পুষ্পা ২ দ্য ৰোল ,Pushpa 2: The Rule

লেখা-তপন পায়েং/কাৰ্চাং তাকাৰ

আজিৰ এই লেখা ব্যতিক্ৰমী চিনেমা Pushpa the rule বোলছবিৰ বিষয়ে বৰ্ণনা হৈছে ।ছবিখন হয়তো টাম্বনেইল চাই গম পাইছে ।ছবিখনৰ মুখত Allu arjurn ,Rashmika Mandana,Fahad Fajil.আপুনিও আপোনাৰ লেখা আমালৈ প্ৰেৰণ কৰিব পাৰিব।

Pushpa2


 পুুষ্পা ২ হৈছে ২০২৪ চনৰ  ভাৰতীয় তেলেগু ভাষা একচন চিনেমা। চিনেমাখনৰ মুখ্য আকৰ্ষন দাক্ষিনাত্য তথা পেন ইণ্ডিয়াৰ ষ্টাইলিষ্ট ষ্টাৰ অল্লু অৰ্জুন। ছবিখনৰ পৰিচালনা সুকুমাৰ আৰু মিথ্ৰি মুৱি মেকাৰ্চৰ দ্বাৰা প্ৰযোজিত । ছবিখনৰ মুখ্য চৰিত্ৰত আছে অল্লু অৰ্জুন,ৰশ্মিকা মন্দানা,ফাহাদ ফাজিল,জগপতি বাবু,ৰাওঁ ৰমেশ আৰু সুনিল ইত্যাদি।

ছবিখনৰ কাহিনীঃ-

জাপানাৰ যোকোহামা বন্দৰত উপস্থিত হয় আৰু  ৰঙা চন্দনৰ চালান দিবলৈ যত শ্ৰমিকসকলৰ মাজত লুকাই ৰখা হৈছিল। পুষ্পাই তেওঁলোকক আক্ৰমন কৰিছিল লোডৰ বাবে ধন দাবী কৰাৰ বাবে ।  এনে সময়তে ফ্লেচব্লেগলৈ গুচি যায়, এছ পি ভানোৱাৰ সিঙক ধমক দিয়াৰ পাছত ৰঙা চন্দন দিলিঙৰ ক্ষমতা পুষ্পাৰ হাতলৈ আহে,আনহাতে ভানোৱাৰ সিং নিজকে আত্মগোপন কৰে । ভানোৱাৰ সিঙে শ্ৰমিকৰ ভুষন বেশ ধৰি বহুতো চন্দন চালান জব্দ কৰে । ইফালে পুষ্পাই মুখ্যমন্ত্ৰী নৰসিংহ ৰেদ্দীৰ সৈতে ফটো তুলিবলৈ মানা কৰে  এনে ক্ষেত্ৰত পুষ্পাই নৰসিংহক মুখ্যমন্ত্ৰী শাসনৰ পৰা ওপৰাই  চিংগাপ্পাক মুখ্যমন্ত্ৰী কৰাৰ পন লয়।  পুষ্পাই চন্দন কাঠৰ জৰিয়তে ৫০০ কোটি টকা সংগ্ৰহ কৰে । কেন্দ্ৰীয় মন্ত্ৰী  কোপাতগাম বীৰ প্ৰতাপ ৰেদ্দীৰ সৈতে চুক্তিবদ্ধ হৈ মালদ্বীপত আন্তঃৰাষ্ট্ৰীয় ক্ৰেতাক  সাক্ষাৎ কৰি ২০০০ টন চন্দন কাঠ ৫০০কোটি টকাত বিক্ৰি কৰে । কেইবাজনো চোৰাংচোৱা চিণ্ডিকেটে পুষ্পাৰ সৈতে যোগ দিয়ে । বিশ্বব্যাপী চন্দন কাঠ দামী এই বিষয়েও ফুটি উঠিছে ।আনহাতে ছবিখনত পুষ্পা আৰু ভানৱাৰ সিঙৰ শত্ৰুতাৰ বিষয়ে ফুটি উঠিছে ।

আমাৰ অন্য লেখাসমুহ পঢ়ক

  1. পামে আপ্পুন 
  2. মিৰ  ২ নতুন মিচিং চিনেমা
  3. পীতাম্বৰ দেৱ গোস্বামী

সকলোবোৰ কাহিনী চন্দন কাঠৰ চোৰাংচোৱাৰ ব্যৱসায়কলৈ নিৰ্মিত কৰা হৈছে । চোৰাংচোৱাৰ ক্ষেত্ৰত নিজকে ক্ষমতাশালী দেখুৱাবলৈ চেষ্টা কৰা হৈছে ।


চৰিত্ৰসমুহ

পুষ্পাৰাজঃ-অল্লু অৰ্জুন

ইয়ংঃ-মাষ্টাৰ ধ্ৰুৱ

ভানোৱাৰ সিং সেখাৱতঃ-ফাহাদ ফাজিল

কেশৱাঃ-জগদেশ মণ্ডাৰী

কেন্দ্ৰীয় মন্ত্ৰীঃ-জগপতি বাবু

শ্ৰীৱল্লীঃ- ৰশ্মিকা মন্দানা

জাপানী অনুবাদক হিচাপেঃ-সত্য আদি....

মিশ্ৰন সৰ্বঃ-

২০২১ ত পুষ্পা দ্য ৰাইজ নামেৰে ছবিগৃহত মুক্তি দিয়া হৈছিল।ছবিখন দুটা ভাগত মুক্তি কৰাৰ কথা আছিল সেয়ে পৰৱৰ্তী সময়ত দুটা ভাগত নিৰ্মিত কৰা হৈছেগৈ । ছবিখনৰ পৰিচালনা কৰিছে সুকুমাৰে আৰু চিত্ৰনাট্য সংলাপ দিছে শ্ৰীকান্তে । চিনেমাটগ্ৰাপাৰ কৰিছে মিৰছলাভ কুবা ,সম্পাদনা শ্ৰীনিবাস কাৰ্তিকে ॥ কৰিঅগ্ৰাফাৰ গনেশ আচাৰ্য, সংগীতত কাম কৰিছে দেৱী শ্ৰীপ্ৰসাদে । ছবিখন ব্যতিক্ৰমিক ভাৱে প্ৰচাৰত অব্যাহত , ছবিখনৰ ট্ৰেইলাৰ বিহাৰৰ পাটনাত মুক্ত কৰা হৈছে যত বিপুল সমাদৰ সহাৰি জনোৱাৰ খবৰ পোৱা গৈছিল।


কালেকচন(collection)

একেইদিনা দুটা ভাষাত পঞ্চাছ কোটি টকা সংগ্ৰহ কৰাত সক্ষম। ছবিখনে তেলেগু,তামিল ,হিন্দী,কানাড়া,মালায়ালম,বাংলা আদি একাদিক ভাষাত মুক্তি লাভ কৰিছে । খবৰ অনুসৰি ছবি খন এটা দিনত ৫০ লাখ টকা সংগ্ৰহ কৰি অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে । প্ৰতিবেদন সমুহত প্ৰকাশ কৰিছে যে ৫০ কোটি টকাৰ বৃহৎ পৰিমানৰ সংগ্ৰহৰ অভিলেখৰ থিয় দিছে অন্য ছবিসমুহৰ তুলনাত ।কেজিএফ ২,আৰ আৰ আৰ,বাহুৱলী ২ তকৈ অধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । উত্তৰ আমেৰিকাত ২৫ লাখ ডলাৰত অতিক্ৰম হৈ আছে যিয়ে আন্তঃৰাষ্ট্ৰীয় বাবে বিশেষ সমাদৰ লাভ কৰিছে ।

Pushpa 2:The Rule review in Assamese

যিকসলে  ওপভোগ কৰিব বিচাৰে Bookmy show ৰ জৰিয়তেওঁ টিকট সংগ্ৰহ কৰিৱ পাৰিৱ । প্ৰতিবেদন অনুসৰি আগতীয়াকৈ ৩০ লাখৰো অধিক টিকট বিক্ৰি হৈছে বুলি জানিব দিয়া হৈছে ।  প্ৰথম অৱস্থাত চিনেমাখন ২০২৪ চনৰ ১৫ আগষ্টৰ দিনা মুক্তি দিয়াে কথা আছিল কিন্তু অসমাপ্ত শ্বুটিঙৰ বাবে ৫ ডিচেম্বৰলৈ পিছুৱাই দিয়া হয়। প্ৰতিবেদনৰ সুত্ৰ অনুসৰি জানিব দিয়া গৈছে যে ১২০০০ টা স্ক্ৰিনিঙত ছবিগৃহত মুকলি কৰিছে বুলি জানিব দিয়া গৈছে । ছবিখনে ভাৰতৰ ভিতৰতে প্ৰীৰিলিজ হৈছে যত নাট্য অনুসৰি  ব্যৱসায় ১০৮৫ কোটি টকা । ছবিখনৰ ব্ৰডকাষ্টৰ অগ্ৰাধিকৰ লাভ কৰিছে ষ্টাৰ মাইয়ে । নেটফ্লিক্সক ২৮৫ কোটি টকাত বিক্ৰি ।

Share:

0 Comments:

Post a Comment

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ

Blog Archive