৈছে । ছবিখনে ভাৰতৰ ভিতৰতে প্ৰীৰিলিজ হৈছে যত নাট্য অনুসৰি  ব্যৱসায় ১০৮৫ কোটি টকা । ছবিখনৰ ব্ৰডকাষ্টৰ অগ্ৰাধিকৰ লাভ কৰিছে ষ্টাৰ মাইয়ে । নেটফ্লিক্সক ২৮৫ কোটি টকাত বিক্ৰি ।

Share:

Pame Appun Lekoda- আকৌ পামে আপ্পুন

 Pame Appun Lekoda- আকৌ পামে আপ্পুন ,মিচিঙৰ প্ৰথম ৰিমেক বোলছবি

Mising first remake movie Pame appun
Mising First Remake Cinema
লেখা-তপন/কাৰ্চাং তাকাৰ আৰু আদিত্য পায়েং

নমস্কাৰ আজিৰ এই বোলছবি শিতানটোৰ লেখা আমালৈ আগবঢ়াইছে ,মিচিঙ সমাজৰ জনপ্ৰিয় অভিনেতা তথা বৰ্তমান ৰেঙনি টিবিত প্ৰচাৰিত আবেলিৰ ৰদালি নামৰ ধাৰাবাহিকত এজন পুলিচৰ চৰিত্ৰত ৰূপায়ন কৰা সত্যজিৎ মৰাঙৰ ডাঙৰ অনুৰাগী আদিত্য পি'য়ে আমালৈ এই লেখা প্ৰেৰণ কৰিছে।আপুনিওঁ আপোনাৰ চিনেমা বিশেষ লেখা আমালৈ প্ৰেৰণ কৰিব পাৰে ।


চিনেমাৰ আভাসঃ-

মিচিং সমাজৰ অধ্যুষিত অঞ্চলৰ ওপৰত  আৰু মিচিং য়ামে মৃমবৌৰ (ডেকা গাভৰু) প্ৰেম কাহিনী,  নৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্য প্ৰতি আকৰ্ষিত, স্বাস্থ্য  আৰু শিক্ষাৰ ওপৰত আধাৰিত চলচ্চিত্ৰ। মানুহৰ হৃদয়ত অতীতক ৰোমন্থন কৰা স্মৃতি । 
পামে আপ্পুন বুলি কলে অতীতৰ পৰা ককা আইতাৰ মুখত শুনি অহা


 পামে ক আ গৃলাৱ 
নৌঃকে গৌতেং লামতৌদ 
আপ্পুন বৌ আতেৰৌ 
কাবলা দুঃ য়ে দঃলুচ
গীতবোৰৰলৈ সোৱৰাই, গীতৰ কন্ঠশিল্পী ৰামচন্দ্ৰ দলে ।  শ্ৰদ্ধাৰ দিলীপ মৰাং দেৱৰ পৰিচালনাত 1994 চনত  পামে আপ্পুন মুক্তি লাভ কৰা ছবিখনৰ জনপ্ৰিয়তা আজিও প্ৰত্যক জনৰ হৃদয়ত স্থান লাভ কৰি আছে ।
( পামে আপ্পুন লেকদা )
Pame Appun Premiar show
শ্ৰীমন্ত কলাক্ষেত্ৰত 



পামেই আপ্পুন  ক সাৰোগত কৰি পুনৰ  (পামেই আপ্পুন পৰিচালক দিলিপ মৰাং দেৱৰ ভতিজা) সত্যজিত মৰাঙৰ  দ্বাৰা পামেই আপ্পুন লেকদা নামেৰেই নিৰ্মাণৰ প্ৰচেষ্টা আৰম্ভ কৰে ।ছবিখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি  ১১ আগষ্ট ২০২৪ তাৰিখ, দেওবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ (গুৱাহাটী) ৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত ছবিখনৰ গ্ৰেণ্ড প্রিমিয়াৰ শ্ব আয়োজন কৰা হৈছিল।   

Pame Appun
প্ৰিমিয়াৰ শ্ব

                            

(পামেই আপ্পুন লেকদা)

সংলাপঃ- ডেনি দলে                                  

 অভিনয়তঃ-  সত্যজিৎ মৰাং, সুমন দলে, ফিৰোজ পেগু, অমে দলে, ললিত  পায়েং, দিবাকৰ পেগু, নবকিশোৰ টাও, নৱদীপ কুটুম, প্ৰণমিকা নৰহ, বিদ্যসাগৰ কুটুম, ধ্যান জ্যোতি দলে, জয়া মেদক দলে, পিংকু টাইদ,  দিপ্তিমনি কুম্বাং মেডক, অস্বিনী দলে, গণেশ টাইদ, সদানন্দ পেগু, অজয় মৰাং, মিগম কুম্বাং, মনুজ পেগু, নিকু মৰাং



Share:

MIRO আৰু MIRO-2 মিচিং চিনেমা

Upcoming Mising Big Budget Film :- MIRO 2

Miro2 new mising cinema

লেখা-তপন পায়েং/কাৰ্চাং তাকাৰ

কথাছবিয়ে কথা ক'য় কিছুমান কথাত আবেগিক হওঁ,আকৌ কিছুমান কথাত চকু-টুকে ,ৰোমাঞ্চকৰ দৃশ্য পৰিলে মিচিকিয়া হাহি উঠে ,সেয়াইটো চিনেমা । চিনেমাত সকলো ক'ব পাৰে ,দেখুৱাব পাৰে  অৱশ্যে ইয়াৰো কিছু ধৰা বন্ধা নীতিওঁ থাকে । অসমীয়া চিনেমা কেৱল অসমীয়া ভাষাকে নকয়,অসমীয়া ভাষাৰ চিনেমায়ে এটা চিনেমাৰ উদ্যোগ হ'ব নোৱাৰে ।  অসমৰ বিভিন্ন জন-জাতিৰ ভাষা যেনে বড়ো,মিচিং,কাৰ্বি আদিবোৰলৈ নিৰ্মান কৰা চিনেমাবোৰ  মিলিয়েইটো হৈছে অসমীয়া চিনেমা । মিচিং ভাষাটো বহুতো সাম্প্ৰতীকসময়লৈকে চিনেমা নিৰ্মান কৰা হৈছে ।সদ্যসতে আজিৰ এই লেখাতো যোৱা ২০২৩ চনত মুক্তি পোৱা মিৰ(Miro)চিনেমাৰ বিষয়েহে হাতত কলম তুলি লৈছো। মিৰ চিনেমাখনৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেম্পাছত দেখিবলৈ পোৱা গৈছিল 

চিনেমাখনৰ নিৰ্দেশনা- আজা তাৰাক                                

সংলাপঃ- য়কচা কুলি,ডেনি দলে                                  

 অভিনয়তঃ- ৰঞ্জু মিলি,চিত্ৰলেখা দলে,বাবা দলে,সৰ্বেশ্বৰ কুটুম,নৱদ্বীপ দলে,নৱকিশোৰ টাৱ

সংগীতঃ-চন্দ্ৰকুমাৰ পাটগিৰি        

কন্ঠশিল্পীঃ-দেৱ টাইদ,নিচা অমৌ,বায় পেগু॥

গীতৰ কথাঃ- আনন্দ দলে,গোলাপ বড়ি,আজন গোপিত



আপুনি পঢ়িব পাৰিব  অসমীয়া কথাছবিঃ-শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী 

মোৰ দৃষ্টিতঃ- মিচিং চিনেমাৰ ভিতৰত মোৰ প্ৰিয় চিনেমা হৈছে মিৰ,,ইয়াৰ কাহিনীটো এনেধৰণৰ কোনো এটা জাতি জীয়াই থাকিবলৈ ভাষা জীয়াই থাকিব লাগিব,ভাষা থাকিলেহে জাতি থাকিব,আৰু এজন ব্যক্তি জীয়াই থাকিবলৈ নিজস্ব চিনাকি থাকিব লাগিব।  বৰ্তমান যুগ আধুনিকতাৰ যুগ ,মডাৰ্নাইজেচন  হোৱাৰ লগে লগে আজিকালি নিজৰ সংস্কৃতি লাহে লাহে এৰিব লৈছে পশ্চিমীয়া সংস্কৃতিৰ ঢাল খাইছে,নিজৰ ভাষা নোকোৱা,নিজৰ ভাষাক পোকষতা নকৰা,নিজৰ জাতিৰ বিষয়ে চিনাকীকত্ব দিব নিবিচাৰা ইত্যাদি ইত্যাদি।এইবোৰ কাৰনেতো কোনো এটা জাতিৰ ভৱিষ্যত হেৰুৱাব পাৰে নিজৰ স্বকীয়তা । এই চিনেমাখনতো এই কাহিনীৰ আলমত গঢ় লৈ উঠিছে । সম্ভৱত চিনেমাখন  ব্যৱসায়িক দিশত খুউব সফল হৈছে ।

Miro mising cinema

ঘাইকৈ প্ৰথম খন চিনেমাৰ এটি গীত মিচিং সমাজৰ পৰিচিত কন্ঠশিল্পী বিনোদ বায় পেগুৱে কন্ঠদান কৰা আজন গুপিত হে লিখা এটি গীত "আগমা আহ! ন ঙৌ" এই গীতটি মোৰ বাবে বহুত প্ৰিয়। এই গীতটো অসমীয়াত এনেধৰনৰ 

ভাষা নাথাকিলে

সংস্কৃতি নাথাকিব

ভাষা নোহোৱাহ'লে

জাতি নাথাকিব 

ভাষা হেৰালে জাতিৰ চিনাকি হেৰুৱাব॥।''''' ভাষা(আগঃমা) তোমাক বিচাৰি আছে এই জাতিয়ে।আগঃমা তুমি নথকাৰ কাৰনে এই জাতিক কলা ডাৱৰে আৱৰিব ধৰিছে। গীতৰ বিডিঅটো তলত দিয়া হ'ল



বৰ্তমান  চিকুৱেল মিৰ ২  চিনেমাখনৰ শ্বুটি ব্যাপক ভাৱে চলি আছে অৰুনাচল প্ৰদেশৰ  নাহৰ লগুণত । উৎস অনুসৰি গম পোৱা গৈছে যে আগন্তুক ২০২৫ চনৰ ছেপ্তেম্বৰ মাহত দূৰ্গাপূজাৰ সময়ত ছবি গৃহত মু্ক্তি দিয়াৰ চিন্তা চৰ্চা কৰা হৈছে । MIRO-2 ৰ নেপথ্যত অভিনয় শিল্পীত আছে বৰ্তমানৰ অসমীয়া কলাসংস্কৃতিত জনপ্ৰিয় ৰেঙনি টিবিে ধাৰাবাহিক বেহৰ বাৰী আউটপষ্টকেকে খ্যাত সিদ্ধাৰ্থ শৰ্মাকো বিশেষ চৰিত্ৰত দেখা পোৱা যাব।

Miro 2 cinema download
ফটো উৎসঃ-Ater Manjit youtube channel

তেওঁৰ পৰিৱৰ্তেওঁ দেখা পোৱা যাব অভিনয়ত ৰঞ্জু মিলি,চিত্ৰলেখা দলে,বাবা দলে,ফিৰোজ পেগু,দিবাকৰ পেগু আদিক। তেওঁলোকৰ ওপৰিওঁ বাৰ বছৰৰ মুৰত মিচিং ছবিজগতলে পুনৰ খোজ পেলাইছে এই চিনেমাৰ জৰিয়তে "জয়ন্ত পাৱ "। তেওঁকো আদি মিচিং বিশেষ চৰিত্ৰত দেখিবলৈ পোৱা যাব।
Mising cinema miro 2
shooting slote

      মোৰ দৃষ্টিত চিনেমাখন এইবাৰ আদি-মিচিং ভিত্তিত কাহিনীটো হব সম্ভৱত সেইয়া কিমান দূৰ সচা হ'ব ,মুক্তি হোৱাৰ পিছতে গম পাম। উৎস অনুসৰি তেওঁলোকৰ শ্বুটিং বিডিঅবোৰ অথবা গান ৰেকৰ্ডিঙৰ বিডিঅবোৰ চাই অনুমান কৰিব পৰা গৈছে যে নিশ্চয় ভাষাকলৈ আদি-মিচিং ভিত্তিৰ চাৰিপাশতে কাহিনীখন সামৰি থাকিব ।

       আহক আমি সকলোৱে দৌৰি দৌৰি যাম MIRO-2 চাম । যেনেকৈ ভাষা জীয়াই থাকিলে জাতি এটা জীয়াই থাকিব ঠিক তেনেকৈ আমি আমাৰ নিজস্ব ভাষাৰ চিনেমাবোৰ চালেহে আমাৰ ছবিজগত জীয়াই থাকিব ।

Share:

যোগাদ্ৰষ্ট-This visionary Sri Sri Pitambhar Dev Goswami

 

Yogadrastha The Assamese movie
Yogadrastha The Assamese movie

লেখা-তপন পায়েং/কাৰ্চাং তাকাৰ

কথাছবি

ছবিয়ে যেতিয়া কথা কবলৈ আৰম্ভ কৰে ,সেইয়াই কথাছবি। কথাছবি বা চিনেমাৰ জৰিয়তে মানুহে  হাহেঁ ,কান্দে আৰু আনন্দ উপভোগ কৰে । বৰ্তমান যুগত কথাছবিৰ সংখ্যা অসীম।ইয়াৰে কিছুমান মুখে মুখে জনপ্ৰিয় যেনে মিছন চাইনা,শ্ৰীৰঘুপতি,বিদুৰভাই কিছু অখ্যাত যেনে যোগদ্ৰষ্টা ।


যোগদ্ৰষ্টাৰ বিষয়ে 

শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী জীৱন কাহিনীকলৈ আধাৰিত এটি ২০১৩ চনত মুক্তি পোৱা চিনেমা । চিনেমাখনৰ চিত্ৰনাট্য সুমন দুৱৰা,সম্পাদনা ৰমেন বৰুৱা,শব্দ মিশ্ৰন অম্ৰিত প্ৰীতম,সংগীত অনুৰাগ শইকীয়া,সহপৰিচালক জয়ন্ত চৌধুৰী,অভিনয়ত জনপ্ৰিয় তথা প্ৰয়াত গুণ মহন্ত,ৰবী হাজৰিকা ইত্যাদি।

শ্ৰী শ্ৰী পীতাম্বৰ দেৱৰ জন্ম হৈছিল ১৮৮৫ চনত আৰু মৃত্য হৈছিল ১৯৬৯ চনত । এই বোলছবিখনত কেনেকৈ নিৰ্মালী গ্ৰহণ কৰা হৈছিল তাৰ বিষয়ে পোৱা গৈছিল।নিৰ্মালীমানে সত্ৰধিকাৰী হিচাপে গ্ৰহণ কৰা আনুষ্টানিক কাৰ্য। শৈশৱৰ সময়ছোৱাতে সংস্কৃতমূলীয় তত্ত্বৰ জ্ঞাণ আহৰণ কৰিব পাৰছিল ।তেওঁৰ জন্মৰ সময়ছোৱাৰ পৰা মৃত্যুৰ সময়ছোৱালৈ ভাৰতৰ স্বাধীনতা আন্দোলন তথা স্বাধীনতা আন্দোলনৰ প্ৰাকক্ষণত সংঘটিত হোৱা আন্দোলনসমুহ অনুমান কৰিব পাৰি। যেনে ,১৯০৫ চনৰ পিছৰ স্বদেশী আন্দোলন,অসহযোগ আন্দোলন,ভাৰতত্যাগ আন্দোলনৰ বিষয়ে প্ৰমাণ  পাব পাৰি । 

          বোলছবিখনত,জাতিৰ পিতা মহাত্মা গান্ধী জনপ্ৰিয়তাৰ বিষয়ে পাব পাৰি । তেখেতৱ মহাত্মা গান্ধীক মহাৰাজা গান্ধী বুলি সন্মান কৰিছিল । মহাত্মা গান্ধী আৰু পীতাম্বৰ দেৱ গোস্বামীৰ মাজত কিছু মতানৈক্য সাদৃশ্যতা আছিল যেনে মহাত্মা গান্ধীৰ মূলনীতি আছিল"অহিংসাই পৰম ধৰ্ম" আনহাতে পীতাম্ৱৰ গোস্বামীৰ ধৰ্মনীতি আছিল অহিংসই পৰম ধৰ্ম,জীৱজন্তুক মৰম কৰা,সকলোশ্ৰেনীৰ মানুহক সমান বুলি ঠাই দিয়া। যোগদ্ৰষ্টতাত দেখুওৱা হৈছে যে যোৰহাট-মাজুলী কোনোবা এটা অঞ্চলত বৃটিছৰ মাটিৰ কৰ লোৱাৰ বৰ্বৰতাৰ বিষয়েপোৱা গৈছ। এনে কাৰণ পীতাম্বৰ দেৱ গোস্বামীৰ সৈতে কিছুমানুহে আলোচনাত মিলিত আলোচনা কৰা হৈছিল বৃটিছৰ বিৰুদ্ধে আন্দোলন কৰা হওঁক ,কিন্তু পীতাম্বৰ দেৱ গোস্বামীয়ে এৈ আন্দোলন স্থগিত কৰা হৈছিল ।আৰু এটা সঠিক সময়লৈ বাট চাবলৈ কৈছিল ।


যোগদ্ৰষ্টাত সামাজিক দৃষ্টিভংগী


আলোচনাত আলোচ্যত আন্দোলন স্থগিত কৰাৰ কাৰণ সম্ভৱত আছিল যে ১৯২১ চনৰ অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ এবছৰ পাছত ১৯২২ চনত চৌৰাচৌৰিত হিংসামূলক কাৰ্য সংঘটিত হৈছিল।এই ঘটনাৰ পাছত ভাৰতৰ কিছু আগশাৰী নেতাসকলে দেশৰ কিছু ভিতৰুৱা গাওঁ অঞ্চলত সংস্কাৰমূলক কাৰ্য কৰিব লৈছিল। সেয়ে এই আলোচনাৰ সময়ত শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে কৈছিল যে আমি হাতত ডাঙৰ কাম এটা আৰম্ভ কৰাৰ আগতে আমি আমাৰ সমাজখনক সংস্কাৰ প্ৰথমে কৰিব লাগিব,অন্ধবিশ্বাস,জাতিপ্ৰথা,মদ সেৱন কৰা কাৰ্যৰ পৰা আতৰাই অনা । এই সময়ত ঘাইকে জুৰুলা হৈ আছিল,সৰু জাতৰ মানুহে বনোৱা খাদ্যত সংকোচ কৰা,নিম্ন শ্ৰেনীৰ মানুহে স্পৰ্শ কৰিলে পানী ছটিওঁৱা কাৰ্য এনে শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে এনে কাৰ্যসমুহ ঘাইকৈ গুৰুত্ব দিছিল। সমাজত জৰ্জৰিত হৈ থকা কাৰণ সমুহ সমাধান কৰি সকলোকে একত্ৰিত কৰিলেহে স্বাধীনতা সহয হ'ব বুলি বিশ্বাস কৰিছিল।


মহিলা সবলীকৰণ আৰু কলা-সংস্কৃতিত পীতাম্বৰ দেৱ গোস্বামীৰ ভুমিকা


পুৰুষ প্ৰধান সমাজত  কন্যাসন্তানক শিক্ষিত কৰিবলৈ চেষ্টা কৰিছিল ।তাৰোপৰি পীতাম্বৰ দেৱ গোস্বামীয়ে জেলৰ পৰা ওলাইয়ে কাৰ্বি অঞ্চলত একৈছটা বিদ্যালয় স্থাপন কৰিছিল ।কলা-সংস্কৃতিত অসমত প্ৰথমবাৰৰ বাবে নাটকত ভাওঁ দিবলৈ পোষকতা কৰা হৈছিল । তাৰোপৰিওঁ, বৰ অসম গঢ়িবলৈ অসমৰ জনজাতিয় ভাষা মিচিং,বড়োত বৰগীত ৰচনা কৰাত উৎসাহিত কৰে ।আনহাতে এই কথাছবিখনত মিচিঙৰ বৰেণ্য ব্যক্তি তৰুণ চন্দ্ৰ পামেগাম তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদকজনৰ বিষয়ো পোৱা গৈছে।


শেষত

এই  কথাছবিখন অসম তথা ভাৰতত বৃটিছৰ কবলত হত্যাচাৰ জৰ্জৰিত,সামাজি বৈষম্যতা আদিসমুহ সুন্দৰ বাবে প্ৰতিফলিত হৈছে তাৰোপৰিওঁ এই কথাছবিখনত লিংগ বৈষম্যতা দূৰ কৰা,নাৰী সবলীকৰণ,কলা-সংস্কৃতি বিকাশ কৰাত যথেষ্টভাৱে ছবি প্ৰতিফলিত হোৱা দেখা গৈছ।

Share:

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ