জুবিন গাৰ্গ : নিৰপেক্ষতাৰ প্ৰতীক
◾তপন পায়েং
(৬০০২০৭৬৮৮৬)
লখিমপুৰ
অসমবাসীৰ হৃদয়ৰ তৰঙ্গত যিজনৰ নাম সংগীতৰ লগত মিলি গ'ল, তেওঁহে জুবিন গাৰ্গ। অনুৰাগীয়ে তেওঁক "ঈশ্বৰ" বুলি সম্বোধন কৰে আৰু কৰি থাকিব তাত কোনো ভূল নাই বুলি ভাৱো । এই কথা তেওঁৰ ইহলীলাৰ সম্বৰণৰ হোৱাৰ পিছতে আমি গভীৰভাৱে উপলব্ধি কৰিছো।
ভগৱান হোৱাটো মানে মাত্ৰ ধূপ-ধূনা, পূজা-অৰ্চনাৰ মাজত সীমাবদ্ধ হোৱা নহয়। ভগৱান হ'ল সেইজন, যিজন অসহায়জনক সহায় কৰে, সমাজত বিভেদৰ গাঁথনি ভাঙি একতাৰ পথ দেখুৱায়। জুবিন গাৰ্গো ঠিক সেই কামটোয়েই কৰিছিল।
![]() |
Amar Asom 29 sep 2025 |
ছয় শতিকাৰ সময়ছোৱাত ভাৰতবৰ্ষ জাতি-বৰ্ণৰ দ্বাৰা জৰ্জৰিত আছিল। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ—এই বিভাজনৰ আঁচলত মানৱতাক মাটিত থুচি দিয়া হৈছিল। ঠিক তেতিয়াই কপিলাবস্তুৰ ৰাজকুমাৰ শাক্যমুনিয়ে ৰাজসভা ত্যাগ কৰি বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰিছিল। সমাজৰ সকলো মানুহে সমান হোৱাটো নিশ্চিত কৰিবলৈ আৰু তেওঁ গৌতম বুদ্ধ হৈ পৰিছিল।ঠিক তেনেধৰে উপলব্ধি কৰো যে জুবিন গাৰ্গো সমাজৰ সকলো জাতি বৰ্ণ হিন্দু-মূছলমান,জাতি বৰ্ণ পাহৰি এক হোৱাৰ স্বাৰ্থত জুবিন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গ হৈছিল । তেওঁ সমাজত হিন্দু-মুছলমান, জাতি-বৰ্ণৰ প্ৰাচীৰ ভাঙি একতাৰ সুৰ গাইছিল।
তেওঁৰ দ্বাৰা নিৰ্মিত "কাঞ্চনজংঘা" ছবিৰ সেই অমৰ সংলাপটোৰে তেওঁৰ দৰ্শন সুস্পষ্ট—“মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত... মইয়েই কাঞ্চনজংঘা।”
এয়াই জুবিন গাৰ্গৰ জীৱনদৰ্শন। তেওঁ কোনো ভেদাভেদ নাজানিছিল, কেৱল প্ৰেমক মানিছিল। সমাজৰ সকলো কণ্ঠত, সকলো হৃদয়ত, সকলো ধৰ্মত একতাৰ বাণী শ্ৰুত হ’ল তেওঁৰ সংগীতেৰে।
তেওঁৰ শেষ শয়নো যেন এই দৰ্শনেই প্ৰতিফলিত কৰিলে। তেওঁৰ অন্ত্যেষ্টিত ভিন্ন ধৰ্ম আৰু ভিন্ন সম্প্রদায়ৰ লোক সমবেত হৈছিল। কাৰণ, জুবিন গাৰ্গ মাত্ৰ এজন গায়কেই নহয়, তেওঁ আছিল "মানৱৰ প্ৰেমৰ মূৰ্ত প্রতীক"।
শেষত, নিঃসন্দেহে ক’ব পাৰি—
"জুবিন গাৰ্গ মানেই নিৰপেক্ষতাৰ প্ৰতীক"।
তেওঁ আছিল সংগীতৰ ঈশ্বৰ, মানবতাৰ প্ৰতিচ্ছবি।