খেল মহাৰণ(Khel Maharan) 2.0

 আপোনালোকে উদ্ধৃত শিৰোনামাখন পঢ়ি নিশ্চয় অনুমান কৰিব পাৰিছে যে আমি কাৰ বিষয়ে অৱগত কৰিব বিচাৰিছো। শেহতীয়াকৈ অনুষ্টিত  হ'ব লগীয়া খেল-মহাৰণৰ বিষয়ে চমুকৈ হাত ধৰিছো ।আপোনালোকে হ'য়তো ইয়াৰ বিষয়ে বাতৰি কাকত,টিভি আদি বাতৰিসমুহত নিশ্চয় দেখিছা হ'য়তো পৌৰসভা বা গাওঁপঞ্চায়তে প্ৰচাৰ কৰা নিশ্চয় দেখিছে । আজিৰ এই লেখাটি তাৰেই সৰু এটি প্ৰয়াস॥

wrt©Sp

khel Maharan

আৰম্ভণি

ক্ৰীড়া হৈছে মানৱ জীৱনৰ এটা প্ৰয়োজনীয় অংগ।সমাজ অথবা এখন দেশ আৰু আন এখন দেশক একত্ৰিত কৰা এটা চক্ৰ।পৃথিৱীত খেলৰ আৰম্ভনিয়ে মানুহৰ মাজত এক সম্বন্ধৰ আলোড়ণ সৃষ্টি কৰিছিল। ঠিক তেনেদৰে বিশ্বৰ বৰ্তমান প্ৰেক্ষাপটত খেল মহাৰণে অসমৰ প্ৰান্তে প্ৰান্তে থকা যুৱ সমাজক নতুন প্ৰগতিৰ বাট মুকলি কৰিলে। য'ত সমাজত দ্ৰুত গতিত বাঢ়ি অহা ঋণাত্মক খেল সমূহে যুৱ চামক প্ৰলোভনৰ পাকত পেলাই আকৰ্ষিত কৰিছিল ঠিক সেই কালছোৱাতে খেল মহাৰণে নতুন ঢৌৰ সৃষ্টি কৰিলে। মানৱ দেহক সুস্থ আৰু সবল কৰি তুলিবলৈ খেল মহাৰণে অভূতপূৰ্ব ভূমিকা গ্ৰহণ কৰিছে।

খেল মহাৰণ

ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বত  হোৱা খেল ইণ্ডিয়াৰ পৰা অনুপ্ৰাণিত হৈ অসম চৰকাৰে অসমৰ উঠি অহা যুৱ চামক খেলত অন্তৰ্ভুক্তি কৰিবলৈ খেল মহাৰণ নামৰ নতুন এটা ভিজিয়নৰ সৃষ্টি কৰে। খেল মহাৰণত মুঠ ৫২ লাখ ছাত্ৰ ছাত্ৰীয়ে পঞ্জীয়নভুক্ত কৰে। খেল মহাৰণ অসমৰ উজনিৰ পৰা ধৰি নামনি লৈকে বিস্তাৰ হোৱা এটা জাগৰণ। খেল মহাৰণৰ প্ৰথমটো  স্তৰত ছয় খন খেল হে অন্তৰ্ভুক্ত কৰিছিল। পিছলৈ নিউ এডিচন (  New Addition)  হিচাপে চাইক্লিঙক অন্তৰ্ভুক্ত কৰে।

খেল মহাৰণৰ উদ্দেশ্য :

অসম ৰাজ্য চৰকাৰে  নিজৰ ৰাজ্যৰ লৰা-ছোৱালীসকলৰ মাজত খেল সজাগত কৰিবলৈ ২০২৩ চনৰ ১ নৱেম্বৰৰ পৰা আৰম্ভ কৰিছিল। এই খেলত ১৯ ৰ তলত আৰু ১৯ৰ ওপৰৰ সকলোৱে অংশ গ্ৰহণ কৰিব পাৰে।
খেল মহাৰণৰ উদ্দেশ্য হৈছে অসমৰ চুকে কোনে থকা শিশু সকলক বাহিৰৰ ক্ৰীড়া জগতলৈ লৈ অনাৰ প্ৰয়াস। গ্ৰামাঞ্চলৰ সকলো লৰা ছোৱালীক নিজৰ প্ৰতিভাৰ প্ৰতিভা দেখুৱাবলৈ অসম চৰকাৰে কৰা প্ৰচেষ্টা।

খেল মহাৰণৰ খেলৰ তালিকা সমূহ:


১) ভলীবল
২) সাঁতোৰ
৩) ডবা
৪) ফুটবল
৫) কাবাডী
৬) এথলেটিক্স
৭) চাইক্লিং 

খেল মহাৰণ


খেলুৱৈ বাছনি কৰাৰ প্ৰক্ৰিয়াঃ

বাছনি প্ৰক্ৰিয়া অঞ্চলঅনুসৰি যেনে পৌৰসভা আৰু গাওঁপঞ্চায়ত অনুসৰি বাছনি কৰা হ'য়। গাওঁ পঞ্চায়তে কোনোবা এখন গাওঁৰ বিদ্যালয়ৰ খেল পথাৰত আয়োজন কৰা হ'য়। ঠিক একেইদৰে নগৰ অঞ্চলতো। প্ৰতিটো গাওঁপঞ্চায়তত নিৰ্বাচিত হোৱা সকলে আৰু নগৰৰ বিজয়ী খেলুৱৈ সকলে অৰ্থাৎ দুখন গোঠে এটা খেলপথাৰত চূড়ান্ত খেলত অৱতীৰ্ণ হ'ব লগীয়া হ'য় আৰু এই খেলত  বিজয়ীজনে গুৱাহাটী বা অসমৰ কোনো এখন খেলপথাৰত চূড়ান্ত পৰ্যায়ত অৱতীৰ্ণ হ'ব লগীয়া হ'য়।

তত্ত্ববধায়কঃ -Department of Sports s youth welfare Assam Government  ৰ অধীনত খেলখন পৰিচালনা কৰা হ'য়।

খেল মহাৰণ কিয় প্ৰয়োজন?


খেল মহাৰণৰ উদ্দেশ্যক আঁত ধৰি চৰকাৰে গাঁৱলীয়া অঞ্চলৰ প্ৰতিভাশালী লৰা ছোৱালীক বাহিৰৰ জগতলৈ লৈ অনাৰ প্ৰয়াস। যিহেতু গ্ৰামাঞ্চলত তেনে বহু লৰা ছোৱালী আছে যি খেলৰ সামগ্ৰী অথবা নিজৰ প্ৰতিভাক ভালকৈ প্ৰদৰ্শন কৰিবলৈ মঞ্চ নাপায়। তেনেস্থলত সেই লৰা ছোৱালীবোৰ নিজৰ প্ৰতিভাৰ পৰা থমকি ৰৈ থাকিব লগীয়া হয়। সেই অনুযায়ী চৰকাৰে সেই সমস্যা বোৰক গুৰুত্ব প্ৰদান কৰি খেল মহাৰণ নামে ২.০ নামে আকৌ দ্বিতীয় সংস্কৰণৰ পাতনি মেলে।

খেল মহাৰণত কেনেকৈ নিজৰ নাম পঞ্জীয়ন কৰিব?


নিজৰ নাম পঞ্জীয়ন কৰিবলৈ হলে প্ৰাৰ্থীয়ে পোন প্ৰথমে গাঁৱৰ জনা শুনা ব্যক্তিক সুধি লৈ অথবা গাঁৱৰ পঞ্চায়তৰ সম্পাদকক সুধি পঞ্জীয়নৰ ব্যৱস্থা সমূহ কৰি লব। নতুবা khel Maharan বুলি ৱেবছাইটত চাই লব পাৰিব।

সময়সীমা:


প্ৰতিটো লৰা ছোৱালীৰ বয়স ১৯ তলৰ হব লাগিব।

সামৰণি

জীৱনত জীয়াই থাকিবলৈ শাৰিৰীক ব্যাম কৰাৰ নিতান্তই প্ৰয়োজন ।মানৱ দেহৰ অংগবোৰ সুচাৰুৰূপে পৰিচালিত হ'ব শাৰিৰীক ব্যামৰ বাবে দৈনন্দিন জীৱনত খেল-ধেমালীয়ো অতিকৈ দৰকাৰ । ওপৰোক্ত লেখাটিত খেল বিষয়েই উনুকিয়াইছে ,চৰকাৰে খেল-মহাৰণৰ জৰিয়তে গাওঁ নগৰে থকা লৰা-ছোৱালীক বিশ্ব পৰ্যায়লৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে ।


Share:

0 Comments:

Post a Comment

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ