‎৬ নং দফা: অসমীয়া জাতিৰ অধিকাৰৰ নতুন সন্ধান

 

Section 6

‎৬ নং দফা: অসমীয়া জাতিৰ অধিকাৰৰ নতুন সন্ধান

তপন পায়েং


‎১৯৮৫ চনৰ ১৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰ তথা এই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু তেতিয়াৰ সময়ছোৱাৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাই ত্ৰিপাক্ষীকভাৱে অসম চুক্তি  সাক্ষৰিত কৰে । এই চুক্তিৰ জৰিয়তে 

‎৬ নং দফাই বিশেষভাৱে অসমীয়া জাতিৰ সাংস্কৃতিক, সামাজিক, আৰু ভাষাগত পৰিচয় সংৰক্ষণৰ বাবে প্ৰয়োজনীয় সাংবিধানিক, বিধি-ব্যৱস্থা আৰু ৰাজনৈতিক অধিকাৰ দিয়াৰ উল্লেখ কৰিছে । ৬নং দফাত উল্লেখ কৰা অসমীয়া জাতি শব্দটোৱে সংজ্ঞা এনেধৰনৰ যেনেকৈ আমাৰ ভাৰতীয় সংবিধানত অনুচ্ছেদ ১২ টোৱে ৰাষ্ট্ৰৰ সংজ্ঞা দিছে অৰ্থাৎ ৰাষ্ট্ৰ মানে ভাৰত চৰকাৰ আৰু সংসদ ভৱন ,ৰাষ্ট্ৰ মানে ৰাজ্য চৰকাৰ আৰু বিধান পৰিষদ,ৰাষ্ট্ৰ মানে হৈছে পঞ্চায়ত আৰু পৌৰসভা।ঠিক তেনেদৰে ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ মতে অসমীয়া জাতিৰ সংজ্ঞা হ'ল ১৯৫১ চনৰ পৰা অসমত বাস কৰাসকল যত তেওঁলোকৰ ভোটাৰ তালিকাত নাম আছিল,দ্বিতীয়তে যিসকলে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অসমত বাস কৰাসকল,তৃতীয়তে যিসকলে স্থানীয় জনজাতি যেনে মিচিং,বড়ো,ডিমাছা আদিক অসমীয়া বুলি অভিহিত কৰিছে। ৬নং দফাৰ মূল উদ্দেশ্য ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অসমীয়া অধিবাসীক অসমীয়া হিচাপে স্বীকৃতি  দিয়া,অসমীয়া ভাষাক মাধ্যমিক শিক্ষাপৰ্যায়লৈকে বাধ্যতামূলক কৰি তোলা,ভূমি অধিকাৰ,চাকৰিৰ আৰু শিক্ষাক্ষেত্ৰত ৮০-১০০% শতাংক সংৰক্ষণৰ পৰামৰ্শ দিয়া,ভূমি সংৰক্ষণত ভূমি নীতিত স্থানীয় লোক অধিকাৰৰ প্ৰাধান্য দিয়া। ৬ নং দফাৰ সদৃশ্য তথা সামঞ্জস্যক হিচাপে Assam Domicial Policy ৰ বিষয়ে উনুকিয়াব পাৰি য'ত অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰিছিল যে  অসমত জন্ম গ্ৰহণ কৰা সকলৰ বাবেহে চৰকাৰী চাকৰিৰ সীমাবদ্ধতা থাকিব,জনসংখ্যা বৃদ্ধিৰ ৰোধৰ ব্যৱস্থাপনা আৰু অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰা আৰু মূখ্যমন্ত্ৰীৰ অনুমোদন অভিহনে হিন্দু-মুছলমানৰ মাজত কোনো ধৰনৰ মাটি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰিব। তাৰোপৰিওঁ অসম চৰকাৰে নদীদ্বীপ মাজুলী,বৰপেটা,বটদ্ৰৱা আদি ঠাইসমূহক ঐতিহ্য অঞ্চল হিচাপে চিহ্নিত কৰি সংৰক্ষিত অঞ্চল হিচাপে ঘোষনা কৰিছে। আনহাতে ৮০% শতাংশ থকা অনুসুচিত জাতিৰ লোক থকা গাওঁক "মাইক্ৰ ট্ৰাইবেল বেল্ট আৰু ব্লক"হিচাপে স্বীকৃতি দিয়া হ'ব বুলি ঘোষনা কৰিছে ইতিমধ্যে অসমত মুঠ ১২ টা অঞ্চলক মাইক্ৰ ট্ৰাইবেল বেল্ট আৰু ব্লক হিচাপে আছে।

‎এইবছৰৰ  অসম বাজেট ২০২৫-২৬ টো ৬  নং দফাক  অধিক অগ্ৰাধিকাৰ দিছে ,এইক্ষেত্ৰত উল্লেখনীয় দিশসমূহ,অসমীয়া জাতিৰ চিনাকী আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে আত্ম-পৰিচয়ৰ সংস্থাপন,অসমীয়া ভাষাৰ উন্নয়নৰ বাবে অসম গৱেষনা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা ,অসমীয়া ভাষাৰ পাঠ্যপুথিৰ প্ৰস্তুত তথা প্ৰচাৰৰ বাবে বটা প্ৰদান কৰা তাৰোপৰি এক হাজাৰ জন যুৱলেখকক অসমীয়া ভাষাত বিজ্ঞানমূলক ,গঠনমূলক আৰু শিক্ষা আদিৰ ক্ষেত্ৰত গ্ৰন্থ লিখাৰ উৎসাহিত কৰিবলৈ প্ৰতিজনকে ২৫০০০ টকা প্ৰদান কৰা । তাৰোপৰি বিস্তাৰিত অসম দৰ্শন আচঁনিৰ যোগেদি নামঘৰ আৰু আন ধৰ্মীয় ঐতিহ্যসমূহক আৰ্থিক সাহাজ্য ২৫০০০ টকা কৈ প্ৰদান কৰা আদি প্ৰশংসনীয় পদক্ষেপ লৈছে ।

‎      অন্যহাতে বাজেটত নাই যদিওঁ এই  চেগতে উল্লেখ কৰিব লাগিব যে অসমৰ বৰ্তমানৰ ৰাজ্যপাল লক্ষ্মণ প্ৰাসাদ আচাৰ্যই নিৰ্দেশ দিছে যে  অসমৰ কাৰ্য্যালয়সমূহত অফিচিয়েল যাৱতীয় নথিপত্ৰসমূহত ইংৰাজী,হিন্দীৰ লগতে অসমীয়া ভাষাওঁ থাকিব লাগিব ,জনগোষ্ঠীয় ভাষা জনগোষ্ঠীয় অঞ্চল  যেন বড়োঞ্চলত বড়ো ভাষা আনহাতে  কেন্দ্ৰীয় চৰকাৰৰ নথিপত্ৰসমূহকো ৩০ দিনৰ ভিতৰত স্থানীয় ভাষালৈ অনুবাদ কৰিব লাগিব ,এই ক্ষেত্ৰত সহায় সহযোগী হো‍ৱাকৈ  "অনুবাদ ভাষিনী"মোবাইল এপ্লিকেচনৰো ব্যৱস্থা কৰিছে। 

‎৬নং দফাৰ বিভীষিকসমূহ ,৬নং দফাই প্ৰকৃত  অসমীয়া কোন তাৰ সম্পৰ্কে বিৰূপ মতপোষক কৰিছে,বিপ্লভ  শৰ্মা কমিটিৰ সংজ্ঞা গৃহীত নোহোৱাৰ ফলত ৰাজনীতি,জাতিগত আৰু সামাজিক অস্থিৰতা,অসমীয়া জনসংখ্যা হ্ৰাস পোৱাৰ শংকা,Citizenship Amendment Act (CAA)-ৰ দ্বাৰা ১৯৭১ৰ পাছত অহা অ-অসমীয়া লোকৰ নাগৰিকত্ব দিয়া হ'লে ৬ নং দফাৰ মূল আত্মাই ক্ষতিগ্রস্ত হ’ব বুলি ভয়,অসমীয়া ভাষাৰ ওপৰত বিভিন্ন ভাষাৰ প্ৰভাৱ, বিশেষকৈ অসমীয়া অঞ্চলত বাঙালি, হিন্দী, আদিৰ বিস্তৃতি,নতুন প্ৰজন্মত অসমীয়া ভাষা ব্যৱহাৰৰ হ্ৰাস আৰু সংস্কৃতিৰ উপেক্ষা,চৰকাৰী চাকৰি, শিক্ষা আৰু অন্যান্যত বহিৰাগত লোকৰ সংখ্যা বাঢ়ি অহাৰ আশংকা,অসমীয়া, আদিবাসী, বাঙালি, সংখ্যালঘু, ত্রাইবেল গোটসমূহৰ মাজত ভ্ৰাতৃত্ববোধৰ পৰিৱৰ্তে  বিভাজন হোৱাৰ ভয়।

‎এই ধনাত্মক -ঋনাত্মক দিশ দুটাক সমাধান কৰি ল'ব পৰা পদক্ষেপসমূহ এনেধৰণৰ:-

‎বিপ্লভ কুমাৰ শৰ্মা কমিটিৰ ব্যাপক আলোচনাৰ মাধ্যমেৰে অসমীয়াৰ সংজ্ঞা নিশ্চিত কৰা,অসমীয়া জাতিৰ সংজ্ঞা চৰকাৰীভাৱে চূড়ান্ত কৰা,সাংবিধানিক মৰ্যদা দিয়া অৰ্থাৎ ৬ নং দফাক সাংবিধানীকভাৱে ৰাষ্ট্ৰীয় স্তৰৰ মৰ্যদা প্ৰদান কৰা ,ভূমি-চাকৰি-শিক্ষা আদিৰ ক্ষেত্ৰত সাংবিধানিক সংৰক্ষণ দিয়া,বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ৰ পৰা অসমীয়া ভাষা বাধ্যতামূলক কৰা,সামাজিক মাধ্যম, সাহিত্য, চেনেল, পাঠ্যপুথিত অসমীয়া ভাষাৰ বিস্তৃত ব্যৱহাৰ নিশ্চিত কৰা,ভূমি বিক্ৰীৰ ক্ষেত্ৰত স্থানীয় লোকসকলক অগ্ৰাধিকাৰ দিয়াৰ নীতি গঠন,NRC-ৰ ভিত্তিত বৈধ নাগৰিকক চিনাক্ত কৰি সঠিক তালিকা প্ৰকাশ,CAA যেন ৬ নং দফাৰ ওপৰত আঘাত নকৰে – তেনে ব্যৱস্থা আদি পদক্ষেপসমূহ ল'বলৈ চেষ্ঠা কৰিব লাগে ।

‎            শেষত ৬ নং দফা ১৯৮৫ চনৰ অসম চুক্তিত সংবদ্ধ  হৈ থকা ইতিহাস ন'হয়,ই অসমীয়াৰ জাতিয়মান ,স্বাভিমান ,আত্মসন্মান আৰু অধিকাৰৰ প্ৰতীক।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Followers