অসমত উষ্ণতা বৃদ্ধি পোৱাৰ সংকটজনক কাৰকসমূহ,তপন পায়েং

 অসমত উষ্ণতা বৃদ্ধি পোৱাৰ সংকটজনক কাৰকসমূহ

◼তপন পায়েং,৬০০২০৭৬৮৮৬

তপন পায়েং



বৰ্তমানৰ বিশ্বায়নৰ প্ৰেক্ষাপটত আটাইতকৈ ডাঙৰ সমস্যা হ'ল গোলকীয় উষ্ণতা । এই গোলকীয় উষ্ণতাত বিশ্বৰ লগতে ভাৰতত তথা অসমতো প্ৰভাৱ ভয়ংকৰ বাবে বৃদ্ধি পাইছে । কোৱা হ'য় যে উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসম গছ-গছনি আটাইতকৈ চহকী,তদুপৰিওঁ পূৰ্বতকৈয়ো অসমৰ বাতাৱৰণ লাহে লাহে পৰিৱৰ্তন হোৱা দেখিবলৈ পাইছো ।

        আমি যদি উত্তাপ বৃদ্ধি পোৱাৰ ক্ৰমনিকাবোৰ মন কৰিলে এনেদৰে পাওঁ যে-

২০০১ ৰ পৰা ২০১০ লৈ গড় উষ্ণতা প্ৰায় ৩২° ৰ পৰা ৩৫°,২০১৯ চনত উজনি অসম ডিব্ৰুগড় আৰু তেজপুৰত ক্ৰমাৎ বৃদ্ধি পোৱাৰ ৰেকৰ্ড আনহাতে ২০১০ ৰ পৰা গুৱাহাটী নগৰায়ন উষ্ণতাৰ বৃদ্ধি হৈ আহিছে। সবাতোকৈ ২০২৪ ৰ পৰা ২০২৫ ৰ ভিতৰত উষ্ণতা বৃদ্ধি পাইছে ৪১° ছেলচিয়াছলৈকে॥

অসমত উষ্ণতা বৃদ্ধি পোৱাৰ কাৰণসমূহ
অসম আদিত্য বাতৰি কাকত ১৯ জুন ২০২৫



অসমত উষ্ণতা বৃদ্ধি হোৱাৰ কাৰণসমূহ  দৃষ্টিগোচৰ কৰিলে তলত দিয়া ধৰনে পাব পাৰো,যেনে-

(ক)অতিপাত বৰষুণৰ অভাৱ:- প্ৰকৃততে বৰষুণ নোহোৱা নহ'য় ,কোনো অঞ্চলত বৰষুণ হ'য় যদিও কোনো অঞ্চলত বৰষুণ পাতল হোৱাৰ বাবে এনে ঘটনাৰ পৰিলক্ষিত হোৱা দেখা যায় । এনে হোৱাৰ কাৰণ হ'ল উচ্চ চাপৰ  নিম্ন চাপলৈ বতাহৰ গতি হ'য় ফলত বাস্পীভৱনৰ স্থান সলনি হোৱাৰ ফলতো এনে সমস্যা দেখিবলৈ পোৱা যায়।

(খ)উচ্চ তাপ মাত্ৰা আৰু অধিক আৰ্দ্ৰতাঃ-অসমত আৰ্দ্ৰতা বেছি থাকে।৩৮ ৰ পৰা ৪০ ডিগ্ৰী ছেলচিয়াছৰ তাপৰ মাজত থাকে  আৰু ৮০ ৰ পৰা ৯০ শতাংকৰ মাজত থকা আৰ্দ্ৰতাই তাপৰ লগত মিশ্ৰণ হ'য় আৰু উত্তাপ/গৰমৰ অনুভুত কৰায়।

(গ)পশ্চিমীয়া বতাহৰ অভাৱঃ-কোনো কোনো অঞ্চলত শীতৰ অৱস্থিতি নোহোৱাকৈ  ঠাণ্ডাৰ অনুভুত কৰায় পশ্চিমীয়া বায়ুৱে ।এই সময়ছোৱাত ভূমধ্য সাগৰৰ পৰা অহা বিভিন্ন বতাহে ইউৰোপৰ ঠাণ্ডা বায়ুক পূৱদিশলৈ কৰিয়াই লৈ যায়,ফলত এই পূৱ অঞ্চলত ঠাণ্ডাৰ অনুভুত কৰায়। কিন্তু বৰ্তমান সময়ত উষ্ণতাসমুহ উচ্চ-নিম্ন ঘটনাৰ পৰিঘটনাবোৰৰ ফলত উত্তৰ-পূৰ্বাঞ্চলত লগতে অসমতো এই পশ্চিমীয়া বতাহৰ অভাৱত গৰমৰ অনুভুত কৰে।

(ঘ)জলবায়ু পৰিৱৰ্তনঃ- জলবায়ুৰ পৰিৱৰ্তন হোৱাৰ অন্যত্বম কাৰণ হৈছে এল নিন আৰু লা নিনো। এল-নিনো আৰু লা-নিনো আগতীয়াকৈ হোৱাৰ পাছতো বৰষুণৰ আগ-পিছ হোৱাৰ ফলতো গৰমৰ অনুভুত কৰায়।

(ঙ)নগৰায়ন  আৰু বন ধ্বংসঃ- নগৰাঞ্চলত গছ কাটি ওখ-ওখ ঘৰ বনোৱাতো এটা উত্তাপ বৃদ্ধিৰ কাৰক তাৰোপৰি মটৰ-গাড়ীৰ পৰা নিৰ্গমিত ধুৱাসমূহে প্ৰদুষণৰ সৃষ্টি কৰে আৰু প্ৰদুষণসমূহে উত্তাপ শোষণ কৰি প্ৰতিফলন কৰাৰ ফলত গৰম হৈ থাকে ।

(চ)শীতল বতাহৰ অভাৱঃ-ব্ৰহ্মপুত্ৰ উপত্যকাত সাধাৰণতে বজ্ৰপাতৰ লগত ঠাণ্ডা বতাহো  লৈ আহে,কিন্তু বৰ্তমান এই ঠাণ্ডা বতাহৰ অনুপস্থিত ।

অসমৰ গৰম বতৰ


অসমত উত্তাপ হ্ৰাস কৰাৰ উপায়সমূহ যদি ভাৱোঃ-

প্ৰথমতে উল্লেখ কৰিব লাগিব যে- অৰণ্য মানৱ যাদৱ পায়েঙে কোৱাৰ দৰে,তুমি গছ ৰুব নালাগে মাত্ৰ গছ  নাকাটিবা,অসমত গছ নিজে নিজে গজে । কিন্তু আজি কালি গছ ৰোপণ কৰাৰ নামত গছৰ সংখ্যাহে হ্ৰাস কৰিছে ।

দ্বিতীয়তে,চৰকাৰে অমৃত বৃক্ষ আন্দোলন  আদিৰ দৰে আঁচনিৰ ওপৰিওঁ হাবি-জংঘলৰ সংখ্যা বৃদ্ধি কৰাৰ পদ্ধতি গ্ৰহণ কৰিব লাগে উদাহৰণ স্বৰূপে মেঘালয় ৰাজ্য চৰকাৰে গ্ৰহণ কৰা miyawaki method  আদিৰে গছ ৰোপনৰ পদ্ধতিৰ নিচিনা পদক্ষেপ গ্ৰহণ কৰিব লাগে ।

তৃতীয়তে প্ৰদুষণৰ মাত্ৰাৰ পৰিমান হ্ৰাস কৰা।


এইবোৰৰ ক্ষেত্ৰত আমি জন-গণই চৰকাৰ দায়বদ্বতাৰ প্ৰতি বাট চালেই নহ'ব ,আমি সহ অসম বাসীয়ে তেনেক্ষেত্ৰত সচেতন হোৱাতো অতি দৰকাৰ,আমি সকলোৱে গছ-বনানী সংৰক্ষণ কৰা,চোৰাং দুষ্কৃতিমূলক কাৰ্যৰ পৰা বিৰত থকা,অজ্ঞেয় মানুহ গছ-গছনিৰ গুৰুত্বসমূহ বুজোৱাৰ লগতে পৰিৱেশ প্ৰদুষণৰ প্ৰতিওঁ ব্যক্ত কৰিব লাগে যাতে বেছি সংখ্যক নহ'লেওঁ কিঞ্চিতভাৱে হ'লেওঁ যাতে গৰমৰ পৰিমান কমাব পাৰো।

Share:

0 Comments:

Post a Comment

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ