• This is default featured slide 1 title

    নতুন তথ্য অসমীয়া" সাম্প্ৰতিক সময়ৰ কথা তথা লেখা,আন্তঃৰাষ্ট্ৰীয়,ৰাষ্ট্ৰীয়,অসম,শিক্ষা,বিভিন্ন ধৰণৰ সাহিত্য সম্বদ্ধীয় লেখাৰ জৰিয়তে শনিবৰীয়া শিতান বা অতিথী লেখাসমুহো প্ৰকাশ কৰা হ'য়

  • This is default featured slide 2 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 3 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 4 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 5 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

Showing posts with label বিজ্ঞান. Show all posts
Showing posts with label বিজ্ঞান. Show all posts

কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?

 কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?

‎তপন  পায়েং

কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?


‎বৰ্তমান সময় প্ৰযুক্তিশীল সময়  পূৰ্ৱতকৈয়ো কম্পিউটাৰ আৰু ইন্টাৰনেটৰ অত্যাধুনিক সুচলতাৰ পাছত বৰ্তমান পৰ্যায়ক্ৰমে কৃত্ৰিম বুদ্ধিমত্তাৰো বৃহতৰ বাবে উন্নত হৈ পৰিছে ফলত কৃত্ৰিম বুদ্ধিমত্তাৰ ঋণাত্মক আৰু ধনাত্মক দুয়ো দিশ বৃদ্ধি হৈছে।আমি জানো যে  বৰ্তমান সময়ত AI হিচাপে পৰিচিত  সত্তাই আমাৰ চিকিৎসা বিদ্যা,শিক্ষা,উৎপাদন আদি বিভিন্ন দিশসমূহত বহল ভাৱে সহায় কৰি আহিছে। কিন্তু সকলো বস্তুৰে এটা ঋণাত্মক আৰু ধনাত্মক দিশ দুটা জড়িত হৈ পৰিছে,আমি বেছি সংখ্যক ঋনাত্মক দিশত ব্যৱহাৰ কৰিছো যদিওঁ অত্যাধিকভাৱে ব্যৱহাৰ কৰাৰ ফলত ঋণাত্মকৰ পৰা গৈ ধনাত্মকলৈ ধাৱমান হৈছেগৈ । তেনেক্ষেত্ৰত যদি চাওঁ চিন্তাকৰিবলৈ এৰি দিয়া যেনে কোনো এজন ছাত্ৰই Google chatbot,Gemini,Chatgpt,Grook ,Deepsheek আদিৰ দৰে কিছুমান ফ্লেটফৰ্মৰ জৰিয়তে মগজুৱে ঢুকি নোপোৱা বিষয়ক অনুসন্ধান কৰি ব্যৱহাৰ কৰা ফলত   চিন্তাশক্তি,সমস্যা সমাধান দক্ষতা আদিবোৰৰ দৰে গুণবোৰ ধবংস কৰাত প্ৰভাৱ পেলাইছে । এজন লৰা বা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত নিজে ভাৱি লিখাৰ পৰা এলাগি হোৱা,কোনো এটা বিষয়ত নিজৰ পাঠ্যপুথিৰ পাঠ এটি নপঢ়াকৈ AI ৰ জৰিয়ত কম সময়ৰ ভিতৰতে প্ৰশ্নৰ উত্তৰ কৰা ইত্যাদিয়ে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কিতাপ পঢ়াৰ পৰা হেমাহিৰ সৃষ্টি কৰিছে । AIয়ে ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাসৰো হ্ৰাস কৰাইছে,কৃত্ৰিমবুদ্ধিমত্তাই লৰা-ছোৱালীক নকল কৰা আৰু কপি পেষ্ট কৰাতো ধনাণাত্মকভাৱে ইন্ধন যোগাইছে । তদুপৰি AI ভিত্তিত e-sport আগ্ৰাসন কৰাৰ ফলত লৰা-ছোৱালীৰ মাজত শাৰীৰিকভাৱে খেলপথাৰক  দূৰৈলৈ ঠেলি দিছে আৰু ইয়াৰ ফলস্বৰূপে বিভিন্ন ৰোগৰ দেখা দিছে ।AI য়ে সামাজিক ,একাকীকত্ব আৰু পৰিয়ালৰ আত্মীয়তাৰ মাজত যোগাযোগৰ বিছিন্নতা কৰিছে তেনেক্ষেত্ৰত  নৱপ্ৰজন্মই ডিজিটেল যুগত "Feel"ৰ সলনি "Feedback"ৰ অধিক প্ৰাধান্য দিবলৈ আৰম্ভ কৰিছে লৰা-ছোৱালীয়ে মানুহৰ কথাতকৈ অনলাইন ভাৰ্ছুৱেলৰ পৰামৰ্শকে বেছিকৈ বিশ্বাস কৰিব লৈছে।লাহে লাহে সামাজিক,সহানুভূতি আৰু মূল্যবোধ ধ্বংস হৈ নিৰ্জনতা বৃদ্ধি পাইছে। তদুপৰি বৰ্তমান প্ৰেক্ষাপটত আটাইতকৈ আপদজনক ছবি কোনোবা নায়িকাৰ ফটোৰ অপব্যৱহাৰ  কৰা আনহাতে  ছোৱালীৰ ফটো AI ৰ জৰিয়তে প্ৰতিলেপন কৰি ইন্টাৰনেটত মুকলি কৰি ছোৱালী বা মহিলাৰ মান হানি কৰা  উদাহৰণস্বৰূপে শেহতীয়াকৈ চৰ্চিত অৰ্চিতা ফুকনৰ কাণ্ডকো আঙুৰিয়াব পাৰি । যুৱতীৰ ফটো অশ্লীল ৰূপ দি ব্লেকমেইলিং কৰা ইত্যাদি । AI-ৰ সহায়ত Deepfake ভিডিঅ’, নকল Photo, Voice cloning ইত্যাদি নিৰ্মান কৰি  সমাজক ভূল দিশলৈ লৈ যোৱাত ধনাত্মক শক্তি প্ৰবাহিত কৰিছে । এইবোৰে তথ্যৰ বিশ্বাসযোগ্যতা ধ্বংস কৰি “যি দেখিছোঁ তাকেই সত্য” বুলি ভাৱ ধাৰাটো ওলোটা কৰি পেলাইছে। AIৰ ওপৰত নিৰ্ভৰ কৰি বা সংযুক্ত কৰা-App হে আৰু Platform (Instagram, TikTok AI Filters, Face Recognition App) নতুন প্ৰজন্মৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰি লগত লগত বিপদৰ ত্ৰাসো সৃষ্টিৰ তুংগত কৰিছে । Data Breach, Cyber Crime, Online Bullying ইত্যাদি ব্যাপক হাৰত বৃদ্ধি পাইছে । নিজৰ মুখ, অৱস্থা, চলন ফুৰন, চিন্তাভাবন সকলো AI ৰ বাবে উলংগ হৈ পৰিছে সেয়া মানসিক অস্থিৰতা আৰু ভয়ৰ বাতাবৰণ গঢ়ি উঠিছে। এনেবোৰ কাৰণত মানুহৰ গোপনীয়তাৰ সংকট নামি আহিছে। নৱপ্ৰজন্মৰ মাজত ধনাত্মক ক্ৰিয়াসমূহ আৰু ধনাত্মক সম্ভাৱ্য সমস্যাসমূহ সমাধানৰ বাবে ল'ব পৰা পদক্ষেপসমূহ যদি চাওঁ,স্কুল বা কলেজসমূহত কৃত্ৰিম বুদ্ধিমত্তা শিক্ষাৰ ওপৰত ঋণাত্মক আৰু ধনাত্মক দিশসমূহত বিশদভাৱে শিক্ষা বা কৰ্মশালা আয়োজন কৰিব লাগে। অভিভাৱকসকলে নিজ নিজ সন্তানক  AI  ভিত্তিত প্ৰস্তুত কৰা এপচ আৰু মোবাইল ব্যৱহাৰত নিৰ্দিষ্ট অনুশাসন দিব লাগে । চৰকাৰীভাৱে মিছা তথা কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ,ফটো,মাতসমূহ চিনাক্ত কৰিব পৰাকৈ আৰু অটমেটিকভাৱে বা নিজাকৃত ভাৱে ডিলিট কৰিব ব্যৱস্থা কৰিব লাগে। মিছা বা ফেক ফটো,মাত বা voice আৰু  বিডিঅ প্ৰস্তুত কৰাৰ ওপৰত কঠোৰভাৱে আইন অৱলম্বন কৰিব লাগে। আনহাতে এই AI app আৰু  Software প্ৰস্তুত কৰ্তাসকলে নিৰ্দিষ্ট বয়সৰ ধৰ‍াবন্ধাৰ ওপৰত ভিত্তি কৰি নিৰ্মান কৰিব লাগে।AI কেনেকৈ আন আন লেখা বা ফটোবোৰক চাই কেনেকৈ হুবহু ক্লনিং কৰে "AI য়ে আমাৰ পৰাহে চুৰ কৰে ,মানুহে ন'হয়"তাৰ সম্পৰ্কে বিতং ভাৱে জ্ঞান দিব লাগে ।

কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?


‎             AI বা কৃত্ৰিম বুদ্ধিমত্তা যি নামাকৰণেই কৰক ,AI আমাৰ ভাৱে সমস্যা নহ'য়,সমস্যা হ'ল এইজন, যিজনে AI ৰ দ্বাৰা অপপ্ৰচাৰ ,বিকৃত কৰি সমাজত প্ৰতিচালিত কৰি আছে প্ৰকৃততে এই ব্যৱহাৰকাৰীজনহে সমাজৰ বাবে আপদ। যি ধৰনে AI য়ে বিশ্বব্ৰহ্মাণ্ডত বিভিন্ন দিশত উন্নয়নৰ মুকুত পিন্ধাইছে এইধৰনে নৱপ্ৰজন্মৰ মাজত "কলা সেঙাৰ"ৰ  সৃষ্টিৰ আশংক্ষা গঢ়ি তুলিছে। আমি সচেতন হোৱা উচিত কৃত্ৰিম বুদ্ধিমত্তা কি হ'য়?

‎          আমি সদায় মনত ৰাখিব লাগে যে কৃত্ৰিম বুদ্ধিমত্তাৰ আমি দাসত্ব নহ'য়,কৃত্ৰিম বুদ্ধিমত্তা আমাৰ বাবে  তথা আহিব লগা অনুজৰ বাবে উপযোগী আৰু ব্যৱহাৰকাৰীৰ চক্ষু দিয়ে ব্যৱহাৰ কৰিব লাগে যাতে আহিবলগীয়া দিনবোৰ বেয়া দিশত প্ৰবাহ চালিত নহ'য়॥

Share:

অসমীয়া নতুন তথ্যৰ বিজ্ঞানৰ কথা(প্ৰথম)

ওৱাটচাপ চেনেল জইন কৰক
টেলিগ্ৰাম গ্ৰুপ জইন কৰক

 অসমীয়া নতুন তথ্যৰ বিজ্ঞানৰ  কথা,নমস্কাৰ আমি আপোনাক আমাৰ নতুন তথ্য অসমীয়ালৈ আপোনাক স্বাগতম জনাইছো এই লেখাটি,অসমীয়া নতুন তথ্যত বিজ্ঞানৰ কথাৰে নামাকৰণ  কৰিছো। এই খণ্ড একত মুঠ ক্ষুদ্ৰ ক্ষুদ্ৰ বিজ্ঞানৰ কথাৰে সজোৱা হৈছ,আশা কৰিছো আপুনি ভাল পাব। এই শিতানত আপুনিওঁ আপোনাৰ বিজ্ঞান লেখা আমালৈ প্ৰেৰণ কৰিব পাৰিব।আপুনি যদি বিচাৰি আমাৰ  ইমেইল notuntahyaasomiya@gmil.com ত প্ৰেৰণ কৰিব পাৰিব আৰু লগতে এই লেখাটি আপোনাৰ বন্ধুবৰ্গলৈ চেয়াৰ কৰিবলৈ নাপাহৰিব॥

                       খণ্ড-এক

অসমীয়া নতুন তথ্যৰ বিজ্ঞানৰ  কথা(প্ৰথম)



১।ভাৰতে কেতিয়া পোন প্ৰথমবাৰৰ বাবে ৰঙৰ ব্যৱহাৰ কৰিছিল?

-ভাৰতৰ পুৰণি নগৰী সভ্যতা হৰপ্পা আৰু মহেঞ্জোদাৰোত ৰঙৰ ব্যৱহাৰ কৰিছিল।

২। কোনবিধ পতংগ মানুহৰ বাবে বেছি ক্ষতিকাৰক?

-সাধাৰণতে ছয় ভৰিযুক্ত মাখি।এই মাখিবিধে ৩০টা প্ৰজাতিৰ জীৱাণু বহন কৰে।

৩।কৃত্ৰিম উপায়েৰে কৰা মাছৰ প্ৰজননক বৈজ্ঞানিক ভাষাত কি বোলে ?

-পিচকি কালচাৰ

৪।জালনোট ধৰা যন্ত্ৰটোৰ নাম কি?

-স্পিউৰিস্কোপ

৫।কৰ্পুৰ কি?

-এবিধ মূল্যৱান গছৰ কাঠৰ পৰা পোৱা সুগন্ধি পদাৰ্থ।

৬।বগা ভালুক কত পোৱা যায়?

-উত্তৰ মেৰুত।

৭।সাগৰৰ পানী লুনীয়া কিয়?

-সাগৰৰ পানীত বিভিন্ন ধৰনৰ অজৈৱ লৱণ মিহলি হৈ থাকে।এইবোৰৰ ভিতৰত লোণ বা ছডিয়াম ক্লৰাইড বেছি পৰিমানে থাকে ।

৮।WAIS কি?

-Waster Adult Intellegence Scale। বয়স্ক  মানুহৰ বুদ্ধিমত্তা বা আই ইউ নিৰ্ণয় কৰা পদ্ধতি ।

৯।কোনো নিৰ্দিষ্ট মাধ্যমত কোনটক ৰঙৰ পোহৰৰ বেগ আটাইতকৈ বেছি আৰু কোনটো কম?

-ৰঙা ৰঙৰ পোহৰ আটাইতকৈ বেছি আৰু বেঙুনীয়া ৰশ্মিৰ কম।

১০।ৰাডাৰ মানে কি?

-সম্পুৰ্ণ  নাম ৰেডিঅ ডিটেকচন এণ্ড ৰেঞ্জিং ।প্ৰেৰণ কৰা আৰু প্ৰতিবিম্ব হৈ উভতি অহা বিদ্যুত চুম্বক তৰংগৰ সহায়ত দূৰত থকা বস্তুৰ অস্তিত্ব আৰু অৱস্থা ধৰা পেলোৱা যন্ত্ৰ॥

১১। আলবেৰুনী কোন আছিল?তেওঁ কি কাৰণ বিখ্যত?

-এঘাৰশ শতিকাৰ জ্যোতিৰ্বিজ্ঞানী আছিল।তেওঁ ইৰানৰ অধিবাসী আছিল,তেওঁ জ্যোতিৰ্বিজ্ঞানী হোৱাৰ গণিতজ্ঞ,ভূগোল,ৰসায়ন শাস্ত্ৰতো পাণ্ডিত্য আছিল।

১২।মানুহৰ শৰীৰক সুস্থ ৰাখিবলৈ কিমানবিধ ভিটামিনৰ প্ৰয়োজন?

-১৩ বিধ।

১৩।পিয়াঁজ কাটিলে কিয় আমাৰ চকুপানী ওলায়?

-পিয়াজত ছালফাৰ ডাই অক্সাইড যুক্ত পদাৰ্থ থাকে । পিয়াজ কটাদ লগে লগে এই  পদাৰ্থবোৰ বাষ্পৰ নিচিনাকৈ  বিয়পি পৰে । ই মানৱ দেহৰ ইন্দ্ৰিয়ত ছালফিউৰিক এছিড সৃষ্টি কৰে।

১৪। এছিড বৰষুণ কি ?

-অতিমাত্ৰা ঔদ্যোগিক অঞ্চলবোৰৰ  বায়ুমণ্ডলত ছালফাৰ-ডাই-অক্সাইডৰ দৰে গেছৰ নিৰ্গমন হয়।এই এছিডবোৰে বৰষুণৰ পানীৰ লগত মিলি ছালফিউৰিক এছিড আৰু  নাইট্ৰিক এছিডৰ সৃষ্টি কৰে ।

১৫।পোৰা চূণত  পানী ঢালিলে তাপ কিয় নিৰ্গত হয়?

-পোৰা চূণত কেলচিয়াম অক্সাইড নিৰ্গত হয়।

১৬। অৱতল দাপোন কাক বোলে?

-যিবোৰ গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ট ভিতৰলৈ বক্ৰ তেনে গোলাকাৰ দাপোনক অৱতল দাপোন বোলে ।।

১৭।কোন ধাতুৰ গলনাংক আটাইতকৈ বেছি?

-টাংষ্টেইন,ইয়াৰ গলনাংক ৩৪২২°॥

১৮।নিউট্ৰন কি?

-পৰমাণু কেন্দ্ৰ বা নিউক্লিয়াছত থকা বৈদ্যুতিকভাৱে নিৰপেক্ষ এবিধ মৌলিক কণিকা।জেমছ জন থমছনে ইলেক্ট্ৰন আৱিস্কাৰ কৰিছিল।

১৯।বগা কাপোৰত নীল দিলে বেছি বগা কিয় দেখে?

-কাপোৰক বগা কৰাত নীলৰ কোনো ভূমিকা নাই।প্ৰকৃততে নীলে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক দৃশ্যক পোহৰলৈ ৰূপান্তৰিত কৰে ।সেয়ে কাপোৰত নীল দিয়াৰ ফলত যিবোৰ নীল কাপোৰৰ আহঁতত নীলা বেছি হয় এই আহঁত ত বেছি বগা দেখে॥

২০।D.D.T কি?

-কীট-পতংগ নাশক এক প্ৰকাৰৰ ক্লৰিণযুক্ত বিষাক্ত ৰাসায়নিক পদাৰ্থ। সম্পুৰ্ণ নাম(Dichlorodipheny Trichloro ethane)

২১।BOD কি

-Biological Oxygen Demand.

২২।মনকাৰ্বলিক এছিডৰ অন্য এটা নাম?

-ফেটি এছিড।

২৩।ক্লৰফৰ্মৰ ফৰ্মূলাটো কি?

-CHCL3

২৪।হাহঁৰ পাখি পানীত নিতিয়ে কিয়?

-হাঁহৰ শৰীৰৰ নেজৰ ফালে তৈল গ্ৰন্থি নামৰ এক ধৰনৰ গ্লেণ্ড থাকে ,যত চৰ্বি বা তেলজাতীয় পদাৰ্থ বাহিৰ হৈ পাখিবোৰ সকলো সময়তে তৈলাক্ত কৰি ৰাখে।

২৫।কোনবিধ প্ৰাণীৰ দৃষ্টি শক্তি প্ৰখৰ?

-জীৱজগতৰ চৰাই প্ৰজাতিটোৰ॥


Share:

ভাৰতৰ ৰাজধানী নতুন দিল্লীত বায়ু প্ৰদুষণ ভয়াৱহতাৰ কাৰণ

 ভাৰতৰ ৰাজধানী নতুন দিল্লীত বায়ু  প্ৰদুষণ ভয়াৱহতাৰ কাৰণ

ভাৰতৰ ৰাজধানী নতুন দিল্লীত বায়ু  প্ৰদুষণ ভয়াৱহতাৰ কাৰণ


পৰিৱেশ প্ৰদুষণৰ অন্যতম ভাগ হ'ল বায়ু প্ৰদুষণ । বৰ্তমান সময়ত বিশ্বতে অতিকৈ প্ৰদূষণ হৈছে বায়ু প্ৰদূষণ যাৰ ফলত এনে প্ৰদূষন ৰোধ কৰিবলৈ বিশ্বৰ গোটেই কেইখনমান দেশে মিলি যেনে য Conference of People ৰ দৰে সংস্থাৰ জৰিয়তে ৰোধ কৰাৰ প্ৰচেষ্ঠা চলাইছে ।
প্ৰতিবছৰে দিল্লীৰ বায়ুৰ গুণাগুণ বৃদ্ধি হোৱাতো আটাইতকৈ লক্ষণীয় ।লাহে লাহে গুণাগুন বৃদ্ধিয়ে  মহামাৰীৰ দৰে বিৰল প্ৰভাৱ পেলোৱাৰ আশংকা।এনে বৃদ্ধিয়ে দিল্লীৰ দিনৰ সংখ্যা হ্ৰাস কৰিছে যোৱা ২০১৬ চনৰ পৰা ২০২৪ চনলৈ মুঠ দিন সংখ্যা ১২১ টালৈ হ্ৰাস পাইছেগৈ । এনেক্ষেত্ৰত ৰাজহুৱা আৰু ব্যক্তিগত উদ্যোগকেন্দ্ৰ সচেতন হোৱাতো অতিশয়েই আৱশ্যকীয়।
দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে দিল্লীত বায়ু প্ৰদুষণৰ অন্যত্বম কাৰণ চুবুৰীয়া ৰাজ্যত জ্বলোৱা মাত্ৰাধিক কৃষি আৱৰ্জনাৰ বাবে শোচনীয় হৈছে দিল্লীৰ বায়ুমণ্ডল।তেওঁৰ ভাষ্যত সদৰী কৰিছে যে পঞ্জাৱত ১২৫১ খন খেতি পথাৰত আৱৰ্জনাসমুহ জ্বলোৱাৰ তেনে প্ৰদূষণ সৃষ্টি হোৱাৰ অন্যত্বম কাৰণ ।
ভাৰতৰ ৰাজধানী নতুন দিল্লীত প্ৰদুষণৰ মাত্ৰা প্ৰাদুৰ্ভাৱ বাবে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে । যাৰ ফলত  দিল্লী কৰ্মচাৰী লগতে স্কুল,কলেজ,মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ঘৰত বহি অধ্যয়ণ কৰা আৰু কাম কৰাৰ দাবী জনাইছে সেই হেতুকে ভাৰতৰ চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে অনুমতি প্ৰধান কৰিছে ।এনে পৰিপ্ৰেক্ষিতত জৱাহৰ  নেহেৰু বিশ্ববিদ্যালয়ে অনলাইন যোগে পাঠদান কৰাৰ সিদ্ধান্ত লৈছে।
বৰ্তমান সময়ত দিল্লী কৃত্ৰিমতা কুৱঁলিয়ে আৱঁৰি ৰাখিছে ,যাৰ ফলত বিভিন্ন জনৰ বিভিন্ন সমস্যাত ভুগিব লগীয়া হৈছে।
বায়ু প্ৰদুষন হ্ৰাস কৰিবলৈ চৰকাৰে ঘৰতে বহিয়েই কাম কৰিবলৈ অনুমতি প্ৰদান কৰিছে ।
কেন্দ্ৰীয়  প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ মতে বৰ্তমানৰ ভাৰতৰ ৰাজধানী নতুন দিল্লীত বায়ুৰ গুনাগুণৰ সূচাংক ৪৭১ হয়।চমুকৈ বায়ুৰ গুণাগুণ কেনেকৈ নিৰ্নয় কৰা হয়,যেতিয়া পৰিৱেশ তথা এটা অঞ্চলত PM10,PM2.0,নাইট্ৰেজন অক্সাইড(NO2),ছডিয়াম অক্সাইড(So2),কাৰ্বন ডাই অক্সাইড(Co),লেড(pb),মিথেন(NH3),অজন(O3) আদি গেছসমুহ মিশ্ৰিত হৈ থাকে তেতিয়া AQI য়ে এই ভিত্তিত গেছৰ গুণাগুণ মাপন কৰা হ'য়।Air Quality Index  আৰম্ভণি হৈছিল ২০১৪ চনত পৰিৱেশ বন্যপ্ৰানী আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰানালয়ৰ অধীনত ,সংবিধানৰ ভাষাত ই এটা statutory body অৰ্থাৎ এটা আইনৰ জৰিয়তে ৰূপায়িত হোৱা শাখা।

Delhi pollution


২০ নৱেম্বৰ বুধবাৰৰ AQI(Air Quality Index) য়ে দিয়া চহৰ কেইটাৰ বায়ুৰ গুণাগুণৰ মাত্ৰাসমুহ ক্ৰমে


AIR POLLUTED CITY

AIR QUALITI VALUE

আলিপুৰ

৪৯০

আনন্দলোক

৫০৪

আনন্দপ্ৰবাত

৫৯১

অশোকবিহাৰ পৰ্যায়১ আৰু

২ক্ৰমেঃ-৫২২ আৰু ৫২৭

দিল্লীকেন্ট

২৫৮

বৃহত্তৰ কৈলাছ

২৫৬

জিটিবি নগৰ

৬১৭



এই বায়ুপ্ৰদূষণৰ ফলত হাওঁফাওঁৰ ৰোগকে ধৰি চৰ্ম ৰোগলৈকে একাধিক ৰোগত দিল্লীৰ জনসাধাৰণ আক্ৰান্ত হোৱাটো প্ৰায় নিশ্চিত বুলি দাবী কৰিছে। এনেক্ষেত্ৰত বায়ু প্ৰদূষণৰ সময়ছো‍ৱাত হ'বলগীয়া ৰোগ বা বেমাৰ চিকিৎসাৰ বাবে স্বাস্থ্যবিভাগক বিশেষ চিকিৎসকৰ দল গঠন কৰিবলৈ নিৰ্দেশ।বিভাগটোক দৈনিক স্বাসজনিত আৰু অপিডি,আন্তঃজনিত ৰোগসমুহ তত্ত্বাৱধান কৰিবলৈয়ো নিৰ্দেশ দিছে। চিকিৎসক বা স্বাস্থ্যবিভাগে মাস্ক পৰিধান কৰিয়ে বাহিৰলৈ ওলোৱাৰ পৰামৰ্শ প্ৰদান কৰিছে ।

ভাৰতৰ ৰাজধানী নতুন দিল্লীত অধিকত্বমভাৱে বায়ুপ্ৰদূষণ হোৱাৰ কাৰণ
(ক) অধিক ভাৱে যান-বাহনৰ ধুৱা নিৰ্গমন
(খ)নতুন নতুন বিল্ডিঙৰ নিৰ্মান কাৰ্য।

দিল্লী চৰকাৰ প্ৰদুষণ ৰোধ কৰাৰ প্ৰচেষ্ঠা
(ক)প্ৰদূষণৰ এনে সময়ত ১৫খন বিমানৰ অৱতৰণৰ স্থান জয়পুৰ,লক্ষ্ণৌলৈ সলনি।
(খ)বন্ধ নিৰ্মাণকাৰ্য,ঘৰ-দুৱাৰ ভঙাত নিষেধাজ্ঞা।
(গ)ট্ৰাকসহ বাণিজ্যিক গাড়ীৰ চলাচক নিষিদ্ধ।
(ঘ) আনহাতে দিল্লীস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ অগাষ্টিন জৰ্জ মাছিফৰ বিচাৰপীঠত এনে পৰিস্থিতিৰ বাবে দিল্লীসমীপৱৰ্তী ৰাজ্যসমূহত শেহতীয়াকৈ"গ্ৰেপ-৪"নিষেধাজ্ঞাৰ নিৰীক্ষণ কৰিবলৈ সমিতী গঠন কৰিবলৈ নিৰ্দেশ দিয়ে।
(ঙ)একাধিক ক্ষেত্ৰত air quality index হে পুৰণি গাড়ী আৰু পুৰণি ডিজেল ব্যৱহাৰ নিষেধাজ্ঞা কৰাত,বাসিন্ধাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বলবৎ কৰে।
(চ)এনে ক্ষেত্ৰত বৈদ্যুতিক ই-বাহন অতি উত্তম।

Way foreward of delhi air pollution
আমি সকল নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিব নালাগে,আমি সকলোৱে ইয়াৰ প্ৰতি সচেতনতা হ'ব লাগে,যধে-মধে যিকোনো আৱৰ্জনাসমুহ জ্বলাব নালাগে । পৰাপক্ষত ডিজেল/পেট্ৰল জাতীয় বাহনবোৰ কমকৈ ব্যৱহাৰ কৰিব লাগে ।শেষত AQI উলিওৱা নীতি
One Number, One Colour ,One Description টো প্ৰত্যেকজনৰ জীৱনত ৰূপায়ণ কৰিব লাগে ।

Share:

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ