যিসকলে এইবাৰ মহাবিদ্যালয়ত নামভর্তি কৰিছে,তপন পায়েং

 যিসকলে এইবাৰ মহাবিদ্যালয়ত নামভর্তি কৰিছে


ছাত্রানং অধ্যনং তপঃ অর্থাৎ ছাত্ৰসকলৰ মুখ্য কর্তব্যই হৈছে অধ্যয়নত ব্রতী হৈ থকা। যিহেতু তোমালোকৰ মুখ্য কাম অধ্যয়ন কৰা। কিন্তু তাৰ মাজতেই তোমালোকৰ আপোন মহাবিদ্যালয়তেই আনন্দৰ উৎস বিচাৰিব লাগিব। যেনে-মহাবিদ্যালয়ৰ নবাগত আদৰণি সভা, মহাবিদ্যালয়ৰ সাংস্কৃতিক আৰু বার্ষিক ক্রীড়া সমাৰোহ,

.

যিসকলে এইবাৰ মহাবিদ্যালয়ত নামভর্তি কৰিছে


বিভাগীয়ৰ জ্যেষ্ঠসকলৰ উদ্দেশ্য আয়োজন কৰা বিদায় সভা আৰু বিভাগীয়ৰ ক্ষেত্র-অধ্যয়ন আদিতে আনন্দৰ উৎসসমূহ বিচাৰি পাব লাগে, এই আনন্দসমূহ বিচাৰি পাবলৈ বেলেগ উৎস আৰু বিচাৰিব নালাগে যেনে ৰাতিৰ কোনোবা শিল্পীৰ মঞ্চৰ অনুষ্ঠান, তোমালোকটো জানাই ছমাহৰে মুৰে মূৰে পৰীক্ষা, সেয়ে মহাবিদ্যালয়ৰ ছাত্র হিচাপে এইবোৰতেই আনন্দৰ উৎসবোৰ বিচাৰি সামৰি থোৱাটো ভাল। আৰু যিসকলৰ ছাত্র-ছাত্রীৰ মাক-দেউতাৰ কোনো চৰকাৰী চাকৰি নাই, এইসকল ছাত্র-ছাত্রীয়ে এইসকল ছাত্র-ছাত্রীৰ লগত খোজ মিলাই চলিলে নহ'ব, চলিবলৈ শিকিব লাগে জ্ঞান-শিক্ষাৰ ক্ষেত্ৰতে। মাজতে ওলাইছিল এটা ট্রেন্ড আনকোনোবা এজনে স্কুটাৰ ল'লে বুলিয়েই ঘৰত গৈ মা-দেউতাকক বাইকৰ অথবা নতুন দামী ম'বাইলৰ আপত্তি কৰা। পৰাপক্ষত মা-দেউতাক ক'বা স্নাতক শিক্ষা শেষ কৰাৰ পাছত পিছৰ পৰৱৰ্তী শিক্ষাৰ বাবে অথবা প্রফেশ্যনেল শিক্ষা যেনে- বি.এড আদি পাঠ্যক্রমৰ বাবেহে টকা সঞ্চয় কৰিবলৈ। বাইক, ম'বাইলৰ বাবে নহয়, বর্তমান যিয়ে নামভৰ্তিৰ মাচুল সাধাৰণ শ্রেণীব বাবে এই এডমিছনৰ টকা সংগ্রহ কৰাটোও কঠিন আৰু পৰাপক্ষত চতুৰ টেঙৰালি হ'বলৈ শিকা, কোনোবা চৰকাৰী চাকৰিৰ প্রশ্নকাকত এতিয়াৰ পৰাই অনুসৰণ কৰিবলৈ যত্ন কৰিব লাগে যাতে স্নাতক ডিগ্রী শেষ কৰিয়েই যাতে কর্মসংস্থাপন পায়, যিসকল টেঙৰ তেওঁলোকেহে পায়। বাহিৰৰ দুনীয়াত কোনে কি বাইক, কোনে কি কাপোৰ-ম'বাইল লৈছে এইবোৰ আচৰ্য-বিভুৰ হোৱাতকৈ চাকৰিমুখী জীৱনৰ সূচীসমূহৰ এতিয়াৰ পৰাই আয়ত্ত কৰিবলৈ চেষ্টা কৰক।


শেষত মহাবিদ্যালয়ত নামভর্তি কৰা প্রতিজন ছাত্র-ছাত্রীয়ে শিক্ষা-অধ্যয়নক জীৱনৰ মূল লক্ষ্য কৰি তুলক কাৰণ যিজনে আজি অধ্যবসায়ত ব্রতী, কাইলৈ সাফল্যত সেইজনেই ভ্রান্তিহীন।


তপন পায়েং

Share:

0 Comments:

Post a Comment

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ