অসমত আভ্যন্তৰীণ জলপথ খণ্ডৰ উন্নয়ন: সম্ভাৱনা আৰু প্ৰত্যাহ্বান”তপন পায়েং

অসমত আভ্যন্তৰীণ জলপথ খণ্ডৰ উন্নয়ন: সম্ভাৱনা আৰু প্ৰত্যাহ্বান”

অসমত আভ্যন্তৰীণ জলপথ খণ্ডৰ উন্নয়ন: সম্ভাৱনা আৰু প্ৰত্যাহ্বান”তপন পায়েং


তপন পায়েং

পৃথিৱী  তথা অসমত সাগৰ নাই যদিও প্ৰাকৃতিক বা মানৱসৃষ্টৰে  আভ্যন্তৰীণ জলপথ যেনে  নদী,খাল,হ্ৰদ ব্যৱহাৰ কৰি  মানুহ  আৰু সামগ্ৰীৰ চলাচলৰ ওপৰত গুৰুত্ব আৰোপ কৰা নতুন খণ্ডই হৈছে আভ্যন্তৰীণ জলপথ খণ্ড।  

            ১৯৮৫ চনৰ ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষৰ আইন আৰু ১৯৮০ চনৰ গৃহীত কৰা ৰাষ্ট্ৰীয় পৰিবহণ নীতি সমিতিৰ পৰামৰ্শ  অনুসৰি   পোনপ্ৰথম বাৰৰ বাবে ১৯৮৬ চনত ভাৰতৰ জলপথ প্ৰাধিকৰণৰ অধীনত ভাৰতীয় জলপথ খণ্ডটো প্ৰতিষ্ঠা কৰা হৈছিল । তেতিয়াৰে  পৰা বৰ্তমান সময়ছোৱালৈকে মুঠ ভাৰতত  ১১১ টা  ৰাষ্ট্ৰীয় জলপথ ঘোষণা কৰা হৈছে । আনহাতে বৰ্তমান অসমত মুঠ ২ টা আছে , ৰাষ্ট্ৰীয় জলপথ -২ এইখন ধুবুৰীৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আনহাতে দ্বিতীয়খন হৈছে ৰাষ্ট্ৰীয় জলপথ-১৬ ,এইখন বৰাক নদীৰ একমাত্ৰ উল্লেখ্য জলপথ।

শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত কৰা  Advantage Assam 2.0 ৰ শীৰ্ষক সন্মিলনত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ  বন্দৰ ,জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ আভ্যন্তৰীণ জলপথৰ উন্নয়নৰ বাবে ৪৮০০ কোটি থকাৰ বিনিয়োগ কৰাৰ  ঘোষণা কৰা হ'য় । এই বিনিয়োগৰ লক্ষ্য হৈছে  ৰাজ্যৰ জলপথ বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু  বৰাক নদীত বাণিজ্য আৰু পৰ্যটনৰ  দিশত উন্নত কৰা।

দেশৰ আভ্যন্তৰীণ জলপথৰ উন্নয়নৰ  প্ৰসাৰৰ  বাবে চৰকাৰৰ  কেইবাটাওঁ আঁচনি  আৰম্ভ  কৰিছে  । যেনে " জলবাহক" আঁচনিখনে ব্যৱসায়ীসকলক স্থলপথৰ বাট-পথ আৰু ৰেলপথ যানজঁটৰ সমস্যা হ্ৰাস কৰাবলৈ জলপথলৈ স্থানান্তৰিত কৰা ।" হৰিৎ নৌকা" আঁচনিৰ উদ্দেশ্য হৈছে Eco-freindly  হোৱা অৰ্থাৎ আভ্যন্তৰীণ জলপথত কাৰ্বন নিৰ্গমন হ্ৰাস কৰোৱা ,তাৰ পৰিৱৰ্তে নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ কৰা,নদীসমূহত তৈলজাতীয় পদাৰ্থ নদীৰ পানীত দ্ৰৱীভুত নোহোৱা কৰা যাতে নদীৰ জীৱসমূহৰ বাবে অপকাৰ নহ'য়। আৰু এই  আঁচনিৰ  জৰিয়তে  ২০৩০ চনৰ ভিতৰত জাহাজ বা জলবাহনসমূহক পৰিৱেশ মিত্ৰ বাহনলৈ  ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰিছে ।

Assam inland waterway

অসমত  আভ্যন্তৰীণ জলপথ উন্নয়নত সম্ভাৱনাময় সুবিধা-

                  আভ্যন্তৰীণ জলপথে অসমৰ ব্ৰহ্মপুত্ৰ আৰু  বৰাক নদীৰ দুয়োটা পাৰবোৰক বাণিজ্যৰ বাবে "কম খৰচত পৰিবহণ"ৰ বাবে সুচল হ'ব । 

            নদীপৰ্যটন উন্নত কৰি  আয়ৰ নতুন উৎস সৃষ্টি কৰিব পাৰে । তাৰোপৰিও কৰ্মসংস্থাপন হোৱা,গাওঁ অঞ্চলত উন্নয়ন আৰু কৃষি-বাণিজ্যৰ বাবে সুবিধা প্ৰশম লাভ কৰিব।

ৰাস্তা আৰু ৰেলপথৰ যানজঁটৰ সমস্যাসমূহ দূৰ হ'ব আনহাতে  ডাঙৰ পৰিম‍াণৰ সামগ্ৰী কম ইন্ধন ব্যয় কৰি বাণিজ্য ক্ষেত্ৰতো লাভ ঘটোৱাব পাৰিব। জলপথে বায়ুপ্ৰদূষণ আৰু শব্দপ্ৰদূষণ হ্ৰাস কৰিব । আনহাতে ৰাষ্ট্ৰীয় জলপথ -২ আৰু  ৰাষ্ট্ৰীয় জলপথ-১৬ ৰ জৰিয়তে  বাংলাদেশ, নেপাল আৰু ভূটানৰ লগতে উত্তৰ-পূবৰ আনৰাজ্যৰ সৈতে বানিজ্যিক সংযোগ স্থাপন কৰাত সুবিধা লাভ কৰিব । বাংলাদেশৰ  সৈতে  Protocol on Inland Water Transit and Trade ৰ  জৰিয়তে অসমৰ পৰা পণ্যদ্ৰৱ্য যোগানত আন্তঃদেশীয় ৰূপে পৰিবহণ কৰিব পৰাৰ সুবিধা লাভ কৰিব পাৰিব।


অসমত আভ্যন্তৰীণ জলপথ উন্নয়নত সন্মুখীন হোৱাৰ প্ৰত্যাহ্বানসমূহঃ-

অসম প্ৰাকৃতিকভাৱে বৈচিত্ৰ্যময়,গতিকৈ জলবায়ু পৰিৱৰ্তন হোৱাটো স্বাভাৱিক । নদীৰ সোঁত অথবা নদীৰ পানীসমূহ বতৰ অথবা জলবায়ুৰ ওপৰতেই নিৰ্ভৰশীল  ।  যেতিয়া গোটেই  অসমখনৰ জলবায়ু শুকানময় হ'য় তেতিয়া নদীসমূহৰ পানী শুকাই যায় নদীৰ গভীৰতা আৰু প্ৰবাহ হ্ৰাস পায় তেতিয়াই জলপথসমূহত জলবাহন চলাচল হো‍ৱাত সমস্যাৰ সন্মুখীন হ'য় ।  দৈনিকভাৱে  চলি  জলবাহনসমূহ চলি থাকিলে জাহাজৰ পৰা তৈলসমূহ পানীত পৰি প্ৰদূষিত হৈ নদীত থকা জীৱসমূহৰ বাবে জীয়াই থকাত সমস্যাৰ সন্মুখীন হ'ব পাৰে । দৈনিক চলাচলত কাৰ্বন নিৰ্গত হৈ বাটপথৰ দৰে প্ৰদূষিত হ'লে জলৰ পৰিস্থিতি তন্ত্ৰৰ বাবে অন্ধকাৰ নামি আহিব পাৰে ।

                অসমৰ আভ্যন্তৰীণ জলপথ উন্নয়ন এখন সম্ভাৱনাময় খণ্ড, যি ৰাজ্যৰ অৰ্থনীতি, পৰ্যটন, আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে এক নতুন দিশ উন্মোচিত কৰিছে। তথাপিও, এই উন্নয়ন পৰিৱেশৰ সুৰক্ষা আৰু স্থানীয় জনজীৱনৰ সাৱলীলতাক সলনি নকৰি আগবঢ়োৱা আৱশ্যক।

যদি সঠিক পৰিকল্পনা, পৰিৱেশ–সচেতনতা আৰু জন–অংশগ্ৰহণৰে এই প্ৰকল্পসমূহ আগবঢ়োৱা যায়, তেন্তে অসম এখন জল–বাণিজ্যিক গেটৱে হিচাপে দক্ষিণ–পূব এচিয়াত স্থান লাভ কৰিব পাৰে।


Share:

0 Comments:

Post a Comment

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ