কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?
তপন পায়েং
বৰ্তমান সময় প্ৰযুক্তিশীল সময় পূৰ্ৱতকৈয়ো কম্পিউটাৰ আৰু ইন্টাৰনেটৰ অত্যাধুনিক সুচলতাৰ পাছত বৰ্তমান পৰ্যায়ক্ৰমে কৃত্ৰিম বুদ্ধিমত্তাৰো বৃহতৰ বাবে উন্নত হৈ পৰিছে ফলত কৃত্ৰিম বুদ্ধিমত্তাৰ ঋণাত্মক আৰু ধনাত্মক দুয়ো দিশ বৃদ্ধি হৈছে।আমি জানো যে বৰ্তমান সময়ত AI হিচাপে পৰিচিত সত্তাই আমাৰ চিকিৎসা বিদ্যা,শিক্ষা,উৎপাদন আদি বিভিন্ন দিশসমূহত বহল ভাৱে সহায় কৰি আহিছে। কিন্তু সকলো বস্তুৰে এটা ঋণাত্মক আৰু ধনাত্মক দিশ দুটা জড়িত হৈ পৰিছে,আমি বেছি সংখ্যক ঋনাত্মক দিশত ব্যৱহাৰ কৰিছো যদিওঁ অত্যাধিকভাৱে ব্যৱহাৰ কৰাৰ ফলত ঋণাত্মকৰ পৰা গৈ ধনাত্মকলৈ ধাৱমান হৈছেগৈ । তেনেক্ষেত্ৰত যদি চাওঁ চিন্তাকৰিবলৈ এৰি দিয়া যেনে কোনো এজন ছাত্ৰই Google chatbot,Gemini,Chatgpt,Grook ,Deepsheek আদিৰ দৰে কিছুমান ফ্লেটফৰ্মৰ জৰিয়তে মগজুৱে ঢুকি নোপোৱা বিষয়ক অনুসন্ধান কৰি ব্যৱহাৰ কৰা ফলত চিন্তাশক্তি,সমস্যা সমাধান দক্ষতা আদিবোৰৰ দৰে গুণবোৰ ধবংস কৰাত প্ৰভাৱ পেলাইছে । এজন লৰা বা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত নিজে ভাৱি লিখাৰ পৰা এলাগি হোৱা,কোনো এটা বিষয়ত নিজৰ পাঠ্যপুথিৰ পাঠ এটি নপঢ়াকৈ AI ৰ জৰিয়ত কম সময়ৰ ভিতৰতে প্ৰশ্নৰ উত্তৰ কৰা ইত্যাদিয়ে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কিতাপ পঢ়াৰ পৰা হেমাহিৰ সৃষ্টি কৰিছে । AIয়ে ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাসৰো হ্ৰাস কৰাইছে,কৃত্ৰিমবুদ্ধিমত্তাই লৰা-ছোৱালীক নকল কৰা আৰু কপি পেষ্ট কৰাতো ধনাণাত্মকভাৱে ইন্ধন যোগাইছে । তদুপৰি AI ভিত্তিত e-sport আগ্ৰাসন কৰাৰ ফলত লৰা-ছোৱালীৰ মাজত শাৰীৰিকভাৱে খেলপথাৰক দূৰৈলৈ ঠেলি দিছে আৰু ইয়াৰ ফলস্বৰূপে বিভিন্ন ৰোগৰ দেখা দিছে ।AI য়ে সামাজিক ,একাকীকত্ব আৰু পৰিয়ালৰ আত্মীয়তাৰ মাজত যোগাযোগৰ বিছিন্নতা কৰিছে তেনেক্ষেত্ৰত নৱপ্ৰজন্মই ডিজিটেল যুগত "Feel"ৰ সলনি "Feedback"ৰ অধিক প্ৰাধান্য দিবলৈ আৰম্ভ কৰিছে লৰা-ছোৱালীয়ে মানুহৰ কথাতকৈ অনলাইন ভাৰ্ছুৱেলৰ পৰামৰ্শকে বেছিকৈ বিশ্বাস কৰিব লৈছে।লাহে লাহে সামাজিক,সহানুভূতি আৰু মূল্যবোধ ধ্বংস হৈ নিৰ্জনতা বৃদ্ধি পাইছে। তদুপৰি বৰ্তমান প্ৰেক্ষাপটত আটাইতকৈ আপদজনক ছবি কোনোবা নায়িকাৰ ফটোৰ অপব্যৱহাৰ কৰা আনহাতে ছোৱালীৰ ফটো AI ৰ জৰিয়তে প্ৰতিলেপন কৰি ইন্টাৰনেটত মুকলি কৰি ছোৱালী বা মহিলাৰ মান হানি কৰা উদাহৰণস্বৰূপে শেহতীয়াকৈ চৰ্চিত অৰ্চিতা ফুকনৰ কাণ্ডকো আঙুৰিয়াব পাৰি । যুৱতীৰ ফটো অশ্লীল ৰূপ দি ব্লেকমেইলিং কৰা ইত্যাদি । AI-ৰ সহায়ত Deepfake ভিডিঅ’, নকল Photo, Voice cloning ইত্যাদি নিৰ্মান কৰি সমাজক ভূল দিশলৈ লৈ যোৱাত ধনাত্মক শক্তি প্ৰবাহিত কৰিছে । এইবোৰে তথ্যৰ বিশ্বাসযোগ্যতা ধ্বংস কৰি “যি দেখিছোঁ তাকেই সত্য” বুলি ভাৱ ধাৰাটো ওলোটা কৰি পেলাইছে। AIৰ ওপৰত নিৰ্ভৰ কৰি বা সংযুক্ত কৰা-App হে আৰু Platform (Instagram, TikTok AI Filters, Face Recognition App) নতুন প্ৰজন্মৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰি লগত লগত বিপদৰ ত্ৰাসো সৃষ্টিৰ তুংগত কৰিছে । Data Breach, Cyber Crime, Online Bullying ইত্যাদি ব্যাপক হাৰত বৃদ্ধি পাইছে । নিজৰ মুখ, অৱস্থা, চলন ফুৰন, চিন্তাভাবন সকলো AI ৰ বাবে উলংগ হৈ পৰিছে সেয়া মানসিক অস্থিৰতা আৰু ভয়ৰ বাতাবৰণ গঢ়ি উঠিছে। এনেবোৰ কাৰণত মানুহৰ গোপনীয়তাৰ সংকট নামি আহিছে। নৱপ্ৰজন্মৰ মাজত ধনাত্মক ক্ৰিয়াসমূহ আৰু ধনাত্মক সম্ভাৱ্য সমস্যাসমূহ সমাধানৰ বাবে ল'ব পৰা পদক্ষেপসমূহ যদি চাওঁ,স্কুল বা কলেজসমূহত কৃত্ৰিম বুদ্ধিমত্তা শিক্ষাৰ ওপৰত ঋণাত্মক আৰু ধনাত্মক দিশসমূহত বিশদভাৱে শিক্ষা বা কৰ্মশালা আয়োজন কৰিব লাগে। অভিভাৱকসকলে নিজ নিজ সন্তানক AI ভিত্তিত প্ৰস্তুত কৰা এপচ আৰু মোবাইল ব্যৱহাৰত নিৰ্দিষ্ট অনুশাসন দিব লাগে । চৰকাৰীভাৱে মিছা তথা কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ,ফটো,মাতসমূহ চিনাক্ত কৰিব পৰাকৈ আৰু অটমেটিকভাৱে বা নিজাকৃত ভাৱে ডিলিট কৰিব ব্যৱস্থা কৰিব লাগে। মিছা বা ফেক ফটো,মাত বা voice আৰু বিডিঅ প্ৰস্তুত কৰাৰ ওপৰত কঠোৰভাৱে আইন অৱলম্বন কৰিব লাগে। আনহাতে এই AI app আৰু Software প্ৰস্তুত কৰ্তাসকলে নিৰ্দিষ্ট বয়সৰ ধৰাবন্ধাৰ ওপৰত ভিত্তি কৰি নিৰ্মান কৰিব লাগে।AI কেনেকৈ আন আন লেখা বা ফটোবোৰক চাই কেনেকৈ হুবহু ক্লনিং কৰে "AI য়ে আমাৰ পৰাহে চুৰ কৰে ,মানুহে ন'হয়"তাৰ সম্পৰ্কে বিতং ভাৱে জ্ঞান দিব লাগে ।
AI বা কৃত্ৰিম বুদ্ধিমত্তা যি নামাকৰণেই কৰক ,AI আমাৰ ভাৱে সমস্যা নহ'য়,সমস্যা হ'ল এইজন, যিজনে AI ৰ দ্বাৰা অপপ্ৰচাৰ ,বিকৃত কৰি সমাজত প্ৰতিচালিত কৰি আছে প্ৰকৃততে এই ব্যৱহাৰকাৰীজনহে সমাজৰ বাবে আপদ। যি ধৰনে AI য়ে বিশ্বব্ৰহ্মাণ্ডত বিভিন্ন দিশত উন্নয়নৰ মুকুত পিন্ধাইছে এইধৰনে নৱপ্ৰজন্মৰ মাজত "কলা সেঙাৰ"ৰ সৃষ্টিৰ আশংক্ষা গঢ়ি তুলিছে। আমি সচেতন হোৱা উচিত কৃত্ৰিম বুদ্ধিমত্তা কি হ'য়?
আমি সদায় মনত ৰাখিব লাগে যে কৃত্ৰিম বুদ্ধিমত্তাৰ আমি দাসত্ব নহ'য়,কৃত্ৰিম বুদ্ধিমত্তা আমাৰ বাবে তথা আহিব লগা অনুজৰ বাবে উপযোগী আৰু ব্যৱহাৰকাৰীৰ চক্ষু দিয়ে ব্যৱহাৰ কৰিব লাগে যাতে আহিবলগীয়া দিনবোৰ বেয়া দিশত প্ৰবাহ চালিত নহ'য়॥