নামঘৰ অসমীয়া সমাজৰ আত্মা,/naamghar is soul of assamese people

 

নামঘৰ : অসমীয়া সমাজৰ জীৱনৰেখা

         অসমীয়া সমাজ খনক সমন্বয়ৰ এনাজৰীৰে বান্ধি ৰখা এটা অনুষ্ঠান হৈছে নামঘৰ । নৱ বৈষ্ণৱ ধৰ্ম প্ৰচলনৰ সময়ৰে পৰা অৰ্থাৎ শংকৰদেৱৰ  কালৰে পৰা অসমীয়া সমাজত যি নৱজাগৰণৰ উত্তৰণ ঘটিছিল ঠিক সেই সময়ছোৱাৰ পৰাই অসমত অনেক ধৰণৰ প্ৰগতিৰ বাট তথা নতুন চিন্তাশীল মননকেন্দ্ৰিক ভাৱ ধাৰাৰ উত্থান ঘটিছিল আৰু তাৰ ফলস্বৰূপে নামঘৰ সৃষ্টি অন্যতম। অসমীয়া সমাজত শংকৰদেৱৰ নামঘৰ প্ৰচলনে ভিন্ন সময়ত ভিন্ন ধৰণৰ প্ৰভাৱ পেলাইছিল । যেনেকৈ নামঘৰক পবিত্ৰ স্থান হিচাপে গণ্য কৰা হৈছিল। ঠিক তেনেদৰে নামঘৰক   বিভিন্ন মঞ্চ হিচাপে ব্যৱহাৰ কৰিছিল।

"অসমত বৈষ্ণৱী সাধু শংকৰদেৱ,দামোদৰ দেৱ আৰু মাধৱদেৱে অসমীয়া সমাজৰ বাবে প্ৰতিষ্টা কৰিছিল"


ৰাজহুৱা মঞ্চ:  সমাজৰ উন্নতিৰ বাবে বা গাঁৱৰ উন্নতিৰ বাবে সমাজ খনত এক সুস্থ সবল সমাজৰ প্ৰয়োজন। নিজৰ মৌলিক কথা সমূহ উপস্থাপন কৰাৰ বাবে বা নিজৰ চিন্তাধাৰাক বিতৰণ কৰাৰ এটা উপযুক্ত মঞ্চ । যত গাঁৱৰ মানুহে এইখন মঞ্চত কোনো আক্ষেপ নাৰাখি সমাজৰ লাভৰ বাবে বা ভালৰ বাবে নিজৰ মতামত দাঙি ধৰাৰ এক উপযুক্ত প্ৰতিষ্ঠান।
পঞ্চায়তী ৰাজ : গাঁৱৰ বিচাৰ বিবেচনা কৰা উপযুক্ত স্থান হিচাপে নামঘৰক লব পাৰি। অসমীয়া সমাজত গাঁৱৰ বিবাদ সমূহৰ বিষয়ে নামঘৰত সেই বিবাদ সমূহৰ সিদ্ধান্ত লোৱা হয়। বিভিন্ন ধৰণৰ বিচাৰ সমূহ নামঘৰৰ মজিয়াতে মীমাংসা কৰা হয় । কিয়নো নামঘৰক পবিত্ৰ স্থান হিচাপে গণ্য কৰা হয় সেয়ে বিচাৰত ভাগ লোৱা ব্যক্তি বোৰেও কোনো মিছাৰ আশ্ৰয় নলয় ।

  • "শ্ৰীশ্ৰী আঠাখেলীয়া নামঘৰ অসমৰ গোলাঘাট জিলাত অৱস্থিত,আহোম স্বৰ্গদেউ গধাদৰ সিংহই নিৰ্মান কৰিছিল"


গ্ৰাম্য সংস্থা : নিজৰ সংস্কৃতিক ধৰি ৰখাৰ অন্য এক ঘৰ হিচাপে নামঘৰক কব পাৰি। কিয়নো সেই নামঘৰতে অসমীয়া ডেকা গাভৰু বুঢ়া মেথা সকলে নিজৰ সংস্কৃতিৰ অধ্যয়ন কৰে অৰ্থাৎ আমাৰ প্ৰাচীন সংস্কৃতিৰ যেনেকৈ ভাওনা অথবা অসমীয়া সমাজৰ পৰম্পৰাক ধৰি ৰাখি উজ্জীৱিত কৰি তোলাৰ ঘাই প্ৰয়াস কৰে। নামঘৰতে ডেকা সকলে গোট খাই নিজৰ নিজৰ সংস্কৃতিৰ বিষয়ে মতামত প্ৰদান কৰে।

আধ্যাত্মিকতা ৰক্ষা কৰা : নামঘৰৰ গুৰুত্ব পূৰ্ণ বিষয়বস্তু হিচাপে আধ্যাত্মিকতাক আঙুলিয়াব পাৰি।  ধৰ্মীয় বিশ্বাস সমূহে মানুহৰ মনত থকা কেৰুন সমূহ আঁতৰাই নতুন বাটৰ মুকলি কৰে । যত নামঘৰত প্ৰৱেশ কৰাৰ লগতে মানুহে ঈশ্বৰ বিশ্বাসী আৰু ভগৱন্তৰ ওচৰত সমৰ্পিত কৰে। এইটো নহয় যে ধৰ্মৰ নাম লোৱা মানে ধৰ্মক বেয়া দিশত ব্যৱহাৰ কৰা । দৰ্শনৰ ফালৰ পৰাও দৃষ্টিকোণ কৰিলে ধৰ্মক আমি কৰ্মৰ লগত সংযুক্ত কৰিব পাৰি।
নামঘৰ আৰু নামঘৰৰ সম্প্ৰসাৰণ :
নামঘৰ প্ৰতিষ্ঠা কৰিছিল ১৪৬৮ চনত শংকৰদেৱৰ নেতৃত্বত নগাঁৱৰ বৰদোৱাত ।

"ঢেকীয়া খোৱা বৰনামঘৰ অসমৰ এটা বিখ্যাত পুৰণি নামঘৰ,যিটো মহাপুৰুষ মাধৱদেৱে ১৪৬১ চনত প্ৰতিষ্টা কৰা হৈছিল"


 সমত সেই সময়ত অনেক ৰজাৰ শাসন চলিছিল। আৰু শাসনে অসমৰ দেশৰ স্বাধীনতা আৰু ৰাজনৈতিক অৰ্থনৈতিক দিশক জৰাজীৰ্ণ কৰিছিল। আৰু সেই সময়ছোৱাতে শঙ্কৰদেৱে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰি দেশৰ বিষয়ে অধ্যয়ন কৰি সভ্য সমাজ প্ৰতিষ্ঠা কৰাৰ বাট মুকলি কৰিব বিচাৰিছিল। কিন্তু শঙ্কৰদেৱে ৰজা সমূহৰ ক্ৰোধ নাশ কৰি নতুন ধৰ্মীয় ব্যবস্থাৰ সঞ্চাৰণ ঘটাইছিল।শঙ্কৰদেৱে পোন প্ৰথমে বৰদোৱা আৰু আলিপুখুৰিত ধৰ্ম প্ৰচাৰ কৰে( নৱ বৈষ্ণৱ) । পত্নী প্ৰসাদ নামৰ অংকীয়া নাটেৰে আৰম্ভ কৰি ধৰ্মীয় সত্ত্বাক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰে। কোচ ৰাজ্যৰ আক্ৰমণৰ ফলত আহোম সকলৰ মাজত জৰাজীৰ্ণ অৱস্থা হৈ পৰিছিল। তেনেস্থলত শঙ্কৰদেৱে (মাজুলী) ধুৱাহাতলৈ প্ৰবজন কৰে।

নামঘৰৰ বিশদ অংশ :
নামঘৰৰ চৌহদটো ন ভাগত ভাগ কৰে। মণিকূটৰ ওচৰৰ পূৱ অংশ , যত গুৰু আসন ৰখা হয়, প্ৰথম কোঠা বা মূৰ হিচাপে গণ্য কৰা হয়।।
দ্বিতীয়টো হৈছে হৃদয়।
তৃতীয় হল পেট
চতুৰ্থ নাভি
ঞ্চম উৰু
ষষ্ঠ হৈছে ফুট

নামঘৰৰ স্থাপত্য আঁৰ্হি

আয়তাকাৰ আকৃতিঃ- নামঘৰবোৰ আয়তাকাৰ আকৃতিৰ ,পূবৰ পৰা পশ্চিমলৈ যোৱা খালী পদ/গেবেল থাকে। মূল হলটোৰ দুয়োকাষে ভক্তগণে বহি কীৰ্তন,ঘোষা পাঠ কৰে।

বাৰণ্ডা/চৌহদঃ-নামঘৰৰ বাহিৰৰ বেৰত বাৰণ্ডা।

ছাদঃ-ছাদখন হাতীৰ পিঠিৰ দৰে অথবা কাছৰ চলঙৰ দৰে।

নিতম্বঃ- নামঘৰৰ নিতম্বৰ অংশ এপচিডাল,ভগৱান বিষ্ণুৰ গোৰোহাৰ দৰে ।

মণিকূটঃ-নামঘৰৰ মূৰত এটা স্বতন্ত্ৰ কোঠা যত কাঠৰ সিংহাখনৰ দৰে ।

প্ৰৱেশদ্বাৰখনঃ- সিংহ,হাতী,হনুমানৰ ভাস্কৰ্য সজোৱা থাকে।

Share:

ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমুহ আৰু মান-বৃটিছৰ যুদ্ধৰ পটভুমি

 এংলো বাৰ্মিজ যুদ্ধৰ পটভূমি

১৮২৪ চনৰ পৰা ১৮৮৫ চনৰ ভিতৰত বৃটিছ ভাৰত আৰু বাৰ্মাৰ শাসকসকলে বহু যুদ্ধ কৰিছিল যাৰ পুৰ্বে  ১৮৮৬ চনত বাৰ্মাৰ ওপৰত বৃটিছ অধিপত্য প্ৰতিষ্টা হৈছিল।

১৮২৬ চনৰ ২৪ ফেব্ৰুৱ‍াৰীত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিৰ ফলত দুবছৰ ধৰি চলি থকা প্ৰথম  এংলো -বাৰ্মিজ যুদ্ধৰ অন্ত পৰে। ইষ্ট-ইণ্ডিয়া কোম্পানী আৰু আভাৰ ৰজাৰ মাজত চলি থকা কোম্পানীয়ে বিজয়ী আত্মপ্ৰকাশ কৰে।

"এংলো বাৰ্মিজ(মানৰ)যুদ্ধৰ শিপা কনবাং বংশৰ অধীনত বাৰ্মিজ সাম্ৰাজ্যৰ দ্ৰুত সম্প্ৰসাৰণৰ পৰাই আৰম্ভ হয়।১৭৫২ চনৰ পৰা ১৭৬০ চনৰ ভিতৰত কনবাউং বংশৰ প্ৰতিষ্টাপক ৰজা আলাউংপায়াই বাৰ্মাক একত্ৰিত কৰিছিল।তেওঁৰ উত্তৰাধিকাৰী ৰজা বড়াওপায়াই আভাত থকা ৰাজধানীৰ পৰাই এই সম্পসাৰণ বাদী নীতি অব্যাহত ৰাখিছিল।"

  • বডৌপায়াই চিয়ামৰ দৰে ভূখণ্ড আক্ৰমণ কৰি আৰাকান অঞ্চল নিজৰ ৰাজত্বকালত নিজৰ নিজৰ অধীনলৈ আনে।
  • ১৮১৩ চনলৈকে তেওঁলোকে বৰ্তমানৰ মনিপুৰ অঞ্চলৰ নিয়ন্ত্ৰণ লাভ কৰিছিল।
  • ইয়াৰ ফলত বাৰ্মা বৃটিছ ভাৰতৰ সীমান্তৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈকে আহিছিল,যাৰ ফলত দুয়োখন শক্তিৰ মাজত ।

  • ইয়াণ্ডাবু সন্ধিৰ চৰ্তসমুহ



বৃটিছ-মানৰ যুদ্ধৰ কাৰণ 

ইংৰাজ-মান(বাৰ্মিজ)যুদ্ধৰ  কাৰণসমুহ  অসম আৰু মণিপুৰৰ দৰে অঞ্চললৈ বাৰ্মাৰ আগ্ৰাসী ভূখণ্ড সম্প্ৰসাৰণৰ পৰাই অনুসন্ধান কৰিব পাৰি যিয়ে ভাৰতক বৃটিছৰ স্বাৰ্থৰ সৈতে ৰাজ্যখনক প্ৰত্যক্ষ সংঘাতত পেলাইছিল। এই সম্প্ৰসাৰণবাদী নীতিয়ে বৃটিছক আতংকিত কৰি তুলিছিল,যিসকলে নিজৰ ভূখণ্ডৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিবলৈ আগ্ৰহী আছিল। ইয়াৰ ওপৰিও বৃটিছ ব্যৱসায়ীসকলে কোম্পানীটোৰ উল্লেখযোগ্য কাম সমাপন কৰিছিল।

প্ৰথম বৃটিছ-মান যুদ্ধ(এংলো-বাৰ্মিজ যুদ্ধ)

প্ৰথম এংলো বাৰ্মিজ যুদ্ধ(১৮২৪-১৮২৬)আৰম্ভ হৈছিল যেতিয়া বাৰ্মিজ সকলে অসমলৈ সম্প্ৰসাৰণ ঘটাইছিল,যাৰ ফলত বৃটিছ বাহিনীৰ সৈতে প্ৰত্যেক্ষ সংঘাতৰ সৃষ্টি হৈছিল।যুদ্ধ দুবছৰ ধৰি চলিছিল আৰু প্ৰাৰম্ভিক বাৰ্মিজ সফলতাৰ পিছতো ছাৰ আৰ্চিবাল্ড কেম্পবেলৰ অধীনত বাহিনীয়ে অৱশেষত বাৰ্মিজৰ মূল ভূখণ্ড॥
Share:

নতুন দিনৰ অহ! আন ছাং ছ্যুকি,Hang Sang Syuki

 

Oh new days of Hang Sang Syuki
Oh new days of Hang Sang Syuki

নতুন দিনৰ অহ! আন ছাং ছ্যুকি

তপন পায়েং
6002076886

সৰিয়হ ফুলিলেই জানিবা
তাই আন ছাং ছ্যুকি ?
মুৰতে হালধীয়া খোপা পিন্ধি সৰিয়হ ধৰাতে
ছাগলী ৰখীয়া গাভৰু এজনীক দেখিলেই জানিবা
তাই আন ছাং ছ্যুকি ॥॥

নতুন দিনবোৰ চিৰদিনলৈ নতুন হৈ থাকেনে বাৰু? হয় আমি সকলোৱে জ্ঞাত নতুন দিনবোৰ নতুন হৈয়েই নাথাকে যেন নতুন দিনবোৰ একো একোটা ঋতুৰ দৰে ,নিজস্ব কামবোৰ সমাপন কৰিব আৰু  অতীতৰ দেশলৈ পুৰণি হ'বলৈ যন্ত্ৰচালিত মেচিনৰ দৰে আগবাঢ়ি যাব । এই যন্ত্ৰচালিত মেচিনতেই আমাৰ ক্ষন্তেকৰ সুখবোৰ নাইবা দুখ-বেজাৰবোৰ মিলিত হৈ জাঁহ যায় অতীতৰ বিশাল সমুদ্ৰত । তেতিয়াহ'লে আমি কিয় নতুনলৈ বৰ হেপাঁহেৰে বাট চাওঁ,মাঘত মেজী জ্বলাওঁ সুখৰ কামনা কৰো অগ্নি দেৱতাৰ ওচৰত আশীষ লওঁ কিন্তু এই সুখবোৰ কিমানজনে পাইছে ,হয় এইটো আমি ঠিৰাংভাৱে কব পাৰো যে দুখ আৰু বিপদবোৰকেই নতুন  ৰূপত পাওঁ,এইবাবে আমি নতুনলৈ বাট চাওঁ নেকি ?সেয়েহে ভাগৱত গীতাই কৈছে যে নতুন দিনত ভাল দিন আহিব তাক লৈ অপেক্ষা নকৰিব জীৱনত যি চলি আছে চলি থাকিব দিয়া মাথোন ভৱিষ্যতৰ সুখৰ বাবে বৰ্তমান সময়ত দিন-ৰাতিক একাষাৰ কৰি কষ্ট কৰি যাওঁক তোমাৰ এই কৰ্মই নতুন দিনৰ সুখৰ বাৰ্তা কঢ়িয়াই আনিবই ,এইয়াই সত্য ।
         চলিত দিনতেই যোৱা বেলিকাতে চলিত বছৰটোৱে নতুন দিনৰ সংজ্ঞা কঢ়িয়াই লৈ আহিব বুলি  কত সপোন দেখিছিলো,কত ফুৰ্তি কৰিছিলো,নৈৰ পাৰে পাৰে সৰিয়হ গছকি গছকি ভোজৰ মেলাতে বিহুগীত -ঐনিতম জুৰিছিলো ,নতুনক আকোৱালি লোৱাৰ বাবে ।আজিওঁ মনত পৰে ,অহ ! নতুন দিনৰ আন ছাং চ্যুকি ? এই নতুনতেই আমাৰ বৰগছো মৰহি গ'ল, বৰগছ মৰহি যোৱাৰ বেদনাক জানো এই নতুন দিনৰ আন ছাং চ্যুকিয়ে জানো বুজি পায়,তেনে নতুন দিনক কিহৰ প্ৰয়োজন ? নালাগে আমাক এনে নতুন দিন । যত কষ্ট পায় বৰগছৰ অনুপস্থিতিত সৰু-ক্ষুদ্ৰ বিটপীৰ কলিজা,যত ৰাতি টোপনি নাহে বৰগছৰ মিচিকিয়াঁ হাহিঁৰ ক্ষুদ্ৰ গছলৈ চায় ফোনত কথা পাতা ছবিক পায়, এই নতুনে উভতাব পাৰিবনে বৰগছৰ এই হালধীয়া ৰঙাপিকৰ হাহিঁক।
                      আকৌ বাজিব ৰেডিঅত ,ৰাতি পুৱাৰ দৈনন্দিন বাৰ্তা,অসম আদিত্য,আমাৰ অসম,নিয়মীয়া বাৰ্তাত প্ৰথম পৃষ্ঠাতে আকৌ প্ৰকাশ হ'ব ডাঙৰ ডাঙৰ বৰফলা আখৰৰ শিৰোনামা ,একেই কথা একেই  অভিযোগ । নতুন দিন বুলি কতনো পৰিৱৰ্তন হ'ব, কতনো নতুন আহিব । অৱশ্যে আহিব পাৰে নতুন মানুহ, নতুন মুখা পিন্ধা । শব্দটোৱে   কেৱল নতুন হৈ আহে কেতিয়াবা মূগা ৰঙৰ ৰিয়া পিন্ধি নাইবা পাজক এগে পিন্ধি,মাথোন পুনৰাৱৰ্তী হৈ  থাকে একদৰে একেই কথা নতুন দিনৰ আন ছাং ছ্যুকিৰ ॥

প্ৰবন্ধটোৰ চমু সাৰাংশ

উক্ত লেখাটি ,প্ৰিন্ট মেডিয়া তথা অসমীয়া বাতৰি কাকত "দৈনন্দিন বাৰ্তা'টো প্ৰকাশ পাইছিল,এই অনুভৱ লেখাটোত আন ছাং ছ্যুকি তথা শান্তিৰ নৱেল বটা প্ৰাপক আৰু ম্যানমাৰৰ ৰাজনীতি বিদক নতুন দিনৰ লগত তুলনা কৰা হৈছে ।


আং ছান ছু কি ৰ চমু পৰিচয়

who is Hang Sang Suki?



আং ছান ছুকিৰ ১৯৪৫ চনৰ ১৯ জুনত জন্ম হৈছিল।তেওঁৰ পিতৃৰ নাম আছিল আং ছান,আং ছান ছুকি য়ে ১৯৮০ চনত ম্যানমাৰত গণতন্ত্ৰ আৰু মানৱ অধিকাৰ বাবে দশক দশক জুৰি অহিংস সংগ্ৰাম আৰম্ভ কৰিছিল যিয়ে আন্তঃৰাষ্ট্ৰীয় দেশসমুহক আকৰ্ষন কৰি তুলিছিল।

পৰৱৰ্তী সময়ত তেওঁ চাৰিটা মন্ত্ৰীত্ব পদ লাভ কৰিছিল শক্তি মন্ত্ৰী,বৈদেশীক মন্ত্ৰী।

তেওঁ প্ৰকাশ কৰা গ্ৰন্থসমুহৰ ভিতৰত -Freedom of Fire,Hand Other writtings,Letters from Burma.

  


Share:

জনগোষ্ঠীয় সংগঠক বটাৰে সন্মানিত কৰা হয় মিচিং সম্প্ৰদায়ৰ ছাত্ৰ নেতা বিজিত পায়েঙক

 সমগ্র মিচিং ৰাইজ তথা লখিমপুৰবাসী লৈ অতিকৈ  গৌৰৱময় আৰু সু-খৱৰ 

আমালৈ লেখাটি প্ৰেৰণ কৰিছে,দয়ানন্দ দলেয়ে।

সংগ্ৰামী নেতা বিজিত পায়েঙৰ আলোকচিত্ৰ
বটা গ্ৰহণৰ মুহুৰ্তত


    সদৌ মিচিং ছাত্র সন্থা ( TMPK) ৰ নিষ্ঠাবান, পৰিশ্ৰমী আৰু সততাৰে সমাজৰ উন্নয়ন বাবে  কাম কৰা , বলিষ্ঠ প্ৰতিবাদী কণ্ঠৰ অধিকাৰী ,  লগতে নৱপ্ৰজন্ম সকলৰ মাজত জনপ্রিয় যুৱ নেতা হিচাপে পৰিচিত  এজন উদয়মী সাহসী জাতিটোক নেতৃত্ব দিব পৰা এজন যুৱ কন্ঠ তথা সমগ্র অসমৰ সংগঠন জগতৰ অতি কম বয়সতে এখন জিলাৰ  সম্পাদক দায়িত্বৰ লগতে সভাপতি হিচাপে জাতিটোক নেতৃত্ব প্ৰদানৰ বাবে সুযোগ লাভ কৰা যুৱ সংগঠক  TMPK, লখিমপুৰ জিলা সমিতিৰ প্ৰাক্তন সম্পাদক  তথা বৰ্তমান  জিলাখনৰ সন্মানীয় সভাপতি Mg Bijit Payeng  ডাঙৰীয়াক ২৯ ডিচেম্বৰ ২০২৪ তাৰিখে নর্থ ইষ্ট জার্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ অষ্টম বার্ষিক প্রতিষ্ঠা দিৱস আৰু বঁটা প্রদান অনুষ্ঠানত নিজৰ জাতিটোৰ বাবে নিষ্ঠাৰে আৰু সবল নেতৃত্বৰে আগবঢ়াই নিয়াৰ বাবে তেখেতক " জনগোষ্ঠীয় সংগঠক ” বঁটাৰে সন্মানিত কৰা হয় ।।


বিজিত পায়েঙলৈ "জনগোষ্ঠীয় সংগঠক"বটা প্ৰদান


 নিশ্চয়ই কৈ এই খৱৰে  সমগ্র মিচিং ৰাইজক লগতে লখিমপুৰ জিলাখনৰ বাবে সচাঁই গৌৰৱৰ ক্ষণ হিচাপে পৰিগণিত হ'ব লগতে ঐতিহাসিক দিন হিচাপে সাক্ষী হৈ ৰ'ব । 

অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ ॥ এইয়া আপোনাৰ নিষ্ঠাৰে, নিস্বাৰ্থ ভাৱে  আৰু নিজৰ সবল ত্যাগ আৰু পৰিশ্ৰমৰে জাতিটোৰ বাবে কাম কৰাৰ মূল্য লাভ কৰিবলৈ সক্ষম হৈছে ।।


বিজিত পায়েঙৰ বিষয়ে চমু অৱলোকন আৰু সংগঠনত সক্ৰিয় কাৰ্যকাল

২০১৫ চনত TMPK, লখিমপুৰ নগৰ সমিতিৰ এজন সক্রিয় সদস্য হিচাপে TMPK পবিত্র মজিয়াত সংগ্ৰামৰ যাত্রা আৰম্ভ কৰে। ইয়াৰ পিছৰ পৰ্যায়ত তেখেতে ২০১৭ চনত  TMPK, লখিমপুৰ নগৰ সমিতিৰ  সভাপতি হিচাপে দায়িত্ব লাভ কৰি লখিমপুৰ চহৰখনত এক সংগ্ৰামৰ ধাৰা আৰম্ভ কৰাৰ লগতে লখিমপুৰ চহৰত অধ্যয়নৰত ছাত্র-ছাএী সকলৰ মাজত TMPK ৰ প্ৰতি থকা দায়বদ্ধতা আৰু কাৰ্যসূচী বিষয়ে জ্ঞাতৰ জড়িয়তে সংগ্ৰামৰ ধাৰা আগুৱাই লৈ যায় ,  তেখেতৰ নিষ্ঠা, একাগ্রতা আৰু সততাৰ সংগ্ৰামৰ বাবে ২০১৯ চনত TMPK লখিমপুৰ জিলা সমিতিৰ সহকাৰী সম্পাদক হিচাপে আৰু ২০২১ চনত জিলাখনৰ সম্পাদক হিচাপে দায়িত্ব লাভ কৰি অধিক সক্রিয়ভাবে কাম কৰি যায় , তাৰ পিছৰ সময়ত TMPK,লখিমপুৰ জিলা সমিতিৰ বিশেষ অধিবেশনৰ জড়িয়তে তেখেক এক গধুৰ দায়িত্ব হিচাপে সন্মানীয়  সভাপতি ৰূপে ২০২৩ চনত দায়িত্বভাৰ অৰ্পণ কৰা হয়। সুদীর্ঘ ১০ বছৰতকৈ অধিক কাল তেখেতে জীৱন যৌৱন ত্যাগ কৰি নিস্বাৰ্থ ভাৱে সংগ্রামৰ ফলশ্রুতি তেখেতক  বিভিন্ন সংগঠনে বিভিন্ন সন্মানেৰে সন্মানিত কৰা দেখা গৈছে  । তেখেতৰ এই সংগ্ৰামৰ ধাৰা অব্যাহত ৰাখিব বুলি আমি আশাবাদী।


সংগ্ৰামী নেতা বিজিত পায়েঙৰ আলোকচিত্ৰ
সংগ্ৰামী নেতা বিজিত পায়েঙৰ আলোকচিত্ৰ


সদৌ মিচিং ছাত্র সন্থা ( TMPK) ৰ নিষ্ঠাবান, পৰিশ্ৰমী আৰু সমাজৰ উন্নয়ন বাবে  কাম কৰা , বলিষ্ঠ প্ৰতিবাদী কণ্ঠৰ অধিকাৰী ,  লগতে নৱপ্ৰজন্ম সকলৰ মাজত জনপ্রিয় যুৱ নেতা হিচাপে পৰিচিত  এজন উদয়মী সাহসী জাতিটোক নেতৃত্ব দিব পৰা এজন যুৱ কন্ঠ তথা সমগ্র অসমৰ সংগঠন জগতৰ অতি কম বয়সতে এখন জিলাৰ  সম্পাদকৰ লগতে সভাপতি হিচাপে দায়িত্ব লাভ কৰা যুৱ সংগঠক হিচাপে পৰিচিত  TMPK, লখিমপুৰ জিলা সমিতিৰ প্ৰাক্তন সম্পাদক  তথা বৰ্তমান সন্মানীয় জিলাখনৰ সন্মানীয় সভাপতি বিজিত পায়েং ডাঙৰীয়াক  অহা ২৯ ডিচেম্বৰ ২০২৪ তাৰিখে নর্থ ইষ্ট জার্নেলিষ্ট এণ্ড ডিজিটেল মিডিয়া সন্থাৰ অষ্টম বার্ষিক প্রতিষ্ঠা দিৱস আৰু বঁটা প্রদান অনুষ্ঠানত নিজৰ জাতিটোৰ বাবে নিষ্ঠাৰে আৰু সবল নেতৃত্বৰে আগবঢ়াই নিয়াৰ বাবে তেখেতক " জনগোষ্ঠীয় সংগঠক ” বঁটাৰে সন্মানিত কৰাৰ  অত্যন্ত বাবে সুখ অনুভৱ কৰিছো ।।

Share:

অসমৰ জৈৱ বৈচিত্ৰ্য and Assam Biodiversity ,GS-V

 জৈৱ বৈচিত্ৰ্য আৰু ইয়াৰ গুৰুত্ব

জৈৱ বৈচিত্ৰ্য শব্দটো সংগঠনৰ সকলো স্তৰৰ জীৱৰূপৰ বিভিন্নতা বুজাই। ইয়াৰ অন্তৰ্ভুক্ত হয় জিনৰ স্তৰ, প্ৰজাতিৰ স্তৰ, পৰিৱেশ তন্ত্ৰৰ স্তৰ আৰু বাসস্থানৰ বৈচিত্ৰ্য। ইয়াত সংঘটিত প্ৰক্ৰিয়াসমূহৰ লগতে পৰিৱেশগত পরিবর্তনক গ্ৰহণ কৰিবলৈ এইবোৰৰ ক্ষমতা জৈৱ বৈচিত্ৰ্যৰ এক বিশেষ গুণ। মানৱ সভ্যতাৰ বিকাশ, চাহিদা পূৰণ আৰু পৰিৱৰ্তনশীল পৰিৱেশৰ লগত খাপ খোৱাত জৈৱ বৈচিত্ৰ্য অমূল্য। এইবোৰৰ উপস্থিতি মানৱ কল্যাণৰ বাবে অগণ্য বিকল্প আৰু সুযোগ সৃষ্টি কৰে।

Assam Biodiversity APSc GS-5
Assam Biodiversity


ভাৰতৰ জৈৱ বৈচিত্ৰ্য আৰু অসমৰ স্থান

ভাৰত মেগা বায়’ডাইভাৰ্চিটি দেশৰ তালিকাত শীৰ্ষস্থানত আছে। বিশ্বৰ প্ৰায় ৭-৮% লিপিবদ্ধ প্ৰজাতি ভাৰতত পোৱা যায়। অসম পূব হিমালয়ৰ জৈৱ বৈচিত্ৰ্য অঞ্চলৰ এটি গুৰুত্বপূর্ণ অংশ আৰু ভাৰতৰ দুটা জৈৱ বৈচিত্ৰ্যৰ হটস্পটৰ মাজত এটি। অসমত বৈচিত্ৰ্যত পৰিপূৰ্ণ পৰিৱেশগৰাকী বনাঞ্চল, ঘাঁহনি আৰু আৰ্দ্ৰভূমি প্ৰধান। এই ঠাইবোৰ বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী জগতৰ আশ্ৰয়স্থল।

উদ্ভিদ সম্প্ৰদায়ৰ বৈচিত্ৰ্য

অসম ফাইটো-ভৌগোলিকভাৱে সুকীয়া। ইহঁতৰ উদ্ভিদ সম্প্ৰদায়ৰ বহল বৃদ্ধি অঞ্চলটোক "উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱিক দুৱাৰ" বুলি পৰিচিত কৰিছে। বিশ্বপ্ৰসিদ্ধ উদ্ভিদ বিজ্ঞানী আৰ্মেন এল তাখতাজনে অসম আৰু ফিজিৰ মাজত ফুলৰ উদ্ভিদৰ বিশেষ দোলন ধৰা পাইছিল।

অসমৰ বনাঞ্চলসমূহ বৈচিত্ৰ্যময় আৰু এগৰাকী অনন্য পৰিচয় বহন কৰে। উদাহৰণস্বৰূপে:

  • ক্ৰান্তীয় ভিজা চিৰসেউজ অৰণ্য: উজনি অসমৰ বিভিন্ন অঞ্চলত দেখা যায়।
  • ক্ৰান্তীয় অৰ্ধ চিৰসেউজ বনাঞ্চল: দক্ষিণ অসম আৰু কছাৰ জিলাৰ অংশত প্ৰধান।
  • আৰ্দ্ৰ পৰ্ণপাতী বনাঞ্চল: ৰাজ্যৰ মধ্য আৰু নিম্নভাগত বিস্তৃত।
  • উপ-গ্ৰীষ্মমণ্ডলীয় বনাঞ্চল: কাৰ্বি-আংলং আৰু এন চি হিলছৰ বিস্তৃত অংশ।
  • ঘাঁহনি আৰু ছাভানা: কাজিৰঙা আৰু মানসৰ দৰে ঠাইবোৰত দৰ্শনীয়।

অসমৰ অৰ্কিড

অসমত অৰ্কিডৰ ২৯৩টা প্ৰজাতি পোৱা যায়। ই উত্তৰ-পূবৰ অৰ্কিড প্ৰজাতিৰ ৪৪.৩৯% আৰু ভাৰতৰ মুঠ অৰ্কিডৰ প্ৰায় ২৪.৪২% অংশ। এই অৰ্খিডবোৰ সাধাৰণতে চিৰসেউজ আৰু আৰ্দ্ৰ পৰ্ণপাতী অৰণ্যত পোৱা যায়। বিশেষকৈ একান্তেফিপিয়াম, ডেণ্ড্ৰ’বিয়াম, আৰু কোল’গাইন গোত্ৰৰ প্ৰজাতিসমূহ উল্লেখযোগ্য।

বাঁহ আৰু বেতৰ গুৰুত্ব

অসমত বাঁহ প্ৰায় প্ৰতিটো পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ। ৩৮টা প্ৰজাতিৰ বাঁহ আৰু ১৪টা প্ৰজাতিৰ বেত পোৱা যায়। মুলত, মুলি বাঁহ, জাতি বাঁহ, আৰু মোকালম বাঁহ উল্লেখযোগ্য। অসমত বাঁহৰ খেতি বিস্তাৰ লাভ কৰিছে আৰু ই অসমৰ কৃষ্টি আৰু অৰ্থনীতিৰ লগত গভীৰভাৱে জড়িত।

ঔষধি উদ্ভিদৰ ভূমিকা

অসমত প্ৰায় ৯৫২টা উদ্ভিদ প্ৰজাতি চিনাক্ত হৈছে যিবোৰ চিকিৎসা ব্যৱস্থাত ব্যৱহৃত হয়। ইয়াত শতমূল, বেল, হলদী, আৰু বহুতো মূল্যৱান উদ্ভিদ অন্তৰ্ভুক্ত। গাঁৱৰ পৰম্পৰাগত অনুশীলনকাৰীসকলে এই উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল।

উপসংহাৰ

জৈৱ বৈচিত্ৰ্য হৈছে অসমৰ পৰিৱেশৰ এক অনন্য বৈশিষ্ট্য। উদ্ভিদ আৰু প্ৰাণীৰ এই সম্পদসমূহ সংৰক্ষণৰ দ্বাৰা কেৱল প্ৰাকৃতিক পৰিসৰ নহয়, আমাৰ জীৱনশৈলীৰ মৌলিক প্ৰয়োজনীয়তা পূৰণ কৰা সম্ভৱ। সেয়েহে, ইয়াৰ সঠিক ব্যৱস্থাপনা আৰু ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো একান্ত প্ৰয়োজন।

Share:

শনিবৰীয়া নিয়ৰ ১.২ কবিতামালা

শনিবৰীয়া নিয়ৰ ১.২ সংখ্যাটি কবিতামালা নামেৰে সজোৱা হৈছে শীৰ্ষক সংখ্যাটিত,নীল মিলি,অজয় পগাগ,সুখলতা টাইড আৰু কাৰ্চাং তাকাৰৰ কবিতাৰে সজোৱা হৈছে । আশা কৰিছো তেওঁলোকৰ কবিতাসমূহ পঢ়ি ভাল পাব ।

শনিবৰীয়া নিয়ৰ ১.২ কবিতামালা


নাৰী

নীল নয়ন মিলি


নাৰী,

তুমি মাতু মাতৃ

তুমি শক্তি সৃষ্টিৰ প্ৰতিৰক্ষী।


নাৰী, 

মোৰ মানস পৃথিৱীৰ 

নিবিড় মৰম তুমি গভীৰ প্ৰশান্ত।


নাৰী, 

চিৰ উজ্জীৱিত মোৰ সেউজ প্ৰাণৰ 

হৃদয়ত লিখা এটি কবিতাৰ ছন্দ।


নাৰী, 

তুমি প্রশমিত ঢৌ 

সাগৰৰ দৰে শান্ত স্নেহময়ী অফুৰন্ত।


নাৰী, 

তুমি অর্দ্ধাঙ্গিনী 

সুবিশাল আকাশ 

যিদৰে আছে বিয়াপি 

দু-ৰ দিগন্ত।


নাৰী, 

তুমি প্ৰতিভূ জগতৰ 

জীৱন্ত খনিকৰ 

জাগ্ৰত প্ৰহৰী মহামানৱৰ।


নাৰী, 

তুমি আদ্যশক্তি ৰূপী প্ৰেৰণাময় 

কৰ্ম, ভক্তি আৰু ধৰ্মৰো 

শক্তি প্রাণময়।


নাৰী, 

তুমি সুন্দৰ আৰু সেই 

সুন্দৰ পৃথিৱীৰ সুগন্ধি 

বিলোৱা এপাহি ফুল।


নাৰী, 

এই বসুন্দৰা সৃষ্টিৰো তুমিয়েই মূল 

এয়েহে আজি হৃদয়ত থাপিছো তোমাৰ প্ৰতিমা তুমি মোৰ হিয়াৰ জ্যোতি চন্দ্রমা।



জীৱন চক্ৰ (মোৰ)

অজয় পগাগ

সযতনে সাঁচি ৰাখিম ৰক্তাশয়ত

যদিও মমবাতিৰ কথা সোঁৱৰাই

মানৱীয়তা মৰমৰ চিন্তাই সংসাৰত,

প্ৰতি নিশা বসুন্ধৰাক পোহৰাই এদিন

অমাবস্যাৰ নিশা নিজেই অন্ধকাৰত।

সফলতা বিফলতা মাজত সকলো

ভাবো কৰ্মৰ কুফল এলেহুৱাৰ কাৰণ,

তথাপিও আৰম্ভনি কোনোদিনে নাই

সুকৰ্মৰ দিশে অভ্যাসৰ ৰূপ ধাৰণ ।

হৃদয়ত সযতনে সাঁচি ৰখা আপোন

পানীৰ তলত কাঁইট হৈ বিন্ধিছে আজীৱন ।

অবিশ্বাস্য যদিও অদৃষ্ট শক্তি হৈ 

কাৰোবাৰ উপস্থিতিয়েই জীৱনত

মনত অনুকূল প্ৰেৰণা যোগালে,

যেনেকৈ কোনো অমানিশা ৰাতি 

অন্ধকাৰ স্বত্বেও সেউজী ধৰণীক 

তৰালিয়ে পোহৰাই তুলিলে ।

তোমাৰ সম্পৰ্ক এপাহ ফুলৰ দৰে

ধুনীয়া হেতুকে সুৰবৈৰীয়ে চিঙি লৈ

হেঁপাহেৰে ছবিঘৰত সজালে,

বিশ্ৰম্ভৰ মূল হিচাপে আপোন পৰ

সকলোৱে আপদৰ কালত দৰ্শায়

যে কিমান বিশ্বাসযোগ্য আছিলে ।

ল'ৰালি ও কৈশোৰ কাল অকলশৰীয়া

যদিও অপগণ্ড স্বভাৱত অঁত লগা মোৰ

জীৱন একেবাৰে নাছিলে ,

ভদ্ৰ হ'ব খোজোঁতে বেমেজালি কাম

আপোন পৰ লগে-সঙ্গে সহস্ৰ জনে 

বহুত কাল চুকে-কোণে মোলৈ হাঁহিলে ।

মোৰ অপযশ গাপ দিয়াৰ বাবদ

কোনোবাৰ আশা নিৰাশাৰে ভৰা খিদমত

সুষ্ট বিবেকত হস্তাক্ষৰেৰে উছৰ্গিলে,

আনৰ দুখত দুখি নহ'লেও একেলগে

আউল ভাং কুটুম্বিতা চিদাঙ্গৰ পৰা

চকুৰ পচাৰতে পৰিহৰ কৰিব নোৱাৰা

সঁচাকৈ জীৱনে মোক বহু কথা শিকালে।

শনিবৰীয়া কবিতা মালা
শনিবৰীয়া কবিতা মালা


কি নাম দিম।

সুখলতা টাইড

সপোন  সপোন  লগা,

এটি  জীয়াই  সঁচা  কথা

ঠুনুকা  হৃদয়ৰ  কান্দে  অকলে

ভাঙে  বুলি  সপোনৰ  পূজা।

প্ৰেমৰ  মায়া  জালে  আগুৰিলে  কেওফালে,

সপোনৰ  মালা  গাঁঠি

অশ্ৰু  নিগৰে, নীৰৱে  আজি।

সম্ভ্ৰান্ত  এই  জীৱন  চায়াত

নিসংগ  হৈ  ৰল।

এন্ধাৰৰ  মাজত  জোনাকীৰ,

জাকে  পোহৰ  দিয়ে

বিষাদ  জীৱন  বাটত 

এৰি  থৈ  গলা  মোক  ৰুগ্ন  কৰি।

বিশাল  সৰগত  বিচাৰি  গলা 

পৰী, অপেশ্বৰীক

এটি  মাথো  ৰেণু  মই।

নতুন  ফাগুন  মোৰ  নামি  আহি

নতুন  ফাগুনৰ  পছোৱাই  মোক  চুমা  দিয়া।

মৰীচিকা  যেন  এটি  চায়া

মৰীচিকা  খেদি  খেদি  সৌ  সিপাৰলৈ

পাৰহীন  এটি  আশাৰ  পণ।



নতুন  দিনৰ আগমণ
তপন পায়েং/কাৰ্চাং তাকাৰ

নতুন বছৰবোৰ কিয় আহে ,
নাহিবা বুলিওঁ ক'ব নোৱাৰো পলকতে  বাঁহো সাজেচোন
এৰা! দুখৰ দোমোজাতে পৰি থকা হৃদয়খনক
নতুন কাপোৰ পিন্ধোৱাৰ কথাওঁ আছিল,
নতুনতে মন নতুন কৰাৰ কবিতাওঁ কেইবাৰো লিখিছিলো ॥

ঠিকনাৰ সন্ধানত ক'ত হাবাথুৰি খালো
মেপল লিপ ৰ কফি দিয়া ছোৱালীজনীক সুধিছিলো
বাইদেওঁ ইয়াত ! নতুন পাবনে?
নতুন পোৱাৰ লালসাত জেপত হাত দি চালো
নতুন কিনিবলৈ মোৰ হাতত নাই
মাথোন আছে কেৱল শূন্যতাই শূন্যতা॥

বাৰে বাৰে এই নতুনৰেই অসুখ
নতুনক সজাবলৈ নিজেই পুৰণি হৈ গ'ল
নতুনৰ সন্ধানত নিজেই লুকাল,নতুনক বিচাৰি
অথচ
এই বৃদ্ধ বৃক্ষই, নতুন পুলিক  সেউজীয়া হ'বলৈ কবলৈ নাপাহৰিল॥

নতুনৰ জন্ম হ'ব,নতুন মুখা পিন্ধা
পুৰণিৰ শ্মশানলৈ যাত্ৰা হ'ব
পুৰণিক জানো নতুন কৰিব পাৰি
অথচ পুৰণিয়ে নিশিকায় নতুনক পুৰণি হ'বলৈ ॥



Share:

অসমীয়া নতুন তথ্যৰ বিজ্ঞানৰ কথা(প্ৰথম)

ওৱাটচাপ চেনেল জইন কৰক
টেলিগ্ৰাম গ্ৰুপ জইন কৰক

 অসমীয়া নতুন তথ্যৰ বিজ্ঞানৰ  কথা,নমস্কাৰ আমি আপোনাক আমাৰ নতুন তথ্য অসমীয়ালৈ আপোনাক স্বাগতম জনাইছো এই লেখাটি,অসমীয়া নতুন তথ্যত বিজ্ঞানৰ কথাৰে নামাকৰণ  কৰিছো। এই খণ্ড একত মুঠ ক্ষুদ্ৰ ক্ষুদ্ৰ বিজ্ঞানৰ কথাৰে সজোৱা হৈছ,আশা কৰিছো আপুনি ভাল পাব। এই শিতানত আপুনিওঁ আপোনাৰ বিজ্ঞান লেখা আমালৈ প্ৰেৰণ কৰিব পাৰিব।আপুনি যদি বিচাৰি আমাৰ  ইমেইল notuntahyaasomiya@gmil.com ত প্ৰেৰণ কৰিব পাৰিব আৰু লগতে এই লেখাটি আপোনাৰ বন্ধুবৰ্গলৈ চেয়াৰ কৰিবলৈ নাপাহৰিব॥

                       খণ্ড-এক

অসমীয়া নতুন তথ্যৰ বিজ্ঞানৰ  কথা(প্ৰথম)



১।ভাৰতে কেতিয়া পোন প্ৰথমবাৰৰ বাবে ৰঙৰ ব্যৱহাৰ কৰিছিল?

-ভাৰতৰ পুৰণি নগৰী সভ্যতা হৰপ্পা আৰু মহেঞ্জোদাৰোত ৰঙৰ ব্যৱহাৰ কৰিছিল।

২। কোনবিধ পতংগ মানুহৰ বাবে বেছি ক্ষতিকাৰক?

-সাধাৰণতে ছয় ভৰিযুক্ত মাখি।এই মাখিবিধে ৩০টা প্ৰজাতিৰ জীৱাণু বহন কৰে।

৩।কৃত্ৰিম উপায়েৰে কৰা মাছৰ প্ৰজননক বৈজ্ঞানিক ভাষাত কি বোলে ?

-পিচকি কালচাৰ

৪।জালনোট ধৰা যন্ত্ৰটোৰ নাম কি?

-স্পিউৰিস্কোপ

৫।কৰ্পুৰ কি?

-এবিধ মূল্যৱান গছৰ কাঠৰ পৰা পোৱা সুগন্ধি পদাৰ্থ।

৬।বগা ভালুক কত পোৱা যায়?

-উত্তৰ মেৰুত।

৭।সাগৰৰ পানী লুনীয়া কিয়?

-সাগৰৰ পানীত বিভিন্ন ধৰনৰ অজৈৱ লৱণ মিহলি হৈ থাকে।এইবোৰৰ ভিতৰত লোণ বা ছডিয়াম ক্লৰাইড বেছি পৰিমানে থাকে ।

৮।WAIS কি?

-Waster Adult Intellegence Scale। বয়স্ক  মানুহৰ বুদ্ধিমত্তা বা আই ইউ নিৰ্ণয় কৰা পদ্ধতি ।

৯।কোনো নিৰ্দিষ্ট মাধ্যমত কোনটক ৰঙৰ পোহৰৰ বেগ আটাইতকৈ বেছি আৰু কোনটো কম?

-ৰঙা ৰঙৰ পোহৰ আটাইতকৈ বেছি আৰু বেঙুনীয়া ৰশ্মিৰ কম।

১০।ৰাডাৰ মানে কি?

-সম্পুৰ্ণ  নাম ৰেডিঅ ডিটেকচন এণ্ড ৰেঞ্জিং ।প্ৰেৰণ কৰা আৰু প্ৰতিবিম্ব হৈ উভতি অহা বিদ্যুত চুম্বক তৰংগৰ সহায়ত দূৰত থকা বস্তুৰ অস্তিত্ব আৰু অৱস্থা ধৰা পেলোৱা যন্ত্ৰ॥

১১। আলবেৰুনী কোন আছিল?তেওঁ কি কাৰণ বিখ্যত?

-এঘাৰশ শতিকাৰ জ্যোতিৰ্বিজ্ঞানী আছিল।তেওঁ ইৰানৰ অধিবাসী আছিল,তেওঁ জ্যোতিৰ্বিজ্ঞানী হোৱাৰ গণিতজ্ঞ,ভূগোল,ৰসায়ন শাস্ত্ৰতো পাণ্ডিত্য আছিল।

১২।মানুহৰ শৰীৰক সুস্থ ৰাখিবলৈ কিমানবিধ ভিটামিনৰ প্ৰয়োজন?

-১৩ বিধ।

১৩।পিয়াঁজ কাটিলে কিয় আমাৰ চকুপানী ওলায়?

-পিয়াজত ছালফাৰ ডাই অক্সাইড যুক্ত পদাৰ্থ থাকে । পিয়াজ কটাদ লগে লগে এই  পদাৰ্থবোৰ বাষ্পৰ নিচিনাকৈ  বিয়পি পৰে । ই মানৱ দেহৰ ইন্দ্ৰিয়ত ছালফিউৰিক এছিড সৃষ্টি কৰে।

১৪। এছিড বৰষুণ কি ?

-অতিমাত্ৰা ঔদ্যোগিক অঞ্চলবোৰৰ  বায়ুমণ্ডলত ছালফাৰ-ডাই-অক্সাইডৰ দৰে গেছৰ নিৰ্গমন হয়।এই এছিডবোৰে বৰষুণৰ পানীৰ লগত মিলি ছালফিউৰিক এছিড আৰু  নাইট্ৰিক এছিডৰ সৃষ্টি কৰে ।

১৫।পোৰা চূণত  পানী ঢালিলে তাপ কিয় নিৰ্গত হয়?

-পোৰা চূণত কেলচিয়াম অক্সাইড নিৰ্গত হয়।

১৬। অৱতল দাপোন কাক বোলে?

-যিবোৰ গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ট ভিতৰলৈ বক্ৰ তেনে গোলাকাৰ দাপোনক অৱতল দাপোন বোলে ।।

১৭।কোন ধাতুৰ গলনাংক আটাইতকৈ বেছি?

-টাংষ্টেইন,ইয়াৰ গলনাংক ৩৪২২°॥

১৮।নিউট্ৰন কি?

-পৰমাণু কেন্দ্ৰ বা নিউক্লিয়াছত থকা বৈদ্যুতিকভাৱে নিৰপেক্ষ এবিধ মৌলিক কণিকা।জেমছ জন থমছনে ইলেক্ট্ৰন আৱিস্কাৰ কৰিছিল।

১৯।বগা কাপোৰত নীল দিলে বেছি বগা কিয় দেখে?

-কাপোৰক বগা কৰাত নীলৰ কোনো ভূমিকা নাই।প্ৰকৃততে নীলে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক দৃশ্যক পোহৰলৈ ৰূপান্তৰিত কৰে ।সেয়ে কাপোৰত নীল দিয়াৰ ফলত যিবোৰ নীল কাপোৰৰ আহঁতত নীলা বেছি হয় এই আহঁত ত বেছি বগা দেখে॥

২০।D.D.T কি?

-কীট-পতংগ নাশক এক প্ৰকাৰৰ ক্লৰিণযুক্ত বিষাক্ত ৰাসায়নিক পদাৰ্থ। সম্পুৰ্ণ নাম(Dichlorodipheny Trichloro ethane)

২১।BOD কি

-Biological Oxygen Demand.

২২।মনকাৰ্বলিক এছিডৰ অন্য এটা নাম?

-ফেটি এছিড।

২৩।ক্লৰফৰ্মৰ ফৰ্মূলাটো কি?

-CHCL3

২৪।হাহঁৰ পাখি পানীত নিতিয়ে কিয়?

-হাঁহৰ শৰীৰৰ নেজৰ ফালে তৈল গ্ৰন্থি নামৰ এক ধৰনৰ গ্লেণ্ড থাকে ,যত চৰ্বি বা তেলজাতীয় পদাৰ্থ বাহিৰ হৈ পাখিবোৰ সকলো সময়তে তৈলাক্ত কৰি ৰাখে।

২৫।কোনবিধ প্ৰাণীৰ দৃষ্টি শক্তি প্ৰখৰ?

-জীৱজগতৰ চৰাই প্ৰজাতিটোৰ॥


Share:

পূৰ্ৱ ভাৰতীয় ৰাজনৈতিক দলসমুহ

WhatsApp Channel Join Now
Telegram Group Join Now



ভাৰতীয় জাতীয় কংগ্ৰেছৰ আগত ৰাজনৈতিক সংগঠন বা দলসমুহঃ-ভাৰতৰ ওপৰত ব্ৰিটিছে নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰাৰ লগে লগে জনসাধাৰণৰ মাজত এক ক্ষোভ বাঢ়ি আহিছিল তেনে প্ৰেক্ষিপ্তত ভাৰতীয় সমাজৰ মাজৰে কৃষক,জনজাতীয়,মধ্যবিত্ত শ্ৰেণীয়ে নতুন নতুন সংগঠন গঢ়ি উঠিছিল। 

বংগ ,বোম্বাই আৰু মাদ্ৰাজাৰ ৰাষ্ট্ৰপতি ভাৰতত বৃটিছ শাসনৰ তিনিটা কেন্দ্ৰ আছিল আৰু সেয়েহে শিক্ষা,মধ্যবিত্তীয় ,বুদ্ধিজীৱিৰ বৃদ্ধি আৰু ৰাজনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰও আছিল।



পূৰ্ৱ ভাৰতীয় ৰাজনৈতিক দলসমুহ


বংগৰ ৰাজনৈতিক সংগঠনঃ

ভাৰতৰ বৃটিছ ঔপনিবেশত প্ৰথম ৰাজনৈতিক দল বংগটে সৃষ্টি হৈছিল।উদাহৰণস্বৰূপে ১৮৩৭ চনত ভূমি মালিক সমাজ আৰু তেতিয়াৰ পৰাই ৰাজনৈতিক দল গঠনৰ সুচনা আৰম্ভ হয়।



১.ভূমি মালিক সমাজ/Landholders'Society:-

১৮৩৭ চনত গঠন,

প্ৰতিষ্টাপক-দ্বাৰকানাথ ঠাকুৰ,

স্থান-কলকাতা

সদস্যঃ-ৰাধাকান্ত দেৱ,প্ৰসন্ন কুমাৰ ঠাকুৰ,ৰাজকমল সেন আৰু ভৱানী চৰন মিত্ৰ

উদ্দেশ্যঃ- বংগ,বিহাৰ আৰু উৰিষ্যাৰ মাটিৰ মালিকৰ সংঘ আৰু মাটিৰ মালিকৰ স্বাৰ্থ ৰক্ষা কৰা । ইয়াৰ উদ্দেশ্য পুৰণৰ বাবে সাংবিধানীক বিক্ষোভৰ পথ গ্ৰহণ কৰিছিল।১৮৪২ চনত এই দল নিষ্ক্ৰিয় হৈ পৰে যদিও ১৮৫০ চনলৈকে ই অস্তিত্ব বজাই ৰাখিছিল।



২.বংগ বৃটিছ ভাৰত সমাজ/Bengal British India Society:-

১৮৪৩ চনত প্ৰতিষ্টা,প্ৰতিষ্টা হৈছিল কলিকতাত

উদ্দেশ্যঃ-ভাৰতীয় জনসাধাৰণৰ মাজত ভাল নাগৰিকত্বৰ গুণসমূহ প্ৰসাৰিত কৰা,শাসনৰ অৱস্থাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা,আৰু ইংলেণ্ডত ৰাজত্ব কৰা ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ প্ৰতি আনুগত্যৰ সৈতে সামঞ্জস্যকপূৰ্ণ আৰু আইনী উপায়েৰে বাস্তৱায়িত দিশত কাম কৰা ।



৩.বংগ সন্থা/Bengal Association:

১৮৫২ চনৰ কলিকতাত প্ৰতিষ্টা হৈছিল।ইয়াৰ উদ্দেশ্য আছিল,ই বৃটিছ সংসদত সম্পুৰ্ণভাৱে কেৱল ভাৰতীয়ই গঠন কৰিছিল আৰু ভাৰতীয় বিধান পৰিষদ গঠন কৰিবলৈ আবেন জনোৱাৰ কাম আছিল।

 ভাৰতীয়সকলক সকলো উচ্চ পৰ্যায়ৰ পদৰ পৰা বাদ দিয়াৰ নীতিৰ লগতে ইউৰোপীয় পোষ্টিঙৰ বাবে হোৱা বিলাসী ব্যয়কপ গঢ়িহনা দিছিল।



৪.ৰাষ্ট্ৰীয় ভাৰতীয় সংগঠন/National Indian Association(NIA)

১৮৭০ চনৰ বৃষ্টলত মেৰী কাৰ্পেন্টাৰ,কেশৱ চুনাৰ সেনৰ সহায়ত গঠন কৰা হৈছিল।সংস্থাটোৰ প্ৰথম নাম আছিল-National Indian Association and Social Progression in India.এই সংস্থাৰ প্ৰাৰম্ভিক কাম আছিল ভাৰতত নাৰীৰ শিক্ষা প্ৰচাৰ কৰা।ভাৰতীয় বিষয়ত ইংৰাজক জনোৱা । বৃটেইনত ভাৰতীয়ৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে ভাৰতীয় দৰ্শনাৰ্থী আৰু বৃটিছ বাসিন্ধাৰ মাজত সামাজিক যোগাযোগ ব্যৱস্থা গুৰুত্বপূৰ্ণ হৈছিল।




৫.ইণ্ডিয়ান লীগ/Indian Leaguez:-

১৮৭৫ চনত ছিৰিছ কুমাৰ ঘোষে গঠন কৰিছিল ।ইয়াৰ লক্ষ্য আছিল কেৱল মধ্যবিত্ত শ্ৰেণীকে নহয়  ,ই জনসাধাৰণকো প্ৰতিনিধিত্ব কৰা আৰু জনসাধাৰণৰ  মাজত জাতীয়তাবাদৰ ভাৱ জগাই তোলাৰ আকংক্ষা গঢ়ি তোলা।


৬.Indian Nationa Association/ভাৰতীয় জাতীয় সন্থাঃ-

১৮৭৬ চনত সুৰেন্দ্ৰনাথ বেনাৰ্জী আৰু আনন্দমোহন বসুয়ে গঠন কৰিছিল।গঠন কৰাৰ পটভূমি আছিল ১৮৭৫ চনৰ ছিছিৰ কুমাৰ আৰু সমুভ চৰণ মুখাৰ্জীয়ে মধ্যবিত্ত শ্ৰেণীক প্ৰতিনিধিত্ব কৰি জনসাধাৰণৰ মাজত জাতীয়তা বাদৰ ভাৱ গঢ়ি তুলিবলৈ ইণ্ডিয়া লীগ গঠন কৰিছিল। 

ভাৰতীয় জাতীয় সন্থা ভাৰত সভা হিচাপে প্ৰতিষ্টা কৰিছিল আৰু ইয়াৰ প্ৰথম বাৰ্ষিক সন্মিলন কলিকতাত হৈছিল।

পিছলৈ,১৮৮৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত সন্মিলিত  হয়।

ইয়াৰ মূল উদ্দেশ্য আছিলঃ- ৰাজনৈতিক বিষয়ত শক্তিশালী জনমত স্থাপন কৰা।ভাৰতীয় সকলক এক উমৈহতীয়া ৰাজনৈতিকভাৱে একতা কৰা।

১৮৭৭ চনত ভাৰতীয় অসামাৰিক সেৱাৰ প্ৰাৰ্থীৰ বয়সৰ সীমা আতঁৰোৱাৰ বিৰোধিতা কৰিছিল।এই সংস্থাটোৱে ইংলেণ্ড আৰু ভাৰত দুয়োখন দেশতে সমান্তাৰালভাৱে অসামাৰিক সেৱাৰ পোষকতা কৰাৰ লগতে উচ্চ প্ৰশাসনিক পদৰ ভাৰতীয়কৰণৰ পোষকতা কৰিছিল।।

ভাৰতীয় জাতীয় সন্থাৰ নেতৃত্বত দমনমূলক অস্ত্ৰ আইন আৰু ভাৰ্নাকুলাৰ প্ৰেছ আইন বাতিলৰ প্ৰচেষ্টা কৰিছিল। 


 

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংগঠন

 মহাৰাষ্ট্ৰৰ শিক্ষিত মধ্যবিত্ত শ্ৰেণীৰ ৰাজনৈতিক কাম-কাজত লিপ্ত হোৱাৰ বাবেই মহাৰাষ্ট্ৰৰ লগতে লগতে ভাৰতৰ বাহিৰতো কেইবাটাও ৰাজনৈতিক সংগঠনৰ জন্ম হৈছিল।


১.লণ্ডন ইণ্ডিয়ান ছ'চাইটি/London Indian Society:

১৮৬৫ চনত দাদাভাই নৌৰজিৰ নিৰ্দেশনাত প্ৰতিষ্টা হৈছিল লণ্ডনত।ছাত্ৰ-ছাত্ৰীৰ প্ৰতিষ্টাৰ গোটৰ ভিতৰত আছিল উমেশ চন্দ্ৰ বেনাৰ্জী,মনমোহন ঘোষ,ফেৰজেচাহ মেহতা আৰু বদৰুদ্দিন ত্যাব্জি।ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে ৰাজনৈতিক অভিযোগ প্ৰচাৰৰ মঞ্চ হিচাপে প্ৰতিষ্টা কৰিছিল। ইউৰোপীয়সকলৰ বাবে সন্মানীয় সদস্যপদৰ অনুমতি আছিল যদিও তেওঁলোক ভোটদান বা কাৰ্যবাৰ গ্ৰহণ কৰিব নোৱাৰিছিল। 

১৮৬৬ চনত ইষ্ট ইণ্ডিয়া এছচিয়েচনে লণ্ডন ছচাইটিৰ দায়িত্ব লয় ।



 ২.ইষ্ট ইণ্ডিয়া এছচিয়েচন/East India Association

১৮৬৬ চনত ভাৰতীয় অৱসৰ প্ৰাপ্ত বৃটিছ বিষয়াৰ সহযোগত দাদাভাই নৌৰজীয়ে লণ্ডনত প্ৰতিষ্টা কৰিছিল।প্ৰথম সভাপতি আছিল লৰ্ড লাইলেভেন।ভাৰতৰ বিষয়ে আৰু ধাৰণা আলোচনা কৰাৰ লগতে চৰকাৰৰ ওচৰত ভাৰতীয়সকলৰ প্ৰতিনিধিত্ব কৰাৰ এক মঞ্চ আছিল।

আৰম্ভনিৰে পৰা ইষ্ট ইণ্ডিয়ই এছচিয়েচনে এখন আলোচনী জাৰ্নেল অৱ দ্য ইষ্ট ইণ্ডিয়া এছচিয়েচন নামেৰে প্ৰকাশ কৰিছিল।

১৯৪০ চনৰ মাৰ্চ মাহত অমৃতসৰ হত্যাকাণ্ডৰ সময়ত উধ্ৱম সিঙে কেক্সটন হলত মাইকেল অডৱায়াৰক হত্যা কৰা হৈছিল।

১৯৬৬ চনত পূৰ্ৱৰ ইণ্ডিয়া ছচাইটি বৰ্তমানৰ ৰয়েল ইণ্ডিয়া ,পাকিস্তান আৰু চিলন ছচাইটি নামেৰে জনাজাত হয় আৰু পিছলৈ ৰয়েল ছচাইটি অৱ ইণ্ডিয়া ,পাকিস্তান আৰু চিলন নামেৰে গঠন হয়।



 ৩.পুনা সাৰ্বজনিক সভা/Poona Sarvajanik Sabha

১৮৭০ চনৰ এপ্ৰিল মাহত পুনে,মহাৰাষ্ট্ৰত জিভি যোশী,এছ এইছ স্যাথে,এছ এইছ চিপ্লোংকাৰ আৰু মহাদেৱ গোবিন্দ ৰানাডে আদিৰ নেতৃত্বত গঠন হৈছিল।সভাটোৰ লক্ষ্য উদ্দেশ্য আছিল,চৰকাৰ আৰু ভাৰতীয়ৰ মাজত মধ্যস্থতাকাৰী হিচাপে কাম কৰিবলৈ সভা গঠন কৰা হৈছিল।১৮৭২  চনত সভাই ৰাজ্যৰ কৃষক আৰু কৃষি অৱস্থাৰ তদন্ত কৰি শোষণৰ পৰা ৰক্ষা কৰিবলৈ এখন উপ-সমিতি গঠন কৰে।১৮৭৬ চনত সভাই ডেক্কান অঞ্চলত দুৰ্ভিক্ষ সাহায্যৰ আয়োজন কৰা হয়।১৮৭৫ চনত সভাই বৃটিছ সংসদত ভাৰতীয় প্ৰতিনিধিত্বৰ বাবে House of Commons আবেদন জনাই।



৪.বোম্বে প্ৰেচিডেঞ্চি এছচিয়েচন Bombay Presidency Association

১৮৮ চনত ফিৰোজশ্বাহ মেহতা,কে টি তেলাং আৰু বদৰুদ্দিন ত্যাবজী তেওঁলোকৰ দ্বাৰা সংগঠনতো গঠন হয়। লিটনৰ প্ৰতিক্ৰিয়াশীল নীতি আৰু ইলবাৰ্ট বিলৰ বিতৰ্কৰ প্ৰতি সহাৰি জনাই ইয়াৰ প্ৰতিষ্টা কৰা হৈছিল।


মাদ্ৰাজৰ  ৰাজনৈতিক সংগঠন

বংগ আৰু মহাৰাষ্ট্ৰৰ পাছত মাদ্ৰাজতো ৰাজনৈতিক সংগঠন গঢ়ি উঠিছিল।


১.মাদ্ৰাজ নেটিভ অৰ্গেনাইজেচন(MNA)

১৮৫২ চনত গজুলা লক্ষ্মীনৰসু চেট্টীৰ দ্বাৰা চেন্নাইত গঠন হৈছিল। মাদ্ৰাজত গঠন হোৱা প্ৰথম ভাৰতীয় ৰাজনৈতিক সন্থা।

সংগঠনতো গঠন হোৱাৰ কাৰণঃ-ভাৰতত কোম্পানী শাসন সম্পৰ্কে বৃটিছ সংসদত হোৱা আলোচনাই MNA গঠনৰ প্ৰেৰণা যোগাইছিল। এই সংগঠনে চাৰ্টাৰ আইন শেষ কৰিবলৈওঁ আবেদন জনোৱা হৈছিল।



 ২. মাদ্ৰাজ মহাজন সভা

১৮৮৪ চনৰ মে মাহত মাদ্ৰাজত প্ৰতিষ্টা লাভ কৰিছিল। এম বীৰৰাঘৱ চাৰিয়াৰ,সুব্ৰমনিয়াম আয়্যাৰ আৰু পি আনন্দ চাৰ্লুৰৰ দ্বাৰা প্ৰতিষ্টিত হৈছিল।সংগঠনতোৰ সভাপতি আছিল পি ৰঙাইয়া নাইডু। সভাতোৰ লক্ষ্য আছিল-দেশখনক বৃটিছ শাসনৰ পৰা মুক্ত কৰা জাতীয় সমস্যা সমাধান কৰা।


 

 

 

Share:

শিখনা জহ্বালাও ৰাষ্ট্ৰীয় উদ্যান ,নতুনকৈ প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্যান

 এই লেখাতো সাম্প্ৰতীক পৰিস্থিতিৰ সৈতে জড়িত এটি লেখ যত প্ৰতিযোগীতা পৰীক্ষাৰ বাবে গুৰুত্বপুৰ্ণ।

শিখনা জহ্বালাও ৰাষ্ট্ৰীয় উদ্যান ,নতুনকৈ প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্যান


২০২৪ চনৰ ১৫ আগষ্টৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসত অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই চিৰাং আৰু ভাৰত-ভূটান সীমান্তত অৱস্থিত চিৰাং -ৰিপু অঞ্চল ৩২১.৯০ কিলোমিটাৰ বনাঞ্চলক  শিখনা জহ্বলাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষনা কৰে।

স্থানঃ-ভাৰতৰ অসমৰ বড়োলেণ্ড  টেৰিটেৰিয়েল (BTR),উত্তৰ পূৱে লাগু থকা ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি আছে  । সীমা হিচাপে আছে সৰলভংগা নদীখন

স্থানীয় ভাৱে স্বৰ্মাংগ নামেৰে খ্যাত॥

হালটুগাওঁ বনাঞ্চল,কোকৰাঝাৰ জিলাৰ ঝাৰবাৰী বনাঞ্চল আৰু চিৰাং জিলাৰ ৰুণীখাটা অঞ্চলকে ধৰি ৮ নং ৰাষ্ট্ৰীয় উদ্যান শিখনা জহ্বালা ৰাষ্ট্ৰীয় উদ্যান হিচাপে সামৰি লোৱা হৈছে ।Bodoland Territoria  মুঠ বৰ্তমান তিনিখন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এটা-

  • মানস ৰাষ্ট্ৰীয় উদ্যান
  • ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান 
  • শিখনা ৰাষ্ট্ৰীয় উদ্যান

শিখনা জহ্বালা ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাকৰণ কৰিছে

Shikna Jawalao statue
Shikna Jwalao Statue


কিংবদন্তী প্ৰবাদ মতে এই অঞ্চলত শিখনা জহ্বালা নামেৰে এজন নায়ক শাসন কৰিছিল।১৮৬৪-৬৬ চনৰ সময়ছোৱাত ভূটান আৰু  ইষ্ট-ইণ্ডিয়া কোম্পানীৰ মাজত হোৱা যুদ্ধৰ সময় বৃটিছ বাহিনীৰ বিৰুদ্ধে যুঁজ দিছিল। তেওঁৰ ৰাজধানী শিখনাঝাৰ ভাৰত -ভূটান সীমান্তবৰ্তীত চহৰ সৰভাঙৰ ওচৰৰ সংৰক্ষীত বনাঞ্চলত আছিল,যাক বৰ্তমান সময়ত অসম চৰকাৰে শিখনা জহ্বালা ৰাষ্ট্ৰীয় উদ্যান হিচাপৰ নামাকৰণ কৰিছে ।বৰ্তমান সময়ছোৱাতো তেওঁৰ ৰাজধানীৰ ধবংসাৱশেষ পোৱা গৈছে । এই অঞ্চলটোক দেৱতা আৰু আত্মাৰ পবিত্ৰ বাসস্থান বুলি গণ্য কৰি আহিছে ,এই অঞ্চলটোত বড়োসকলে প্ৰতিবছৰে ভাটৌ পূজা পালন কৰি আহিছে ।

পৰ্যটন কেন্দ্ৰীয় ঠাইসমুহ

পশ্চিমৰ পৰা পূবলৈ উলতাপানী নদী বৈ যোৱা অঞ্চলটো পখিলাৰ হটস্পট।২০০৯ চনত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞানী কুশল চৌধুৰী ৮১ টা প্ৰজাতিৰ পখিলাৰ মাজত ৭৪৩১ টা পখিলাৰ মৃত্যুৰ তথ্য পোৱা গৈছে ।এই ৰাস্তাবোৰত হাতী ,সোনালী লেংগুৰ,গ্ৰেট ইণ্ডিয়ান হৰ্ণবিলা আৰু ৰেড জংঘলফল আদি চৰাই সমুহ প্ৰৰ্যটন আকৰ্ষনীয় বিন্দু।
গ্ৰীষ্মকালত জলপ্ৰপাত ,খাল পাহাৰ আৰু সতেজ ঠাণ্ডা গা ধুৱাৰ আমোদজনক লব পাৰি আনহাতে ইয়াৰ উত্তৰ পশ্চিমে ভূটান ভাৰত সীমান্তৰ পাদদেশ ।

শিখনা ৰাষ্ট্ৰীয় উদ্যান স্থাপন

চিৰাং ৰিংপু  সুসংৰক্ষিত বনাঞ্চল ,যত হাতী সংৰক্ষিত বনাঞ্চল হিচাপে অধিসুচনা কৰা হৈছে আনহাতে ২০০৩ চনৰ মাৰ্চ মাহৰ ৬ তাৰিখে  মাইক চাইট(Monitoring the illegal of Elephants)  হিচাপে নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে বিগত কেইবছৰ মানৰ পৰা চিৰাং -ৰিপু হাতী সংৰক্ষিত বনাঞ্চল ধবংস কৰি বনভূমি কৃষিলৈ ৰূপান্তৰিত কৰি আহিছে । ফলত যোৱা বছৰত অঞ্চলটোত হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে ।প্ৰতিবছৰে বন্যসস্তীৰ আক্ৰমনত বহু লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ -দুৱাৰো ক্ষতিগ্ৰস্ত হৈছে । তাৰোপৰিওঁ একাংশ বন মাফিয়াৰ পৃষ্টপোকষতাত মূল্যবান গছ কাটি ধ্বংস কৰা হয়। সমান্তাৰালভাৱে ইটোৰ পাছত ইটো বনাঞ্চল কৃষিভূমিলৈওঁ ৰূপান্তৰিত কৰিছে ।সেয়েহে BTC নেতা প্ৰমোদ বড়োৰ নেতৃত্বত  ৰাষ্ট্ৰীয় উদ্যানলৈ ৰূপান্তৰিত কৰাৰ দিহা প্ৰকাশ কৰিছিল।
 পিছত এটা পৰীক্ষাৰ জৰীপ কৰা হয় আৰু ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে অসম চৰকাৰলৈ ৩২১.৯০ বৰ্গ কিলোমিটাৰ এলেকাৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তাৱ প্ৰেৰণ কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ৭৮ সংখ্যক স্বাধীনতা দিৱসত চিৰাং ৰিপুক অভয়াৰন্যক শিখনা জহ্বালাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৰূপান্তৰিত কৰা হয়।
Shikna Jwalao National Park


শিখনা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক অৱস্থান

ভূগোলঃ-  এই উদ্যানখনৰ অঞ্চলতো ভাব্বাৰ বেল্ট যত অধিক জলধাৰা পোৱা যায়,উত্তৰৰ পৰা দক্ষিণলৈ মাটি লাহে লাহে ঢাল খাইছে ,গড় সমুদ্ৰপৃষ্ট ৮৫ ৰ পৰা ২৪০ মিটাৰ উচ্চতা । উদ্যানখনৰ মাজেৰে সৰলভংগা,সমুখা,চম্পাৱতী,ভূৰ,লাওপানী আৰু ধোলপানী নদী সমুহ ভূটানৰ পাহাৰৰ বৈ ব্ৰহ্মপুত্ৰৰ উপনৈ হিচাপে মিলিত হৈছে।ভাব্বাৰ অঞ্চলৰ মাটিবোৰ শুকান বালিচহীয়া লোম।
শিখনা জহ্বালাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ উলতাপানী,লালভেটি আৰু সৰলভংগা ব্লকসমুহে প্ৰত্যেকটো ফলকীয় কাৰ্যকলাক সংগঠিত হয়।

জলবায়ুঃ-এই ৰাষ্ট্ৰীয় উদ্যানৰ জলবায়ু আদ্ৰ গ্ৰীষ্মমণ্ডলীয় বাৰিষা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে যত উষ্ণতা ৭ ডিগ্ৰী চেলছিয়াছৰ পৰা ৩৪ ডিগ্ৰী চেলছিলয়াছত আৰু শীতকালত বৰষুণৰ পৰিমান ১৫ কিলোমিটাৰৰ পৰা বাৰিষাত ১১৬২ মিলিমিটাৰ লৈকে হয়॥



WhatsApp Channel Join Now
Telegram Group Join Now
Share:

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ