• This is default featured slide 1 title

    নতুন তথ্য অসমীয়া" সাম্প্ৰতিক সময়ৰ কথা তথা লেখা,আন্তঃৰাষ্ট্ৰীয়,ৰাষ্ট্ৰীয়,অসম,শিক্ষা,বিভিন্ন ধৰণৰ সাহিত্য সম্বদ্ধীয় লেখাৰ জৰিয়তে শনিবৰীয়া শিতান বা অতিথী লেখাসমুহো প্ৰকাশ কৰা হ'য়

  • This is default featured slide 2 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 3 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 4 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 5 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

PAN 2.0 ৰ কিছু তথ্য-Notun Tathya Asomiya

 নমস্কাৰ আজিৰ এই লেখাটি যোৱা ২৬ নৱেম্বৰে ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে নতুন ব্যৱস্থাটো অনুমোদন কৰিছিল PAN 2.0 ক॥ 


PAN 2.0 ৰ কিছু তথ্য-Notun Tathya Asomiya



PAN 2.0 কি হ'য় প্ৰকৃততেঃ-

PAN2.0 সাধাৰণতে কৰদাতা পঞ্জীয়ন সেৱাৰ বাবে ব্যৱসায়িক প্ৰক্ৰিয়াসমুহ পুনৰ অভিযান্ত্ৰিক কৰাৰ বাবে ভাৰত আয়কৰ বিভাগে ওলিওৱা ব্যৱস্থা।এই প্ৰকল্পৰ জৰিয়তে PAN Service  বৃদ্ধি কৰা । এই প্ৰকল্পৰ জৰিয়তে IDT য়ে  সকলো পান কাৰ্ড সম্বদ্বীয় আৰু সংশোধন কৰাৰ প্ৰক্ৰিয়াৰ একগোট কৰা হৈছে । আনহাতে ইয়াৰ ওপৰিওঁ পান কাৰ্ড  অনলাইন পান কাৰ্ড বৈধকৰণ সেৱাৰ জৰিয়তে পান  কাৰ্ড ব্যৱহাৰকাৰী  সংস্থা যেনে বিত্তীয় প্ৰতিষ্ঠান যেনে বেংক,চৰকাৰী সংস্থা,কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগ আদিক প্ৰদান কৰা হ'ব।

 বৰ্তমানৰ পান কাৰ্ড আৰু পান ২.০/PAN2.0 কেনেকৈ পৃথকঃ-

বৰ্তমানৰ আমি ব্যৱহাৰ কৰা পান কাৰ্ড সমুহ তিনিটা ভিন্ন e-filling,Portal UTIDSL আৰু Protin E-Gov Portail ৰ যোগেদি অনলাইন আবেদন কৰিব পাৰিছিল আনহাতে বৰ্তমানৰ PAN 2.0 কাৰ্ডৰ বাবে কেৱল এটা পৰ্টেলৰ যোগেদিয়ে কৰিব পাৰিব  ,অনালইন সেৱা মূল্য মাত্ৰ দহ টকাত হ'ব তাৰোপৰি এই একক পৰ্টেলৰ যোগেদি নাম ,ঠিকনা সংশোধন, আদি সেৱাসমুহ উপলব্ধ হ'ব।

  • কাগজবিহীন প্ৰক্ৰিয়াৰে অনলাইন আবেদন /
  • পান কাৰ্ডৰ নাম ,ঠিকনাসমুহ ভূল হ'ল বিনামূল্য সংশোধন কৰিব পাৰিব আৰু ভোতিক কাৰ্ডৰ বাবে ৫০ টকাতে পান কাৰ্ড অনুৰোধ কৰিব পাৰিব।
  • Read now :-অসম বাজেট ২০২৪-২৫আৰু গুৰুত্বপুৰ্ণ তথ্য

ভাৰতৰ PAN 2.0 ই ব্যৱসায় কেন্দ্ৰত কেনেদৰে প্ৰভাৱ পেলাব পাৰে ।

পেন ২.০ ই সাধাৰণ ব্যৱসায়িক চিনাক্তকৰ্তা হিচাপে ভূমিকা পালন কৰিব। চৰকাৰী সংস্থাসমুহে ব্যৱহৃত অন্যান্য চিনাক্তকৰ্তাৰ সৈতে একত্ৰিত কৰি ব্যৱসায়ীসকলক লেনদেনৰ বাবে একাডিক আইডি বজাই ৰখাৰ প্ৰয়োজন নহ'ব। PAN আৰু TAN সেৱাসমুহ এক ঐক্যবদ্ব ব্যৱস্থাত একত্ৰিত কৰি তেওঁলোকৰ পেন সম্পৰ্কে দায়িত্বসমুহ পৰিচালনা কৰিব পাৰে । এটা সুৰক্ষিত  চাইবাৰ বৈশিষ্ট্য যেনে PAN Data Vaoult প্ৰৱৰ্ত্তন কৰা বুলি কোৱা হৈছে  যিয়ে ব্যৱসায়ীসকলক তথ্য সুৰক্ষ নিশ্চিত কৰে আৰু প্ৰৱঞ্চনাৰ পৰা হ্ৰাস পোৱাৰ আশংসা পাব । বিত্তীয় লেনে দেনৰ বাবে একত্ৰিত কৰা আৰু অন্যান্য নিয়ন্ত্ৰণ ব্যৱস্থাৰ সৈতে সংযোগ কৰা ।


Share:

গেলেফুত ভাৰত আৰু ভূটানৰ আঁচনি,India Bhutan Project Current Affairs

Bhutan and India's Mindfulness city Project

গেলেফুত ভাৰত আৰু ভূটানৰ আঁচনি

শেহতীয়াকৈ ভূটানে ভাৰতৰ লগত যৌথভাৱে মিলি গেলেপুত অৰ্থশীল চহৰ গঢ়ি উঠাৰ পদক্ষেপ হাতত তুলি লৈছে । সেই সম্পৰ্কে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতক সহায়ৰ হাত বঢ়োৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।আশা কৰা হৈছে যে এই আচঁনি বা প্ৰজেক্টখনে ২৫০০ কিলোমিটাৰ বিস্তৃত অঞ্চলত শূণ্য কাৰ্বন বহন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । 

বৃটেইনে ২০৫০ চনৰ নেট জিৰ ইমিচন টাৰ্গেট নীতিৰ আইন উন্মোচন কৰিছে ,ইয়াৰ ফলত বৃটেইনে গোলকীয় উষ্ণতা বৃদ্ধিত ৰোধ কৰাৰ বাবে Group of 7 ৰ লগত মিলি  আলোচনাত বহি মুকলি কৰা হয়। এই আইনখন জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত  বৃটেইনৰ বাবে  ত্ৰিছ বছৰৰ বেছি সময়ৰ বাবে এই আইনখন বাধ্যতামূলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।বৃটেইন চৰকাৰে ২০৫০ চনৰ ভিতৰতে "নেট জিৰ"ৰ সেউজগৃহ গেছ  নিশ্চিত কৰাৰ  পৰিকল্পনা কৰিছে অৰ্থাৎ ঘৰ,পৰিবহন,কৃষি,উদ্যোগৰ পৰা নিৰ্গমন সম্পুৰ্ণৰূপে এৰাই চলিব লাগিব আৰু বৃক্ষ ৰোপন কৰাত গুৰুত্ব দিয়াত মনোনিৱেশ কৰাৰ দিহা লোৱা হৈছে ।

 

International Co-Operative Alience ৰ সন্মিলিত বৈঠকত

 এই সম্পৰ্কে ভাৰতৰ ৰাজধানী নতুন দিল্লীত The International Co-Operative Alience ৰ Global Conference  ত এই বিষয়ে মিলিত হৈ আলোচনা কৰা হ'য়। এই সন্মিলিত বৈঠকখনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰকল্পৰ বিষয়ে উদ্ধোধন কৰে । এই সন্মিলিত সভাখনত ১০০ খন দেশৰ  ১০০০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই প্ৰকল্পটোৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে ।

ভাৰত চৰকাৰৰ দৃষ্টিত

পৰৱৰ্তী সময়ত এই প্ৰকল্পৰ জৰিয়তে স্থানীয় লোক সকলে তথা কৃষক সমাজে উপকৃত হ'ব বুলি ভাৰতৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বিষয়ে সদৰি কয়।

গেলেফু চহৰ

ভূটানৰ প্ৰধানমন্ত্ৰীয়ে মন্তব্য দিয়ে যে এই গেলেফু মাইণ্ডগুলনেছ নগৰখনক জ্ঞান,প্ৰযুক্তি আৰু বিত্তৰ কেন্দ্ৰ হিচাপে বৰ্ণনা কৰা হৈছে । তেওঁ  দৃঢ়তাৰে কয় যে ভূটানৰ প্ৰতিজন নাগৰিক নাগৰিক শ্বেয়াৰ হলডাৰ আৰু ষ্টকহলডাৰ হ'ব । ইয়াৰ দ্বাৰা ভূটানৰ সহযোগীতামূলক  মনোভাৱৰ প্ৰতি দায়বদ্ধতা বাঢ়ি আহিব।

অসমৰ দৰঙাত ভাৰত-ভূটানৰ বৃহৎ চেকপষ্ট (ICP) উদ্বোদন কৰে । এই অনুষ্টানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যওঁ উপস্থিত থাকে ।এই চেক পষ্টৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সীমান্তত শুল্ক আৰু অনুপ্ৰৱেশৰ প্ৰক্ৰিয়াক সুশৃংখলভাৱে চোৱা-চিতা কৰিব পৰাকৈ গঠন কৰা হৈছে ।ICP মূল উদ্দেশ্য হৈছে ভাৰত আৰু ভূটানৰ মাজত বানিজ্য আৰু পৰিবহন তথা যাতায়ত সূচল কৰা ।ICP দৰঙৰ মূল ৭০০ মিটাৰ দুৰত্বত ইয়াৰ সুবিধাসমুহ ঃ

  • প্ৰশাসনিক কাৰ্যালয় কামকাজৰ সহজ কৰা
  • বাহনৰ বাবে পাৰ্কিং স্থান
  • মালবাহী সামগ্ৰীৰ বাবে লোডিং আৰু আনলোডিং জন
  • সামগ্ৰী মজুত ৰখাৰ বাবে ভৰাল
  • বিষয়া সকলৰ বাবে আৱাসিক /কোৱাৰ্টাৰ 


ভূটানৰ কুটনৈতিক সহযোগীতা

এই প্ৰকল্পৰ জৰিয়তে ভূটানৰ ৰজা ভাৰতলৈ দুবাৰকৈ ভ্ৰমণ কৰিছে । তেওঁৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে ভাৰতৰলগত আন্তঃগাথনি বিনিয়োগ আৰু সহযোগীতা লাভ কৰা । ভাৰত আৰু ভূটানৰ মাজৰ আলোচনাৰ লক্ষ্যত আছিল শিক্ষা,আই টি আৰু সুস্থতা খণ্ড।শেহতীয়াকৈ ভূটানৰ ৰজা ভ্ৰমণ কৰিছে চাৰিবাৰকৈ  ,তাৰোপৰি ভূটানৰ ৰজাই ভাৰতৰ উদ্যোগপতি আদানীৰ লগত মিলিত হৈ নৱীকৰণযোগ্য শক্তি আৰু আন্তঃগাথনি প্ৰকল্পৰ ক্ষেত্ৰত আলোচনাত মিলিত হৈছিল।

পৰীক্ষাৰ দৃষ্টিতঃ

গেলেফু মাইণ্ডফুলনেছ নগৰঃ- এই নগৰৰ জৰিয়তে ভূটানৰ বৃহৎ সমবায় পদক্ষেপ।২৫০০০ কিলোমিটা বিস্তৃত অঞ্চল ,বহনক্ষমতা আৰু সমন্ধয়ৰ ওপৰত লক্ষ্য বুলি ঠাৱৰ কৰা হৈছে ।

আন্তঃৰাষ্ট্ৰীয় সমবায় মিত্ৰতাঃ- মিত্ৰতা হৈছে সমবায়ক প্ৰচাৰ কৰা এক বিশ্বব্যাপী সংস্থা,যত শেহতীয়াকৈ নতুন দিল্লীত আলোচনাত মিলিত হৈছিল।

প্ৰাথমিক কৃষি ঋণঃ- এই বৃহৎ  প্ৰকল্পই ভাৰতৰ জনগণক তথা কৃষক সমাজক অতিকৈ সহায়ক হ'ব বিত্তীয় সাহাজ্যৰ বাবে ।

Share:

অসম বাজেট ২০২৪-২৫আৰু গুৰুত্বপুৰ্ণ তথ্য

 বাজেট ২০২৪-২৫

Assam budget2023-24

আজিৰ এই লেখাটো ২০২৪-২৫ বৰ্ষৰ ভিত্তিয় বাজেট ,আশা কৰিছো সাধাৰণ মানুহৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে লাভদায়ক হ'ব॥
©wrt-S.kr.P

অসম চৰকাৰৰ দ্বাৰা বাজেট প্ৰস্তুতৰ কিছুমান কাৰকে অসমৰ জনগণক কিমান প্ৰভাৱ পেলাইছে সেয়া অসমৰ ৰাইজে জানেনে?। তাৰ আগতে বাজেটৰ তালিকা সমূহ জনাটো খুবেই প্ৰয়োজনীয়।
বাজেটত গুৰুত্ব দিয়া বিষয়বস্তু সমুহ
) সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগ
) সাংস্কৃতিক পৰিক্ৰমা বিভাগ
)পৰিৱেশ আৰু বন বিভাগ
) আবকাৰী বিভাগ
) মীন বিভাগ
) খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ
) সাধাৰণ প্ৰশাসন বিভাগ
) হস্ততাঁত , বস্ত্ৰ আৰু ৰেচম বিভাগ
) স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ
) উচ্চ শিক্ষা বিভাগ
০) পাৰ্বত্য এলেকা বিভাগ
১) গৃহ বিভাগ
২) গৃহ নিৰ্মাণ আৰু নগৰ বিভাগ
৩) অসম চুক্তি ৰূপায়ন বিভাগ
৪) খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি বিভাগ
৫) উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ
৬) তথ্য, জনসংযোগ , মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগ
৭) চিকিৎসা বিজ্ঞান শিক্ষা আৰু গৱেষণা বিভাগ
৮) খনি আৰু খনিজ সম্পদ বিভাগ
৯) পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ
০) সংসদীয় পৰিক্ৰমা বিভাগ
১) কৰ্মচাৰী বিভাগ
২) শক্তি বিভাগ
৩) জনস্বাস্থ্য কাৰিকৰী বিভাগ
৪) লোকনিৰ্মাণ গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ
২৫) লোকনিৰ্মাণ পথ বিভাগ
৬) ৰাজহ আৰু দুৰ্যোগ ব্যবস্থাপনা বিভাগ
৭) বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগ
৮) বিদ্যালয় শিক্ষা বিভাগ
৯) সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ
০) ভূমি সংৰক্ষণ বিভাগ
১) ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগ
২) চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ
৩) পৰ্যটন বিভাগ
৪) ৰূপান্তৰ আৰু উন্নয়ন বিভাগ
৫) পৰিবহণ বিভাগ
উপৰোক্ত প্ৰত্যেক বিভাগৰে একো একোটা নিজস্ব মন্ত্ৰ  এটা আছে। সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰ হল শান্তিপূৰ্ণ সহাবস্থানৰ বাবে অনুকূল বাতাবৰণ সৃষ্টি।

সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগে

এই বিভাগে লোৱা উদ্দেশ্য আৰু পদক্ষেপ সমূহ
১) সীমান্ত আন্তঃগাঁথনি শক্তিশালী কৰা।
২) আগন্তুক তিনিটা বছৰত জটিল অঞ্চল সমূহত ৫০ টাকৈ নতুন চকী স্থাপন কৰা।
৩) ভবিষ্যতৰ কথা চিন্তা কৰি অসম আৰু মেঘালয় সীমান্তৰ ৬ টা বিবদমান এলেকাৰ পথ প্ৰশস্ত কৰি নতুন চুক্তিৰ স্বাক্ষৰ কৰিছে। ৭১ খন  অৰুণাচল গাঁৱৰ লগতো চুক্তি স্বাক্ষৰ কৰিছে।
৪) চৰকাৰে এই বিভাগলৈ ৫২.১৮ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ কৰিছে।
সমবায় বিভাগ
সৰ্বাংগীন গ্ৰামোন্নয়ন বিকাশৰ বাবে এক জিলা এক উৎপাদনৰ পদক্ষেপ। বিভাগটোৰ বাবে ২১১.৭১ কোটি টকা আবণ্টনৰ প্ৰস্তাৱ কৰিছে।

সাংস্কৃতিক পৰিক্ৰমা বিভাগ

আমাৰ ঐতিহ্য আমাৰ পৰিচয়


গুৱাহাটীত সৰ্ববৃহৎ বিহুনাচ কৰি গিনিজ বুক অৱ ৱৰ্ল ৰেকৰ্ড গঢ়ে। এই বিভাগটোৰ বাবে চৰকাৰে ২৮৬.৬১ কোটি টকা আবণ্টন দিছে।

পৰিৱেশ আৰু বন বিভাগ


বেদখল ভূমি সমূহ কৰায়ত্ত কৰা আৰু এই পতিত ভূমি সমূহত বৃক্ষ ৰোপন কৰি সেই কৰাই হৈছে বিভাগটোৰ উদ্দেশ্য।
তিনি কোটি গছপুলি ৰোপণেৰে অমৃত বৃক্ষ আন্দোলনৰ সম্প্ৰসাৰণ কৰে। ইয়াৰ বাবে চৰকাৰে ১২০৭.২৫ কোটি টকা আবণ্টন দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়।

আবকাৰী বিভাগ


নিচাযুক্ত পানীয়ত অনুজ্ঞাপত্ৰৰ ব্যৱস্থাৰে ২০২৩ বৰ্ষত ২০০০ কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কৰি ৰজভঁৰাল গৰম কৰে। আবকাৰী বিভাগে উদাৰ পৰম্পৰাগত পানীয় নীতিৰ ( Heritage Beverage policy)জৰিয়তে স্থানীয় ব্যৱসায়িক উৎসাহিত কৰে।
সুৰা বিক্ৰীৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে ই - নিবিদা প্ৰবৰ্তন আৰু কৰ ফাঁকি  হ্ৰাস , আদি নিৰীক্ষণৰ বাবে ট্ৰেক এণ্ড ট্ৰেছৰ পদক্ষেপ লয়।
বিভাগটোৰ বাবে ১১১.৮২ কোটি টকাৰ আবণ্টন দিয়ে।

মীন বিভাগ

থলুৱা মাছ, স্থানীয় কৰ্মসংস্থাপন
ৰাজ্যিক বিল মীনপামৰ সংৰক্ষণৰ বাবে ছুইফ্ট(SWIFT) প্ৰকল্পৰ শুভাৰম্ভ।

খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ
সকলোৰে বাবে খাদ্য, খুধামুক্ত অসম
যোৱা ডিচেম্বৰ ২০২৩ ত ইলেকট্ৰনিক পইণ্ট অৱ ছেল ( E- PoS) ব্যবস্থাৰ জৰিয়তে ৯৬% চাউলৰ লেনদেন সম্পন্ন কৰি সফলতা অৰ্জন কৰে। ২০২৪-২৫ বৰ্ষত আধাৰ সংলগ্ন লগতে এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড আঁচনি ৰূপায়ন।

বাজেটৰ কিছু অংশ দাঙি ধৰা হল পৰবৰ্তী সময়ত পুনৰ বাকী থকা বাজেটৰ বিষয়ে উক্ত পেজটোত উল্লেখ কৰা হব।

Share:

ছয় এ দ্ধাৰাৰ ৰায়দান

 Supreme Courts Upholds Section 6A

Supreme court upholds Section 6 A


শেহতীয়াকৈ বাতৰিত,

শেহতীয়াকৈ উচ্চতম ন্যায়লয়ে নাগকৰিত্ব আইন ১৯৫৫ চনৰ ৬ এ ধাৰাক সাংবিধানিক বাবে সমৰ্থন কৰে ।

ভাৰতৰ উচ্চতম ন্যায়লয়ে  ১৯৫৫ চনৰ ভাৰতৰ নাগৰিকত্ব আইনৰ ৬ ধাৰা(Section 6 A)ৰ বৈধতা গ্ৰহণ কৰে। উচ্চতম ন্যায়লয়ে ৪:১ সংখ্যাগৰিষ্টতাত এই ৰায়দান দিয়ে । ন্যায়ধীশ সুৰ্যকান্তেৰ  নেতৃত্বত এই বৈধতা সমৰ্থন কৰে ।

চমুকৈ ধাৰা ৬ এ কিয় /About of Section 6A

পূৱ পাকিস্তান বৰ্তমানৰ বাংলাদেশৰ  পৰা অহা বিদেশী প্ৰব্ৰজনকাৰীৰ সমস্যাসমুহক সমাধ‍ান কৰিবলৈ ১৯৮৫ চনৰ ১৫ আগষ্টত  ৬ এ ধাৰা প্ৰৱৰ্তন কৰা হয়।

বৈশিষ্ট্য:- 

যি সকলে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্ৱে অসমত প্ৰৱেশ কৰিছে ,এই প্ৰব্ৰজনকাৰীসকলে অসমত নাগৰিকত্বৰ সুবিধা লাভ কৰিব পাৰিব।

এই তাৰিখৰ পিছৰ পৰা যি সকলে অসম বা ভাৰতলৈ  প্ৰৱেশ কৰিছিল তেওঁলোকক বিদেশী বুলি গণ্য কৰা হ'ব।

যি সকলে ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পূৰ্বে অসমত আহি বসবাস কৰি আছে তেওঁলোক ভাৰতীয় নাগৰিকৰ স্বীকৃতি প্ৰদান।

১৯৬৬ চনৰ  ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অহা প্ৰব্ৰজনকাৰীসকলে দহবছৰৰ ভোটাধিকাৰ বাহিৰে সম্পুৰ্ণ  নাগৰিকত্ব প্ৰদান।

চমুকৈ ভাৰতৰ নাগৰিকত্ৱ কি ?

অনুচ্ছেদ ৫ ৰ মতে ,ভাৰতত বাস কৰা লগতে ভাৰতত জন্ম গ্ৰহণ কৰা সকলক নাগৰিকত্ব দিয়া ।আনহাতে যি সকল ভাৰতত জন্ম গ্ৰহণ কৰা নাছিল বা ভাৰতত জন্ম গ্ৰহণ কৰা নাই কিন্তু তেওঁলোকৰ পূৰ্ৱপুৰুষ ভাৰততেই আছিল । তেওঁলোকক ভাৰতৰ নাগৰিক বুলি গন্য কৰা হয় ।পাচ বছৰতকৈ অধিক থকা সকলে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছিল।

নুচ্ছেদ ৬ কিছুমান বিশেষ ব্যক্তিসকলকে নাগৰিকত্ব প্ৰদান কৰা হৈছিল।যি সকল পাকিস্তানৰ  পৰা ভাৰতলৈ প্ৰব্ৰজন কৰিছিল।ভাৰতত কোনোবা এজন পূৰ্ৱপুৰুষ থাকিব লাগিব ।

অনুচ্ছেদ ৭ ৰ মতে যিসকলে পাকিস্তানলৈ প্ৰব্ৰজন কৰিছিল,১৯৪৭ চনৰ  ১ মাৰ্চৰ পিছত পাকিস্তানলৈ প্ৰব্ৰজন কৰা ভাৰতলৈ উভতি অহাসকলক নাগৰিকত্ব প্ৰদান কৰা।

অনুচ্ছেদ ৮ ৰ মতে ভাৰতৰ বাহিৰত তথা বিদেশত থকা প্ৰবাসী ভাৰতীয়ক নাগৰিকত্ব প্ৰধান কৰা ।

অনুচ্ছেদ ৯,কোনো এজন ভাৰতীয় বিদেশৰ নাগকৰিত্ব গ্ৰহণ কৰিলে ভাৰতৰ নাগৰিকৰ যোগ্য ন'হব।

প্ৰত্যাহ্বান

উচ্চতম ন্যায়লয়ৰ এনে ৰায়দানে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৬ আৰু ৭ মহীষুৰ কৰিছে বুলি একাংশই দাবী প্ৰদান কৰিছে । তেওঁ যুক্তিযুক্ততা কৰিছে যে ৬ এ ধাৰাই প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে বৈষম্যমূলক নীতি আৰু অনুচ্ছেদ ১৪ সমতাৰ অধিকাৰ উলংঘা কৰিছে বুলি উত্থাপন কৰিছে । তাৰোপৰিওঁ  অসমীয়া জন-জাতীয় তথা আৰ্থসামাজিক ,ভাষা ,সংস্কৃতি অধিকাৰৰ অনুচ্ছেদ ২৯ কো উলংঘা কৰিছে বুলি একাংশৰ তীব্ৰ বিৰোধিতা কৰিছে । 

ন্যায়ধীশ পাৰ্দিশালাৰ মন্তব্যঃ

ৰায়দানৰ সময়ছোৱাত ন্যায়ধীশ পাৰ্দিশালাই মন্তব্য কৰে যে পূৰ্ৱতে  ৬ এ ধাৰা সকলোৰ বাবে গ্ৰহণযোগ্য আছিল যদিওঁ বৰ্তমানৰ  অবৈধ প্ৰব্ৰজনকাৰীক ৰোধ কৰিব পৰা নাই সেয়ে তেখেতে মন্তব্য দিয়ে যে  ৬ এ ধাৰা(Section 6 A) হৈছে অসাংবিধানিক। 

এই ৰায়দানৰ প্ৰভাৱ

◼ভাৰতলৈ অহা অনুপ্ৰৱেশকাৰীক স্বীকৃতি।

◼অসমীয়া পৰিচয় /চিনাকী সংৰক্ষণ।

◼ভাতৃত্ববোধ আৰু এক্যতাৰ  সংৰক্ষণ ।

ভাৰত তথা অসমৰ যুৱপ্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ বহল সুবিধা।

◼অৰ্থনৈতিক সবলৰ কামনা লগতে জনসংখ্যা ৰোধ।অপৰাধ আদি।

সামৰণিঃ-

উপৰোক্ত লেখাটিয়ে বৰ্তমানৰ সাম্প্ৰতীক সময়ৰ লগত জড়িত লেখা ,ঘাইকৈ দুদিনৰ আগতে খুউব ট্ৰেণ্ডিঙত থকা বাতৰি Assam's Reaction to Supreme Court On Verdict,Supreme Court Upholds to Section 6A of Citizenship Amendment Act as a valid law.,Whats Section 6A Citizenship Amendment Act,Supreme Court Declare as a law of Section 6 A,আজি উচ্চতম ন্যায়লয় ৬ এ ধাৰাৰ সমৰ্থনৰ ৰায়দান,সুপ্ৰিম কোৰ্থৰ নাগৰিকৰ ৰায়দান। লেখাটিত Section 6 A,Citizenship Amendment কি  হয়, অথবা ভাৰতৰ নাগৰিকত্ব কেনেকৈ লাভ কৰিব পাৰি চমুকৈ দুশাৰী লিখাৰ প্ৰয়াস কৰা হৈছে ।আপোনালোক পৰীক্ষা যেনে অসম চৰকাৰৰ APSC(Assam Public  Survice Council),Assam Direct Recruitment,ভাৰত চৰকাৰ  যেনে UPSC,SSC,RRB,Bank Po বিভিন্ন পৰীক্ষামূলক Current Affairs ৰ বাবে সহযোগী হ'ব বুলি আশা কৰিছো ।

.



Share:

শনিবৰীয়া"নিয়ৰ"১.০/নতুন তথ্য অসমীয়া Notun Tathya Asomiya


নতুন তথ্য অসমীয়া ৱেবচাইটলৈ আপোনালোকক আদৰণি জনাইছো,,আমাৰ এই ৱেবচাইটত প্ৰথম প্ৰচেষ্টা প্ৰতিটো শনিবাৰে আমাৰ তৰপৰ "শনিবৰীয়া নিয়ৰ"সম্ভাৰটি সজোৱা হৈছে । খুবেই নবীন ৱেবচাইট,সেয়ে শিতানৰ সংখ্যা ঠাকৰ। আপোনাৰ লেখা সমুহ কাষৰ Notun Tathya Asomiya শব্দটোত ক্লিক কৰিলে প্ৰেৰণ কৰিবলৈ ঠিকনাটো পাব।আমি শনিবৰীয়া শিতানত কবিতা,গল্প,প্ৰবন্ধ প্ৰকাশ কৰিবলৈ চেষ্টা কৰো ।

Share:

খেল মহাৰণ(Khel Maharan) 2.0

 আপোনালোকে উদ্ধৃত শিৰোনামাখন পঢ়ি নিশ্চয় অনুমান কৰিব পাৰিছে যে আমি কাৰ বিষয়ে অৱগত কৰিব বিচাৰিছো। শেহতীয়াকৈ অনুষ্টিত  হ'ব লগীয়া খেল-মহাৰণৰ বিষয়ে চমুকৈ হাত ধৰিছো ।আপোনালোকে হ'য়তো ইয়াৰ বিষয়ে বাতৰি কাকত,টিভি আদি বাতৰিসমুহত নিশ্চয় দেখিছা হ'য়তো পৌৰসভা বা গাওঁপঞ্চায়তে প্ৰচাৰ কৰা নিশ্চয় দেখিছে । আজিৰ এই লেখাটি তাৰেই সৰু এটি প্ৰয়াস॥

wrt©Sp

khel Maharan

আৰম্ভণি

ক্ৰীড়া হৈছে মানৱ জীৱনৰ এটা প্ৰয়োজনীয় অংগ।সমাজ অথবা এখন দেশ আৰু আন এখন দেশক একত্ৰিত কৰা এটা চক্ৰ।পৃথিৱীত খেলৰ আৰম্ভনিয়ে মানুহৰ মাজত এক সম্বন্ধৰ আলোড়ণ সৃষ্টি কৰিছিল। ঠিক তেনেদৰে বিশ্বৰ বৰ্তমান প্ৰেক্ষাপটত খেল মহাৰণে অসমৰ প্ৰান্তে প্ৰান্তে থকা যুৱ সমাজক নতুন প্ৰগতিৰ বাট মুকলি কৰিলে। য'ত সমাজত দ্ৰুত গতিত বাঢ়ি অহা ঋণাত্মক খেল সমূহে যুৱ চামক প্ৰলোভনৰ পাকত পেলাই আকৰ্ষিত কৰিছিল ঠিক সেই কালছোৱাতে খেল মহাৰণে নতুন ঢৌৰ সৃষ্টি কৰিলে। মানৱ দেহক সুস্থ আৰু সবল কৰি তুলিবলৈ খেল মহাৰণে অভূতপূৰ্ব ভূমিকা গ্ৰহণ কৰিছে।

খেল মহাৰণ

ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত  হোৱা খেল ইণ্ডিয়াৰ পৰা অনুপ্ৰাণিত হৈ অসম চৰকাৰে অসমৰ উঠি অহা যুৱ চামক খেলত অন্তৰ্ভুক্তি কৰিবলৈ খেল মহাৰণ নামৰ নতুন এটা ভিজিয়নৰ সৃষ্টি কৰে। খেল মহাৰণত মুঠ ৫২ লাখ ছাত্ৰ ছাত্ৰীয়ে পঞ্জীয়নভুক্ত কৰে। খেল মহাৰণ অসমৰ উজনিৰ পৰা ধৰি নামনি লৈকে বিস্তাৰ হোৱা এটা জাগৰণ। খেল মহাৰণৰ প্ৰথমটো  স্তৰত ছয় খন খেল হে অন্তৰ্ভুক্ত কৰিছিল। পিছলৈ নিউ এডিচন (  New Addition)  হিচাপে চাইক্লিঙক অন্তৰ্ভুক্ত কৰে।

খেল মহাৰণৰ উদ্দেশ্য :

অসম ৰাজ্য চৰকাৰে  নিজৰ ৰাজ্যৰ লৰা-ছোৱালীসকলৰ মাজত খেল সজাগত কৰিবলৈ ২০২৩ চনৰ ১ নৱেম্বৰৰ পৰা আৰম্ভ কৰিছিল। এই খেলত ১৯ ৰ তলত আৰু ১৯ৰ ওপৰৰ সকলোৱে অংশ গ্ৰহণ কৰিব পাৰে।
খেল মহাৰণৰ উদ্দেশ্য হৈছে অসমৰ চুকে কোনে থকা শিশু সকলক বাহিৰৰ ক্ৰীড়া জগতলৈ লৈ অনাৰ প্ৰয়াস। গ্ৰামাঞ্চলৰ সকলো লৰা ছোৱালীক নিজৰ প্ৰতিভাৰ প্ৰতিভা দেখুৱাবলৈ অসম চৰকাৰে কৰা প্ৰচেষ্টা।

খেল মহাৰণৰ খেলৰ তালিকা সমূহ:


১) ভলীবল
২) সাঁতোৰ
৩) ডবা
৪) ফুটবল
৫) কাবাডী
৬) এথলেটিক্স
৭) চাইক্লিং 

খেল মহাৰণ


খেলুৱৈ বাছনি কৰাৰ প্ৰক্ৰিয়াঃ

বাছনি প্ৰক্ৰিয়া অঞ্চলঅনুসৰি যেনে পৌৰসভা আৰু গাওঁপঞ্চায়ত অনুসৰি বাছনি কৰা হ'য়। গাওঁ পঞ্চায়তে কোনোবা এখন গাওঁৰ বিদ্যালয়ৰ খেল পথাৰত আয়োজন কৰা হ'য়। ঠিক একেইদৰে নগৰ অঞ্চলতো। প্ৰতিটো গাওঁপঞ্চায়তত নিৰ্বাচিত হোৱা সকলে আৰু নগৰৰ বিজয়ী খেলুৱৈ সকলে অৰ্থাৎ দুখন গোঠে এটা খেলপথাৰত চূড়ান্ত খেলত অৱতীৰ্ণ হ'ব লগীয়া হ'য় আৰু এই খেলত  বিজয়ীজনে গুৱাহাটী বা অসমৰ কোনো এখন খেলপথাৰত চূড়ান্ত পৰ্যায়ত অৱতীৰ্ণ হ'ব লগীয়া হ'য়।

তত্ত্ববধায়কঃ -Department of Sports s youth welfare Assam Government  ৰ অধীনত খেলখন পৰিচালনা কৰা হ'য়।

খেল মহাৰণ কিয় প্ৰয়োজন?


খেল মহাৰণৰ উদ্দেশ্যক আঁত ধৰি চৰকাৰে গাঁৱলীয়া অঞ্চলৰ প্ৰতিভাশালী লৰা ছোৱালীক বাহিৰৰ জগতলৈ লৈ অনাৰ প্ৰয়াস। যিহেতু গ্ৰামাঞ্চলত তেনে বহু লৰা ছোৱালী আছে যি খেলৰ সামগ্ৰী অথবা নিজৰ প্ৰতিভাক ভালকৈ প্ৰদৰ্শন কৰিবলৈ মঞ্চ নাপায়। তেনেস্থলত সেই লৰা ছোৱালীবোৰ নিজৰ প্ৰতিভাৰ পৰা থমকি ৰৈ থাকিব লগীয়া হয়। সেই অনুযায়ী চৰকাৰে সেই সমস্যা বোৰক গুৰুত্ব প্ৰদান কৰি খেল মহাৰণ নামে ২.০ নামে আকৌ দ্বিতীয় সংস্কৰণৰ পাতনি মেলে।

খেল মহাৰণত কেনেকৈ নিজৰ নাম পঞ্জীয়ন কৰিব?


নিজৰ নাম পঞ্জীয়ন কৰিবলৈ হলে প্ৰাৰ্থীয়ে পোন প্ৰথমে গাঁৱৰ জনা শুনা ব্যক্তিক সুধি লৈ অথবা গাঁৱৰ পঞ্চায়তৰ সম্পাদকক সুধি পঞ্জীয়নৰ ব্যৱস্থা সমূহ কৰি লব। নতুবা khel Maharan বুলি ৱেবছাইটত চাই লব পাৰিব।

সময়সীমা:


প্ৰতিটো লৰা ছোৱালীৰ বয়স ১৯ তলৰ হব লাগিব।

সামৰণি

জীৱনত জীয়াই থাকিবলৈ শাৰিৰীক ব্যাম কৰাৰ নিতান্তই প্ৰয়োজন ।মানৱ দেহৰ অংগবোৰ সুচাৰুৰূপে পৰিচালিত হ'ব শাৰিৰীক ব্যামৰ বাবে দৈনন্দিন জীৱনত খেল-ধেমালীয়ো অতিকৈ দৰকাৰ । ওপৰোক্ত লেখাটিত খেল বিষয়েই উনুকিয়াইছে ,চৰকাৰে খেল-মহাৰণৰ জৰিয়তে গাওঁ নগৰে থকা লৰা-ছোৱালীক বিশ্ব পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে ।


Share:

ভাৰতৰ ৰাজধানী নতুন দিল্লীত বায়ু প্ৰদুষণ ভয়াৱহতাৰ কাৰণ

 ভাৰতৰ ৰাজধানী নতুন দিল্লীত বায়ু  প্ৰদুষণ ভয়াৱহতাৰ কাৰণ

ভাৰতৰ ৰাজধানী নতুন দিল্লীত বায়ু  প্ৰদুষণ ভয়াৱহতাৰ কাৰণ


পৰিৱেশ প্ৰদুষণৰ অন্যতম ভাগ হ'ল বায়ু প্ৰদুষণ । বৰ্তমান সময়ত বিশ্বতে অতিকৈ প্ৰদূষণ হৈছে বায়ু প্ৰদূষণ যাৰ ফলত এনে প্ৰদূষন ৰোধ কৰিবলৈ বিশ্বৰ গোটেই কেইখনমান দেশে মিলি যেনে য Conference of People ৰ দৰে সংস্থাৰ জৰিয়তে ৰোধ কৰাৰ প্ৰচেষ্ঠা চলাইছে ।
প্ৰতিবছৰে দিল্লীৰ বায়ুৰ গুণাগুণ বৃদ্ধি হোৱাতো আটাইতকৈ লক্ষণীয় ।লাহে লাহে গুণাগুন বৃদ্ধিয়ে  মহামাৰীৰ দৰে বিৰল প্ৰভাৱ পেলোৱাৰ আশংকা।এনে বৃদ্ধিয়ে দিল্লীৰ দিনৰ সংখ্যা হ্ৰাস কৰিছে যোৱা ২০১৬ চনৰ পৰা ২০২৪ চনলৈ মুঠ দিন সংখ্যা ১২১ টালৈ হ্ৰাস পাইছেগৈ । এনেক্ষেত্ৰত ৰাজহুৱা আৰু ব্যক্তিগত উদ্যোগকেন্দ্ৰ সচেতন হোৱাতো অতিশয়েই আৱশ্যকীয়।
দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে কয় যে দিল্লীত বায়ু প্ৰদুষণৰ অন্যত্বম কাৰণ চুবুৰীয়া ৰাজ্যত জ্বলোৱা মাত্ৰাধিক কৃষি আৱৰ্জনাৰ বাবে শোচনীয় হৈছে দিল্লীৰ বায়ুমণ্ডল।তেওঁৰ ভাষ্যত সদৰী কৰিছে যে পঞ্জাৱত ১২৫১ খন খেতি পথাৰত আৱৰ্জনাসমুহ জ্বলোৱাৰ তেনে প্ৰদূষণ সৃষ্টি হোৱাৰ অন্যত্বম কাৰণ ।
ভাৰতৰ ৰাজধানী নতুন দিল্লীত প্ৰদুষণৰ মাত্ৰা প্ৰাদুৰ্ভাৱ বাবে বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে । যাৰ ফলত  দিল্লী কৰ্মচাৰী লগতে স্কুল,কলেজ,মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে ঘৰত বহি অধ্যয়ণ কৰা আৰু কাম কৰাৰ দাবী জনাইছে সেই হেতুকে ভাৰতৰ চৰকাৰৰ পৰিৱেশ মন্ত্ৰী গোপাল ৰায়ে অনুমতি প্ৰধান কৰিছে ।এনে পৰিপ্ৰেক্ষিতত জৱাহৰ  নেহেৰু বিশ্ববিদ্যালয়ে অনলাইন যোগে পাঠদান কৰাৰ সিদ্ধান্ত লৈছে।
বৰ্তমান সময়ত দিল্লী কৃত্ৰিমতা কুৱঁলিয়ে আৱঁৰি ৰাখিছে ,যাৰ ফলত বিভিন্ন জনৰ বিভিন্ন সমস্যাত ভুগিব লগীয়া হৈছে।
বায়ু প্ৰদুষন হ্ৰাস কৰিবলৈ চৰকাৰে ঘৰতে বহিয়েই কাম কৰিবলৈ অনুমতি প্ৰদান কৰিছে ।
কেন্দ্ৰীয়  প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ মতে বৰ্তমানৰ ভাৰতৰ ৰাজধানী নতুন দিল্লীত বায়ুৰ গুনাগুণৰ সূচাংক ৪৭১ হয়।চমুকৈ বায়ুৰ গুণাগুণ কেনেকৈ নিৰ্নয় কৰা হয়,যেতিয়া পৰিৱেশ তথা এটা অঞ্চলত PM10,PM2.0,নাইট্ৰেজন অক্সাইড(NO2),ছডিয়াম অক্সাইড(So2),কাৰ্বন ডাই অক্সাইড(Co),লেড(pb),মিথেন(NH3),অজন(O3) আদি গেছসমুহ মিশ্ৰিত হৈ থাকে তেতিয়া AQI য়ে এই ভিত্তিত গেছৰ গুণাগুণ মাপন কৰা হ'য়।Air Quality Index  আৰম্ভণি হৈছিল ২০১৪ চনত পৰিৱেশ বন্যপ্ৰানী আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰানালয়ৰ অধীনত ,সংবিধানৰ ভাষাত ই এটা statutory body অৰ্থাৎ এটা আইনৰ জৰিয়তে ৰূপায়িত হোৱা শাখা।

Delhi pollution


২০ নৱেম্বৰ বুধবাৰৰ AQI(Air Quality Index) য়ে দিয়া চহৰ কেইটাৰ বায়ুৰ গুণাগুণৰ মাত্ৰাসমুহ ক্ৰমে


AIR POLLUTED CITY

AIR QUALITI VALUE

আলিপুৰ

৪৯০

আনন্দলোক

৫০৪

আনন্দপ্ৰবাত

৫৯১

অশোকবিহাৰ পৰ্যায়১ আৰু

২ক্ৰমেঃ-৫২২ আৰু ৫২৭

দিল্লীকেন্ট

২৫৮

বৃহত্তৰ কৈলাছ

২৫৬

জিটিবি নগৰ

৬১৭



এই বায়ুপ্ৰদূষণৰ ফলত হাওঁফাওঁৰ ৰোগকে ধৰি চৰ্ম ৰোগলৈকে একাধিক ৰোগত দিল্লীৰ জনসাধাৰণ আক্ৰান্ত হোৱাটো প্ৰায় নিশ্চিত বুলি দাবী কৰিছে। এনেক্ষেত্ৰত বায়ু প্ৰদূষণৰ সময়ছো‍ৱাত হ'বলগীয়া ৰোগ বা বেমাৰ চিকিৎসাৰ বাবে স্বাস্থ্যবিভাগক বিশেষ চিকিৎসকৰ দল গঠন কৰিবলৈ নিৰ্দেশ।বিভাগটোক দৈনিক স্বাসজনিত আৰু অপিডি,আন্তঃজনিত ৰোগসমুহ তত্ত্বাৱধান কৰিবলৈয়ো নিৰ্দেশ দিছে। চিকিৎসক বা স্বাস্থ্যবিভাগে মাস্ক পৰিধান কৰিয়ে বাহিৰলৈ ওলোৱাৰ পৰামৰ্শ প্ৰদান কৰিছে ।

ভাৰতৰ ৰাজধানী নতুন দিল্লীত অধিকত্বমভাৱে বায়ুপ্ৰদূষণ হোৱাৰ কাৰণ
(ক) অধিক ভাৱে যান-বাহনৰ ধুৱা নিৰ্গমন
(খ)নতুন নতুন বিল্ডিঙৰ নিৰ্মান কাৰ্য।

দিল্লী চৰকাৰ প্ৰদুষণ ৰোধ কৰাৰ প্ৰচেষ্ঠা
(ক)প্ৰদূষণৰ এনে সময়ত ১৫খন বিমানৰ অৱতৰণৰ স্থান জয়পুৰ,লক্ষ্ণৌলৈ সলনি।
(খ)বন্ধ নিৰ্মাণকাৰ্য,ঘৰ-দুৱাৰ ভঙাত নিষেধাজ্ঞা।
(গ)ট্ৰাকসহ বাণিজ্যিক গাড়ীৰ চলাচক নিষিদ্ধ।
(ঘ) আনহাতে দিল্লীস্থিত উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ অগাষ্টিন জৰ্জ মাছিফৰ বিচাৰপীঠত এনে পৰিস্থিতিৰ বাবে দিল্লীসমীপৱৰ্তী ৰাজ্যসমূহত শেহতীয়াকৈ"গ্ৰেপ-৪"নিষেধাজ্ঞাৰ নিৰীক্ষণ কৰিবলৈ সমিতী গঠন কৰিবলৈ নিৰ্দেশ দিয়ে।
(ঙ)একাধিক ক্ষেত্ৰত air quality index হে পুৰণি গাড়ী আৰু পুৰণি ডিজেল ব্যৱহাৰ নিষেধাজ্ঞা কৰাত,বাসিন্ধাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বলবৎ কৰে।
(চ)এনে ক্ষেত্ৰত বৈদ্যুতিক ই-বাহন অতি উত্তম।

Way foreward of delhi air pollution
আমি সকল নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰিব নালাগে,আমি সকলোৱে ইয়াৰ প্ৰতি সচেতনতা হ'ব লাগে,যধে-মধে যিকোনো আৱৰ্জনাসমুহ জ্বলাব নালাগে । পৰাপক্ষত ডিজেল/পেট্ৰল জাতীয় বাহনবোৰ কমকৈ ব্যৱহাৰ কৰিব লাগে ।শেষত AQI উলিওৱা নীতি
One Number, One Colour ,One Description টো প্ৰত্যেকজনৰ জীৱনত ৰূপায়ণ কৰিব লাগে ।

Share:

যোগাদ্ৰষ্ট-This visionary Sri Sri Pitambhar Dev Goswami

 

Yogadrastha The Assamese movie
Yogadrastha The Assamese movie

লেখা-তপন পায়েং/কাৰ্চাং তাকাৰ

কথাছবি

ছবিয়ে যেতিয়া কথা কবলৈ আৰম্ভ কৰে ,সেইয়াই কথাছবি। কথাছবি বা চিনেমাৰ জৰিয়তে মানুহে  হাহেঁ ,কান্দে আৰু আনন্দ উপভোগ কৰে । বৰ্তমান যুগত কথাছবিৰ সংখ্যা অসীম।ইয়াৰে কিছুমান মুখে মুখে জনপ্ৰিয় যেনে মিছন চাইনা,শ্ৰীৰঘুপতি,বিদুৰভাই কিছু অখ্যাত যেনে যোগদ্ৰষ্টা ।


যোগদ্ৰষ্টাৰ বিষয়ে 

শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী জীৱন কাহিনীকলৈ আধাৰিত এটি ২০১৩ চনত মুক্তি পোৱা চিনেমা । চিনেমাখনৰ চিত্ৰনাট্য সুমন দুৱৰা,সম্পাদনা ৰমেন বৰুৱা,শব্দ মিশ্ৰন অম্ৰিত প্ৰীতম,সংগীত অনুৰাগ শইকীয়া,সহপৰিচালক জয়ন্ত চৌধুৰী,অভিনয়ত জনপ্ৰিয় তথা প্ৰয়াত গুণ মহন্ত,ৰবী হাজৰিকা ইত্যাদি।

শ্ৰী শ্ৰী পীতাম্বৰ দেৱৰ জন্ম হৈছিল ১৮৮৫ চনত আৰু মৃত্য হৈছিল ১৯৬৯ চনত । এই বোলছবিখনত কেনেকৈ নিৰ্মালী গ্ৰহণ কৰা হৈছিল তাৰ বিষয়ে পোৱা গৈছিল।নিৰ্মালীমানে সত্ৰধিকাৰী হিচাপে গ্ৰহণ কৰা আনুষ্টানিক কাৰ্য। শৈশৱৰ সময়ছোৱাতে সংস্কৃতমূলীয় তত্ত্বৰ জ্ঞাণ আহৰণ কৰিব পাৰছিল ।তেওঁৰ জন্মৰ সময়ছোৱাৰ পৰা মৃত্যুৰ সময়ছোৱালৈ ভাৰতৰ স্বাধীনতা আন্দোলন তথা স্বাধীনতা আন্দোলনৰ প্ৰাকক্ষণত সংঘটিত হোৱা আন্দোলনসমুহ অনুমান কৰিব পাৰি। যেনে ,১৯০৫ চনৰ পিছৰ স্বদেশী আন্দোলন,অসহযোগ আন্দোলন,ভাৰতত্যাগ আন্দোলনৰ বিষয়ে প্ৰমাণ  পাব পাৰি । 

          বোলছবিখনত,জাতিৰ পিতা মহাত্মা গান্ধী জনপ্ৰিয়তাৰ বিষয়ে পাব পাৰি । তেখেতৱ মহাত্মা গান্ধীক মহাৰাজা গান্ধী বুলি সন্মান কৰিছিল । মহাত্মা গান্ধী আৰু পীতাম্বৰ দেৱ গোস্বামীৰ মাজত কিছু মতানৈক্য সাদৃশ্যতা আছিল যেনে মহাত্মা গান্ধীৰ মূলনীতি আছিল"অহিংসাই পৰম ধৰ্ম" আনহাতে পীতাম্ৱৰ গোস্বামীৰ ধৰ্মনীতি আছিল অহিংসই পৰম ধৰ্ম,জীৱজন্তুক মৰম কৰা,সকলোশ্ৰেনীৰ মানুহক সমান বুলি ঠাই দিয়া। যোগদ্ৰষ্টতাত দেখুওৱা হৈছে যে যোৰহাট-মাজুলী কোনোবা এটা অঞ্চলত বৃটিছৰ মাটিৰ কৰ লোৱাৰ বৰ্বৰতাৰ বিষয়েপোৱা গৈছ। এনে কাৰণ পীতাম্বৰ দেৱ গোস্বামীৰ সৈতে কিছুমানুহে আলোচনাত মিলিত আলোচনা কৰা হৈছিল বৃটিছৰ বিৰুদ্ধে আন্দোলন কৰা হওঁক ,কিন্তু পীতাম্বৰ দেৱ গোস্বামীয়ে এৈ আন্দোলন স্থগিত কৰা হৈছিল ।আৰু এটা সঠিক সময়লৈ বাট চাবলৈ কৈছিল ।


যোগদ্ৰষ্টাত সামাজিক দৃষ্টিভংগী


আলোচনাত আলোচ্যত আন্দোলন স্থগিত কৰাৰ কাৰণ সম্ভৱত আছিল যে ১৯২১ চনৰ অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ এবছৰ পাছত ১৯২২ চনত চৌৰাচৌৰিত হিংসামূলক কাৰ্য সংঘটিত হৈছিল।এই ঘটনাৰ পাছত ভাৰতৰ কিছু আগশাৰী নেতাসকলে দেশৰ কিছু ভিতৰুৱা গাওঁ অঞ্চলত সংস্কাৰমূলক কাৰ্য কৰিব লৈছিল। সেয়ে এই আলোচনাৰ সময়ত শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে কৈছিল যে আমি হাতত ডাঙৰ কাম এটা আৰম্ভ কৰাৰ আগতে আমি আমাৰ সমাজখনক সংস্কাৰ প্ৰথমে কৰিব লাগিব,অন্ধবিশ্বাস,জাতিপ্ৰথা,মদ সেৱন কৰা কাৰ্যৰ পৰা আতৰাই অনা । এই সময়ত ঘাইকে জুৰুলা হৈ আছিল,সৰু জাতৰ মানুহে বনোৱা খাদ্যত সংকোচ কৰা,নিম্ন শ্ৰেনীৰ মানুহে স্পৰ্শ কৰিলে পানী ছটিওঁৱা কাৰ্য এনে শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামীয়ে এনে কাৰ্যসমুহ ঘাইকৈ গুৰুত্ব দিছিল। সমাজত জৰ্জৰিত হৈ থকা কাৰণ সমুহ সমাধান কৰি সকলোকে একত্ৰিত কৰিলেহে স্বাধীনতা সহয হ'ব বুলি বিশ্বাস কৰিছিল।


মহিলা সবলীকৰণ আৰু কলা-সংস্কৃতিত পীতাম্বৰ দেৱ গোস্বামীৰ ভুমিকা


পুৰুষ প্ৰধান সমাজত  কন্যাসন্তানক শিক্ষিত কৰিবলৈ চেষ্টা কৰিছিল ।তাৰোপৰি পীতাম্বৰ দেৱ গোস্বামীয়ে জেলৰ পৰা ওলাইয়ে কাৰ্বি অঞ্চলত একৈছটা বিদ্যালয় স্থাপন কৰিছিল ।কলা-সংস্কৃতিত অসমত প্ৰথমবাৰৰ বাবে নাটকত ভাওঁ দিবলৈ পোষকতা কৰা হৈছিল । তাৰোপৰিওঁ, বৰ অসম গঢ়িবলৈ অসমৰ জনজাতিয় ভাষা মিচিং,বড়োত বৰগীত ৰচনা কৰাত উৎসাহিত কৰে ।আনহাতে এই কথাছবিখনত মিচিঙৰ বৰেণ্য ব্যক্তি তৰুণ চন্দ্ৰ পামেগাম তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদকজনৰ বিষয়ো পোৱা গৈছে।


শেষত

এই  কথাছবিখন অসম তথা ভাৰতত বৃটিছৰ কবলত হত্যাচাৰ জৰ্জৰিত,সামাজি বৈষম্যতা আদিসমুহ সুন্দৰ বাবে প্ৰতিফলিত হৈছে তাৰোপৰিওঁ এই কথাছবিখনত লিংগ বৈষম্যতা দূৰ কৰা,নাৰী সবলীকৰণ,কলা-সংস্কৃতি বিকাশ কৰাত যথেষ্টভাৱে ছবি প্ৰতিফলিত হোৱা দেখা গৈছ।

Share:

কাজিৰঙাক বিশ্ববিখ্যাত কৰা ব্যক্তিজন - মুহি চন্দ্ৰ মিৰি,Kaziranga National Park India

 কাজিৰঙাক  বিশ্ববিখ্যাত  কৰা  ব্যক্তিজন -  মুহি চন্দ্ৰ মিৰি 

কাজিৰঙাক বিশ্ববিখ্যাত কৰা ব্যক্তিজন - মুহি চন্দ্ৰ মিৰি,Kaziranga National Park India


মুহিচন্দ্ৰ মিৰিৰ জন্ম

মিচিং সমাজৰ প্ৰথন গৰাকী বিজ্ঞান স্নাতক মুহি চন্দ্ৰ মিৰি। যাৰ নামেই এক পৰিচয়, মিচিং জাতিৰ এক স্বকীয় সত্তা। মিচিং জনগোষ্ঠীৰ এক বর্ণিল ব্যক্তিত্ব। তেখেতৰ জন্ম হৈছিল ১৯০২ চনত লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত খেৰকটা আলিমূৰ গাঁৱত। তেওঁৰ পিতৃৰ নাম দলে পাতিৰ আৰু মাতৃৰ নাম আছিল পঞ্চমী পাতিৰ। দলে পাতিৰ এজন সহজ-সৰল ধার্মিক ব্যক্তি আছিল। খেৰকটা এক বানাত্রান্ত অঞ্চল। বানপানীয়ে প্রতি বছৰে প্লাৱিত কৰে এই অঞ্চল। বানত ডুব যায় খেতি-পথাৰ, ঘৰ-বাৰী আৰু বার্ষিক সঞ্চয়ৰ থলী ভঁৰাল। এনে এক অঞ্চলৰ পৰাই তেখেতে নিজৰ প্ৰতিভা বিকশিত কৰি মিচিং জনগোষ্ঠীৰ এজন প্রোজ্বল ব্যক্তিত্ব হিচাপে নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিব পাৰিছিল। সেই সময়ত খেৰকটা গাঁৱত শিক্ষা-দীক্ষা লাভ কৰাৰ কোনো সুবিধা নাছিল। দলে পাতিৰ এজন দূৰদৰ্শী ব্যক্তি আছিল। তেখেতে পুত্রদ্বয় মুহি চন্দ্ৰ মিৰি (পাতিৰ) আৰু ৰজনীকান্ত পাতিৰক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবৰ বাবে শিৱসাগৰ টাউন চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ত নামভৰ্ত্তি কৰি দিছিল। তেখেতে পুত্ৰসকলৰ উচ্চ শিক্ষা লাভৰ সুবিধা হোৱাকৈ শিৱসাগৰত এডোখৰ মাটি কেৰেয়াত লৈ খেৰৰ এটা ঘৰ সাজি তাতে পুত্ৰসকলক থাকিব দিছিল। 

মুহিচন্দ্ৰ মিৰিৰ শিক্ষা

তেখেতে ১৯২৩ চনত প্রথম বিভাগত মেট্রিক পাছ কৰে। ১৯২৭ চনত তেখেতে কটন মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত সন্মানসহ চতুর্দশ স্থান লাভ কৰি বিজ্ঞানৰ স্নাতক হয়। তেখেতে মিচিং জনগোষ্ঠীৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্রী লাভ কৰা প্ৰথমজন ব্যক্তি।  ১৯২৯ চনৰ ৪ জানুৱাৰী তাৰিখে চাইমন কমিচন ছিলং পৰিদৰ্শন কৰিবলৈ আহে। অসম প্ৰদেশৰ উন্নতিকল্পে সোনাধৰ সেনাপতিৰ নেতৃত্বত এক আঠজনীয়া কমিটিয়ে চাইমন কমিচনৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান কৰিছিল। এই কমিটিৰ দুজন অগ্ৰণী সদস্য আছিল নীলকান্ত হাজৰিকা (ড০ ভূপেন হাজৰিকাদেৱৰ পিতৃ) আৰু মুহি চন্দ্ৰ মিৰি। মুহি চন্দ্ৰ মিৰিৰ মেধাৱী আৰু কর্মপিপাসু গুণাবলীৰ প্ৰতিভা দেখি আকৰ্ষিত হৈ সোনাধৰ সেনাপতি ডাঙৰীয়াই বৰজোৱাই হিচাপে বাচনি কৰি ইন্দিৰা সেনাপতি ওৰফে ইন্দিৰা মিৰিক বিয়া দিয়ে। বৰ্তমান সময়ত পদ্মশ্ৰী বঁটা প্ৰাপক ইন্দিৰা মিৰিক প্ৰত্যেকজন ব্যক্তিয়ে জানে ।  হাবি জংঘলেৰে পৰিপূৰ্ণ ঠাই, বাট- পথ নথকা অৰুণাচল প্ৰদেশৰ বহু ভিতৰুৱা অঞ্চল 'নেফা'ত চাকৰি কৰি শিক্ষাৰ প্ৰচাৰ চলাই, স্কুল-কলেজ স্থাপন কৰি অসমৰ শিক্ষিত ডেকা সকলক লগত লৈ তাত শিক্ষাৰ পোহৰ বিলোৱা কামত অশেষ কষ্ট ত্যাগ কৰা সাহসী মহিলা আছিল তেওঁ। ১৯২৯ চনত মুহি চন্দ্ৰ মিৰি আৰু মাধৱ ভট্টাচার্য বনসেৱা বিভাগৰ পৰীক্ষাত উত্তীর্ণ হোৱা প্রথম অসমীয়া ব্যক্তি। তেখেত সকলৰ আগত জ্যোতির্ময় বেনার্জী কটনীয়ান হিচাপে বন সেৱা বিভাগত মকৰল হ'লেও তেওঁ অসমৰ বাসিন্দা নাছিল। ৰেংগুনস্থিত বন মহাবিদ্যালয়ত প্রশিক্ষণ সমাপ্তিৰ পিছত মুহি চন্দ্ৰ মিৰি ১৯৩১ চনত গুৱাহাটীৰ অতিৰিক্ত সহকাৰী বন সংৰক্ষক হিচাপে প্রথমে চাকৰিত যোগদান কৰিছিল। তাহানিৰ যুগত মিচিং সম্প্ৰদায়ৰ লোক সকলক অনা সম্প্ৰদায়ৰ লোক সকলে 'মিৰি' শব্দৰে সম্বোধন কৰিছিল। সেইবাবে মুহি চন্দ্ৰ পাতিৰদেৱক স্কুলৰ প্ৰমাণ পত্ৰত নামাকৰণ কৰা হ'ল মুহি চন্দ্ৰ মিৰি বুলি। মুহি চন্দ্ৰ মিৰি পাতিৰদেৱে ১৯৩৪ চনত কাজিৰঙা অভয়াৰণ্যৰ বাগৰী বনাঞ্চললৈ চাকৰি বদলি কৰাৰ পিছত অভয়াৰণ্যখন সংগঠিত ৰূপত জৰীপ চলোৱাৰ কামত বৃটিছ চৰকাৰে দায়িত্ব অর্পণ কৰিছিল। বিখ্যাত প্রকৃতিবিদ তথা অসম বনজ সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত বৃহৎ অৰিহণা যোগাওতা বৃটিছ এন.জে.মিল ৰয় চাহাবে মুহি চন্দ্ৰ মিৰি পাতিৰদেৱক কাজিৰঙা অভয়াৰণ্যখন ৰক্ষণাবেক্ষণৰ বাবে প্রধান সহায়কাৰী হিচাপে নিয়োগ কৰিছিল। ১৯৩৪ চনত বোম্বাই প্রকৃতি বুৰঞ্জী সংগ্রহালয়ে মিঃ মিল ৰায় চাহাবে লিখা 'অভয়াৰণ্য সংৰক্ষণ ভাৰত তথা অসম' নামৰ গ্ৰন্থখনত সুন্দৰভাৱে খতিয়ান দাঙি ধৰিছিল। মিঃ মিল ৰায় চাহাবে ১৯৩৮ চনত কাজিৰঙা অভয়াৰণ্যত পৰ্যটকৰ বাবে প্ৰথমে মুকলি কৰে আৰু একে সময়তে মুহি চন্দ্ৰ মিৰি পাতিৰদেৱৰ মাজত দুয়ো দুয়োকে ব্যক্তিগতভাৱে সান্নিধ্য লাভ কৰাৰ সুযোগ পাইছিল আৰু দুয়োজন ব্যক্তিয়েই মিলি কাজিৰঙাক নতুন ৰূপত সজাই তুলিবলৈ আঁচনি প্ৰস্তুত কৰাৰ সিদ্ধান্ত লয়।

মুহিচন্দ্ৰ মিৰিৰ কৰ্মজীৱন

 প্রখ্যাত ইংৰাজ প্রকৃতিবিদ মিঃ ই.পি.জি. চাহাবে লিখা বিখ্যাত পুথি 'ভাৰত বন্য প্রাণীৰ জীৱন' (Wild life of India) শীর্ষক গ্রন্থখনত তেওঁ ভাৰতীয় বন্য প্রাণীৰ প্ৰজাতিৰ প্ৰৱন্ধ প্রস্তুত কৰিছিল। মিঃ ই.পি.জি.চাহাবে বন্য প্রাণীৰ চাল-চলন আৰু প্ৰকৃতিৰ সম্পৰ্কে বিজ্ঞান ভিত্তিক অধ্যয়নৰ সূচনা কৰা সম্ভৱতঃ প্রথমজনা ব্যক্তি আছিল। মিঃ ই.পি.জি. চাহাব আৰু মুহি চন্দ্ৰ মিৰি পাতিৰদেৱে কাজিৰঙা অভয়াৰণ্যক উন্নয়ন আৰু সংৰক্ষণ পদ্ধতিত আকৃষ্ট হৈ দুয়ো দুয়োৰ প্রতি প্রশংসাত পঞ্চমুগ্ধ হৈ অৰণ্যখনক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰিবলৈ আপ্রাণ চেষ্টা চলাইছিল। দায়িত্ব আৰু কৰ্তব্য জীৱনৰ একমাত্র লক্ষ্য হিচাপে লৈ নিজৰ জীৱন ত্যাগ কৰি বিশ্বৰ মানচিত্ৰত স্থান লাভ কৰাৰ ক্ষেত্ৰত অগ্রণী ভূমিকা লোৱা এগৰাকী মহান সুদক্ষ বন বিষয়া আছিল। মহীচন্দ্ৰ মিৰিৰ বাবেই কাজিৰঙা অভয়াৰণ্যই আজি আন্তৰ্জাতিক পৰিচিতি লাভ সক্ষম হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙিয়া গঁড়ৰ বিষয়ে প্ৰথম তেখেতেই বিশ্বক অৱগত কৰিছিল । কাজিৰঙাৰ অৰণ্যত এটা টিলাৰ ওপৰত বহি বাইনকুলাৰ আৰু বন্দুক লৈ অৰণ্যৰ তদাৰক কৰিছিল । তেখেতে ১৯৩৯ চনত 'ব্লেক ফেভাৰ'ত আক্রান্ত হৈ অকালতে মৃত্যু হয়। মুহি চন্দ্ৰ মিৰিৰ মৃত্যু সময়ত শিক্ষিত, সাহসী, ধৈর্যশীল নাৰী, সকলোৰে পৰিচিত ইন্দিৰা মিৰিৰ গৰ্ভত থকা কণিষ্ঠ পুত্ৰ মৃনাল মিৰি পিতৃ মুখ নেদেকাকৈ ডাঙৰ দীঘল হৈ পিতৃৰ পৰিচয় গৌৰৱোজ্জ্বল নক্ষত্ৰৰ দৰে উজ্বলাবলৈ সক্ষম হৈ আজি মিচিং জনগোষ্ঠীৰ গৌৰৱ কঢ়িয়াইছে। কনিষ্ঠ পুত্ৰ মৃনাল মিৰি নেহুৰ সঞ্চালকৰ পদৰ কাম কৰাৰ উপৰিও শিমলাত থকা 'ইণ্ডিয়ান ইনষ্টিটিউট অব এডভান্স স্টাডিজ'ত ছয় বছৰ কাল সঞ্চালক হিচাপে কাম কৰিছিল। দেশৰ শিক্ষা জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেখেতক 'পদ্মভূষণ' সন্মানেৰে সন্মানিত কৰাৰ উপৰিও এই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০১২ চনৰ ২৮ জুনত তেওঁক ৰাজ্য সভাৰ সদস্য হিচাপেও মনোনিত কৰে। মুহি চন্দ্ৰ মিৰি (পাতিৰ)ৰ বৰপুত্ৰ উৎপল মিৰি অসম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰ ও ডাইৰেক্টৰ অৱ টেকনিকেল ইডুকেচনত কাম কৰিছিল। বৰ্তমান তেখেত অৱসৰ গ্রহণ কৰিছে। মুহি চন্দ্ৰ মিৰিৰ একমাত্র কন্যা প্রয়াত স্বপলা মিৰি বাইদেউ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিষয়ৰ প্ৰফেচাৰ আছিল। মুহি চন্দ্ৰ মিৰিৰ কনিষ্ঠ ভাতৃ ৰজনীকান্ত পাতিৰ অৰুণাচল প্ৰদেশৰ মুখ্য সচিব আছিল। Rajanikanta patir began his career with the Indian Frontier Administrative Services in the erstwhile North East Frontier Agency (NEFA) during the countries transition from British Raj to a national government. He retired as Chief Secretary. Arunachal Pradesh in 1982. His work as his Commitment to the development of Arunachal Pradesh throghout his career and beyond have made him a legendary figure in the region.প্রয়াত মুহি চন্দ্ৰ মিৰি পাতিৰে কাজিৰঙাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি অকালতে মৃত্যুবৰণ হোৱাত তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে ভাৰত চৰকাৰে মিকিৰ পাহাৰৰ এটা চূড়াত ১৯৭০ চনত 'মুহি চন্দ্র মিৰি টাৱাৰ' স্থাপন কৰিছিল। কিন্তু পৰিতাপৰ বিষয় যে উক্ত স্মৃতি স্তম্ভটো উন্নত ধৰণৰ হোৱা নাই। লগতে বর্তমান সময়ত স্মৃতি স্তম্ভটো আপ-দালৰ অভাৱ ঘটা পৰিলক্ষিত হৈছে। ফলত ঠাইডোখৰ বৰ্তমান হাবি জংঘলেৰে পৰিপূৰ্ণ হৈ পৰিছে। এই মুহি চন্দ্ৰ মিৰি স্মৃতি স্তম্ভটো অসম চৰকাৰে শংকৰদেৱ কলাক্ষেত্র আৰু ড° ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ দৰে ৰখাৰ ব্যৱস্থা কৰা হ'লে আজিও জিলিকি থাকিলেহেতেন । অসম চৰকাৰে পুনৰ কামবোৰ আৰম্ভ কৰিলে ভাল হ'ব বুলি আশা কৰিলোঁ । 

writter-মন্টুৰাম টাইদ 

Share:

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ