• This is default featured slide 1 title

    নতুন তথ্য অসমীয়া" সাম্প্ৰতিক সময়ৰ কথা তথা লেখা,আন্তঃৰাষ্ট্ৰীয়,ৰাষ্ট্ৰীয়,অসম,শিক্ষা,বিভিন্ন ধৰণৰ সাহিত্য সম্বদ্ধীয় লেখাৰ জৰিয়তে শনিবৰীয়া শিতান বা অতিথী লেখাসমুহো প্ৰকাশ কৰা হ'য়

  • This is default featured slide 2 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 3 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 4 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 5 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

‎ৰাজনীতিৰ প্ৰেক্ষাপটত তথ্য-প্ৰযুক্তিৰ নতুন সমীকৰণ ,‎তপন পায়েং

 ৰাজনীতিৰ প্ৰেক্ষাপটত তথ্য-প্ৰযুক্তিৰ নতুন সমীকৰণ

‎তপন পায়েং/Karsang Takar

‎ৰাজনীতিৰ প্ৰেক্ষাপটত তথ্য-প্ৰযুক্তিৰ নতুন সমীকৰণ ‎তপন পায়েং


‎বিশ্বত বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নে বিশ্বৰ সকলো ৰাষ্ট্ৰকেই সৰ্বাংগীন কৰি তুলিছে সামৰিক দিশৰ পৰা ধৰি কোনো এখন দেশৰ চিকিৎসা ,অৰ্থনৈতিক,শিক্ষা আদিকে ধৰি বিভিন্ন দিশত উন্নত কৰি তুলিছে আৰু ইফালে কৃত্ৰিম বুদ্ধিমত্তাৰ আৱিভাৰ্ৱে অধিকত্বম বিশ্বক উন্নত কৰিছে। তেনে ক্ষেত্ৰত বৰ্তমান সময়ছোৱাত দেশৰ ৰাজনীতিবিদ সকলেওঁ তথ্য-প্ৰযুক্তিক নিৰ্বাচনৰ আহিলা হিচাপে বাঁচনি কৰি লৈছে । বৰ্তমান সময়ত   কোনো সভা  আয়োজন নকৰাকৈয়ে এটি কোঠালীতে হাজাৰ হাজাৰ জনসাধাৰনক তেওঁলোকে প্ৰস্তুত কৰা বিডিঅ অথবা লেখাৰে আকৰ্ষিত কৰাৰ নতুন এটা কৌশল গ্ৰহন কৰিছে । তেনে ক্ষেত্ৰত 4G Digital India হোৱাৰ পাছৰে পৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডীৰ কাৰ্যকাল তথা তেওঁৰ পৰা তথ্য প্ৰযুক্তিৰ বিস্তাৰ হৈছে বুলি ক'ব পাৰো । ভাৰতৰ প্ৰধানমন্ত্ৰী যিজনে ফেচবুক,ইউটিউব,ইনষ্ট্ৰগ্ৰাম,টুইটাৰ আদিত আন ৰাজনীতিবিদতকৈ অধিক ফলৱাৰছ  লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিটো ভাষণসমূহ বা চৰকাৰী সম্বদ্বীয় তথ্যবোৰ প্ৰতিটো সামাজিক মাধ্যমৰ ফ্লেটফৰ্মত আপলোড কৰা দেখিবলৈ পোৱা যায়।  আনহাতে গ্ৰাম্য অঞ্চলসমূহত আটাইতকৈ জনপ্ৰিয় "মন কী বাত" আদি ৰেডিঅ অনুষ্ঠান প্ৰতিমাহে আয়োজন কৰা হ'য় যত  ডিজিটেল  তথা 4g নেটৱৰ্কে ঢুকি নোপোৱাবোৰক ৰেডিঅৰ যোগেদি সাধাৰণ জনসাধাৰণক অৱগত কৰাত প্ৰচেষ্ঠা চলাই আহিছে। এইবোৰ একপ্ৰকাৰৰ জনসাধাৰণৰ হিতৰ কাৰণে কৰিছে যদিওঁ পৰোক্ষভাৱে জনসাধাৰণৰ পৰা ভোট বেংকৰ বাবে কাম কৰিছে বুলি ক'ব পাৰি। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত মোবাইল এপ্লিকেচন হৈছে "নমো এপ"॥এই এপ্লিকেচনটোৰ বৈশিষ্ট্য হ'ল যে ৰেডিঅৰ যোগেদি প্ৰতিমাহে সমাপন হোৱা "মন কী বাত" ৰ ভিদিঅ ,টেক্সট আদিসমূহ এই এপটোত উপলব্ধ কৰোৱা। আনাহতে এই এপটোত আচঁনি আদিৰ লগতে বিজেপি দলৰ নিয়মীয়া কৰ্ম অভিযান আদিৰ বিষয়ে আপডেট দি থকা হ'য়। এই এপটোৰ জৰিয়তে নৰেন্দ্ৰ মোডীৰ চিন্তা-চৰ্চাক জনতাৰ ওচৰলৈ পঠিওঁৱা,জনসাধাৰণৰ পৰা মতামত সংগ্ৰহ কৰা,BJPৰ ইচ্ছুক সমৰ্থকসকলক সংগঠিত আৰু সক্ৰিয় কৰা,চহৰ-গাঁও সৰ্বত্র ডিজিটেল ৰাজনীতিৰ বিস্তাৰ ইত্যাদি ।

‎   এই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত অসমৰ ৰাজনীতিবিদসকলেওঁ আগবঢ়া। অসমৰ ৰাজনীতি বিদসকলেওঁ নিজৰ নিজৰ ফেচবুক একাউন্ট,ইনষ্ট্ৰগ্ৰাম,টুইটাৰ আদিৰ জৰিয়তে বৃহতৰ নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ চেষ্ঠা কৰি আহিছে । আজিকালি নেতা বা ৰাজনীতিবিদ সকলেওঁ ফেচবুক লাইভেৰে নৱপ্ৰজন্মৰ ভোটাৰ সকলক উদ্দেশ্য কৰি  ভিদিঅ প্ৰস্তুত কৰিবলৈ চেষ্ঠা কৰিছে । তাৰোপৰিওঁ অসমৰ বিভিন্ন ইউটিউব চেনেলসমূহত পডকাষ্টৰ জৰিয়তে নৱপ্ৰজন্মক আকৃষ্ট কৰাৰ চলেৰে কৌশলগত কথনশৈলীৰে ভোট অৰ্জন কৰাৰো চেষ্টা কৰিছে । আনহাতে কিছু ৰাজনীতিবিদ সকলে ৱেৱ পৰ্টেল খুলি নিজৰ ধনাত্মক চিন্তা ,কামসমূহক প্ৰচাৰ কৰিবলৈ বাতৰি আকাৰে প্ৰচাৰ কৰাৰো নতুন পদ্ধতি অৱলম্বন কৰিছে।

‎  ৰাজনীতিৰ   IT Cell (Information Technology Cell) বুলি ক'লে-  এটা ৰাজনৈতিক দলৰ ডিজিটেল শাখা বা টিমক বুজোৱা হয়, যিয়ে দলৰ ডিজিটেল কৌশল, প্ৰচাৰ, সামাজিক মাধ্যমত উপস্থিতি, জনসংযোগ আদিৰ বাবে কাম কৰে।

ৰাজনীতিত তথ্য-প্ৰযুক্তিৰ ভুমিকা বুলি ক'লে-

‎অনলাইন বাবে প্ৰচাৰ,সামাজিক মাধ্যমত বিজ্ঞাপন, Email Blasts, SMS Alerts আদিৰে ভোটাৰক তৎক্ষণাৎ প্ৰভাৱিত কৰা হৈছে।

‎ফেচবুক লাইভ, ইউটিউব ভিডিঅ’, টুইটাৰ পষ্ট, ওৱাটছাপ গ্ৰোপ ইত্যাদিৰ সহায়েৰে নিৰ্বাচনী কৰিব পৰা গৈছে। আনহাতে Big Data আৰু AI ৰ সহায়েৰেওঁ ভোটাৰৰ আশা, ধাৰণা, অঞ্চলভিত্তিক জনমত বিশ্লেষণ কৰি নিৰ্বাচনী কৌশল সাজি লোৱা হয়। যত Opinion Poll, Exit Poll, আৰু Vote Swing Prediction-ৰ ক্ষেত্ৰত IT অতি গুৰুত্বপূর্ণ হৈ পৰিছে।দলীয় সদস্যতা বৃদ্ধি কৰিবলৈয়ো অনলাইনযোগেওঁ জইনিং কৰোৱা হ'য় ,উদাহৰণস্বৰূপে ভাৰতীয় জনতা পাৰ্টীৰ মিছ কলৰে সদস্যতা লাভ অৱশ্যে সকলো ৰাজনীতি দলৰে পদ্ধতি নিজস্ব থাকিব পাৰে।

‎       তথ্য-প্ৰযুক্তিয়ে  চৰকাৰী নীতি,আঁচনি প্ৰচাৰ কৰাতো সহায় কৰিছে যেনে MyGov, Digital India, CM Dashboard, Janata Darbar Apps আদিৰে নাগৰিকক চৰকাৰী কাম-কাজত অংশগ্ৰহণৰ সুযোগ দিয়া ।

ৰাজনীতিত তথ্য-প্ৰযুক্তিৰ ধনাত্মক দিশসমূহ:

‎সময় অপচয় বা অৰ্থৰ ব্যয় নোহোৱাকৈ ডিজিটেল মাধ্যমৰ যোগেদি জনসাধাৰণৰ কাষ চাপা,তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰে ৰাজনীতিবিদ সকলক জনতাৰ সমস্যাসমূহ, মতামত আৰু অভিযোগ সমূহ  জানিবলৈ সহায় কৰিছে। সামাজিক মাধ্যমত হোৱা আলোচনা, মতামতসমূহ বিশ্লেষণ কৰি  নিজৰ ৰাজনৈতিক দিশৰ সমস্যাসমূহ সমাধান কৰাত সহায়ক হৈছে।

‎      তথ্য-প্ৰযুক্তিৰ জৰিয়তে  বিৰুদ্ধী দলে শাসকীয় দলৰ মিত্যাচাৰ,ভূল আসোৱাহ সমূহ অনলাইন যোগে সভা অনুষ্টিত নকৰাকৈ সামাজিক মাধ্যমত জনসাধাৰণক অৱগত কৰা ।সামাজিক মাধ্যমত  আকর্ষণীয় ভিডিঅ’, মিম, চার্ট, গ্ৰাফিক্সৰ জৰিয়তে ৰাজনৈতিক বিষয়ক সহজকৈ জনতাৰ ওচৰলৈ লৈ যোৱা।AI, Big Data, Geographic Targeting আদি ব্যৱহাৰ কৰি কোন অঞ্চলত কেনেদৰে প্ৰচাৰ চলাব লাগে সেই কৌশল নিৰ্ধাৰণ কৰে।

ৰাজনীতিত তথ্য-প্ৰযুক্তি ঋণাত্মক দিষমূহ:

‎সকলো বস্তুৰে বা ক্ষেত্ৰতে ধনাত্মক আৰু ঋণাত্মক ফল থাকে ,তেনে ক্ষেত্ৰত -এটা ৰাজনৈতিক দলৰ IT cell  সদস্যই আন ৰাজনৈতিক দলৰ নেতাক কৃত্ৰিম বাবে অপপ্ৰচাৰ কৰি জনসাধাৰণৰ মাজত সেৱ প্ৰতিফলন কৰা ।

‎        কিছু IT Cell হে উদ্দেশ্য প্ৰণোদিতভাৱে ভুৱা খবৰ, বিকৃত তথ্য বা মিছা ভিডিঅ’ প্ৰস্তুত কৰি, জনসাধাৰণৰ মাজত বিভ্ৰান্তি, ভয় বা ঘৃণা সৃষ্টি কৰা। উদাহৰণস্বৰূপে নিৰ্বাচন পূৰ্বে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক ভিডিঅ’ বা মিছা বক্তব্য  ব্যৱহাৰ কৰা । বিৰোধী নেতা, সাংবাদিক, সমাজকর্মী অথবা যি কোনো প্ৰতিকূল মত ধাৰাক IT Cell ৰ অংশ হিচাপে সংগঠিতভাৱে গালি-গালাজ, অপমান  কৰা । যেনে Twitter বা Facebook-ত বিৰোধী মত প্ৰকাশ কৰোঁতাসকলৰ ওপৰত সংঘবদ্ধ ‘ট্ৰোল’ অভিযান।

‎          ধৰ্মীয়, জাতিগত, ভাষাগত বিভাজন সৃষ্টি কৰিবলৈ IT Cell কেতিয়াবা ঘৃণা উদঙাবলৈ  পোষ্ট প্ৰচাৰ কৰা।এইবোৰে সমাজত উত্তেজনা, সহিংসতা সৃষ্টি কৰিব পাৰে। যেনে  বিশেষভাৱে ধৰ্মীয় গোষ্ঠীৰ বিৰুদ্ধে বিদ্বেষমূলক মিম, ভিডিঅ’ বা উক্তি ছাৰি দিয়া।IT Cell এ কেতিয়াবা অনৈতিকভাৱে ব্যক্তিগত তথ্য সংগ্ৰহ কৰি ভোটাৰক লক্ষ্য কৰি প্ৰচাৰ বা বিভ্ৰান্তিমূলক মেছেজ পঠোৱা ।

‎                 তথ্য-প্ৰযুক্তিয়ে ৰাজনীতিৰ  মুখমণ্ডল সম্পুৰ্ণকৈ সলনি কৰিবলৈ আৰম্ভ কৰিছে । তথ্য-প্ৰযুক্তিয়ে  জনসাধাৰণক অধিক সচেতনতা কৰি তুলিছে । তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰে দেশৰ গণতন্ত্ৰ সবল কৰাতো অগ্ৰণী ভুমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। তথাপিওঁ এ অপবাদ অপপ্ৰচাৰে ব্যৱহাৰৰ কৰাতো অধিক সচেতনতা অৱলম্বন কৰিব লাগে।যাতে, তথ্য-প্ৰযুক্তি আৰু ৰাজনীতি একেলগে মিলি এটা উত্তম শাসনৰ পথ দেখুৱাব পাৰে — য’ত জনতাৰ অংশগ্ৰহণেই হ’ব মুখ্য শক্তি।

Share:

কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?

 কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?

‎তপন  পায়েং

কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?


‎বৰ্তমান সময় প্ৰযুক্তিশীল সময়  পূৰ্ৱতকৈয়ো কম্পিউটাৰ আৰু ইন্টাৰনেটৰ অত্যাধুনিক সুচলতাৰ পাছত বৰ্তমান পৰ্যায়ক্ৰমে কৃত্ৰিম বুদ্ধিমত্তাৰো বৃহতৰ বাবে উন্নত হৈ পৰিছে ফলত কৃত্ৰিম বুদ্ধিমত্তাৰ ঋণাত্মক আৰু ধনাত্মক দুয়ো দিশ বৃদ্ধি হৈছে।আমি জানো যে  বৰ্তমান সময়ত AI হিচাপে পৰিচিত  সত্তাই আমাৰ চিকিৎসা বিদ্যা,শিক্ষা,উৎপাদন আদি বিভিন্ন দিশসমূহত বহল ভাৱে সহায় কৰি আহিছে। কিন্তু সকলো বস্তুৰে এটা ঋণাত্মক আৰু ধনাত্মক দিশ দুটা জড়িত হৈ পৰিছে,আমি বেছি সংখ্যক ঋনাত্মক দিশত ব্যৱহাৰ কৰিছো যদিওঁ অত্যাধিকভাৱে ব্যৱহাৰ কৰাৰ ফলত ঋণাত্মকৰ পৰা গৈ ধনাত্মকলৈ ধাৱমান হৈছেগৈ । তেনেক্ষেত্ৰত যদি চাওঁ চিন্তাকৰিবলৈ এৰি দিয়া যেনে কোনো এজন ছাত্ৰই Google chatbot,Gemini,Chatgpt,Grook ,Deepsheek আদিৰ দৰে কিছুমান ফ্লেটফৰ্মৰ জৰিয়তে মগজুৱে ঢুকি নোপোৱা বিষয়ক অনুসন্ধান কৰি ব্যৱহাৰ কৰা ফলত   চিন্তাশক্তি,সমস্যা সমাধান দক্ষতা আদিবোৰৰ দৰে গুণবোৰ ধবংস কৰাত প্ৰভাৱ পেলাইছে । এজন লৰা বা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত নিজে ভাৱি লিখাৰ পৰা এলাগি হোৱা,কোনো এটা বিষয়ত নিজৰ পাঠ্যপুথিৰ পাঠ এটি নপঢ়াকৈ AI ৰ জৰিয়ত কম সময়ৰ ভিতৰতে প্ৰশ্নৰ উত্তৰ কৰা ইত্যাদিয়ে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কিতাপ পঢ়াৰ পৰা হেমাহিৰ সৃষ্টি কৰিছে । AIয়ে ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাসৰো হ্ৰাস কৰাইছে,কৃত্ৰিমবুদ্ধিমত্তাই লৰা-ছোৱালীক নকল কৰা আৰু কপি পেষ্ট কৰাতো ধনাণাত্মকভাৱে ইন্ধন যোগাইছে । তদুপৰি AI ভিত্তিত e-sport আগ্ৰাসন কৰাৰ ফলত লৰা-ছোৱালীৰ মাজত শাৰীৰিকভাৱে খেলপথাৰক  দূৰৈলৈ ঠেলি দিছে আৰু ইয়াৰ ফলস্বৰূপে বিভিন্ন ৰোগৰ দেখা দিছে ।AI য়ে সামাজিক ,একাকীকত্ব আৰু পৰিয়ালৰ আত্মীয়তাৰ মাজত যোগাযোগৰ বিছিন্নতা কৰিছে তেনেক্ষেত্ৰত  নৱপ্ৰজন্মই ডিজিটেল যুগত "Feel"ৰ সলনি "Feedback"ৰ অধিক প্ৰাধান্য দিবলৈ আৰম্ভ কৰিছে লৰা-ছোৱালীয়ে মানুহৰ কথাতকৈ অনলাইন ভাৰ্ছুৱেলৰ পৰামৰ্শকে বেছিকৈ বিশ্বাস কৰিব লৈছে।লাহে লাহে সামাজিক,সহানুভূতি আৰু মূল্যবোধ ধ্বংস হৈ নিৰ্জনতা বৃদ্ধি পাইছে। তদুপৰি বৰ্তমান প্ৰেক্ষাপটত আটাইতকৈ আপদজনক ছবি কোনোবা নায়িকাৰ ফটোৰ অপব্যৱহাৰ  কৰা আনহাতে  ছোৱালীৰ ফটো AI ৰ জৰিয়তে প্ৰতিলেপন কৰি ইন্টাৰনেটত মুকলি কৰি ছোৱালী বা মহিলাৰ মান হানি কৰা  উদাহৰণস্বৰূপে শেহতীয়াকৈ চৰ্চিত অৰ্চিতা ফুকনৰ কাণ্ডকো আঙুৰিয়াব পাৰি । যুৱতীৰ ফটো অশ্লীল ৰূপ দি ব্লেকমেইলিং কৰা ইত্যাদি । AI-ৰ সহায়ত Deepfake ভিডিঅ’, নকল Photo, Voice cloning ইত্যাদি নিৰ্মান কৰি  সমাজক ভূল দিশলৈ লৈ যোৱাত ধনাত্মক শক্তি প্ৰবাহিত কৰিছে । এইবোৰে তথ্যৰ বিশ্বাসযোগ্যতা ধ্বংস কৰি “যি দেখিছোঁ তাকেই সত্য” বুলি ভাৱ ধাৰাটো ওলোটা কৰি পেলাইছে। AIৰ ওপৰত নিৰ্ভৰ কৰি বা সংযুক্ত কৰা-App হে আৰু Platform (Instagram, TikTok AI Filters, Face Recognition App) নতুন প্ৰজন্মৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰি লগত লগত বিপদৰ ত্ৰাসো সৃষ্টিৰ তুংগত কৰিছে । Data Breach, Cyber Crime, Online Bullying ইত্যাদি ব্যাপক হাৰত বৃদ্ধি পাইছে । নিজৰ মুখ, অৱস্থা, চলন ফুৰন, চিন্তাভাবন সকলো AI ৰ বাবে উলংগ হৈ পৰিছে সেয়া মানসিক অস্থিৰতা আৰু ভয়ৰ বাতাবৰণ গঢ়ি উঠিছে। এনেবোৰ কাৰণত মানুহৰ গোপনীয়তাৰ সংকট নামি আহিছে। নৱপ্ৰজন্মৰ মাজত ধনাত্মক ক্ৰিয়াসমূহ আৰু ধনাত্মক সম্ভাৱ্য সমস্যাসমূহ সমাধানৰ বাবে ল'ব পৰা পদক্ষেপসমূহ যদি চাওঁ,স্কুল বা কলেজসমূহত কৃত্ৰিম বুদ্ধিমত্তা শিক্ষাৰ ওপৰত ঋণাত্মক আৰু ধনাত্মক দিশসমূহত বিশদভাৱে শিক্ষা বা কৰ্মশালা আয়োজন কৰিব লাগে। অভিভাৱকসকলে নিজ নিজ সন্তানক  AI  ভিত্তিত প্ৰস্তুত কৰা এপচ আৰু মোবাইল ব্যৱহাৰত নিৰ্দিষ্ট অনুশাসন দিব লাগে । চৰকাৰীভাৱে মিছা তথা কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ,ফটো,মাতসমূহ চিনাক্ত কৰিব পৰাকৈ আৰু অটমেটিকভাৱে বা নিজাকৃত ভাৱে ডিলিট কৰিব ব্যৱস্থা কৰিব লাগে। মিছা বা ফেক ফটো,মাত বা voice আৰু  বিডিঅ প্ৰস্তুত কৰাৰ ওপৰত কঠোৰভাৱে আইন অৱলম্বন কৰিব লাগে। আনহাতে এই AI app আৰু  Software প্ৰস্তুত কৰ্তাসকলে নিৰ্দিষ্ট বয়সৰ ধৰ‍াবন্ধাৰ ওপৰত ভিত্তি কৰি নিৰ্মান কৰিব লাগে।AI কেনেকৈ আন আন লেখা বা ফটোবোৰক চাই কেনেকৈ হুবহু ক্লনিং কৰে "AI য়ে আমাৰ পৰাহে চুৰ কৰে ,মানুহে ন'হয়"তাৰ সম্পৰ্কে বিতং ভাৱে জ্ঞান দিব লাগে ।

কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?


‎             AI বা কৃত্ৰিম বুদ্ধিমত্তা যি নামাকৰণেই কৰক ,AI আমাৰ ভাৱে সমস্যা নহ'য়,সমস্যা হ'ল এইজন, যিজনে AI ৰ দ্বাৰা অপপ্ৰচাৰ ,বিকৃত কৰি সমাজত প্ৰতিচালিত কৰি আছে প্ৰকৃততে এই ব্যৱহাৰকাৰীজনহে সমাজৰ বাবে আপদ। যি ধৰনে AI য়ে বিশ্বব্ৰহ্মাণ্ডত বিভিন্ন দিশত উন্নয়নৰ মুকুত পিন্ধাইছে এইধৰনে নৱপ্ৰজন্মৰ মাজত "কলা সেঙাৰ"ৰ  সৃষ্টিৰ আশংক্ষা গঢ়ি তুলিছে। আমি সচেতন হোৱা উচিত কৃত্ৰিম বুদ্ধিমত্তা কি হ'য়?

‎          আমি সদায় মনত ৰাখিব লাগে যে কৃত্ৰিম বুদ্ধিমত্তাৰ আমি দাসত্ব নহ'য়,কৃত্ৰিম বুদ্ধিমত্তা আমাৰ বাবে  তথা আহিব লগা অনুজৰ বাবে উপযোগী আৰু ব্যৱহাৰকাৰীৰ চক্ষু দিয়ে ব্যৱহাৰ কৰিব লাগে যাতে আহিবলগীয়া দিনবোৰ বেয়া দিশত প্ৰবাহ চালিত নহ'য়॥

Share:

‎৬ নং দফা: অসমীয়া জাতিৰ অধিকাৰৰ নতুন সন্ধান

 

Section 6

‎৬ নং দফা: অসমীয়া জাতিৰ অধিকাৰৰ নতুন সন্ধান

তপন পায়েং


‎১৯৮৫ চনৰ ১৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰ তথা এই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু তেতিয়াৰ সময়ছোৱাৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাই ত্ৰিপাক্ষীকভাৱে অসম চুক্তি  সাক্ষৰিত কৰে । এই চুক্তিৰ জৰিয়তে 

‎৬ নং দফাই বিশেষভাৱে অসমীয়া জাতিৰ সাংস্কৃতিক, সামাজিক, আৰু ভাষাগত পৰিচয় সংৰক্ষণৰ বাবে প্ৰয়োজনীয় সাংবিধানিক, বিধি-ব্যৱস্থা আৰু ৰাজনৈতিক অধিকাৰ দিয়াৰ উল্লেখ কৰিছে । ৬নং দফাত উল্লেখ কৰা অসমীয়া জাতি শব্দটোৱে সংজ্ঞা এনেধৰনৰ যেনেকৈ আমাৰ ভাৰতীয় সংবিধানত অনুচ্ছেদ ১২ টোৱে ৰাষ্ট্ৰৰ সংজ্ঞা দিছে অৰ্থাৎ ৰাষ্ট্ৰ মানে ভাৰত চৰকাৰ আৰু সংসদ ভৱন ,ৰাষ্ট্ৰ মানে ৰাজ্য চৰকাৰ আৰু বিধান পৰিষদ,ৰাষ্ট্ৰ মানে হৈছে পঞ্চায়ত আৰু পৌৰসভা।ঠিক তেনেদৰে ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ মতে অসমীয়া জাতিৰ সংজ্ঞা হ'ল ১৯৫১ চনৰ পৰা অসমত বাস কৰাসকল যত তেওঁলোকৰ ভোটাৰ তালিকাত নাম আছিল,দ্বিতীয়তে যিসকলে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অসমত বাস কৰাসকল,তৃতীয়তে যিসকলে স্থানীয় জনজাতি যেনে মিচিং,বড়ো,ডিমাছা আদিক অসমীয়া বুলি অভিহিত কৰিছে। ৬নং দফাৰ মূল উদ্দেশ্য ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অসমীয়া অধিবাসীক অসমীয়া হিচাপে স্বীকৃতি  দিয়া,অসমীয়া ভাষাক মাধ্যমিক শিক্ষাপৰ্যায়লৈকে বাধ্যতামূলক কৰি তোলা,ভূমি অধিকাৰ,চাকৰিৰ আৰু শিক্ষাক্ষেত্ৰত ৮০-১০০% শতাংক সংৰক্ষণৰ পৰামৰ্শ দিয়া,ভূমি সংৰক্ষণত ভূমি নীতিত স্থানীয় লোক অধিকাৰৰ প্ৰাধান্য দিয়া। ৬ নং দফাৰ সদৃশ্য তথা সামঞ্জস্যক হিচাপে Assam Domicial Policy ৰ বিষয়ে উনুকিয়াব পাৰি য'ত অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰিছিল যে  অসমত জন্ম গ্ৰহণ কৰা সকলৰ বাবেহে চৰকাৰী চাকৰিৰ সীমাবদ্ধতা থাকিব,জনসংখ্যা বৃদ্ধিৰ ৰোধৰ ব্যৱস্থাপনা আৰু অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰা আৰু মূখ্যমন্ত্ৰীৰ অনুমোদন অভিহনে হিন্দু-মুছলমানৰ মাজত কোনো ধৰনৰ মাটি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰিব। তাৰোপৰিওঁ অসম চৰকাৰে নদীদ্বীপ মাজুলী,বৰপেটা,বটদ্ৰৱা আদি ঠাইসমূহক ঐতিহ্য অঞ্চল হিচাপে চিহ্নিত কৰি সংৰক্ষিত অঞ্চল হিচাপে ঘোষনা কৰিছে। আনহাতে ৮০% শতাংশ থকা অনুসুচিত জাতিৰ লোক থকা গাওঁক "মাইক্ৰ ট্ৰাইবেল বেল্ট আৰু ব্লক"হিচাপে স্বীকৃতি দিয়া হ'ব বুলি ঘোষনা কৰিছে ইতিমধ্যে অসমত মুঠ ১২ টা অঞ্চলক মাইক্ৰ ট্ৰাইবেল বেল্ট আৰু ব্লক হিচাপে আছে।

‎এইবছৰৰ  অসম বাজেট ২০২৫-২৬ টো ৬  নং দফাক  অধিক অগ্ৰাধিকাৰ দিছে ,এইক্ষেত্ৰত উল্লেখনীয় দিশসমূহ,অসমীয়া জাতিৰ চিনাকী আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে আত্ম-পৰিচয়ৰ সংস্থাপন,অসমীয়া ভাষাৰ উন্নয়নৰ বাবে অসম গৱেষনা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা ,অসমীয়া ভাষাৰ পাঠ্যপুথিৰ প্ৰস্তুত তথা প্ৰচাৰৰ বাবে বটা প্ৰদান কৰা তাৰোপৰি এক হাজাৰ জন যুৱলেখকক অসমীয়া ভাষাত বিজ্ঞানমূলক ,গঠনমূলক আৰু শিক্ষা আদিৰ ক্ষেত্ৰত গ্ৰন্থ লিখাৰ উৎসাহিত কৰিবলৈ প্ৰতিজনকে ২৫০০০ টকা প্ৰদান কৰা । তাৰোপৰি বিস্তাৰিত অসম দৰ্শন আচঁনিৰ যোগেদি নামঘৰ আৰু আন ধৰ্মীয় ঐতিহ্যসমূহক আৰ্থিক সাহাজ্য ২৫০০০ টকা কৈ প্ৰদান কৰা আদি প্ৰশংসনীয় পদক্ষেপ লৈছে ।

‎      অন্যহাতে বাজেটত নাই যদিওঁ এই  চেগতে উল্লেখ কৰিব লাগিব যে অসমৰ বৰ্তমানৰ ৰাজ্যপাল লক্ষ্মণ প্ৰাসাদ আচাৰ্যই নিৰ্দেশ দিছে যে  অসমৰ কাৰ্য্যালয়সমূহত অফিচিয়েল যাৱতীয় নথিপত্ৰসমূহত ইংৰাজী,হিন্দীৰ লগতে অসমীয়া ভাষাওঁ থাকিব লাগিব ,জনগোষ্ঠীয় ভাষা জনগোষ্ঠীয় অঞ্চল  যেন বড়োঞ্চলত বড়ো ভাষা আনহাতে  কেন্দ্ৰীয় চৰকাৰৰ নথিপত্ৰসমূহকো ৩০ দিনৰ ভিতৰত স্থানীয় ভাষালৈ অনুবাদ কৰিব লাগিব ,এই ক্ষেত্ৰত সহায় সহযোগী হো‍ৱাকৈ  "অনুবাদ ভাষিনী"মোবাইল এপ্লিকেচনৰো ব্যৱস্থা কৰিছে। 

‎৬নং দফাৰ বিভীষিকসমূহ ,৬নং দফাই প্ৰকৃত  অসমীয়া কোন তাৰ সম্পৰ্কে বিৰূপ মতপোষক কৰিছে,বিপ্লভ  শৰ্মা কমিটিৰ সংজ্ঞা গৃহীত নোহোৱাৰ ফলত ৰাজনীতি,জাতিগত আৰু সামাজিক অস্থিৰতা,অসমীয়া জনসংখ্যা হ্ৰাস পোৱাৰ শংকা,Citizenship Amendment Act (CAA)-ৰ দ্বাৰা ১৯৭১ৰ পাছত অহা অ-অসমীয়া লোকৰ নাগৰিকত্ব দিয়া হ'লে ৬ নং দফাৰ মূল আত্মাই ক্ষতিগ্রস্ত হ’ব বুলি ভয়,অসমীয়া ভাষাৰ ওপৰত বিভিন্ন ভাষাৰ প্ৰভাৱ, বিশেষকৈ অসমীয়া অঞ্চলত বাঙালি, হিন্দী, আদিৰ বিস্তৃতি,নতুন প্ৰজন্মত অসমীয়া ভাষা ব্যৱহাৰৰ হ্ৰাস আৰু সংস্কৃতিৰ উপেক্ষা,চৰকাৰী চাকৰি, শিক্ষা আৰু অন্যান্যত বহিৰাগত লোকৰ সংখ্যা বাঢ়ি অহাৰ আশংকা,অসমীয়া, আদিবাসী, বাঙালি, সংখ্যালঘু, ত্রাইবেল গোটসমূহৰ মাজত ভ্ৰাতৃত্ববোধৰ পৰিৱৰ্তে  বিভাজন হোৱাৰ ভয়।

‎এই ধনাত্মক -ঋনাত্মক দিশ দুটাক সমাধান কৰি ল'ব পৰা পদক্ষেপসমূহ এনেধৰণৰ:-

‎বিপ্লভ কুমাৰ শৰ্মা কমিটিৰ ব্যাপক আলোচনাৰ মাধ্যমেৰে অসমীয়াৰ সংজ্ঞা নিশ্চিত কৰা,অসমীয়া জাতিৰ সংজ্ঞা চৰকাৰীভাৱে চূড়ান্ত কৰা,সাংবিধানিক মৰ্যদা দিয়া অৰ্থাৎ ৬ নং দফাক সাংবিধানীকভাৱে ৰাষ্ট্ৰীয় স্তৰৰ মৰ্যদা প্ৰদান কৰা ,ভূমি-চাকৰি-শিক্ষা আদিৰ ক্ষেত্ৰত সাংবিধানিক সংৰক্ষণ দিয়া,বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ৰ পৰা অসমীয়া ভাষা বাধ্যতামূলক কৰা,সামাজিক মাধ্যম, সাহিত্য, চেনেল, পাঠ্যপুথিত অসমীয়া ভাষাৰ বিস্তৃত ব্যৱহাৰ নিশ্চিত কৰা,ভূমি বিক্ৰীৰ ক্ষেত্ৰত স্থানীয় লোকসকলক অগ্ৰাধিকাৰ দিয়াৰ নীতি গঠন,NRC-ৰ ভিত্তিত বৈধ নাগৰিকক চিনাক্ত কৰি সঠিক তালিকা প্ৰকাশ,CAA যেন ৬ নং দফাৰ ওপৰত আঘাত নকৰে – তেনে ব্যৱস্থা আদি পদক্ষেপসমূহ ল'বলৈ চেষ্ঠা কৰিব লাগে ।

‎            শেষত ৬ নং দফা ১৯৮৫ চনৰ অসম চুক্তিত সংবদ্ধ  হৈ থকা ইতিহাস ন'হয়,ই অসমীয়াৰ জাতিয়মান ,স্বাভিমান ,আত্মসন্মান আৰু অধিকাৰৰ প্ৰতীক।


Share:

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ