• This is default featured slide 1 title

    নতুন তথ্য অসমীয়া" সাম্প্ৰতিক সময়ৰ কথা তথা লেখা,আন্তঃৰাষ্ট্ৰীয়,ৰাষ্ট্ৰীয়,অসম,শিক্ষা,বিভিন্ন ধৰণৰ সাহিত্য সম্বদ্ধীয় লেখাৰ জৰিয়তে শনিবৰীয়া শিতান বা অতিথী লেখাসমুহো প্ৰকাশ কৰা হ'য়

  • This is default featured slide 2 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 3 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 4 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 5 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

লৃগাঙ পালেহি


(মিচিং জাতিৰ প্ৰতি অকৃত্ৰিম চেনেহ থকা পৰিৱেশ সংৰক্ষক, লেখক ভাতৃ সুমিত দাস'লৈ)

তপন পায়েং


লৃগাঙলৈনো আৰু কেইদিনৰ বাট
ফটো-কুশলতা নৰহ



এতিয়া আকাশ ৰঙচুৱা ঠিক ন-কন্যাৰ কপালৰ শিৰৰ সেন্দুৰৰ দৰে। ডিঙি ওখমুৱাকৈ চালেই দেখিবা ওখ ওখ শিমলুৰ ৰঙা ৰঙা হাঁহি ,আমাৰ গাৱঁলৈ বুলি বাটৰ দিশ থোৱালেওঁ দেখিবা বাটৰ কাষে কাষে থকা  শিমলু অথবা মদাৰৰ ফুল,তাত তুমি শিমলু-মদাৰৰ সুবাস বিচাৰি নাপাবা,পাবা শিমলু গছৰ কাষৰ নদীৰ পানী তুলিবলৈ অহা নবৌহঁতৰ খিলখিলীয়া হাঁহি। এই খিলখিলীয়া হাঁহিত বুৰ নাযাবা,কি ঠিক  এই খিলখিলীয়া হাহিঁৰ নিচাত আমাৰ গাৱঁলৈ যোৱা বাটৰ কথা পাহৰিবটো পাৰে ,খেৰাকৈ নবৌহঁতলৈ চায় ৰৈ নিদিবা,নুশুনিবা সাংসাৰিক কথা ,নুশুনিবা তেওঁলোকৰ অতীতৰ প্ৰেমৰ কথা তেওঁলোকৰ যি প্ৰেমৰ কথাই আপোনাক আপোন পাহৰা কৰিব পাৰে , মিছাতে চলিব পাৰে আপোনাৰ প্ৰেমৰ অপবাদ যি বতাহে বতাহে সিচৰিত হ'ব পাৰে।এনেই ফাগুন মতলীয়া ,ফাগুনে নাজানে কাৰ কি প্ৰেম, ফাগুনে মাথো জানে প্ৰেমৰ প্ৰচাৰ কৰা মুক্ত আকাশতে।

         আলিয়ে আলিয়ে এগে-গাছৰ পিন্ধি ,হৰিণীৰ জুম দেখিলেই তেওঁলোকৰ পিছে পিছে খোজ দিবা ,এই হৰিণী ভনীহতঁক নোজোকাব,নকবা ফাগুনৰ মতলীয়া প্ৰেমৰ কথা ,এই হৰিণী জুমবোৰ সৰু সৰু পুলি লহপহকৈ বাঢ়ি আহিব খোজা শিমলু ,প্ৰেম বলিয়া ফাগুনৰ কথা শুনিলেই কান্দোনত শিমলুৰ তুলা হৈ উৰিব পাৰে ।  এনেওঁ  গম লব পাৰা দূৰৈৰ পৰা মাইকাৰত  ভাহি অহা অইনিঃতমৰ কলিসমুহত , নাইবা ওচৰৰ গাৱঁৰ ডেকা বন্ধু সতেওঁ মিবু গালোক(চোলা) পিন্ধি আহিব ,পাৰিলে সুধি চাবা।ডেকাসকলে লৈ যাবহি বাট দেখুৱাই লৃগাং তলিলৈ । 

জানিবা, বুজিবা আমাৰে আলি আয়ে লৃগাঙৰ কথা,গাৱঁৰে নবৌহঁতে নগজিন আপং বাকি দিলে নাখাওঁ বুলি নকবা মামহঁতে(নৱৌ) বেয়া পাব পাৰে ।কোনোবা মৃমবৃৰে(গাভৰু)চাই মদ কাহঁৰ বাটিত দিওঁতে মিছিকিয়াঁ হাহিঁ মাৰি আপোনালৈ চায় দিব, তাইৰ হাহিঁলৈ চায় প্ৰেমত পৰিছো বুলি নকবা, এই প্ৰেমত মই সহায় কৰিব নোৱাৰিম ,এই প্ৰেমৰ কাহিনীত নিজেওঁ এটি দীঘলীয়া পদ্য লিখিব পৰা নাই আজিলৈকে ,কত বিশটা ফাগুন পাৰ হৈ গ'ল কত লৃগাং শেষ হৈ গ'ল।

      লৃগাঙৰ দিনা অইনিঃতমৰ কলি এটিওঁ জুৰিব জানা, যদি গাব পাৰা ঠুলমুলকৈ হলেওঁ

লত্তাদ লেনাম আপ্পুন দৌঃম হৌ ঐয়েঙা

বুনপাক কুঃপৌ মৌঃয়ে বং ঔ ঐয়েঙা

 (( চোতালত ৰুৱা ফুলপাহ ঔ মৰমী,ওভালিব নিবিচাৰিব ঔ ঐয়েঙা))

অৱশ্যে এটা কথা  ঢকুৱাখানাৰ দৰে ইয়াত পাতিৰ,পাঞাং মদাৰ নাপাব পাৰে,আমাৰ ৰঙানৈত  নৰহ,পায়েং,মিলিৰে শিমলু ফুল । মৃমবৃৰ  সকলৰ আগত  পাঞাং কাংকান কায়োমৰ কথা ওলিয়ালে নৰহ বৃৰমৌঃ(ভন্টী)ৰ চকু ৰঙা হ'ব পাৰে ।

এনেকৈ যদি গগৈ,কলিতা,দাস হৈয়ো অইনিঃতম গাব জনাৰ কথা গম পায় কত আইতা,নবৌ হতে  ভাল পাব আপোনাক ,মিবু গালোক পিন্ধাই কিমাজনী মৃমবৃৰে আপোন হব ,আপুনি আঙুলীৰ মুৰতে ৰৈ গনিব নোৱাৰিব মৃমবৃৰৰ নাম ।

আপোনাক কিমানজনে আদৰ-আদৰ কৰিব,ডিঙিত মাবলাৰ পিন্ধ‍াব,পুৰাং -আপিন,এগ আদৃন(গাহৰী মাংস)  আৰু চাইমদৰ নিচাত যেন বছৰটোৱেই লৃগাং লৃগাং হৈ থাকক। নবৌহতঁৰ হাতেৰে পুৰাং আপৃন আৰু এগ আদৃনৰ সোৱাদ লওঁতেই দেখিবা বাওঁফালৰ পৰা য়ামে-মৃমবৃৰ(ডেকা-গাভৰু)ৰ গুমৰাগ নৃত্য আৰম্ভ হ'ব । বাজিব ঢুমঢুম-লুপেঃ(ঢোল-তাল),য়ামেঃ সকলে মিবু  গালোক আৰু গনৰঃ উগন(চুৰিয়া )পৰিধান কৰিব আৰু আপুনি ভালপোৱা  মিচিং কনেং সকলে মচাং এগেঃ(মিচিং ফুল বচা মেখেলা) পিন্ধি গুমৰাগ ৰাগ কৰিব । আপুনি আৰু মই চায় থাকিম দৰ্শকৰ দৰে নগজিন আপং ঠহঙা মামঃৰ কাষতে আপঙৰ নিচাতে সুলকি যোৱা পেন্টটোৰ দৰে সুলকি নপৰিব কাংকান কায়ুমহঁতে হাহিঁব ,আপুনি লাজ পাব পাৰে আপোনাৰ দৃষ্টিত ভাল লগা নৰহ কনেং জনীৰ আগত । সুলকি যোৱা পেন্টটোত টমাল বন্ধাৰ দৰে নিজকে বান্ধি ল'ব মৃৰংঘৰৰ এচুকত। ককাঁলত টমাল বান্ধি হোৱাৰ পিছত জপিয়াই পৰিম গুমৰাগৰ মাজত নাচিম হাতে হাত ধৰি__

লঃলে লঃলে দাৱ লঃলে

চৃচুক চুঃমব চুঃমব বদিয়া....

নাচি থাকিম নাচি থাকিম নিশা নোহোৱালৈকে। আপোনালৈ মিচিকিয়াঁ হাঁহিৰে  চাই অইনিঃতম জুৰিব,ককাঁলত টমাল বান্ধা চায় লাজুকুৰীয়া হাহিঁৰে । আপুনি এই হাহিঁত মনোযোগ দিলে মুৰ্চায়িত হ'ব পাৰে ,মনোযোগ নিদিব মনোযোগ দিলেই মনৰ কথা মনতেই থাকিব,কোন কাহানিকে ক'ব নোৱাৰিব আপুনি নৰহ কনেঙক "আইপৌঃ মৌঃনামৰ (ভাল পোৱা )কথা । লৃগাং শেষৰ পাছত নিজৰ মাজতে অনুতাপ কৰিলেতো নহ'ব ,,এই লৃগাং আকৌ আহিব ,কিন্তু এই নৰহ কনেং জানো থাকিব একদৰে। শিমলুৰ ফুলপাহঁত কত শালিকা উৰি ফুৰে  ,আগন্তুক লৃগাঙলৈ বাট চাওঁতে চাওঁতে এই ফুলপাহো তুলা হৈ উৰি যাবগৈ ,পিছত গৈ নৰহ'ৰ মামঃৰ আগত কন্দাকটা কৰিলে জানো হ'ব।

                গতিকে সাজি কাছি আহিবছোন ,মিচিং গীতৰ আখৰা কৰি ,চাওঁতে চাওঁতে লৃগাং পদূলিত পালেহি । লৃগাঙলৈনো আৰু কেইদিনৰ বাট । আপোনালৈ বৰ হেপাহেঁৰে ৰৈ অ‍াছে খাবলু  ঘাটৰ নাৱৰীয়া বলু ককাইয়ে।

Share:

Assam Second Capital,অসমৰ দ্বিতীয় ৰাজধানী

 আজিৰ সেই লেখাটি অসমৰ দ্বিতীয় ৰাজধানী শীৰ্ষক বিষয়টোৰ ওপৰিওঁ সৰু সৰু গুৰুত্বপূৰ্ণ বিষয়বস্তু দিয়া হৈছে।আশা কৰিছো এই লেখাটিয়ে আপোনালোকৰ প্ৰতিযোগীতামূলক তথা  চাকৰি সম্পৰ্কীয় পৰীক্ষাসমূহত যথেষ্টভাৱে সহায় কৰিব বুলি।আশা কৰিছো আপোনালোক ভাল পাব॥

Dibrugarh Is second Capital of Assam
Dibrugarh Is second Capital of Assam


শেহতীয়াকৈ অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰিছিল যে ডিব্ৰুগড়ক এখন পূৰ্নাংগ চহৰলৈ উন্নীত কৰি অসমৰ ২য় ৰাজধানী হিচাপে কাম কৰিব।

ডিব্ৰুগড়ৰ ঐতিহাসিক প্ৰসংগ

  • ডিব্ৰুগড়ৰ ইতিহাস জৰ্জৰিত ঠাই।
  • ডিব্ৰুগড় এসময়ত উগ্ৰপন্থীৰ কেন্দ্ৰ,বিশেষকৈ নিষিদ্ধ গোঠৰ আছিল।
  • অঞ্চলতোত সান্ধ্য আইন আৰু অশান্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল।বছৰ বছৰ ধৰি অৱশ্যে ইয়াৰ ক্ৰমবিকাশ ঘটিছে।
  • চহৰখন এতিয়া স্থিতিস্থাপকতাৰ প্ৰতীক।
উন্নয়নৰ বাবে চৰকাৰী পদক্ষেপ

অসম চৰকাৰে নগৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।ডিব্ৰুগড়ক চহৰ হিচাপে উন্নীত কৰাতো বহল কৌশলৰ অংশ।মূখ্যমন্ত্ৰীয়ে ৩৭৭ কোটি টকা ব্যয়ৰ সাপেক্ষে চাৰিখন বৃহৎ উৰণীয়া সেতুৰ স্থাপন কৰে। এই প্ৰকল্পসমুহৰ লক্ষ্য হৈছে আন্তঃগাথনি আৰু সংযোগ উন্নত কৰা। ডিব্ৰুগড়ক বিনিয়োগ আৰু ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে গড়ি তোলা।

অৰ্থনৈতিক সুযোগ আৰু বিনিয়োগ 

শেহতীয়াকৈ জাপান  ভ্ৰমণৰ  সময়ত মূখ্যমন্ত্ৰীয়ে উদ্যোগপতি সকলৰ সৈতে নেতাসকলৰ লগত যোগাযোক কৰে ।তেওঁ অসমৰ বিনিয়োগ কাৰী মুকলিকৈ  লৈ আহিবলৈ আত্মপ্ৰকাশ কৰোৱা।


অতিৰিক্ত খবৰ

অসমৰ প্ৰতিৰক্ষা কৰিডৰৰ গুৰুত্ব

অসমৰ কৌশলগত অৱস্থানে ইয়াক  ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ কৰি তুলিছে,বিশেষকৈ চীন ,বাংলাদেশ ,ম্যানমাৰ সীমান্তৰ ক্ষেত্ৰত ।প্ৰস্তাৱিত কৰিডৰৰ জৰিয়তে  সামৰিক সঁজুলিৰ স্থানীয় মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ সুবিধা হব যাৰ ফলত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ দূৰৈৰ অসুবিধাসমুহ হ্ৰাস পাব।

২০২৪ চনত অসমৰ হাতীৰ জনসংখ্যা বৃদ্ধি

অসমত মুঠ পাচটা হাতী সংৰক্ষিত বনাঞ্চল আছে,সেই সমুহৰ ভিতৰত কাজিৰঙা,কাৰ্বি আংলং,ধনশিৰি-লুংডিং,দিহিং পাটকাই,চিৰা্,শোনিতপুৰ আদি একলগে ৮২% হাতীৰ সংখ্যা

অসমৰ প্ৰজেক্ট ডলফিন

প্ৰজেক্ট ডলফিন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতৰ ৰাষ্ট্ৰীয়  জলজ প্ৰাণী গংগা নদীৰ ডলফিনক লৈ সংৰক্ষণ কৰা পদক্ষেপ।এই প্ৰকল্পত ভাৰতীয় বন্যপ্ৰানীৰ প্ৰতিষ্ঠানৰ লগত ,অসম  বন বিভাগ,আৰু আৰণ্যকো জড়িত হৈ আছে ।

অসম এডবান্টেজ ২.০ Assam Advantage 2.0

২০২৫ চনৰ ২৪-২৫ ফেব্ৰু‍ৱাৰীত অসম এডবান্টেজ ২.০ বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন ২০২৫ হব।এই সন্মিলনৰ লক্ষ্য হৈছে  বিনিয়োগ আকৰ্ষন কৰা,যিয়ে অসমৰ আন্তঃগাথঁনি উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্ব দেখুৱা হৈছে । এই অনুষ্টানত ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনো উপস্থিত থাকিব।শীৰ্ষ সন্মিলনৰ কাৰণে তিনিটা গোঠে ৰোড শ্বুওঁ প্ৰদৰ্শন কৰিব,ৰোড শ্বুৰ জৰিয়তে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত আকৰ্ষন কৰিব । ছিংগাফুৰ,জাপান,আমেৰিকা,বৃটেইন,ডুবাই আদি দেশ ভ্ৰমণ কৰিব । 
এই সন্মিলনত ঝুমুৰ নৃত্যওঁ প্ৰদৰ্শন কৰিব।এই নৃত্য অনুষ্ঠানত ৭৫০০ নৃত্যশিল্পীয়ে যোগ দিব।


সেৱা সেতু ফ্লেট ফৰ্ম

সেৱা সেতু ফ্লেট ফৰ্মে ৭২৫ টা সেৱাক নাগৰিক অধিকাৰ হিচাপে শ্ৰেণীভূক্ত কৰিছে ,যিয়ে ৬৪ টা চৰকাৰী বিভাগ আৰু তিনিটা স্বায়ত্ত শাসিদ পৰিষদ সামৰি লোৱা হৈছে।এই সেতুৰ জৰিয়তে এটা অধিকাৰৰ বাবে নিৰ্দিষ্ট সময়সীমা জাৰি কৰিছে।

AAHI ৰ উদ্দেশ্য

আমদানিত স্বাস্থ্যসেৱা প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। AAHI য়ে উন্নত গৱেষনাৰ সুবিধা আৰু এখন চুপাৰ স্পেচিয়েলিটি থকা হাস্পাতাল স্থাপন কৰা । ইয়াৰ জৰিয়তে স্বাস্থ্য সেৱাল সূলভ প্ৰদান কৰা ।
চুপাৰ স্পেচিয়েল হাস্পাতালত ৪০০ যুক্ত বিচনা থকা।

বৰদৈবাম বিলমুখ

অসমৰ বৰদৈবাম বিলমূখত ৭০ শতাংশ চৰাইৰ হ্ৰাস।অসমৰ বৰদৈবাম বিলমুখ অভয়াৰণ্য বৰ্তমান সংকটজনক অৱস্থাত।সমীক্ষা অনুসৰি বৰদৈবাম বিলমুখত  ১৬৭ টা প্ৰজাতিৰ ভিতৰত কেৱল এতিয়া ৪৭ টায়ে পোৱা যায়। অসমত ৯০০ৰো অধিক প্ৰজাতি চৰাইৰ বাসস্থান। অসমৰ বিভিন্ন পৰিৱেশ তন্ত্ৰৰ বিভিন্ন পৰিৱেশ জলাশয়,ঘাঁহনি,বনাঞ্চল,আদি অন্তৰ্ভূক্ত।এই বাসস্থান সমুহে বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে খাদ্যৰ যোগান ধৰে ।ধৰা হৈছে যে চৰাইৰ হ্ৰাস পোৱাৰ মুখ্য কাৰণ হৈছে জলবায়ুৰ  পৰিৱৰ্তন,মানুসৰ বাসস্থান,ঘাঁহনি আদিবোৰত খেতি-বাতি কৰা ইত্যাদি।


""এইখিনিতে আপোনালোকক জনাওঁ যে আমাৰ এই নতুন অসমীয়া তথ্য তৰপৰ পৰা প্ৰতিটো শনিবাৰে শনিৰীয়া নিয়ৰ নামেৰে. ৱেব আলোচনী প্ৰকাশ কৰা হয়।এই আলোচনীত প্ৰকাশ কৰা হয়,কবিতা,গল্প,নীলা খামৰ চিঠি,অনুগল্প,প্ৰবন্ধ ইত্যাদি,আপোনালোকেওঁ আপোনাৰ সৃষ্টিখিনি আমাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰিব,,
ধন্যবাদ

Share:

নীলা কাৰ্বন পৰিৱেশ তন্ত্ৰ আৰু সুৰজপুৰ জলাশয়ৰ সংৰক্ষণৰ ব্যৱস্থা


আজিৰ এই লেখাটিত নতুন তথ্য অসমীয়াই পৰীক্ষা সম্পৰ্কীয় যেনে APSC,UPSC,SSC,RRB লেখাটোত সন্নিবিষ্ট হৈ আছে নীলা কাৰ্বন(Blue Carbon),সুৰজপুৰ জলাশয়ৰ লগতে ৰামচাৰ চাইত(Ramsar site) কি হয় তাৰ বিষয়ে চমুকৈ লিখা হৈছে ।এই লেখাটিত পাব সুৰজপুৰ জলাশয় কত অৱস্থিত,সুৰজপুৰ জলাশয় কিয় নিউজত আছে?নীলা কাৰ্বন কি হয়?ৰামচাৰ চাইটে কি কৰে।আশা কৰিছো ভাল পাব আপোনালোক। আৰু চেয়াৰ কৰিব নাপাহৰিব।

নীলা কাৰ্বন পৰিৱেশ তন্ত্ৰ আৰু সুৰজপুৰ জলাশয়ৰ সংৰক্ষণৰ ব্যৱস্থা


what is Blue Carbone Ecosystem

জলবায়ু পৰিৱৰ্তন প্ৰশমনত নীলা কাৰ্বন পৰিৱেশ তন্ত্ৰই গুৰুত্বপূৰ্ণ অৰিহনা যোগাইছে । পৃথিৱী গ্ৰহটোৰ আটাইতকৈ পৰিৱেশ সুস্থিৰ বাহালৰ বাবে গুৰুত্বপুৰ্ণ॥ শেহতীয়াভাৱে গৱেষণা অনুসৰি জানিবলৈ পোৱা গৈছে যে অৰন্য সমূহত অধিক নীলা কাৰ্বন নিস্কাশন হৈছে।

পৰিৱেশ তন্ত্ৰত নীলা কাৰ্বনৰ কাম কি ?

  • নীলা কাৰ্বনে পৰিৱেশ তন্ত্ৰত  উপকূলীয় আৰু সাগৰীয় বাসস্থানত কাৰ্বন সংৰক্ষণ কৰে ।
  • কাৰ্বন সংৰক্ষণ ক্ষেত্ৰত মেগ্ৰোভ,নিমখীয়া জলাশয়,সাগৰীয় ঘাঁহ ইত্যাদি অন্তৰ্ভূক্ত।
  • জৈৱ বৈচিত্ৰ্য বজাই ৰখা আৰু সাগৰীয় জীৱৰ বাবে আৱাসৰ বাবে নীলা কাৰ্বন পৰিৱেশ তন্ত্ৰ অতি প্ৰয়োজনীয় ।
  • ইয়াৰোপৰিওঁ নীলা কাৰ্বনে নদীৰ গৰাহখহনীয়া ক্ষয় ৰোধ কৰাতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে ।

কাৰ্বনৰ নিস্কাশনৰ সম্ভাৱনা

  1. ৱেষণা কৰি পোৱা গৈছে যে মেংগ্ৰোভে পূৰ্ণবয়স্ক গ্রীষ্মমণ্ডলীয় অৰণ্যসমূহত  দহগুণ অধিক হাৰত কাৰ্বন নিষ্কাশন কৰিব পাৰে বুলি পোৱা গৈছে।
  2. প্ৰতি এক্টৰত ১০০০ অধিক টন কাৰ্বন জমা কৰিব পাৰে
  3. বিশ্বজুৰি ১০% মাত্ৰ অৱক্ষয় মেনগ্ৰোভ উদ্ধাৰ কৰিব পাৰিছে।

অৰ্থনৈতিক দিশত লাভৰ আশংকা

  • নীলা কাৰ্বনে পৰ্যটন আৰু মীন পালনৰ ক্ষেত্ৰত সম্ভাৱনা।
  • নীলা কাৰ্বন বিনিয়োগত দেশৰ পৰিৱেশৰ ওপৰিওঁ অৰ্থনীতি দিশ গঢ়ি উঠাৰ সম্ভাৱনা॥

নীলা কাৰ্বন সংৰক্ষণত প্ৰত্যাহ্বান

  • ব্যৱস্থাগত বাধা তথা উন্নত ধৰণৰ প্ৰযুক্তি ব্যৱহাৰৰ ক্ষমত প্ৰদুষিত সজুলি।
  • কৃষি খণ্ড,উপকুলীয় খণ্ড উন্নয়নত অবৈধ বাবে কাঠ কটাৰ প্ৰাদুৰ্ভাৱ। 
  • অৰ্থনৈতিক দিশত নিকা পৰিৱেশৰ অভাৱ।

Surajpur Wetland Conservation

নয়ডাত থকা সুৰজপুৰ জলাশয়ে বৃহত্তৰ বাবে ভাবুকিৰ সন্মুখীন হবলগীয়া হৈছে । ভাবুকি প্ৰদান উৎস হল এই জলাশয়ত প্ৰদুষিত জাৱৰৰ দম নিক্ষেপ কৰা হৈছে যাৰ ফলত Surajpur wetlands হে প্ৰদুষনৰ সন্মুখীন হবলগীয়া হৈছে । নয়ডা কতৃপক্ষই এই জলাশয়খনক সুৰক্ষা কৰিবলৈ প্ৰকল্পওঁ উলিওৱাৰ ব্যৱস্থাওঁ কৰিছে । কাৰণ এই জলাশয় পৰিভ্ৰমী চৰাইৰ বাবে অতি গুৰুত্বপুৰ্ণ ।

নীলা কাৰ্বন পৰিৱেশ তন্ত্ৰ আৰু সুৰজপুৰ জলাশয়ৰ সংৰক্ষণৰ ব্যৱস্থা


জলাশয়টোৰ স্থান আৰু বৈশিষ্ট্য

  • প্ৰাকৃতিক হ্ৰদ মুঠ মাটি কালি ৩২৫ হেক্টৰ।
  • উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ চহৰৰ সুৰজপুৰ গা‍ৱঁত অৱস্থিত।
  • নয়দাৰ পৰা ২৫ কিলোমিটাৰ আতৰত।
জলাশয়টোৰ বিভিন্ন চৰাইৰ প্ৰজনন ক্ষেত্ৰ। ভিন্ন ভিন্ন চৰাইৰ সংগম স্থলী। চৰাইসমূহৰ প্ৰজাতিৰ ভিতৰত স্পট-বিল,ডাক-স্পট,লেচাৰ উইচেলিং পৰিভ্ৰমী আদি চৰাই । চৰাই-চিৰিকটিৰ ওপৰিওঁ বিভিন্ন ধৰনৰ গছ-গছনি পোৱা যায়।প্ৰজাতিসমুহৰ ভিতৰত শুকান আদ্ৰ আৰু পৰ্ণপাতী উদ্ভিদ।
        জলাশয়ত মূলতো পানীৰ যোগান দিয়ে ইন্দন নদীয়ে। জলাশয়ৰ  প্ৰকৃতি সমতল  স্থলজ আৰু পানীৰ মিশ্ৰন ।
সুৰজপুৰ জলাশয় সাংস্কৃতিক বাবেওঁ বৈচিত্ৰ্যপূৰ্ণ । কোৱা হয় যে ৰামায়ণ আৰু মহাভাৰত আদি আখ্যান আদিৰ লগতো সম্পৰ্ক আছে বুলি।

সুৰজপুৰ জলাশয়ৰ সংৰক্ষণৰ পদক্ষেপ

উত্তৰ প্ৰদেশ ৰাজ্য চৰকাৰে ২০১০ চনৰ পৰা WWF আৰু Greater Noida ৰ লগত মিলিত হৈ সংৰক্ষণৰ প্ৰকল্প হাতত তুলি লোৱা হৈছে। তেওঁলোকৰ লক্ষ্য হল জলাশয়টোৰ ভাৰসাম্যতা ৰক্ষা কৰা আৰু লগতে চৰাই অভয়াৰণ্য হিচাপে দাবী জনোৱা ।

ভাৰতৰ প্ৰথম জলাশয় চহৰ 
 
ভাৰতে শেহতীয়াকৈ স্বীকৃতি পাইছে যে ৰামচাৰৰ অধীনত  ভাৰতৰ দুখন ঠাই জলাশয় চহৰ হিচাপে স্বীকৃতি লাভ এই চহৰ দুখন হল।
  1. ইন্দোৰ
  2. উদয়পুৰ
ৰামচাৰ সন্মিলনৰ বিষয়ে ,ৰামচাৰ সন্মিলন কি হয়?

  1. বিশ্বৰ জলাশয়সমূহ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ স্বাৰ্থত ১৯৭১ চনত গঠন কৰা হৈছিল।
  2. বিশ্বত মুঠ ৰামচাৰ চাইটৰ অধীনত ১৭১ খন দেশ সদস্য হিচাপে অন্তৰ্ভূক্ত হৈ আছে ।
  3. ৰামচাৰ চাইটৰ লক্ষ্য জলাশয়স্থিত অঞ্চলসমুত আৰ্থ সামাজিক আৰু জনগোষ্টীয় সুবিধা প্ৰদান কৰা।
  4. ৰামচাৰ চাইটত অন্তৰ্ভূক্ত হবলৈ কিছুমান চৰ্তামুহৰ ভিতৰত-ছটা মাপকাঠীৰ প্ৰয়োজন,পৰিৱেশ তন্ত্ৰৰ স্থাবৰ মানি চলা।

Question
1.ৰামচাৰ চাইট কেতিয়া গঠন কৰা হৈছিল?
(ক)১৯৭২
(খ)১৯৯০
(গ)২০০০
(ঘ)১৯৭১
2. সুৰজপুৰ জলাশয় কত অৱস্থিত?
(ক)উত্তৰপ্ৰদেশ
(খ)ৰাজস্থান
(গ)মহাৰাষ্ট্ৰ
(ঘ)তামিলনাডু

Share:

মিচিং ভাষা প্ৰচাৰত Mising GK Channel আৰু পদ্ম মিলিৰ জীৱনী

 

Mising language

মিচিং জনগোষ্ঠীৰ এক অন্যতম YouTube, Facebook চেনেল বুলি ক'লে Mising Gk Channel, ইয়াৰ Creator অৰ্থাৎ ইউটিউবাৰ পদ্ম মিলি ।

  ধেমাজি জিলাৰ গোগামুখ থানাৰ অন্তৰ্গত ক্ষুদ্ৰ এখন গাঁৱত পিৰিকাত ১৯৯৭ চনৰ ৩১ অক্টোবৰত জন্ম গ্ৰহণ কৰে । দন্দিবৰ মিলি আৰু শেৱালী মিলিৰ কনিষ্ঠতম পুত্ৰ পদ্ম মিলি । 

শিক্ষা

প্ৰাথমিক শিক্ষা গাঁৱতে গ্ৰহণ কৰি চাউলধোৱা হাইস্কুলত দশম শ্ৰেণীত উত্তীৰ্ণৰ পাছত বিজ্ঞান শাখাত গোগামুখ মহাবিদ্যালয়ত উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰি উত্তৰ লক্ষীমপুৰস্থিত লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত স্নাতক গ্ৰহণ কৰে । লগতে ইয়াৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভাষা শিক্ষা গ্ৰহণ কৰে।


              Mg Padma Mili                 

Padma Mili


Education

Chauldowa High School (HSLC)

Gogamukh College(HS)

Bsc Physics from Lakhimpur Telahi Kamalabaria College,

Mising Laguage Honour from Dibrugarh University

Father

Mother

Dandibar Mili

Sewali Mili

Occupation

Youtuber

Facebook

Business

Award

Best Youtuber of Mising 2023-24(1st)

Presented by Mising Youth Fastival

Favourite Actor

Actress

Book

Aksay Kumar

 

Tarulata Kutum

Gompir Kumsung

Organization

Associated with Mising Youtube Association

Place

Shilong

Channel Name

Mising GK Channel



কৰ্ম /পুৰষ্কাৰ 

  সামাজ সেৱা -সামাজিক কাম কাজৰ প্ৰতি আকৃষ্ট আৰু নেতৃত্ব লৈ ভাল পায় । মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাৰ পৰাই এনেবোৰ কামত নেতৃত্ব লৈ আগবঢ়ায়। পদ্ম মিলিৰ নেতৃত্বত মিচিং ইউটিউব Creator সকলক একত্ৰিত কৰি জাতিটোৰ কিছু দিশত অৰিহণা যোগোৱা উদ্দেশ্য " Mising Youtuber Association " নামেৰে এক সমিতি গঠন কৰে । ভাষা সাহিত্যৰ প্ৰতি আকৃষ্ট হৈ  Mising Agom Kébang ত ও জড়িত। 

 তেওঁ ২০২৩ বৰ্ষত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱ আৰু TMPK সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ লগতে ২০২৪ বৰ্ষত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱত শ্ৰেষ্ঠ মিচিং ইউটিউবাৰ ( প্ৰথম ) পুৰষ্কাৰ পাবলৈ সক্ষম হৈছে। 

জাৰচাং আৱ কোন ?কিমান উপাৰ্জন কৰে আৰু কোনজন অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছ,তাৰ বিষয়ে পঢ়িবলৈ তলৰ শব্দটো ক্লিক কৰক



উপাৰ্জন 

  তেওঁ Mising Gk Channel ইউটিউব আৰু ফেচবুকৰ কামৰ লগতে ব্যক্তিগত ব্যৱসায়িক কামত জড়িত।

প্ৰিয় খাদ্য - গাহৰি মাংসৰ সৈতে মাটিমাহ।

গ্ৰন্থ - Gompir Kumsung 

অভিনেতা - অক্ষয় কুমাৰ 

অভিনেত্ৰী - তৰুলতা কুটুম ।

ঠাই - শ্বিলং 

logo of mising gk channel




ইউটিউব চেনেলটোৰ বিষয়ে ও ভিদিঅৰ বিষয়ে

ইউটিউব চেনেল - নামেই যাৰ পৰিচয় " Mising Gk Channel " মিচিং ভাষা- সংস্কৃতিৰ ইত্যাদি ইত্যাদিৰ প্ৰচাৰ প্ৰসাৰৰ লগতে চচিয়েল মিডিয়া মাধ্যমত সংৰক্ষণৰ উদ্দেশ্যে ২০১৮ চনৰ ১৮ আগষ্ট তাৰিখে চেনেলটো খোলা হয় । আৰু চেনেলটোৰ প্ৰথমটো ভিডিঅ' আছিল মিচিঙত বাৰৰ নামসমূহ কি অৱগত কৰোৱাৰ । 

ইউটিউব চেনেলৰ নাম - নামেই যাৰ পৰিচয " Mising Gk Channel " মিচিং ভাষা- সংস্কৃতিৰ ইত্যাদি ইত্যাদিৰ প্ৰচাৰ প্ৰসাৰৰ লগতে চছিয়েল মেডিয়া মাধ্যমত সংৰক্ষণৰ উদ্দেশ্যে ২০১৮ চনৰ ১৮ আগষ্ট তাৰিখে চেনেলটো খোলা হয় । আৰু চেনেলটোৰ প্ৰথমটো ভিডিঅ' আছিল মিচিঙত বাৰৰ নামসমূহ কি অৱগত কৰোৱাৰ । তাৰ পাছত মাহৰ নামসমূহ , মিচিঙৰ সৰ্বপ্ৰথমে কোনে কি কৰিছিল ইত্যাদি বৰ্তমান "Mising Gk Channel " অকল এনেবোৰ ভিডিঅ' নহয় বৰ্তমান চলি থকা ঘটনা, কোনোবা স্বাৱলম্বী ব্যক্তিৰ সাক্ষাৎকাৰ, জাতীয় অনুষ্ঠান আৰু সজাগতামূলক ভিডিঅ' ও দিয়া পৰিলক্ষিত হয়।


তেওঁ এই চেনেলটোৰ জৰিয়তে মিচিং ভাষাক ইন্টাৰনেটৰ জৰিয়তে বিশ্বতে  মিচিং ভাষা সংস্কৃতি,ইতিহাস আৰু জ্ঞানসমুহ প্ৰচাৰৰ জৰিয়তে সংৰক্ষণ কৰাতো বিশেষভাৱে গুৰুত্বপুৰ্ণ ।তেওঁৰ বিডিঅ সমুহত দেখিবলৈ পোৱা গৈছ মিচিং জনজাতিৰ শ্বহীদ নৰেশ-বগা মেদক-অঞ্জনা মিলি আদি তেওঁলোকৰ বিডিঅ প্ৰস্তুত কৰা হৈছে।

      তাৰোপৰিওঁ  সদ্যসতে আপলোড দিয়া মদ ভাং,অভিয়ান আদি সমুহৰ সজাগতাৰ ওপৰতো বিডিঅ বনোৱা হৈছে । এই চেনেলটোৰ জৰিয়তে মিচিং ভাষা সংৰক্ষণ কৰাতো তেওঁৰ মূল মন্ত্ৰ বুলি ধৰি লোৱা হৈছে । আনহাতে তেখেত চেনেলটোৰ জৰিয়তেওঁ মিচিং ভাষাৰ ব্যাকৰণৰ ওপৰত ভিদিঅ প্ৰস্তুত কৰি  মিচিং ছাত্ৰ সমাজৰ মাজলৈ প্ৰচাৰ কৰিছে ।

  • আপুনি চিনেমা চায়নে ? আপুনি চোৱা যিকোনো চিনেমাৰ বিষয়ে লিখি আমালৈ পঠিয়াব পাৰিব,,শেহতীয়া বাবে আমি MIRO,Pame Appun Lekoda ৰ বিষয়ে আমাৰ এই চাইটত প্ৰকাশ কৰা হৈছে আপোনাৰ লেখা প্ৰকাশ কৰিম নিৰ্বাচিত হ'লে 


তেওঁৰ মতে বৰ্তমান বিশ্বায়নৰ যুগ এই যুগত গোটেই বিশ্বত ভ্ৰমণ কৰি জ্ঞানৰ প্ৰচাৰ নকৰিলেওঁ হ'ব ,প্ৰয়োজন মাথো এখন মবাইল আৰু জ্ঞানৰ  ভাণ্ডাৰ যাৰ জৰিয়তে ঘৰৰ এটা কোঠাতেই বহী সমাজৰ মাজত জ্ঞানৰ শলিতা বিলাব পাৰি।

Share:

IIT Baba অভয় সিং আৰু মহাকুম্ভ মেলাৰ বিষয়ে

 

IITbaba

মহা কুম্ভ মেলা হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূর্ণ ধৰ্মীয় সমাৰোহসমূহৰ ভিতৰত এটা। এই সমাৰোহত লাখ লাখ ভক্ত আৰু ধৰ্ম অনুসন্ধানীসকল একেলগ হৈ অংশগ্ৰহণ কৰে। মহা কুম্ভ মেলা প্ৰতিবছৰ অনুষ্ঠিত নহয়, বৰঞ্চ বিশেষ সময়ত অনুষ্ঠিত হয়।তেওঁৰ এই চিন্তাধাৰাই তেওঁক ধৰ্মীয় নেতাৰ ৰূপত গঢ়ি তুলিবলৈ সহায় কৰিলে। অভয় সিংয়ে বিভিন্ন ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰিলে, বিভিন্ন ধৰ্মীয় নেতাৰ সৈতে আলোচনা কৰিলে আৰু নিজৰ অভিজ্ঞতাৰ জৰিয়তে এক গভীৰ আত্ম-অনুসন্ধান আৰম্ভ কৰিলে।

মহা কুম্ভ মেলা আৰু অভয় সিং

মহা কুম্ভ মেলা হৈছে এক বিশেষ অনুষ্ঠান, য'ত লাখ লাখ ভক্ত একেলগ হৈ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই সমাৰোহত অভয় সিংৰ উপস্থিতি বিশেষ গুৰুত্বৰ। তেওঁ ভক্তসকলৰ মাজত এক নতুন দৃষ্টিভংগী আৰু চিন্তাধাৰা প্ৰদান কৰিবলৈ চেষ্টা কৰে।অভয় সিংয়ে মহা কুম্ভ মেলাত বিভিন্ন অধিবেশন, কাৰ্যশালা আৰু আলোচনা অনুষ্ঠিত কৰে। তেওঁ ভক্তসকলক আত্ম-আবিষ্কাৰ, মননশীলতা আৰু দয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "সঁচা সুখ হৈছে আনৰ বাবে সহায় কৰা," তেওঁ কৈছিল।

অভয় সিংৰ দৰ্শন

অভয় সিংৰ দৰ্শন হৈছে এক সৰল কিন্তু গভীৰ। তেওঁ বিশ্বাস কৰে যে জীৱনৰ উদ্দেশ্য হৈছে সুখী হোৱা আৰু আনক সুখী কৰাটো। তেওঁ ভক্তসকলক উৎসাহিত কৰে যে তেওঁলোকে নিজৰ ভিতৰৰ শক্তি আৰু সম্ভাৱনাসমূহ চিনাক্ত কৰক।

 দয়াৰ গুৰুত্ব:-অভয় সিং দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন উদ্যোগত জড়িত। তেওঁ বিশ্বাস কৰে যে দৰিদ্ৰতা দূৰীকৰণৰ বাবে একসাথে কাম কৰাটো অত্যন্ত প্ৰয়োজনীয়।

আত্ম-আবিষ্কাৰৰ প্ৰয়োজনঃ-অভয় সিংৰ মতে, আত্ম-আবিষ্কাৰ হৈছে জীৱনৰ এক গুৰুত্বপূর্ণ অংশ। তেওঁ ভক্তসকলক উৎসাহিত কৰে যে তেওঁলোকে নিজৰ ভিতৰৰ শক্তি আৰু সম্ভাৱনাসমূহ চিনাক্ত কৰক। "আপুনি নিজৰ ভিতৰত এক বিশেষ শক্তি আছে, যিয়ে আপোনাক আপোনাৰ লক্ষ্যৰ বাবে আগবঢ়াব," তেওঁ উল্লেখ কৰে।


মহা কুম্ভ মেলাৰ সময়ত অভয় সিংৰ কাৰ্যকলাপ

মহা কুম্ভ মেলাৰ সময়ত অভয় সিংৰ কাৰ্যকলাপৰ ভিতৰত বিভিন্ন ধৰণৰ অধিবেশন, আলোচনা আৰু কাৰ্যশালা অন্তর্ভুক্ত থাকিব।অভয় সিং দয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ বিশ্বাস কৰে যে দয়া হৈছে এক শক্তিশালী শক্তি, যিয়ে সমাজৰ পৰিৱৰ্তন আনিব পাৰে। "যেতিয়া আমি দয়ালু হ'ব, তেতিয়া আমি এক নতুন সমাজ গঢ়িব পাৰিম," তেওঁ কৈছিল।স্বাস্থ্য উদ্যোগৰ জৰিয়তে, অভয় সিং স্বাস্থ্য সচেতনতা বৃদ্ধি কৰিবলৈ বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে। তেওঁ স্বাস্থ্যৰ ওপৰত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ শিবিৰ আৰু কাৰ্যশালা অনুষ্ঠিত কৰে। এই উদ্যোগৰ ফলত, বহু লোক স্বাস্থ্যৰ গুৰুত্ব বুজি উঠিছে আৰু স্বাস্থ্যকৰ জীৱনযাপন কৰিবলৈ আগ্ৰহী হৈছে।অভয় সিংৰ মতে, সমাজৰ উন্নতিৰ বাবে একতা আৰু সহযোগিতা অত্যন্ত প্ৰয়োজনীয়। তেওঁ বিশ্বাস কৰে যে যেতিয়া মানুহে একেলগ হৈ কাম কৰে, তেতিয়া সঁচাকৈয়ে পৰিৱৰ্তন আনিব পাৰে। "এয়া আমাৰ দায়িত্ব, একেলগ হৈ সমাজৰ উন্নতিৰ বাবে কাম কৰা," তেওঁ উল্লেখ কৰে।য'ত তেওঁ ভক্তসকলৰ সৈতে একেলগ হৈ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। এই অধিবেশনসমূহত তেওঁ জীৱনৰ উদ্দেশ্য, আত্ম-আবিষ্কাৰ আৰু দয়াৰ গুৰুত্বৰ ওপৰত আলোচনা কৰে। অভয় সিংয়ে ভক্তসকলক উৎসাহিত কৰে যে তেওঁলোকে নিজৰ অভিজ্ঞতা আৰু চিন্তাধাৰা শ্বেয়াৰ কৰে, যাতে সেয়া আনৰ বাবে সহায়ক হয়।


অভয় সিংৰ শিক্ষা আৰু প্ৰযুক্তি

অভয় সিংৰ শিক্ষা আৰু প্ৰযুক্তিগত পটভূমি তেওঁৰ ধৰ্মীয় নেতৃত্বত এক বিশেষ ভূমিকা পালন কৰে। তেওঁ আইআইটি বম্বয়ত এয়াৰস্পেচ ইঞ্জিনিয়াৰিং অধ্যয়ন কৰাৰ সময়ত শিকিছিল যে কিদৰে প্ৰযুক্তি আৰু বিজ্ঞানৰ জ্ঞানক ব্যৱহাৰ কৰি সমাজৰ উন্নতি কৰিব পাৰি।তেওঁৰ এই শিক্ষা আৰু অভিজ্ঞতা তেওঁক এক নতুন দৃষ্টিভংগী প্ৰদান কৰিছে। অভয় সিংয়ে বিশ্বাস কৰে যে আধুনিক প্ৰযুক্তি আৰু ধৰ্মীয়তা একেলগে চলিব পাৰে। তেওঁ ভক্তসকলক উৎসাহিত কৰে যে তেওঁলোকে প্ৰযুক্তিৰ সুবিধা লৈ নিজৰ জীৱন আৰু সমাজৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰক।


সমাজৰ বাবে অভয় সিংৰ দায়িত্ব

অভয় সিংৰ মতে, সমাজৰ উন্নতিৰ বাবে প্ৰতিজন ব্যক্তিৰ দায়িত্ব আছে। তেওঁ বিশ্বাস কৰে যে যেতিয়া মানুহে একেলগ হৈ কাম কৰে, তেতিয়া সঁচাকৈয়ে পৰিৱৰ্তন আনিব পাৰে। "এয়া আমাৰ দায়িত্ব, একেলগ হৈ সমাজৰ উন্নতিৰ বাবে কাম কৰা," তেওঁ উল্লেখ কৰে।

একতা আৰু সহযোগিতাঃ-অভয় সিংৰ মতে, সমাজৰ উন্নতিৰ বাবে একতা আৰু সহযোগিতা অত্যন্ত প্ৰয়োজনীয়। তেওঁ বিশ্বাস কৰে যে যেতিয়া মানুহে একেলগ হৈ কাম কৰে, তেতিয়া সঁচাকৈয়ে পৰিৱৰ্তন আনিব পাৰে। "এয়া আমাৰ দায়িত্ব, একেলগ হৈ সমাজৰ উন্নতিৰ বাবে কাম কৰা," তেওঁ উল্লেখ কৰে।

 দয়াৰ শক্তিঃ-অভয় সিং দয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ বিশ্বাস কৰে যে দয়া হৈছে এক শক্তিশালী শক্তি, যিয়ে সমাজৰ পৰিৱৰ্তন আনিব পাৰে। "যেতিয়া আমি দয়ালু হ'ব, তেতিয়া আমি এক নতুন সমাজ গঢ়িব পাৰিম," তেওঁ কৈছিল।

অভয় সিংৰ প্ৰভাৱ

অভয় সিংৰ উপস্থিতি আৰু কাৰ্যকলাপসমূহে মহা কুম্ভ মেলাত এক বিশেষ প্ৰভাৱ পেলাইছে। তেওঁ ভক্তসকলৰ মাজত এক নতুন দৃষ্টিভংগী আৰু চিন্তাধাৰা প্ৰদান কৰিছে। তেওঁৰ অধিবেশনসমূহে বহু লোকক অনুপ্ৰাণিত কৰিছে আৰু তেওঁলোকৰ জীৱনলৈ এক নতুন দিশ আনিছে।অভয় সিংৰ যাত্ৰা হৈছে এক অনুপ্ৰেৰণা, যিয়ে দেখুৱায় যে শিক্ষা আৰু ধৰ্মীয়তা একেলগে কেনেকৈ চলিব পাৰে। তেওঁ বিশ্বাস কৰে যে সমাজৰ উন্নতিৰ বাবে প্ৰতিজন ব্যক্তিৰ দায়িত্ব আছে।অভয় সিংৰ দৰ্শন আৰু উদ্যোগসমূহে সমাজৰ উন্নতিৰ বাবে এক নতুন দিশ প্ৰদান কৰিছে। তেওঁ বিশ্বাস কৰে যে সঁচা সুখ হৈছে আনৰ বাবে সহায় কৰা আৰু সমাজৰ উন্নতিৰ বাবে কৰ্ম কৰা।মহা কুম্ভ মেলা হৈছে এক বিশেষ অনুষ্ঠান, য'ত লাখ লাখ ভক্ত একেলগ হৈ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে। অভয় সিংৰ উপস্থিতি আৰু তেওঁৰ কাৰ্যকলাপসমূহে এই সমাৰোহত এক বিশেষ গুৰুত্বৰ। তেওঁ ভক্তসকলক আত্ম-আবিষ্কাৰ, দয়া আৰু একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।মহা কুম্ভ মেলাত অভয় সিংৰ উপস্থিতি আৰু তেওঁৰ কাৰ্যকলাপসমূহে বহু লোকৰ জীৱনলৈ এক নতুন দিশ আনিব। তেওঁ যুৱসমাজক উৎসাহিত কৰিবলৈ, নতুন চিন্তাধাৰা প্ৰদান কৰিবলৈ আৰু সমাজৰ উন্নতিৰ বাবে এক নতুন দিশ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।অভয় সিংৰ দৰ্শন আৰু উদ্যোগসমূহে সমাজৰ উন্নতিৰ বাবে এক নতুন দিশ প্ৰদান কৰিছে। তেওঁ বিশ্বাস কৰে যে সঁচা ধৰ্মীয়তা হৈছে আনৰ বাবে সহায় কৰা আৰু সমাজৰ উন্নতিৰ বাবে কৰ্ম কৰা।

Share:

ইণ্ডিয়ান চেম্পিয়নছ ট্ৰপি ক্ৰিকেট দলৰ ঘোষণা ২০২৫, India Champions Trophy Squad Announcement

 

ইণ্ডিয়ান চেম্পিয়নছ ট্ৰপি ক্ৰিকেট দলৰ ঘোষণা ২০২৫


ইণ্ডিয়ান চেম্পিয়নছ ট্ৰপি ক্ৰিকেট দলৰ ঘোষণা ২০২৫
দলত কোন থাকিব কোন  
ইণ্ডিয়ান চেম্পিয়নছ ট্ৰপি ক্ৰিকেট দলৰ ঘোষণা ২০২৫ ॥দলত কোন থাকিব কোন নাথাকিব তাক লৈ এতিয়া ক্ৰিকেটপ্ৰেমী সকলৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে। বুমৰাহৰ স্বাস্থ্যক লৈয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজয় হাজাৰে ট্ৰফিত অভিলেখ গঢ়িও কৰুণ নাইৰ ক্ৰিকেট দলৰ পৰা বঞ্চিত হৈছে।
চেম্পি়নছ ট্ৰপিত অধিনায়ক ৰূপে ৰোহিত শৰ্মা আৰু উপ অধিনায়ক হিচাপে শুভ্মন গিল  আৰু দলত স্থান লাভ কৰিছে ক্ৰমে বিৰাট কোহলি, জয়চুৱাল, বুমৰাহ, মহম্মদ স্বামী, আৰ্শদ্বিপ সিং , হাৰ্দিক পাণ্ডেয়া, কুলদিপ য়াদৱ, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, অক্ষৰ পেটেল, ঋষৱ পন্ট, ৱাছিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজা।
ভাৰতে ICC ট্ৰপী দলৰ ঘোষনা কৰাত জাচপ্ৰীত বুমৰাৰ নিশ্চিত


BCCI ৰ প্ৰটকল ভংগক লৈ ৰোহিত শৰ্মাৰ প্ৰশ্ন উত্থাপন ভ্ৰমণৰত অৱস্থাত থকা সময়ত দল ঘোষণাৰ নীতিয়ে বহু খেলুৱৈক  হতাশাত ভুগিবলৈ দিছে। যত দল ঘোষণাৰ কোনো নিয়ম নথকাকৈ যি মন যায় তাকে দাঙি ধৰিছে। সেই কথাক লৈয়ে শৰ্মাই উত্থাপন কৰিছে যে আচলতে BCCI ক হেন্দেলিং কৰিছে কোনে ? যদি ঘোষণা কৰে আনুষ্ঠানিক ভাৱে কৰক বুলি শৰ্মাই মত দাঙি ধৰে।
গম্ভীৰৰ সৈতে শৰ্মাৰ আলোচনা
শৰ্মাই খেলৰ ৰণ নীতি সমূহ খেল পথাৰৰ মাজতে বা খেল হৈ যোৱাৰ পাছত ড্ৰেচিং ৰোমত আলোচনা কৰিব লাগে বুলি দাঙি ধৰে। কাক আঁতৰাব লাগে কাক কেতিয়া আনিব লাগে তাৰ বিষয়ে মতামত দাঙি ধৰে। তাক লৈ এতিয়া ক্ৰিকেটপ্ৰেমী সকলৰ মাজত উত্তেজনাৰ সৃষ্টি কৰিছে। বুমৰাহৰ স্বাস্থ্যক লৈয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিজয় হাজাৰে ট্ৰফিত অভিলেখ গঢ়িও কৰুণ নাইৰ ক্ৰিকেট দলৰ পৰা বঞ্চিত হৈছে। চেম্পি়নছ ট্ৰপিত অধিনায়ক ৰূপে ৰোহিত শৰ্মা আৰু উপ অধিনায়ক হিচাপে শুভ্মন গিল  আৰু দলত স্থান লাভ কৰিছে ক্ৰমে বিৰাট কোহলি, জয়চুৱাল, বুমৰাহ, মহম্মদ স্বামী, আৰ্শদ্বিপ সিং , হাৰ্দিক পাণ্ডেয়া, কুলদিপ য়াদৱ, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, অক্ষৰ পেটেল, ঋষৱ পন্ট, ৱাছিংটন সুন্দৰ আৰু ৰবীন্দ্ৰ জাদেজা।


BCCI ৰ প্ৰটকল ভংগক লৈ ৰোহিত শৰ্মাৰ প্ৰশ্ন উত্থাপন
ভ্ৰমণৰত অৱস্থাত থকা সময়ত দল ঘোষণাৰ নীতিয়ে বহু খেলুৱৈক  হতাশাত ভুগিবলৈ দিছে। যত দল ঘোষণাৰ কোনো নিয়ম নথকাকৈ যি মন যায় তাকে দাঙি ধৰিছে। সেই কথাক লৈয়ে শৰ্মাই উত্থাপন কৰিছে যে আচলতে BCCI ক হেন্দেলিং কৰিছে কোনে ? যদি ঘোষণা কৰে আনুষ্ঠানিক ভাৱে কৰক বুলি শৰ্মাই মত দাঙি ধৰে।


গম্ভীৰৰ সৈতে শৰ্মাৰ আলোচনা
শৰ্মাই খেলৰ ৰণ নীতি সমূহ খেল পথাৰৰ মাজতে বা খেল হৈ যোৱাৰ পাছত ড্ৰেচিং ৰোমত আলোচনা কৰিব লাগে বুলি দাঙি ধৰে। কাক আঁতৰাব লাগে কাক কেতিয়া আনিব লাগে তাৰ বিষয়ে মতামত দাঙি ধৰে।

BCCI প্ৰটকলত কয় যে সেইয়া কোনো খেলুৱৈ সকলৰ বাবে শাস্তিমূলক নহয় সেইয়া বৰঞ্চ খেলুৱৈ সকলৰ বাবে কেইটামান নিয়মহে ।

ইণ্ডিয়ান চেম্পিয়নছ ট্ৰপি ক্ৰিকেট দলৰ পূৰ্বানুমান

 অধিনায়ক বাছনি আৰু খেলুৱৈ বাছনি বহুত পাৰ্থক্য। এখন খেল খেলি বা দহ খন খেলিয়ো কোনেও কাকো আশ্বাস দিব নোৱাৰি যে সি ভাল খেলিব। শচীন তেণ্ডুলকাৰে ভাল প্ৰদৰ্শন কৰিলেও তেওঁৰ কেপ্তেইনচি ইমান ভাল হোৱা নাছিল , যত সেই সময়ছোৱাত ভাৰতীয় ক্ৰিকেট দল কিছু পৰিমাণে পিছ পৰি আছিল। কিন্তু কপিল দেৱ, মহেন্দ্ৰ সিং ধোনি ৰ পৰিচালনাত পৰাজয় নিশ্চিত হোৱা খেলো অন্তিম সময়ছোৱাত জয়ৰ ফালে লৈ গৈছিল। কিন্তু শৰ্মাৰ নেতৃত্বত যি প্ৰদৰ্শন সেয়া সঁচাকৈ আলোচনাৰ মাধ্যম। বিৰাট কোহলিৰ বহু সময় টিকি থকা আৰু বুমৰাহ, মহম্মদ স্বামীৰ দৰে দুৰ্দান্ত খেলুৱৈ খেলখনৰ প্ৰেডিকচন সলনি কৰে। কিন্তু এটা দুটা মেচত শতক অৰ্জন কৰিলেই তাক বাছনি কৰাৰ কোনো যুক্তি যুক্ততা নাই। অৱশ্যে নৱাগতা সকলকো কিছু সুবিধা দিয়াৰ প্ৰয়োজন। 

চেম্পিয়ন ট্ৰপিৰ কত কেতিয়া খেলিব

ভাৰতীয় দলে পোনপ্ৰথম বাৰৰ বাবে বাংলাদেশৰ সৈতে খেলিব। 

অৰুবছেই খেল ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত খেলোৱা হব।

 ১৫ জনীয়া দলটোৱে চেম্পিয়নছ ট্ৰপিৰ পূৰ্বে ইংৰাজৰ বিৰুদ্ধে তিনিখন টেষ্ট খেল খেলিব। ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হব লগীয়া চেম্পিয়ন ট্ৰপি খেলত ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত খেলোৱাৰ দিহা লৈছে।

 



Share:

শনিবৰীয়া নিয়ৰ ১.৩ (জানুৱাৰী ২০২৫)


 আজিৰ এই শনিবৰীয়া নিয়ৰ ১.৩ সংখ্যাটিত আপোনালোকে পঢ়িবলৈ পাব কবিতা,কুইজ আৰু কেইটিমান চাকৰী সম্বদ্বীয় প্ৰশ্নৰ টোপোলা।কবিতাসমুহ সজাইছে অজয় পগাগ,সুখলতা টাইড,নীল নয়ন মিলি,তপন পায়েং,অচিন কুমাৰে।

শনিবৰীয়া নিয়ৰ ১.৩
শনিবৰীয়া নিয়ৰ ১.৩

Share:

জাৰচাং আৱ কোন হ'য়?Do you know who is Jarsang Ao?

বৰ্তমানৰ প্ৰেক্ষাপটত জিলিকি থকা এটি ছচিয়েল মেডিয়াৰ মিচিং সমাজৰ  ভিতৰত অন্যত্বম ইউটিউবাৰ জাৰচাং আৱ॥ ২০০২ চনৰ অক্টোবৰ মাহৰ  ১৫ তাৰিখত জন্ম। লখিমপুৰ জিলা স্থিত Garchiga Tribal High School  ৰ পৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। উৎসমতে তেওঁ লখিমপুৰ জিলাত থকা নাওঁবৈচা মহাবিদ্যালয়ৰ  ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল । জাৰচাং আৱৰ  অসমৰ লখিমপুৰ জিলাৰ ৰঙানদী পাৰৰ শালমৰা গাওঁত জন্ম  হৈছিল।পিতৃ এগৰাকী খেতিয়ক ,সুত্ৰ অনুসৰি জানিব পৰা গৈছে যে মাতৃ আৰু ভগ্নী স্বাস্থ্য বিভাগত আশা কৰ্মী হিচাপে নিয়োজিত।
আপুনিওঁ আমালৈ লেখা প্ৰেৰণ কৰিব পাৰিব ,আমাৰ ঠিকনা 
notuntathyaasomiya@gmail.com

Jugeswar Chintey

       Photo of Jarsang Ao

Pronounciation       -   JARSANG AO

Real Name   -       Jugeswar Chintey                  -

Father     -               Anil Chintey

Mother  –               Bonita Chintey

Academic  –          Graduation

Education -       Garchiga Tribal High School. Naoboicha College

Occupation –    Youtube,Facebook

Youtube start in- 2020 november 4

Facebook start in-

Fav.rt actor(Mising)-          Satyajit Morang

Fav.rt Actress      –     Urishma Doley

Fav.rt food-         Dried Fork




আনুষংগিক মাৰ্গঃ-  জাৰচাং আৱৰ  বিডিঅবোৰ সমাজক প্ৰভাৱিত কৰা বিডিঅ,তেওঁৰ শেহতীয়াকৈ তেওঁৰ ইউটিউব চেনেলত আপলোড কৰিছে যে ,,কোনো এজন লৰা বা ছোৱালীয়ে নিচাসক্তৰ পৰা কেনেকৈ পৰিত্ৰাণ কৰিব পাৰি ,তাৰ ওপৰত প্ৰচাৰ কৰা দেখা গৈছে । তাৰোপৰিওঁ উল্লেখখনীয়ৰ বিডিঅ সমুহৰ ভিতৰত অধ্যুষিত অঞ্চলত প্ৰাকৃতিক দূৰ্যোগৰ সময়ছোৱাত যেনে  বানপানী সময়ত ৰাইজৰ হৈ থিয় দিয়াৰ লগতে চৰকাৰক ভিদিঅৰ যোগেদি আবেদন জনোৱা । আনহাতে গাৱঁৰ ৰাস্তাসমূহ মেৰামতি কৰাক লৈ কোনো দল বা চৰকাৰক টোলা-ধনা নকৰাকৈ দাৱী জনোৱা ।


মিচিং বোলছবি তথা মিচিঙৰ কলা-সংস্কৃতিক ভিডিঅৰ জৰিয়তে প্ৰচাৰ কৰা।

শেহতীয়াবাবে মুক্তি লাভ কৰা তথা মিচিং বোলছবি জগতৰ প্ৰথম ৰিমেক ছবি তেওঁৰ প্ৰিয় অভিনেতা সত্যজিৎ মৰাঙৰ অভিনীত লেকদা পামে আপ্পুন খন একেৰাহে গাৱে ভুৱে প্ৰচাৰ কৰি ছবিখনৰ বাণিজ্যিক দিশত সফল কৰাত অৰিহনা যোগাইছে । তাৰোপৰিওঁ  মিচিঙৰ মুৰকং,তেগজক চিনেমাখনকে ধৰি মিচিং গানৰ এলবামকো প্ৰচাৰ কৰা দেখা গৈছে।

ইতিমধ্যে মিচিঙৰ জনপ্ৰিয় শিল্পী অমিয় কুমাৰ চিৰাং,কথা শিল্পী গোবিন্দ টাইদ,মিচিং তথা ৰঙানৈ পৰীয়া কবি জিতেন নৰহ,নিৰ্মল নৰহ আদিকে ধৰি কেইবাখনো সাক্ষাৎকাৰৰ ভিদিঅ জাৰচাং আৱই নিজৰ চেনেলত আপলোড কৰা হৈছে।

About of Jarsang Ao

তাৰোপৰিওঁ তেওঁৰ মতে মিচিঙৰ সংস্কৃতি জাকত জিলিকা কিয় পিছ পৰি ৰ'ম,বৰ্তমান বিশ্বায়নৰ যুগ নিজৰ নিজৰ হাতে হাতে প্ৰচাৰ কৰিম, ভৱিষ্যতলৈ সঞ্চয় কৰিম ,আনেওঁ চাব।মিচিং জনগোষ্টীৰ পৰম্পৰাগত উৎসৱ পৰাগ,আলি আয়ে লৃগাং,ডবুৰ পূজা আদিৰ বিষয়ে প্ৰচাৰ কৰা দেখা যায়।

জাৰচাং আৱৰ শীৰ্ষত্বম বিডিঅবোৰঃ-

সচাকৈ আমাক পাহৰি গৈছে নেকি বাৰু?এই বিডিঅৰ জৰিয়তে ৰাইজৰ প্ৰয়োজনীয় সাপেক্ষে অসুবিধা অনুঞ্চিতবোৰ বিডিঅৰ জৰিয়তে চৰকাৰক তথা স্থানীয় বিধায়কজনক দৃষ্টিগোচৰ কৰাইছে। আনহাতে ফলপ্ৰুত অনুসৰি জাৰচাং বিডিঅই কামতো দিছে বৰ্তমান গাৱৰ পৰা চহৰলৈ যোৱা ৰাস্তা মেৰামতি কৰাওঁ দেখা গৈছে।



তেওঁলোক কিয় নিচামুক্তি কেন্দ্ৰ খুলিলে ? উক্ত বিডিঅৰ জৰিয়তে সমাজত জৰ্জৰিত নিচাসক্ত সমস্যাকলৈ বিডিঅৰ যোগেদিওঁ প্ৰচাৰ কৰা দেখা গৈছে।




Share:

নামঘৰ অসমীয়া সমাজৰ আত্মা,/naamghar is soul of assamese people

 

নামঘৰ : অসমীয়া সমাজৰ জীৱনৰেখা

         অসমীয়া সমাজ খনক সমন্বয়ৰ এনাজৰীৰে বান্ধি ৰখা এটা অনুষ্ঠান হৈছে নামঘৰ । নৱ বৈষ্ণৱ ধৰ্ম প্ৰচলনৰ সময়ৰে পৰা অৰ্থাৎ শংকৰদেৱৰ  কালৰে পৰা অসমীয়া সমাজত যি নৱজাগৰণৰ উত্তৰণ ঘটিছিল ঠিক সেই সময়ছোৱাৰ পৰাই অসমত অনেক ধৰণৰ প্ৰগতিৰ বাট তথা নতুন চিন্তাশীল মননকেন্দ্ৰিক ভাৱ ধাৰাৰ উত্থান ঘটিছিল আৰু তাৰ ফলস্বৰূপে নামঘৰ সৃষ্টি অন্যতম। অসমীয়া সমাজত শংকৰদেৱৰ নামঘৰ প্ৰচলনে ভিন্ন সময়ত ভিন্ন ধৰণৰ প্ৰভাৱ পেলাইছিল । যেনেকৈ নামঘৰক পবিত্ৰ স্থান হিচাপে গণ্য কৰা হৈছিল। ঠিক তেনেদৰে নামঘৰক   বিভিন্ন মঞ্চ হিচাপে ব্যৱহাৰ কৰিছিল।

"অসমত বৈষ্ণৱী সাধু শংকৰদেৱ,দামোদৰ দেৱ আৰু মাধৱদেৱে অসমীয়া সমাজৰ বাবে প্ৰতিষ্টা কৰিছিল"


ৰাজহুৱা মঞ্চ:  সমাজৰ উন্নতিৰ বাবে বা গাঁৱৰ উন্নতিৰ বাবে সমাজ খনত এক সুস্থ সবল সমাজৰ প্ৰয়োজন। নিজৰ মৌলিক কথা সমূহ উপস্থাপন কৰাৰ বাবে বা নিজৰ চিন্তাধাৰাক বিতৰণ কৰাৰ এটা উপযুক্ত মঞ্চ । যত গাঁৱৰ মানুহে এইখন মঞ্চত কোনো আক্ষেপ নাৰাখি সমাজৰ লাভৰ বাবে বা ভালৰ বাবে নিজৰ মতামত দাঙি ধৰাৰ এক উপযুক্ত প্ৰতিষ্ঠান।
পঞ্চায়তী ৰাজ : গাঁৱৰ বিচাৰ বিবেচনা কৰা উপযুক্ত স্থান হিচাপে নামঘৰক লব পাৰি। অসমীয়া সমাজত গাঁৱৰ বিবাদ সমূহৰ বিষয়ে নামঘৰত সেই বিবাদ সমূহৰ সিদ্ধান্ত লোৱা হয়। বিভিন্ন ধৰণৰ বিচাৰ সমূহ নামঘৰৰ মজিয়াতে মীমাংসা কৰা হয় । কিয়নো নামঘৰক পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয় সেয়ে বিচাৰত ভাগ লোৱা ব্যক্তি বোৰেও কোনো মিছাৰ আশ্ৰয় নলয় ।

  • "শ্ৰীশ্ৰী আঠাখেলীয়া নামঘৰ অসমৰ গোলাঘাট জিলাত অৱস্থিত,আহোম স্বৰ্গদেউ গধাদৰ সিংহই নিৰ্মান কৰিছিল"


গ্ৰাম্য সংস্থা : নিজৰ সংস্কৃতিক ধৰি ৰখাৰ অন্য এক ঘৰ হিচাপে নামঘৰক কব পাৰি। কিয়নো সেই নামঘৰতে অসমীয়া ডেকা গাভৰু বুঢ়া মেথা সকলে নিজৰ সংস্কৃতিৰ অধ্যয়ন কৰে অৰ্থাৎ আমাৰ প্ৰাচীন সংস্কৃতিৰ যেনেকৈ ভাওনা অথবা অসমীয়া সমাজৰ পৰম্পৰাক ধৰি ৰাখি উজ্জীৱিত কৰি তোলাৰ ঘাই প্ৰয়াস কৰে। নামঘৰতে ডেকা সকলে গোট খাই নিজৰ নিজৰ সংস্কৃতিৰ বিষয়ে মতামত প্ৰদান কৰে।

আধ্যাত্মিকতা ৰক্ষা কৰা : নামঘৰৰ গুৰুত্ব পূৰ্ণ বিষয়বস্তু হিচাপে আধ্যাত্মিকতাক আঙুলিয়াব পাৰি।  ধৰ্মীয় বিশ্বাস সমূহে মানুহৰ মনত থকা কেৰুন সমূহ আঁতৰাই নতুন বাটৰ মুকলি কৰে । যত নামঘৰত প্ৰৱেশ কৰাৰ লগতে মানুহে ঈশ্বৰ বিশ্বাসী আৰু ভগৱন্তৰ ওচৰত সমৰ্পিত কৰে। এইটো নহয় যে ধৰ্মৰ নাম লোৱা মানে ধৰ্মক বেয়া দিশত ব্যৱহাৰ কৰা । দৰ্শনৰ ফালৰ পৰাও দৃষ্টিকোণ কৰিলে ধৰ্মক আমি কৰ্মৰ লগত সংযুক্ত কৰিব পাৰি।
নামঘৰ আৰু নামঘৰৰ সম্প্ৰসাৰণ :
নামঘৰ প্ৰতিষ্ঠা কৰিছিল ১৪৬৮ চনত শংকৰদেৱৰ নেতৃত্বত নগাঁৱৰ বৰদোৱাত ।

"ঢেকীয়া খোৱা বৰনামঘৰ অসমৰ এটা বিখ্যাত পুৰণি নামঘৰ,যিটো মহাপুৰুষ মাধৱদেৱে ১৪৬১ চনত প্ৰতিষ্টা কৰা হৈছিল"


 সমত সেই সময়ত অনেক ৰজাৰ শাসন চলিছিল। আৰু শাসনে অসমৰ দেশৰ স্বাধীনতা আৰু ৰাজনৈতিক অৰ্থনৈতিক দিশক জৰাজীৰ্ণ কৰিছিল। আৰু সেই সময়ছোৱাতে শঙ্কৰদেৱে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰি দেশৰ বিষয়ে অধ্যয়ন কৰি সভ্য সমাজ প্ৰতিষ্ঠা কৰাৰ বাট মুকলি কৰিব বিচাৰিছিল। কিন্তু শঙ্কৰদেৱে ৰজা সমূহৰ ক্ৰোধ নাশ কৰি নতুন ধৰ্মীয় ব্যবস্থাৰ সঞ্চাৰণ ঘটাইছিল।শঙ্কৰদেৱে পোন প্ৰথমে বৰদোৱা আৰু আলিপুখুৰিত ধৰ্ম প্ৰচাৰ কৰে( নৱ বৈষ্ণৱ) । পত্নী প্ৰসাদ নামৰ অংকীয়া নাটেৰে আৰম্ভ কৰি ধৰ্মীয় সত্ত্বাক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰে। কোচ ৰাজ্যৰ আক্ৰমণৰ ফলত আহোম সকলৰ মাজত জৰাজীৰ্ণ অৱস্থা হৈ পৰিছিল। তেনেস্থলত শঙ্কৰদেৱে (মাজুলী) ধুৱাহাতলৈ প্ৰবজন কৰে।

নামঘৰৰ বিশদ অংশ :
নামঘৰৰ চৌহদটো ন ভাগত ভাগ কৰে। মণিকূটৰ ওচৰৰ পূৱ অংশ , যত গুৰু আসন ৰখা হয়, প্ৰথম কোঠা বা মূৰ হিচাপে গণ্য কৰা হয়।।
দ্বিতীয়টো হৈছে হৃদয়।
তৃতীয় হল পেট
চতুৰ্থ নাভি
ঞ্চম উৰু
ষষ্ঠ হৈছে ফুট

নামঘৰৰ স্থাপত্য আঁৰ্হি

আয়তাকাৰ আকৃতিঃ- নামঘৰবোৰ আয়তাকাৰ আকৃতিৰ ,পূবৰ পৰা পশ্চিমলৈ যোৱা খালী পদ/গেবেল থাকে। মূল হলটোৰ দুয়োকাষে ভক্তগণে বহি কীৰ্তন,ঘোষা পাঠ কৰে।

বাৰণ্ডা/চৌহদঃ-নামঘৰৰ বাহিৰৰ বেৰত বাৰণ্ডা।

ছাদঃ-ছাদখন হাতীৰ পিঠিৰ দৰে অথবা কাছৰ চলঙৰ দৰে।

নিতম্বঃ- নামঘৰৰ নিতম্বৰ অংশ এপচিডাল,ভগৱান বিষ্ণুৰ গোৰোহাৰ দৰে ।

মণিকূটঃ-নামঘৰৰ মূৰত এটা স্বতন্ত্ৰ কোঠা যত কাঠৰ সিংহাখনৰ দৰে ।

প্ৰৱেশদ্বাৰখনঃ- সিংহ,হাতী,হনুমানৰ ভাস্কৰ্য সজোৱা থাকে।

Share:

ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমুহ আৰু মান-বৃটিছৰ যুদ্ধৰ পটভুমি

 এংলো বাৰ্মিজ যুদ্ধৰ পটভূমি

১৮২৪ চনৰ পৰা ১৮৮৫ চনৰ ভিতৰত বৃটিছ ভাৰত আৰু বাৰ্মাৰ শাসকসকলে বহু যুদ্ধ কৰিছিল যাৰ পুৰ্বে  ১৮৮৬ চনত বাৰ্মাৰ ওপৰত বৃটিছ অধিপত্য প্ৰতিষ্টা হৈছিল।

১৮২৬ চনৰ ২৪ ফেব্ৰুৱ‍াৰীত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ ফলত দুবছৰ ধৰি চলি থকা প্ৰথম  এংলো -বাৰ্মিজ যুদ্ধৰ অন্ত পৰে। ইষ্ট-ইণ্ডিয়া কোম্পানী আৰু আভাৰ ৰজাৰ মাজত চলি থকা কোম্পানীয়ে বিজয়ী আত্মপ্ৰকাশ কৰে।

"এংলো বাৰ্মিজ(মানৰ)যুদ্ধৰ শিপা কনবাং বংশৰ অধীনত বাৰ্মিজ সাম্ৰাজ্যৰ দ্ৰুত সম্প্ৰসাৰণৰ পৰাই আৰম্ভ হয়।১৭৫২ চনৰ পৰা ১৭৬০ চনৰ ভিতৰত কনবাউং বংশৰ প্ৰতিষ্টাপক ৰজা আলাউংপায়াই বাৰ্মাক একত্ৰিত কৰিছিল।তেওঁৰ উত্তৰাধিকাৰী ৰজা বড়াওপায়াই আভাত থকা ৰাজধানীৰ পৰাই এই সম্পসাৰণ বাদী নীতি অব্যাহত ৰাখিছিল।"

  • বডৌপায়াই চিয়ামৰ দৰে ভূখণ্ড আক্ৰমণ কৰি আৰাকান অঞ্চল নিজৰ ৰাজত্বকালত নিজৰ নিজৰ অধীনলৈ আনে।
  • ১৮১৩ চনলৈকে তেওঁলোকে বৰ্তমানৰ মনিপুৰ অঞ্চলৰ নিয়ন্ত্ৰণ লাভ কৰিছিল।
  • ইয়াৰ ফলত বাৰ্মা বৃটিছ ভাৰতৰ সীমান্তৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈকে আহিছিল,যাৰ ফলত দুয়োখন শক্তিৰ মাজত ।

  • ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমুহ



বৃটিছ-মানৰ যুদ্ধৰ কাৰণ 

ইংৰাজ-মান(বাৰ্মিজ)যুদ্ধৰ  কাৰণসমুহ  অসম আৰু মণিপুৰৰ দৰে অঞ্চললৈ বাৰ্মাৰ আগ্ৰাসী ভূখণ্ড সম্প্ৰসাৰণৰ পৰাই অনুসন্ধান কৰিব পাৰি যিয়ে ভাৰতক বৃটিছৰ স্বাৰ্থৰ সৈতে ৰাজ্যখনক প্ৰত্যক্ষ সংঘাতত পেলাইছিল। এই সম্প্ৰসাৰণবাদী নীতিয়ে বৃটিছক আতংকিত কৰি তুলিছিল,যিসকলে নিজৰ ভূখণ্ডৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ আগ্ৰহী আছিল। ইয়াৰ ওপৰিও বৃটিছ ব্যৱসায়ীসকলে কোম্পানীটোৰ উল্লেখযোগ্য কাম সমাপন কৰিছিল।

প্ৰথম বৃটিছ-মান যুদ্ধ(এংলো-বাৰ্মিজ যুদ্ধ)

প্ৰথম এংলো বাৰ্মিজ যুদ্ধ(১৮২৪-১৮২৬)আৰম্ভ হৈছিল যেতিয়া বাৰ্মিজ সকলে অসমলৈ সম্প্ৰসাৰণ ঘটাইছিল,যাৰ ফলত বৃটিছ বাহিনীৰ সৈতে প্ৰত্যেক্ষ সংঘাতৰ সৃষ্টি হৈছিল।যুদ্ধ দুবছৰ ধৰি চলিছিল আৰু প্ৰাৰম্ভিক বাৰ্মিজ সফলতাৰ পিছতো ছাৰ আৰ্চিবাল্ড কেম্পবেলৰ অধীনত বাহিনীয়ে অৱশেষত বাৰ্মিজৰ মূল ভূখণ্ড॥
Share:

নতুন দিনৰ অহ! আন ছাং ছ্যুকি,Hang Sang Syuki

 

Oh new days of Hang Sang Syuki
Oh new days of Hang Sang Syuki

নতুন দিনৰ অহ! আন ছাং ছ্যুকি

তপন পায়েং
6002076886

সৰিয়হ ফুলিলেই জানিবা
তাই আন ছাং ছ্যুকি ?
মুৰতে হালধীয়া খোপা পিন্ধি সৰিয়হ ধৰাতে
ছাগলী ৰখীয়া গাভৰু এজনীক দেখিলেই জানিবা
তাই আন ছাং ছ্যুকি ॥॥

নতুন দিনবোৰ চিৰদিনলৈ নতুন হৈ থাকেনে বাৰু? হয় আমি সকলোৱে জ্ঞাত নতুন দিনবোৰ নতুন হৈয়েই নাথাকে যেন নতুন দিনবোৰ একো একোটা ঋতুৰ দৰে ,নিজস্ব কামবোৰ সমাপন কৰিব আৰু  অতীতৰ দেশলৈ পুৰণি হ'বলৈ যন্ত্ৰচালিত মেচিনৰ দৰে আগবাঢ়ি যাব । এই যন্ত্ৰচালিত মেচিনতেই আমাৰ ক্ষন্তেকৰ সুখবোৰ নাইবা দুখ-বেজাৰবোৰ মিলিত হৈ জাঁহ যায় অতীতৰ বিশাল সমুদ্ৰত । তেতিয়াহ'লে আমি কিয় নতুনলৈ বৰ হেপাঁহেৰে বাট চাওঁ,মাঘত মেজী জ্বলাওঁ সুখৰ কামনা কৰো অগ্নি দেৱতাৰ ওচৰত আশীষ লওঁ কিন্তু এই সুখবোৰ কিমানজনে পাইছে ,হয় এইটো আমি ঠিৰাংভাৱে কব পাৰো যে দুখ আৰু বিপদবোৰকেই নতুন  ৰূপত পাওঁ,এইবাবে আমি নতুনলৈ বাট চাওঁ নেকি ?সেয়েহে ভাগৱত গীতাই কৈছে যে নতুন দিনত ভাল দিন আহিব তাক লৈ অপেক্ষা নকৰিব জীৱনত যি চলি আছে চলি থাকিব দিয়া মাথোন ভৱিষ্যতৰ সুখৰ বাবে বৰ্তমান সময়ত দিন-ৰাতিক একাষাৰ কৰি কষ্ট কৰি যাওঁক তোমাৰ এই কৰ্মই নতুন দিনৰ সুখৰ বাৰ্তা কঢ়িয়াই আনিবই ,এইয়াই সত্য ।
         চলিত দিনতেই যোৱা বেলিকাতে চলিত বছৰটোৱে নতুন দিনৰ সংজ্ঞা কঢ়িয়াই লৈ আহিব বুলি  কত সপোন দেখিছিলো,কত ফুৰ্তি কৰিছিলো,নৈৰ পাৰে পাৰে সৰিয়হ গছকি গছকি ভোজৰ মেলাতে বিহুগীত -ঐনিতম জুৰিছিলো ,নতুনক আকোৱালি লোৱাৰ বাবে ।আজিওঁ মনত পৰে ,অহ ! নতুন দিনৰ আন ছাং চ্যুকি ? এই নতুনতেই আমাৰ বৰগছো মৰহি গ'ল, বৰগছ মৰহি যোৱাৰ বেদনাক জানো এই নতুন দিনৰ আন ছাং চ্যুকিয়ে জানো বুজি পায়,তেনে নতুন দিনক কিহৰ প্ৰয়োজন ? নালাগে আমাক এনে নতুন দিন । যত কষ্ট পায় বৰগছৰ অনুপস্থিতিত সৰু-ক্ষুদ্ৰ বিটপীৰ কলিজা,যত ৰাতি টোপনি নাহে বৰগছৰ মিচিকিয়াঁ হাহিঁৰ ক্ষুদ্ৰ গছলৈ চায় ফোনত কথা পাতা ছবিক পায়, এই নতুনে উভতাব পাৰিবনে বৰগছৰ এই হালধীয়া ৰঙাপিকৰ হাহিঁক।
                      আকৌ বাজিব ৰেডিঅত ,ৰাতি পুৱাৰ দৈনন্দিন বাৰ্তা,অসম আদিত্য,আমাৰ অসম,নিয়মীয়া বাৰ্তাত প্ৰথম পৃষ্ঠাতে আকৌ প্ৰকাশ হ'ব ডাঙৰ ডাঙৰ বৰফলা আখৰৰ শিৰোনামা ,একেই কথা একেই  অভিযোগ । নতুন দিন বুলি কতনো পৰিৱৰ্তন হ'ব, কতনো নতুন আহিব । অৱশ্যে আহিব পাৰে নতুন মানুহ, নতুন মুখা পিন্ধা । শব্দটোৱে   কেৱল নতুন হৈ আহে কেতিয়াবা মূগা ৰঙৰ ৰিয়া পিন্ধি নাইবা পাজক এগে পিন্ধি,মাথোন পুনৰাৱৰ্তী হৈ  থাকে একদৰে একেই কথা নতুন দিনৰ আন ছাং ছ্যুকিৰ ॥

প্ৰবন্ধটোৰ চমু সাৰাংশ

উক্ত লেখাটি ,প্ৰিন্ট মেডিয়া তথা অসমীয়া বাতৰি কাকত "দৈনন্দিন বাৰ্তা'টো প্ৰকাশ পাইছিল,এই অনুভৱ লেখাটোত আন ছাং ছ্যুকি তথা শান্তিৰ নৱেল বটা প্ৰাপক আৰু ম্যানমাৰৰ ৰাজনীতি বিদক নতুন দিনৰ লগত তুলনা কৰা হৈছে ।


আং ছান ছু কি ৰ চমু পৰিচয়

who is Hang Sang Suki?



আং ছান ছুকিৰ ১৯৪৫ চনৰ ১৯ জুনত জন্ম হৈছিল।তেওঁৰ পিতৃৰ নাম আছিল আং ছান,আং ছান ছুকি য়ে ১৯৮০ চনত ম্যানমাৰত গণতন্ত্ৰ আৰু মানৱ অধিকাৰ বাবে দশক দশক জুৰি অহিংস সংগ্ৰাম আৰম্ভ কৰিছিল যিয়ে আন্তঃৰাষ্ট্ৰীয় দেশসমুহক আকৰ্ষন কৰি তুলিছিল।

পৰৱৰ্তী সময়ত তেওঁ চাৰিটা মন্ত্ৰীত্ব পদ লাভ কৰিছিল শক্তি মন্ত্ৰী,বৈদেশীক মন্ত্ৰী।

তেওঁ প্ৰকাশ কৰা গ্ৰন্থসমুহৰ ভিতৰত -Freedom of Fire,Hand Other writtings,Letters from Burma.

  


Share:

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ