পঃৰাগ উৎসৱত মৃমবৃৰ - য়াঃমেৰ বিষয়বাব আৰু দায়িত্ব,Manturam Taid

 পঃৰাগ উৎসৱত মৃমবৃৰ - য়াঃমেৰ বিষয়বাব আৰু দায়িত্ব ।

পঃৰাগ উৎসৱত মৃমবৃৰ - য়াঃমেৰ বিষয়বাব আৰু দায়িত্ব,Mantoram Taid



      ✍️  মন্টুৰাম টাইদ

    ভ্ৰাম্য - ৯১২৭৪৬৯৪০৮ , ( লখিমপুৰ ) 



আৰম্ভণিতে উল্লেখ কৰিব লাগিব যে পঃৰাগত মৃমবৃৰ - য়াঃমে অৰ্থাৎ ডেকা - গাভৰু হ'ল এক অবিচ্ছেদ্য অংগ । মৃমবৃৰ য়াঃমে নাথাকিলে পঃৰাগ আধৰুৱা । পঃৰাগ মানেনো কি তাৰ তাৎপৰ্য সংক্ষিপ্তৰূপত তলত উল্লেখ কৰিলোঁ । 

বিশিষ্ট সাহিত্যিক চন্দ্রকান্ত লাচনৰ মতে - “পঃৰাগ” শব্দটো ' আপং আগৰাগ্‌ ' (Apong+Agrag=Po:rag) শব্দৰ পৰা আহিছে। মূল উৎসৱ আৰম্ভ হোৱাৰ আগে আগে "মিবু"ৰ দ্বাৰা 'আপং আগৰাগ্‌লা লৌঃনাম' ( Apong Agragla Lé:nam ) অৰ্থাৎ আপং আগবান্ধ কৰি থোৱা নিয়ম মিচিং সমাজৰ আছে আৰু তাৰ পৰাই 'পঃৰাগ' শব্দটো আহিছে বুলি তেখেতে অনুমান কৰিছে । সি যি কি নওক , পঃৰাগ উৎপত্তিৰ ক'ত , কেতিয়া হৈছিল সেই বিষয়লৈও বিদ্বৎ সমাজৰ পাৰ্থক্য দেখা যায় । 

মিচিঙৰ প্ৰথম বুৰঞ্জীবিদ সোনাৰাম পাঞাং কটকীয়ে তেখেতৰ " মিৰি জাতিৰ বুৰঞ্জী "ত লিখিছে- "ভৈয়ামলৈ অহাৰ পাছত অসমীয়া মানুহৰ দৰে ডেকা-গাভৰু সকলোৱে মিলি নৰাছিগা বিহু পাতিবলৈ ধৰিলে। ইয়াৰ অর্থ এয়ে যে আহিন কাতি মহীয়া আহু ধানৰ নৰা চিগে আৰু সেই ধান কামত লগায়। মিচিং ভাষাৰে ইয়াক পঃৰাগ বুলি কয়।

আগম মিগাং টাবুৰাম টাইদৰ মতে - পঃৰাগ হ'ল Lékoda ríksukunam gí:dí - sí:pí অৰ্থাৎ এটা পুনৰ মিলনৰ উৎসৱ ।  

গাৱঁৰ পৰা বিবাহ সূত্রে অন্য গাঁৱলৈ আঁতৰি যোৱা জীয়ৰীক স-পৰিয়ালে পঃৰাগলৈ নিমন্ত্ৰণ কৰাটো পঃৰাগৰ এটা পৰম্পৰা ।  বিশেষকৈ এটা পঃৰাগৰ পৰা আনটো পঃৰাগলৈ যিমান কেইজনী ছোৱালী বিয়া হৈ যায় সেই আটাইকেইজনীকে নিমন্ত্ৰণ কৰাটো অত্যন্ত দৰকাৰী। তেওঁলোকে আমন্ত্ৰিত হৈ নিজৰ গাওঁ খনলৈ সহ-পৰিয়ালে ঘূৰি আহি একেলগে ডাঙৰ দীঘল হৈ দুৰ দূৰণিত বিয়া হৈ যোৱা লগৰীয়া বোৰক লগ পাই বিমল আনন্দ উপভোগ কৰে। পৰস্পৰে পৰস্পৰৰ পৰিয়ালৰ চা-চিনাকী হোৱাৰ এটাসোণালী সুযোগ পায় । 

Another post of Manturam Taid

  1. কবি যোগেন টাইড আৰু নাই
  2. কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ লগত জড়িত মিচিং মানুহজন

পঃৰাগ একাংশ লোকৰ ভবাৰ দৰে কৃষি উৎসৱ হব নোৱাৰে। কোনো এখন গাঁৱৰ ডেকা-গাভৰুৱে নিজৰ সুবিধা আৰু সামর্থ অনুযায়ী যিকোনো বছৰ বা দিনত পঃৰাগ পাতিব পাৰে। ইয়াৰ কোনো নির্দিষ্ট দিন তাৰিখ নাই। সাধাৰণতে আহু খেতিক প্রাধান্য দিয়া মিচিং সকলৰ আজৰি সময় হ'ল শাওনৰ পৰা কাতি মাহলৈ। সেয়ে এই আজৰি সময়কণতে তেওঁলোকে আত্মীয়-স্বজন, মিতিৰ কুটুম সকলোকে একে লগে মাতি আপং আৰু মাংসৰ সৈতে নৃত্য গীতৰ উপভোগ কৰি দুখ-ভাগৰৰ অন্ত পেলায়।

পঃৰাগ আহোম শাসনতন্ত্ৰৰ প্রভাৱ ব্যাপক ভাৱে পৰা দেখা যায়। উৎসৱ পৰিচালনাৰ দায়িত্বত থকা বিষয়ববীয়া যেনে- ডেকা বৰা, তিৰি বৰা, পাটগিৰি, বৰাণী, টেকেলা, বৰ পোৱাৰী আদি পদবীবোৰ নিঃসন্দেহে আহোম শাসন পদ্ধতিৰে অংশ বিশেষ।

ধর্মীয়ভাৱে হিন্দুৰ প্রভাৱত সাধু-সাতোলাই মিচিঙৰ 'মিবু' ৰ ঠাই ললে। যেনেকৈয়ে নহওক পঃৰাগত মিচিং পৰম্পৰাগত ৰীতি-নীতি সৰ্বস্তৰতে বিদ্যমান। আজিৰ ডেকা বৰা, তিৰি বৰা তাহিনিৰ  Ku:ri-Ku:mang আছিল। সাতোলাৰ কাম 'মিবু' হে কৰিছিল। তাৰোপৰি পঃৰাগৰ দৰে পতা সামাজিক অনুষ্ঠান আহোম সকলৰ মাজত দেখা নাযায়। গতিকে পঃৰাগ উৎসৱৰ উৎপত্তি ভৈয়ামৰ নহয়, ইয়াৰ ইতিহাস অতি প্ৰাচীন । পঃৰাগ উদযাপনৰ বাবে মুৰং অকুম অপৰিহাৰ্য । মিচিং সমাজত মুৰং অকুমৰ দৈনন্দিন ব্যৱহাৰ কমি আহিলেও সময়ে সময়ে মুৰং অকুমে মূৰ দাঙি উঠিব । ইয়াৰ প্ৰধান কাৰণ হ'ল পঃৰাগ । 


মুৰং ঘৰৰ মূলদ্বাৰ সম্মুখৰ চেপেটা চতিত অভিজ্ঞ লোকে জোন, বেলি, তৰাৰ লগতে ওঁৰ থকা ৰৌমাছৰ আকৃতিৰ দুটা প্রতিকৃতিও অংকণ কৰে। ইয়াক 'বিৰি বিক্' বোলে। আদী কিম্বদিন্তৰ  মতে ই এক দ্বৈত দেৱতা শস্য আৰু মৎস্যৰ অধিকাৰী। মিচিংসকলে ইয়াক 'কাজে-য়াংগ' নামৰ ঐশ্বৰ্যৰ অধিকাৰী দেৱীৰ প্ৰতীক মচন্দিৰি'ৰ এক কাল্পনিক চিত্র বুলি কয়। আকৌ দুই এজনৰ মতে ই তীৰ্ব্বতত এৰি থৈ অহা দিনৰ কোনোবা ড্রেগনৰ মূৰ্ত্তিহে। 

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মতে সমাজৰ বিভিন্ন প্রয়োজনত উত্তৰ পূৱ ভাৰতৰ জনগোষ্ঠী সমূহৰ মাজত থকা মুৰং বা মঃৰং অনুষ্ঠানৰ দৰে আফ্রিকা, দক্ষিণ আমেৰিকা, ফিলিপাইন, নিউজিলেণ্ড, বর্ণিঅ' নিউগিনি আদিতো এনে সামাজিক অনুষ্ঠান আছে। অসমত থকা মুৰং সমূহৰ সামৰিক প্ৰয়োজনত সৃষ্টি হৈছে।


ওপৰৰ সংজ্ঞাসহ সংক্ষিপ্ত ৰূপত পঃৰাগৰ বিষয়ে ডাঙি ধৰিলো । এতিয়া আচল কথালৈ আহোঁ - 

যিকোনো এখন মিচিং গাঁৱত ডেকা - গাভৰু সকলৰ সমিতি থকাটো বাধ্যতামূলক । অৰ্থাৎ মিচিং গাঁও একোখনৰ সমস্ত ৰাজহুৱা কাম সমাপনৰ সামগ্ৰিক দায়িত্ব মৃমবৃৰ - য়াঃমেৰ । পঃৰাগ উৎসৱৰ পৰিপ্ৰেক্ষিতত বিচাৰ কৰি চালে দেখা যায় যে পঃৰাগ প্ৰস্ততিৰ প্ৰাকক্ষণত মৃমবৃৰ - য়াঃমেৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হয় । এক নিৰ্দিষ্ট গাঁৱৰ সমস্ত মানুহ মুৰং অকুমত একগোট হৈ মৃমবৃৰ - য়ামেৰ য়ামমিন বা বিষয়বাববোৰৰ বিতৰণ কৰা হয় । গাঁৱৰ সম্পূৰ্ণ দায়িত্ব পালনৰ ক্ষেত্ৰত দক্ষতা আৰু যোগ্যতা অনুসৰি ডেকা-গাভৰু সকলৰ মাজৰ পৰা য়ামমিন ( উপাধি ) বা বিষয়বাব প্ৰদান কৰা হয় । য়ামমিন সমূহ বিতৰণত কৰোতে গাঁৱৰ গুণী - জ্ঞাণী ব্যক্তিসকলে সমিতিটোৰ মুখ্য বিষয়বাববোৰ পাই মৃমবৃৰ - য়ামেক সঠিকভাৱে পৰিচালিত কৰিব পাৰে । 

দাগলৃগ বা মৃমবৃৰ-য়াঃমেৰ সামূহিক শ্রমদানৰ সময়ত যাতে সূচাৰু ৰূপে কর্ম সম্পাদন কৰিব পাৰে তেনে উদ্দেশ্য আগত ৰাখিয়েই গাঁৱৰ প্ৰত্যেককে একোটাকৈ বিষয়বাব প্ৰদান কৰা হয় । মৃমবৃৰ - য়াঃমেৰ এনে বিষয়বোৰত বয়সস্থ পুৰুকো সাঙুৰি লোৱা হয় যদিও পৰাপক্ষত বিবাহিত মহিলাক অন্তৰ্ভুক্ত কৰা নহয় । ঘৰুৱা কামৰ অতিৰিক্ত বোজাৰ বাবেই বোধহয় বিবাহিত মহিলাক অন্তৰ্ভুক্ত নকৰে । 

তলত মৃমবৃৰ - য়াঃমেৰ য়ামমিন ( উপাধি ) আৰু তেওঁলোকৰ দায়িত্ববোৰ চমুকৈ উল্লেখ কৰা হ'ল । 


১/ Ni:pung ( বৰুৱা )

মৃমবৃৰ-য়াঃমেৰ প্ৰথম আৰু প্রধান বিষয়বাব। ই পুৰুষ য়ামমিন। এখন গাঁৱৰ সমাজপ্রিয় গুণী-জ্ঞানী তথা সু-বিবেচক বুলি পৰিচিত বয়সস্থ ব্যক্তিক এই উপাধি বা  য়ামমিন প্রদান কৰা হয়। তেওঁৰ কাম হ'ল মৃমবৃৰ-য়াঃমেৰ যিকোনো ধৰণৰ বাদ-বিবাদ, ওজৰ আপত্তিৰ ক্ষেত্রত বা কোনো বিষয়ৰ আলোচনাত তেওঁ চূড়ান্ত সিদ্ধান্ত দিব পাৰে । কোনো য়ামমিনেই মিগম বৰাৰ সিদ্ধান্ত বা মতামতক অমান্য কৰিব নোৱাৰে । 


২/ Yamki Ku:mír ( ডেকা বৰা ) -

ই পুৰুষ য়ামমিন আৰু মৃমবৃৰ-য়াঃমেৰ সমস্ত পুৰুষ য়ামমিনধাৰীসকলৰ সামূহিক পৰিচালনাৰ ভাৰ ডেকাবৰাৰ । তেওঁ সমস্ত পুৰুষ য়ামমিনৰ সামুহিক কামকাজ তদাৰক কৰে। মহিলা য়ামমিনক বাদ দি কোনো পুৰুষ য়ামমিনেই ডেকাবৰাৰ আদেশ সমান্য নকৰে । 


৩/ তিৰি বৰা - 

মহিলা য়ামমিনবোৰক পৰিচালনা কৰিবৰ বাবে মৃমবৃৰ-য়াঃমেত এগৰাকী তিৰিবৰা থাকে। তেওঁ হ'ল পুৰুষ য়ামমিন। তেওঁ মৃমবৃৰ-য়াঃমেৰ সকলো মহিলা য়ামমিনৰ পিতৃস্বৰূপ । তেওঁৰ আমন্ত্রণ অবিহনে পিতৃ-মাতৃয়ে নিশাও চঃমান আদি অনুষ্ঠানৰ বাবে নিজৰ জীয়ৰী ছোৱালীক ঘৰৰ পৰা নপঠিয়ায়। সেয়েহে তিৰিবৰাৰ বাবে অত্যন্ত ধৈর্যশীল তথা কষ্টসহিষ্ণু ব্যক্তিকহে মনোনীত কৰা হয় । 


৪/ Migom ku:mír ( বৰা )-

পুৰুষ য়ামমিন। ডেকাবৰা। ডেকাবৰা আৰু তিৰিবৰাৰ পৰামৰ্শদাতা, কামৰ তদন্তকাৰী আৰু দুয়োজন বৰাৰ সমন্বয় ৰক্ষক। 


৫/ Lédung ( ভূঞা )-

মৃমবৃৰ-য়াঃমেৰ সমুহীয়া শ্রমদানৰ সময়ত কোনো কোনো য়ামমিনৰ মাজত তর্কবাদ হ'ব পাৰে। এনেবোৰ সৰু-সুৰা দোষৰ বাবে দোষীক কেনে ধৰণৰ শাস্তি প্রদান কৰা হ'ব এই দায়িত্ব ভূঞাৰ।

৬/ Ga:m( গাওঁ বুঢ়া ) -

পুৰুষ য়ামমিন। গাঁৱৰ বয়সস্থ লোকক মৃমবৃৰ-য়াঃমেৰ গাঁওবুঢ়াৰ বাবে মনোনীত কৰা হয়। ৰাজহুৱা শ্রমদানৰ সময়ত কোনো য়ামমিনৰ মাজত কিবা ওজৰ আপত্তি থাকিলে ভূঞাৰ বিধান মতে গাঁওবুঢ়াই দোষীৰ ওপৰত শান্তিৰ ৰায় দিব পাৰে। এই ক্ষেত্ৰত গাঁওবুঢ়াৰ ৰায়েই চূড়ান্ত। ৰাজজহুৱা আচাৰ অনুষ্ঠানৰ সময়ত গাঁওবুঢ়াই অনুশাসনৰ ওপৰত নজৰ ৰাখে। 


৭/ Lusar ga:m/tadné ( উদাৰুং ) - 

পুৰুষ য়ামমিন। বিহুৰ চঃমানত তেওঁ পদ গাব লাগে। তদুপৰি মৃমবৃৰ-য়াঃমেৰ মাজত যিকোনো বিবাদ দেখা দিলে তেওঁ গোচৰীয়া আৰু অপৰাধী দুয়োপক্ষকে জেৰা কৰি প্ৰকৃত সত্য উদঘাটন কৰি লয়।

৮ / হাজৰিকা

কেবাজনো য়ামমিনৰ ওপৰত হাজৰিকাৰ দায়িত্ব আছে। অৱশ্যে মৃমবৃৰ - য়াঃমেৰ সকলো য়ামমিনৰ ওপৰত মাত্ৰ এগৰাকীহে হাজৰিকা পতা হয় আৰু ইয়াৰ বাবে পুৰুষকে অগ্রাধিকাৰ দিয়া হয়। মৃমবৃৰ-য়াঃমেৰ সুখ-দুখ, খাদ্য, স্বাস্থ্য ৰক্ষা আদি বিষয়ৰ ওপৰত হাজৰিকাই চকু দিয়ে। সেয়েহে শ্রমদানৰ অন্তত সকলো য়ামমিনে সমানে খাদ্য আৰু পানীয়ৰ ভাগ পোৱা নোপোৱাৰ ক্ষেত্ৰত তেওঁ যথেষ্ঠ সচেতনতাৰে চকু দিব লাগে। 


৯/ পাঞ্চনী

প্ৰতি পাঁচজন য়ামমিনৰ ওপৰত পাঞ্চনিয়ে কতৃত্ব প্ৰয়োগ কৰিব পাৰে । গতিকে পুৰুষ আৰু মহিলা উভয়ে পাঞ্চনীৰ দায়িত্বভাৰ ল'ব লগা হয় ।


১০/  Lí:mír ga:m ( শইকীয়া ) -

পুৰুষ বা মহিলা উভয়েই শইকীয়াৰ দায়িত্বভাৰ ল'ব পাৰে যদিও ইয়াৰ বাবে পুৰুষকহে অগ্রাধিকাৰ দিয়া দেখা যায়। তেওঁ মৃমবৃৰ-য়াঃমেৰ পুঁজিৰ হিচাপ ৰাখে।


১১/  Murko: ru:tum ( ধন ভড়ালী ) -

পুৰুষ য়ামমিন। শইকীয়াৰ হিচাপ নিকাচ অনুসৰি মৃমবৃৰ-য়াঃমেৰ সমস্ত ধন তেওঁ জমা ৰাখে। গাঁৱৰ বিত্তবান লোককে ধন ভড়ালীৰ বাবে বিবেচনা কৰা হয় যাতে লাগ বুলিলেই তেওঁ মৃমবৃৰ-য়াঃমেক টকা পইচাৰ যোগাৰ কৰি দিব পাৰে । ৰাইজৰ সিদ্ধান্ত অনুসৰি তেওঁৰ হাতত সংগৃহীত ধন তেওঁ মোকলাই দিব লাগে।


১২/ Dumbo ga:m ( ঢুলীয়া )

পুৰুষ য়ামমিন। য়াঃমে মৃমবৃৰৰ ঢোলবাদক। বিহু, গুমৰাগ আদিত তেওঁ ঢোল বজাই অনুষ্ঠান পৰিবেশন কৰে। চঃমানৰ নৃত্য গীতৰ পৰিচালক বা প্রশিক্ষকৰ দায়িত্ব তেওঁ পালন কৰে।


১৩/ ঢোলাঘৰীয়া - 

 পুৰুষ য়ামমিন। মৃমবৃৰ-য়াঃমেৰ ঢোলবোৰ তেওঁ সংৰক্ষণ কৰি ৰাখে ।


১৪/ Lu:pi tubné ( তালুৱাই )  - 

তাল বাদক, ঢুলীয়াৰ সংগী। তেওঁলোকৰ পাৰ্গতালিৰ গভীৰতাতে মৃমবৃৰ য়াঃমেৰ চঃমানৰ সৌন্দৰ্য বহু পৰিমাণে নিৰ্ভৰ কৰে।

১৫/ চাকি চোৱা - 

 উভয়লিংগী য়ামমিন। ৰান্ধনিয়ে প্রস্তুত কৰা খাদ্যৰ জুতি প্রথমে তেওঁৱেই পৰীক্ষা কৰি যথাবিহিত পৰামৰ্শ আগবঢ়ায়। খাদ্যৰ মান অনুসৰি সেই খাদ্য পৰিবেশন কৰিবলৈ দিয়া নিদিয়াৰ চূড়ান্ত ৰায় তেওঁ দিব পাৰে।


১৬/ চেওতা -

 উভয়লিংগী য়ামমিন যদিও পুৰুষ প্ৰধান হোৱা দেখা যায়। ৰাজহুৱা শ্রমদানৰ সময়ত কোনো য়ামমিনে গাফিলতি কৰিলে ভূঞা আৰু গাঁওবুঢ়াৰ ৰায় অনুসৰি দোষী য়ামমিনক তেওঁ সৌকাৰে কোবাব পাৰে। 


১৭/ Du:n atí ka:sí:né ( জমাদাৰ ) - 

পুৰুষ য়ামমিন। য়াঃমে মৃমবৃৰৰ সা-সম্পত্তি তেওঁ সংৰক্ষণ কৰি ৰাখে। ঢোল তালৰ বাদে বিভিন্ন প্ৰকাৰৰ বাচন বৰ্তন, পুৰস্কাৰ, নথি-পত্ৰ আদি সংৰক্ষণৰ দায়িত্ব তেওঁৰ। লৌনং মাৰবাংবোৰো তেওঁৰ হাততে সংৰক্ষিত হৈ থাকে।


১৮/ হুকুমদাৰী -  

পুৰুষ য়ামমিন। হুকুমদাৰীৰ প্রত্যক্ষ আদেশ অবিহনে কোনো কামৰ আৰম্ভনি বা সামৰণি মৰা নহয়। ৰাজহুৱা শ্রমদানৰ সময়ত সকলো সভ্য একে শাৰীতে থিয় হৈ শেষ হ'লেহে তেওঁ শ্ৰম আৰম্ভ কৰিবলৈ হুকুম জাৰি কৰে। বিলনীয়াই খাদ্য পৰিবেশন কৰিবৰ বাবে হুকুমদাৰীৰ আজ্ঞা ল'ব লাগে।


১৯/ Pomsiri (পানীঅলা ) -

পানী যোগান ধৰোতা পুৰুষ য়ামমিন। ৰাজহুৱা শ্ৰমৰ সময়ত দিনে দুবাৰকৈ প্ৰত্যেকৰে ভাগত পৰাকৈ ক্ৰম অনুসৰি পানী যাচিব লাগে। কোনো য়ামমিন পদবীত ডাঙৰ বা বয়োজ্যেষ্ঠ বুলি কণিষ্ঠজনক ডেই যোৱা নাযায়। গাঁৱত পৰিয়ালৰ সংখ্যাৰ অনুপাতে পানী অলাৰ বাবে ছয় সাতজন সক্ষম পুৰুষক মনোনীত কৰা হয়।


২০/ Lutadné/Baríg ( বাৰৃগ ) - 

বাৰৃগ গাঁৱৰ গুৰুত্বপূৰ্ণ পুৰুষ য়ামমিন। ৰাজহুৱা শ্রমদানৰ বাবে কোনো ঘৰৰ পৰা বৰুৱাৰ ঘৰত টোপোলা আগবঢ়ালেই টোপোলাৰ এক অংশ তামুলীলৈ ৰাখি আন অংশ বাৰৃগক দি শ্রমদানৰ আগনিশা য়াঃমে মৃমবৃৰক জনাই দিবৰ বাবে বাৰৃগে জান দিব লাগে। কোনো উপলক্ষত গাঁৱত গেনা বা আলোচনা থাকিলেও বাৰৃগে জান দিয়াৰ জৰিয়তে গাঁওবাসীক অৱগত কৰাব লাগে।


২১/ Bolíng ga:m ( টেকেলা ) - 

পুৰুষ য়ামমিন। তিৰিবৰাৰ সহকাৰী। তিৰিবৰাৰ অনুপস্থিতিত তেওঁ তিৰিবৰাৰ দায়িত্ব চম্ভালিব লাগে।


২২/ গৃতৌঃ পঃয়ুপ - ( Gíté Po:yup ) 

পুৰষ য়ামমিন। য়াঃমে - মৃমবৃৰৰ শ্ৰমস্থানৰ পথ প্রদর্শক । ইয়াৰ অৰ্থ হ'ল - নিৰ্দিষ্ট স্থানত চালি বনাই থকা । 


২৩/ কেমদাৰ - 

পুৰুষ য়ামমিন। মৃমবৃৰ-য়াঃমেৰ মাজলৈ কোনো পুৰুষ অতিথিৰ আগমন ঘটিলে তেওঁ তেনে অতিথিক সেৱা সৎকাৰ কৰিব লাগে। বৌদাৰ ( Bédar )  নামৰ পুৰুষ যামমিন ধাৰীজনে তেওঁৰ সহকাৰী হিচাপে কাম কৰে। পঃৰাগৰ মিনম ( আলহী )   আমন্ত্ৰণৰ সমস্ত দায়িত্ব তেওঁৰ। আনকি কোনখন গাঁৱক মিনম হিচাপে নিমন্ত্রণ কৰিব তাৰো ঠিকনা তেৱেঁই দিব লাগে।


২৪/ ডাৰোগা -  

পুৰুষ য়ামমিন। মৃমবৃৰ-য়াঃমেৰ আৰক্ষী বিষয়া। ৰাজহুৱা শ্ৰমৰ সময়ত কোনো লোকে দোষ কৰিলে দাৰোগাই তেনে ব্যক্তিক ধৰি নি গাঁওবুঢ়াৰ ওচৰত চমজাই কি কি অপৰাধৰ বাবে আটক কৰা হ'ল তাৰ প্ৰতিবেদন দাখিল কৰিব লাগে ।


২৫/ গুপ্ত পুলিচ - 

 পুৰুষ য়ামমিন। মৃমবৃৰ-য়াঃমে সংক্রান্তীয় কোনো লোকৰ গুপ্ত কথা,কর্ম আদি অনুসন্ধান কৰি গোপনে গাঁওবুঢ়া বা দাৰোগাৰ ওচৰত তেওঁ তথ্য জনাই দিব লাগে। 


২৬/ মুন্সিফ -  

পুৰুষ য়ামমিন। ৰাজহুৱা শ্রমদানৰ অন্তত মৃমবৃৰ-য়াঃমেয়ে গৃহস্থৰ চোতালত সমবেত হোৱাৰ সময়তে মুন্সিফৰ নেতৃত্বত চোতালখন চাফ-চিকুণ কৰি তাত আসন আদিৰ ব্যৱস্থাৰ কৰা হয়।


২৭/ কাণ মুছাই -

পুৰুষ য়ামমিন। ৰাজহুৱা শ্রমদানৰ সময়ত কোনো য়ামমিনে গাফিলতি কৰি ধৰা পৰিলে গাঁওবুঢ়াৰ ৰায় অনুসৰি তেওঁ অপৰাধীৰ কাণত মুছৰি শাস্তি বিহে। 


২৮/ চাপৰাচি  - 

পুৰুষ য়ামমিন। বৰুৱা, বৰা, ডেকা বৰা, তিৰি বৰা, শইকীয়া, ধন ভড়ালী, উদাৰুং, গাঁওবুঢ়া আদিৰ মাজত তথ্য সৰবৰাহ কৰাই তেওঁৰ কাম । 


২৯/ Payég soné/ sali: titné ( তামূলী )-

পুৰুষ মহিলা উভয়কে এই য়ামমিন প্রদান কৰা হয়। দাগলৃগৰ কাম আৰম্ভ হোৱা, দুপৰীয়াৰ আহাৰ বিৰতি আৰু সন্ধ্যাৰ ভোজন পৰ্বৰ সময়ত মুঠতে ৰাজহুৱা শ্ৰমৰ দিনটোত তিনিবাৰকৈ তেওঁ ৰাইজক তামোল বিলাব লাগে।


৩০/ Miyum ku:ri (বৰাণী ) -

মহিলা য়ামমিন। গহীন গম্ভীৰ স্বভাৱৰ, ধীৰ-স্থিৰ মনোভাৱৰ ছোৱালীক বৰাণীৰ বাবে মনোনীত কৰা হয়। তেওঁ তিৰি বৰাৰ কাম কাজৰ তদাৰক কৰাৰ লগতে কেতিয়াবা তিৰিবৰাৰ সহায়কাৰী হিচাপেও কাম কৰিব পাৰে।


৩১/ বৰপোৱাৰী - 

 মহিলা য়ামমিন। তিৰিবৰা, টেকেলা আৰু চেওতাৰ অৱৰ্তমানত বৰপোৱাৰীয়ে মৃমবৃৰ-য়াঃমেৰ সমস্ত মহিলাক পৰিচালনা কৰিব লগা হয়। সেয়ে বয়সত জ্যেষ্ঠ গাভৰু ছোৱালীকহে এই পদৰ বাবে মনোনীত কৰা হয়। বৰাণীৰ দৰে বৰপোৱাৰীয়ে মহিলাসকলৰ পক্ষত থিয় দিয়ে।


৩২/ চাকনি - 

মহিলা য়ামমিন। ৰাজহুৱা শ্রমদান, পঃৰাগ , আলি আঃয়ে লৃগাং আদি অনুষ্ঠানত তেওঁ প্রধানকৈ আপং ( বিশেষকৈ নগজিন আপং )  চকাৰ কাম কৰে। অৱশ্যে পঃবৰ দাগনামৰ দৰে কঠোৰ শ্ৰমজড়িত উপলক্ষত চাকনিক এৰাই চলা দেখা যায়।


৩৩/ পকয়প - 

 মহিলা য়ামমিন। বিভিন্ন জনৰ মাজত মিটি মিটি সিজনীৰ কথা ইজনীক, এজনৰ কথা আনজনক লগাই ধেমেলীয়া খং তোলাই হ'ল তেওঁৰ কাম। তেওঁৰ কৰ্মকাণ্ডই সভ্যসকলৰ মাজত হাঁহিৰ খোৰাক যোগাই ৰ'দে বৰষুণে পৰিশ্ৰম কৰাৰ অৱসাদ দূৰ কৰায়।


৩৪/ য়ামকী - 

 মহিলা য়ামমিন। মৃমবৃৰ-য়াঃমেৰ মঞ্চলৈ কোনো মহিলা আলহী অতিথি আহিলে তেওঁ তেনে অতিথিক সেৱা শুশ্রুষা কৰিব লাগে। অৱশ্যে পঃৰাগৰ মিনম আমন্ত্ৰণৰ প্রক্রিয়াত তেওঁৰ ভুমিকা নগণ্য হৈ পৰে।


৩৫/ Rémsuk ( শইকীয়ানী ) -

মহিলা য়ামমিন। ৰৌমচুক শব্দৰ অৰ্থ হ'ল আৰৌম চুপুং বা লাঃপাক অর্থাৎ বাহি বাচন বর্তন চাফাই কাৰিণী। খাদ্য বিতৰণৰ সময়ত পাত বা বাচন বৰ্তন পৰিস্কাৰ কৰা কাম তেওঁৰ নেতৃত্বত সমাপন কৰা হয়। Rími , Rímki আদি য়ামমিনধাৰীসকলে তেওঁক সহায় কৰে ।


৩৬/ নাচনী - 

মহিলা য়ামমিন। নাচৰ আঁট ধৰোতা। তেওঁৰ নেতৃত্বতে মৃমবৃৰ-য়াঃমেৰ নাচ পৰিচালিত হয়। 


৩৭/ Ni:tom Tu:li ( নামতি ) - 

মহিলা য়ামমিন। সুকণ্ঠী গায়িকা। মৃমবৃৰ-য়াঃমেৰ চঃমানৰ সময়ত নামতিয়ে প্রথমে অই নিঃতমৰ অৱতাৰণা কৰি সংগীসকলক উৎসাহিত কৰিব লাগে।


৩৮/ উদানী - 

 মহিলা য়ামমিন। নামতী-নাচনীৰ সহকাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিব পাৰে। মূলত মহিলা বিষয়ববীয়া সকলৰ মাজত বিবাদৰ সূত্রপাত ঘটিলে উদানীয়ে বিবাদীসকলক জেৰা কৰি প্ৰকৃত সত্য উদঘাটন কৰে।।


৩৯/ ভূঞানী - 

মহিলা য়ামমিন। উদানীৰ দ্বাৰা উদঘাটিত সত্যৰ আঁট ধৰি তেওঁ মহিলাসকলৰ বাদ বিবাদৰ মিমাংসা কৰি দিয়ে। ভূঞাৰ অৰ্বতমানত তেওঁ ভূঞাৰ কাৰ্যাৱলী পৰিচালনা কৰিব লাগে।


৪০/ বিলনীয়া - 

উভয়লিংগী য়ামমিন। মৃমবৃৰ-য়াঃমেৰ খাদ্য সামগ্ৰীৰ বিতৰক। গাঁৱৰ জনসংখ্যাৰ অনুপাতে পানীঅলাতকৈ বিলনীয়াৰ সংখ্যা বেছি হয়। পানী বিতৰণৰ দৰেই ক্রম অনুসৰি শৃংখলাবদ্ধভাৱে খাদ্য সামগ্ৰী পৰিবেশন কৰিব লাগে। বিলনীয়া সকলে খাদ্য সামগ্ৰী পৰিবেশনৰ সময়তে নিজৰ ভাগৰ পাত পাৰি ভাগ ল'ব লাগে যাতে এৰেহাখিনিহে তেওঁলোকৰ ভাগত নপৰেগৈ।

ওপৰত বিৱৰণ দিয়া য়ামমিন সকলে পঃৰাগ উৎসৱতে আৱদ্ধ নহয় বিভিন্ন অনুষ্ঠান বা উৎসৱ - পাৰ্বণ যেনে আলি আঃয়ে লৃগাং , দদগাং , গোমৰাগ চঃমান , আদা দাঙাং , লক্ষ্মী দঃদে , গাৱৰ বিভিন্ন অনুষ্ঠানতে কিছু কিছু য়ামমিন প্ৰয়োজন হয় । বৰ্তমান সময়ত তদুপৰি কিছুমান য়ামমিন প্ৰয়োজন হয় যেনে - বেলি চোৱা , পুকচাই বৰা , খাব জনা , শুব জনা , মৃমবৃৰ টেকেলা  ইত্যাদি ইত্যাদি । পঃৰাগ উৎসৱ শেষ হোৱা পিছত মৃমবৃৰ - য়াঃমেৰ য়ামমিন ( উপাধি ) সভাৰ জড়িয়তে ভংগ কৰে আৰু পুনৰ গঠন কৰা হয় । 


শেষত তৰুণ চন্দ্ৰ পামেগামৰ কথাৰে সামৰিলো -

" পঃৰাগ উৎসৱে মিচিং সমাজলৈ আনি দিয়ে প্রেম-প্রীতি, মৰম-স্নেহ, কর্মতৎপৰতা, কর্তব্যপৰায়ণতা, সমাজ সেৱা, দায়িত্ববোধ আৰু বাধ্যতামূলক গুণ।”



____________°°°°°°°°°______________

সহায়ক গ্ৰন্থপঞ্জী - 

মেদক , ৰামেশ্বৰ : পঃৰাগ , গোগামুখ , ২০০৯ । 

Pa:yeng , Tuladoi . Noro , Dimbesor ,( Nébíng Kumsu ) DÍRBÍ ARÍNG . 2018 ,

( উত্তৰ লখিমপুৰ বাংকে আগম কৗবাঙৰ পৰা সম্পা. )

আলোচনী - দলে, ৰঞ্জন ( সম্পা. ) পঃৰাগ - ২০২১

Share:

শনিবৰীয়া নিয়ৰ ১.৪ লৃগাং বিশেষ


শনিবৰীয়া নিয়ৰ লৃগাং বিশেষ
শনিবৰীয়া নিয়ৰ লৃগাং বিশেষ

মা

নীলনয়ন মিলি

মা-নীল নয়ন মিলি
মা-নীল নয়ন মিলি



মা!

তুমি আমাক জনম দিলা 

দেখুৱালা পোহৰ বাট 

এই বিশাল বসুন্ধৰাত।

মা!

তুমি আমাক জ্ঞান দিলা 

তামস ৰাতি পোহৰাই তুলিলা 

তোমাৰ ত্যাগৰ দিম প্ৰতিদান 

আমাৰ কৰ্মৰে কৰি তুলিম তোমাক মহান।

মা!

তুমি আমাৰ আপোনৰো আপোন 

তোমাৰ বাবেই হৃদয়ত প্রতিনিতে চাকি জ্বলাওঁ জন্ম-জন্মান্তৰে যেন তোমাকে পাওঁ।

শনিবৰীয়া নিয়ৰ লৃগাং বিশেষ


"অ কনেং"

দীপাংকৰ কুটুম

অ কনেং গম পাইছানে বাৰু

তুমি লৃগাংৰ বতৰ 

সোনমনা ফাগুনীয়া বতাহ জাঁকৰ সৈতে ন ৰূপত ফুলিছে শিমলু ফুল 

সমুখত অতিকৈ চেনেহৰ 

আলি-আয়ে লৃগাং ।

মিচিং জাতিৰ দাপোন আনি দিব 

সমদল গতি মহা মহা জীৱনৰ 

 শান্তি আৰু আনন্দ ।

আনন্দত স্নিগ্ধ জোনাকেও দিব জ্যোতি ।

তোমাৰ অসীম পৰসত 

লুইতেও জনাৱ সহাঁৰি 

অ কনেং তুমি আহিবা নহয় লৃগাংঙলৈ ।

হেপাঁহৰ লৃগাংৰ আনন্দত ,

 নাচিব কুমাৰ কুমাৰী

 নানা ৰঙীন সাজত ।

পুৰাং আপিন ,পৰ আপং ঙচান অঙৰ 

জুতি লৈ ঢূলৰ চেৱে চেৱে ঐনিতম এপাকিৰে  গুমৰাগ নৃত্যত মতলীয়া হম ।

মাথো তুমি এবাৰ আহিবা লৃগাংলৈ 


নেপাহৰিবা আকৌ,

ৰিবি গাছেং  গাপা গালে পিন্ধি আহিবলৈ

তুমি আহিলে

 দুয়ো হেপাঁহ পলুৱাই নাছিম দেই....

অ কনেং আহিবা নহয়  ।

                **



নদীৰ সৈতে আমাৰ এৰাব নোৱাৰা সম্পৰ্ক 

অনুভৱ প্ৰিয়ম মিৰি 

নদীৰ সৈতে আমাৰ এৰাব নোৱাৰা সম্পৰ্ক


আমি উলংগ হোৱা দিনৰ পৰা 

নদীৰ সৈতে সম্পৰ্ক আমাৰ 

নদীৰ সৈতে আজন্ম প্ৰেম আমাৰ 

আমি কাপোৰ পিন্ধা দিনৰ পৰা 

নদীৰ দৰে জীপাল হৈ পৰিছে 

আমাৰ সমাজ-সংস্কৃতি 

মিছৰীয়,মেছ'পটেমিয়া

সিন্ধু-হৰপ্পা-মহেঞ্জোদাৰোৰ আগৰ পৰা 

নদীৰ সৈতে আমাৰ এৰাব নোৱাৰা সম্পৰ্ক  

নদীৰ উপত্যকাতেই গজি উঠে 

আমাৰ জীৱন জীয়াৰ সপোন 

আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ কৰলৱ 

নদীয়ে জানে আমাৰ সঠিক ঠিকনা 

আমাৰ দুখ-দুৰ্দশাৰ চৈ দিয়া নাও 

আমাৰ হাঁহি-কান্দোনৰ ঐনিতম 

প্ৰাগৈতিহাসিক দিনৰ পৰা 

বৰ্তমান পাৰ হৈ 

যিমান দিনলৈকে নদী বৈ থাকিব 

সিমান দিনলৈকে আমাৰ আয়ুস ৰেখা 

আমাৰ উশাহ-নিশাহ 

নদীৰ সৈতে আমাৰ এৰাব নোৱাৰা সম্পৰ্ক 

এইয়ে নদীৰ দৰে বৈ আমাৰ স্বভাৱ-চৰিত্ৰ

আমাৰ কঁহুৱা ফুলা অনুভূতিবোৰ

কেতিয়াবা চাকনৈয়াৰ দৰে জটিল হৈ পৰে 

জীৱনৰ জঁই নপৰা সমস্যাবোৰ 

বাৰিষা-খৰালিৰ পোছাক পিন্ধি 

গৰা খহি সুঁতি সলাই চৰ-চাপৰি পাতি 

সুখী হৈ নদী ।


লৃগাঙতে দি আহিম গৈ মোৰ ৰঙা কলিজা

◼কাৰ্চাং তাকাৰ

হেপাঁহৰে হৌৰগক খনি কালৈনো বৈচা

অ মোৰে নীলা চৰাই!

লৃগাং অহাৰে বতৰা ,তোমাৰ খোপাতে এতিয়া শিমলুৰে 

ৰঙা ৰঙা ফুল,

তোমাৰে খামুচীয়া দেহাৰে ককাল ভাঙি গুমৰাগৰ ৰাগ

নপৰাকৈ কেনেকৈ থাকো তোমাৰে প্ৰেমত ॥


চাই থৈ আহিম গৈ তোমাৰে পদূলি

দি থৈ আহিম গৈ মোৰ ৰঙা কলিজা

এইবাৰ ন'হলেওঁ,অহাবাৰ লৈ আনিমগৈ মোৰে পজাঁলৈ।

যিখিনি অইনিতঃম পদ্য মাতাদি আওঁৰাইছো,তোমাৰ বাবে।

লেখন দাই গোৱাৰ দৰে ক তা কাৰে কা ৰৃকচুপলাংকা 

দন্ত্যয়া ত ,সন্ধিয়া দ॥॥


জীৱন

জীৱন হ'ল চলন্ত ৰেলগাড়ীৰ দৰে। চলি গৈ থাকে। ৰেলগাড়ী ষ্টেচনত ৰৈ যায়। আকৌ গতি আৰম্ভ কৰে। ঠিক তেনেকৈ জীৱনেও সুখ-দুখত ৰৈ যায়। আকৌ চলি যায়। থমকি নৰয়। 
  জীৱনৰ অংশ কিছুমান হ'ল - হাঁহি কান্দোন , সুখ- দুখ , প্ৰেম-ভালপোৱা , বিবাহ ইত্যাদি। এইবোৰৰ মাজেৰে আমি জীৱনত আগুৱাব লাগিব। ৰৈ গ'লে হাৰি যাম। জীৱনত জিকিবলৈ হ'লে কষ্ট কৰিবই লাগিব , কষ্ট সহ্য কৰিবই লাগিব। নহ'লে জীৱনৰ মূল্য নাথাকিব। 

জীৱন মানেই সুখ-দূখ


জীৱনটো আমাৰ এবাৰেই। গতিকে এই দুদিনীয়া জীৱনত হাঁহি থকাটো অতি গুৰুত্বপূৰ্ণ। কান্দিবলৈ আমি সকলোৱে পাৰোঁ , কিন্তু আমি মন খুলি হাঁহিবলৈ পাহৰি থাকোঁ। জীৱনৰ কষ্ট বোৰে , আঘাত বোৰে আমাক হঁহুৱাবলৈ পাহৰাই দিয়ে। কিন্তু আমি মনত ৰাখিব লাগিব যে হাঁহিয়েই জীৱনৰ মূল শক্তি। হাঁহিয়ে জীৱনত পজিটিভ ফিল কৰায়। 
 জীৱনত জীয়াই থাকিবলৈ অকণমান কষ্ট হ'বই। কিন্তু এই কষ্ট বোৰ আমি নোহোৱা কৰিব পাৰোঁ। কিছুমান ভাললগা কামেৰে আমি জীৱনটো‌ আগুৱাই লৈ যাব পাৰোঁ। পঢ়ি শুনি কষ্ট কৰি ভাল কৰ্মসংস্থাপন কৰি আমি আমাৰ জীৱন আগুৱাই লৈ যাব পাৰোঁ। আনক সহায় কৰি আমি জীৱনত আগুৱাব পাৰোঁ। 
জীৱনক ভালপাবলৈ শিকি লওঁক। নিজৰ জীৱনটোক ধংসৰ পথলৈ ঠেলি নিদিব। জীৱনটো আপোনাৰ। সুন্দৰ ভাৱে উপভোগ কৰক। মাদক দ্ৰব্যৰ ব্যৱহাৰ নকৰি আনন্দত কটাওঁক নিজৰ জীৱন। এবাৰ জীৱন হেৰাই গ'লে কেতিয়াওঁ ঘূৰাই নাপাব। গতিকে নিজৰ জীৱনটোক মূল্য দিবলৈ শিকক। 
নিজৰ জীৱনটোক প্ৰথম মূল্য দিয়ক। তেতিয়াহে আনৰ জীৱনৰ মূল্য বুজিব। জীৱনত হাৰি নাযাবলৈ কষ্ট কৰক সদায়। এদিন জিকিবই। জিকিলে আপোনাৰ সপোন বোৰ বাস্তৱত পৰিণত হ'ব। এদিন আপুনি হাঁহি থাকিব পাৰিব। এই হাঁহিয়ে আপোনাক শান্তি আৰু সুখ দিব। 
জীৱনত কাকো হিংসা নকৰিব। নহ'লে আপোনাৰ জীৱনত আপোনাক ভগৱানে হিংসা কৰিব। ভগৱানে হিংসা কৰিলে কিন্তু আপুনি একেবাৰে হাৰি যাব। কেতিয়াওঁ তল পৰিলে উঠিব নোৱাৰিব। 
জীৱনত মা দেউতা গুৰুত্বপূৰ্ণ। মা দেউতাতকৈ আপোনাৰ জীৱনত কোনো ইমান আপোন হ'ব নোৱাৰে। আপোনাৰ জীৱনত আপোনাৰ বাহিৰে এটা সময়ত কাষত কোনো নাথাকে। সকলো আঁতৰি যাব। 
জীৱনত অকলে চলিবলৈ শিকক। কাকো কষ্ট দি নহয়। জীৱনত যি কৰে অকলে কৰিবলৈ শিকক। কাকো অশান্তি কৰি নহয়। 
জীৱনত অকলেই সাহসী হওঁক। কোনোবা এজন আপোনাৰ কাষৰ পৰা আঁতৰি যোৱাৰ পাছত যাতে আপুনি ভাঙি নপৰে তাৰ সাহসকণ গোটাওঁক। যিমান পাৰে অকলে থাকক। কিবা এটা জীৱনত শিকক।‌
জীৱনত নিজৰ লগতে আনকো কিবা এটা শিকাই যাওঁক। যাতে সকলোৱে উপকৃত হ'ব পাৰে। জীৱনত যিয়েই নকৰক কিয় সদায় ভাল কাম কৰি আগবাঢ়ি যাওঁক।। 
✍️কলিতা নিজৰা
       দৰং ( ছিপাঝাৰ )

বিশেষ খবৰ
◼অসমৰ দ্বিতীয়ত্বম জনগোষ্টীয় মিচিং ভাষাক ২০০খন প্ৰাথমিক বিদ্যালয়সমুহত পাঠদানৰ অধিসুচনা ।
Share:

লৃগাঙ পালেহি


(মিচিং জাতিৰ প্ৰতি অকৃত্ৰিম চেনেহ থকা পৰিৱেশ সংৰক্ষক, লেখক ভাতৃ সুমিত দাস'লৈ)

তপন পায়েং


লৃগাঙলৈনো আৰু কেইদিনৰ বাট
ফটো-কুশলতা নৰহ



এতিয়া আকাশ ৰঙচুৱা ঠিক ন-কন্যাৰ কপালৰ শিৰৰ সেন্দুৰৰ দৰে। ডিঙি ওখমুৱাকৈ চালেই দেখিবা ওখ ওখ শিমলুৰ ৰঙা ৰঙা হাঁহি ,আমাৰ গাৱঁলৈ বুলি বাটৰ দিশ থোৱালেওঁ দেখিবা বাটৰ কাষে কাষে থকা  শিমলু অথবা মদাৰৰ ফুল,তাত তুমি শিমলু-মদাৰৰ সুবাস বিচাৰি নাপাবা,পাবা শিমলু গছৰ কাষৰ নদীৰ পানী তুলিবলৈ অহা নবৌহঁতৰ খিলখিলীয়া হাঁহি। এই খিলখিলীয়া হাঁহিত বুৰ নাযাবা,কি ঠিক  এই খিলখিলীয়া হাহিঁৰ নিচাত আমাৰ গাৱঁলৈ যোৱা বাটৰ কথা পাহৰিবটো পাৰে ,খেৰাকৈ নবৌহঁতলৈ চায় ৰৈ নিদিবা,নুশুনিবা সাংসাৰিক কথা ,নুশুনিবা তেওঁলোকৰ অতীতৰ প্ৰেমৰ কথা তেওঁলোকৰ যি প্ৰেমৰ কথাই আপোনাক আপোন পাহৰা কৰিব পাৰে , মিছাতে চলিব পাৰে আপোনাৰ প্ৰেমৰ অপবাদ যি বতাহে বতাহে সিচৰিত হ'ব পাৰে।এনেই ফাগুন মতলীয়া ,ফাগুনে নাজানে কাৰ কি প্ৰেম, ফাগুনে মাথো জানে প্ৰেমৰ প্ৰচাৰ কৰা মুক্ত আকাশতে।

         আলিয়ে আলিয়ে এগে-গাছৰ পিন্ধি ,হৰিণীৰ জুম দেখিলেই তেওঁলোকৰ পিছে পিছে খোজ দিবা ,এই হৰিণী ভনীহতঁক নোজোকাব,নকবা ফাগুনৰ মতলীয়া প্ৰেমৰ কথা ,এই হৰিণী জুমবোৰ সৰু সৰু পুলি লহপহকৈ বাঢ়ি আহিব খোজা শিমলু ,প্ৰেম বলিয়া ফাগুনৰ কথা শুনিলেই কান্দোনত শিমলুৰ তুলা হৈ উৰিব পাৰে ।  এনেওঁ  গম লব পাৰা দূৰৈৰ পৰা মাইকাৰত  ভাহি অহা অইনিঃতমৰ কলিসমুহত , নাইবা ওচৰৰ গাৱঁৰ ডেকা বন্ধু সতেওঁ মিবু গালোক(চোলা) পিন্ধি আহিব ,পাৰিলে সুধি চাবা।ডেকাসকলে লৈ যাবহি বাট দেখুৱাই লৃগাং তলিলৈ । 

জানিবা, বুজিবা আমাৰে আলি আয়ে লৃগাঙৰ কথা,গাৱঁৰে নবৌহঁতে নগজিন আপং বাকি দিলে নাখাওঁ বুলি নকবা মামহঁতে(নৱৌ) বেয়া পাব পাৰে ।কোনোবা মৃমবৃৰে(গাভৰু)চাই মদ কাহঁৰ বাটিত দিওঁতে মিছিকিয়াঁ হাহিঁ মাৰি আপোনালৈ চায় দিব, তাইৰ হাহিঁলৈ চায় প্ৰেমত পৰিছো বুলি নকবা, এই প্ৰেমত মই সহায় কৰিব নোৱাৰিম ,এই প্ৰেমৰ কাহিনীত নিজেওঁ এটি দীঘলীয়া পদ্য লিখিব পৰা নাই আজিলৈকে ,কত বিশটা ফাগুন পাৰ হৈ গ'ল কত লৃগাং শেষ হৈ গ'ল।

      লৃগাঙৰ দিনা অইনিঃতমৰ কলি এটিওঁ জুৰিব জানা, যদি গাব পাৰা ঠুলমুলকৈ হলেওঁ

লত্তাদ লেনাম আপ্পুন দৌঃম হৌ ঐয়েঙা

বুনপাক কুঃপৌ মৌঃয়ে বং ঔ ঐয়েঙা

 (( চোতালত ৰুৱা ফুলপাহ ঔ মৰমী,ওভালিব নিবিচাৰিব ঔ ঐয়েঙা))

অৱশ্যে এটা কথা  ঢকুৱাখানাৰ দৰে ইয়াত পাতিৰ,পাঞাং মদাৰ নাপাব পাৰে,আমাৰ ৰঙানৈত  নৰহ,পায়েং,মিলিৰে শিমলু ফুল । মৃমবৃৰ  সকলৰ আগত  পাঞাং কাংকান কায়োমৰ কথা ওলিয়ালে নৰহ বৃৰমৌঃ(ভন্টী)ৰ চকু ৰঙা হ'ব পাৰে ।

এনেকৈ যদি গগৈ,কলিতা,দাস হৈয়ো অইনিঃতম গাব জনাৰ কথা গম পায় কত আইতা,নবৌ হতে  ভাল পাব আপোনাক ,মিবু গালোক পিন্ধাই কিমাজনী মৃমবৃৰে আপোন হব ,আপুনি আঙুলীৰ মুৰতে ৰৈ গনিব নোৱাৰিব মৃমবৃৰৰ নাম ।

আপোনাক কিমানজনে আদৰ-আদৰ কৰিব,ডিঙিত মাবলাৰ পিন্ধ‍াব,পুৰাং -আপিন,এগ আদৃন(গাহৰী মাংস)  আৰু চাইমদৰ নিচাত যেন বছৰটোৱেই লৃগাং লৃগাং হৈ থাকক। নবৌহতঁৰ হাতেৰে পুৰাং আপৃন আৰু এগ আদৃনৰ সোৱাদ লওঁতেই দেখিবা বাওঁফালৰ পৰা য়ামে-মৃমবৃৰ(ডেকা-গাভৰু)ৰ গুমৰাগ নৃত্য আৰম্ভ হ'ব । বাজিব ঢুমঢুম-লুপেঃ(ঢোল-তাল),য়ামেঃ সকলে মিবু  গালোক আৰু গনৰঃ উগন(চুৰিয়া )পৰিধান কৰিব আৰু আপুনি ভালপোৱা  মিচিং কনেং সকলে মচাং এগেঃ(মিচিং ফুল বচা মেখেলা) পিন্ধি গুমৰাগ ৰাগ কৰিব । আপুনি আৰু মই চায় থাকিম দৰ্শকৰ দৰে নগজিন আপং ঠহঙা মামঃৰ কাষতে আপঙৰ নিচাতে সুলকি যোৱা পেন্টটোৰ দৰে সুলকি নপৰিব কাংকান কায়ুমহঁতে হাহিঁব ,আপুনি লাজ পাব পাৰে আপোনাৰ দৃষ্টিত ভাল লগা নৰহ কনেং জনীৰ আগত । সুলকি যোৱা পেন্টটোত টমাল বন্ধাৰ দৰে নিজকে বান্ধি ল'ব মৃৰংঘৰৰ এচুকত। ককাঁলত টমাল বান্ধি হোৱাৰ পিছত জপিয়াই পৰিম গুমৰাগৰ মাজত নাচিম হাতে হাত ধৰি__

লঃলে লঃলে দাৱ লঃলে

চৃচুক চুঃমব চুঃমব বদিয়া....

নাচি থাকিম নাচি থাকিম নিশা নোহোৱালৈকে। আপোনালৈ মিচিকিয়াঁ হাঁহিৰে  চাই অইনিঃতম জুৰিব,ককাঁলত টমাল বান্ধা চায় লাজুকুৰীয়া হাহিঁৰে । আপুনি এই হাহিঁত মনোযোগ দিলে মুৰ্চায়িত হ'ব পাৰে ,মনোযোগ নিদিব মনোযোগ দিলেই মনৰ কথা মনতেই থাকিব,কোন কাহানিকে ক'ব নোৱাৰিব আপুনি নৰহ কনেঙক "আইপৌঃ মৌঃনামৰ (ভাল পোৱা )কথা । লৃগাং শেষৰ পাছত নিজৰ মাজতে অনুতাপ কৰিলেতো নহ'ব ,,এই লৃগাং আকৌ আহিব ,কিন্তু এই নৰহ কনেং জানো থাকিব একদৰে। শিমলুৰ ফুলপাহঁত কত শালিকা উৰি ফুৰে  ,আগন্তুক লৃগাঙলৈ বাট চাওঁতে চাওঁতে এই ফুলপাহো তুলা হৈ উৰি যাবগৈ ,পিছত গৈ নৰহ'ৰ মামঃৰ আগত কন্দাকটা কৰিলে জানো হ'ব।

                গতিকে সাজি কাছি আহিবছোন ,মিচিং গীতৰ আখৰা কৰি ,চাওঁতে চাওঁতে লৃগাং পদূলিত পালেহি । লৃগাঙলৈনো আৰু কেইদিনৰ বাট । আপোনালৈ বৰ হেপাহেঁৰে ৰৈ অ‍াছে খাবলু  ঘাটৰ নাৱৰীয়া বলু ককাইয়ে।

Share:

Assam Second Capital,অসমৰ দ্বিতীয় ৰাজধানী

 আজিৰ সেই লেখাটি অসমৰ দ্বিতীয় ৰাজধানী শীৰ্ষক বিষয়টোৰ ওপৰিওঁ সৰু সৰু গুৰুত্বপূৰ্ণ বিষয়বস্তু দিয়া হৈছে।আশা কৰিছো এই লেখাটিয়ে আপোনালোকৰ প্ৰতিযোগীতামূলক তথা  চাকৰি সম্পৰ্কীয় পৰীক্ষাসমূহত যথেষ্টভাৱে সহায় কৰিব বুলি।আশা কৰিছো আপোনালোক ভাল পাব॥

Dibrugarh Is second Capital of Assam
Dibrugarh Is second Capital of Assam


শেহতীয়াকৈ অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰিছিল যে ডিব্ৰুগড়ক এখন পূৰ্নাংগ চহৰলৈ উন্নীত কৰি অসমৰ ২য় ৰাজধানী হিচাপে কাম কৰিব।

ডিব্ৰুগড়ৰ ঐতিহাসিক প্ৰসংগ

  • ডিব্ৰুগড়ৰ ইতিহাস জৰ্জৰিত ঠাই।
  • ডিব্ৰুগড় এসময়ত উগ্ৰপন্থীৰ কেন্দ্ৰ,বিশেষকৈ নিষিদ্ধ গোঠৰ আছিল।
  • অঞ্চলতোত সান্ধ্য আইন আৰু অশান্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল।বছৰ বছৰ ধৰি অৱশ্যে ইয়াৰ ক্ৰমবিকাশ ঘটিছে।
  • চহৰখন এতিয়া স্থিতিস্থাপকতাৰ প্ৰতীক।
উন্নয়নৰ বাবে চৰকাৰী পদক্ষেপ

অসম চৰকাৰে নগৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।ডিব্ৰুগড়ক চহৰ হিচাপে উন্নীত কৰাতো বহল কৌশলৰ অংশ।মূখ্যমন্ত্ৰীয়ে ৩৭৭ কোটি টকা ব্যয়ৰ সাপেক্ষে চাৰিখন বৃহৎ উৰণীয়া সেতুৰ স্থাপন কৰে। এই প্ৰকল্পসমুহৰ লক্ষ্য হৈছে আন্তঃগাথনি আৰু সংযোগ উন্নত কৰা। ডিব্ৰুগড়ক বিনিয়োগ আৰু ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে গড়ি তোলা।

অৰ্থনৈতিক সুযোগ আৰু বিনিয়োগ 

শেহতীয়াকৈ জাপান  ভ্ৰমণৰ  সময়ত মূখ্যমন্ত্ৰীয়ে উদ্যোগপতি সকলৰ সৈতে নেতাসকলৰ লগত যোগাযোক কৰে ।তেওঁ অসমৰ বিনিয়োগ কাৰী মুকলিকৈ  লৈ আহিবলৈ আত্মপ্ৰকাশ কৰোৱা।


অতিৰিক্ত খবৰ

অসমৰ প্ৰতিৰক্ষা কৰিডৰৰ গুৰুত্ব

অসমৰ কৌশলগত অৱস্থানে ইয়াক  ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ কৰি তুলিছে,বিশেষকৈ চীন ,বাংলাদেশ ,ম্যানমাৰ সীমান্তৰ ক্ষেত্ৰত ।প্ৰস্তাৱিত কৰিডৰৰ জৰিয়তে  সামৰিক সঁজুলিৰ স্থানীয় মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ সুবিধা হব যাৰ ফলত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ দূৰৈৰ অসুবিধাসমুহ হ্ৰাস পাব।

২০২৪ চনত অসমৰ হাতীৰ জনসংখ্যা বৃদ্ধি

অসমত মুঠ পাচটা হাতী সংৰক্ষিত বনাঞ্চল আছে,সেই সমুহৰ ভিতৰত কাজিৰঙা,কাৰ্বি আংলং,ধনশিৰি-লুংডিং,দিহিং পাটকাই,চিৰা্,শোনিতপুৰ আদি একলগে ৮২% হাতীৰ সংখ্যা

অসমৰ প্ৰজেক্ট ডলফিন

প্ৰজেক্ট ডলফিন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতৰ ৰাষ্ট্ৰীয়  জলজ প্ৰাণী গংগা নদীৰ ডলফিনক লৈ সংৰক্ষণ কৰা পদক্ষেপ।এই প্ৰকল্পত ভাৰতীয় বন্যপ্ৰানীৰ প্ৰতিষ্ঠানৰ লগত ,অসম  বন বিভাগ,আৰু আৰণ্যকো জড়িত হৈ আছে ।

অসম এডবান্টেজ ২.০ Assam Advantage 2.0

২০২৫ চনৰ ২৪-২৫ ফেব্ৰু‍ৱাৰীত অসম এডবান্টেজ ২.০ বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন ২০২৫ হব।এই সন্মিলনৰ লক্ষ্য হৈছে  বিনিয়োগ আকৰ্ষন কৰা,যিয়ে অসমৰ আন্তঃগাথঁনি উন্নয়নৰ ক্ষেত্ৰতো গুৰুত্ব দেখুৱা হৈছে । এই অনুষ্টানত ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনো উপস্থিত থাকিব।শীৰ্ষ সন্মিলনৰ কাৰণে তিনিটা গোঠে ৰোড শ্বুওঁ প্ৰদৰ্শন কৰিব,ৰোড শ্বুৰ জৰিয়তে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত আকৰ্ষন কৰিব । ছিংগাফুৰ,জাপান,আমেৰিকা,বৃটেইন,ডুবাই আদি দেশ ভ্ৰমণ কৰিব । 
এই সন্মিলনত ঝুমুৰ নৃত্যওঁ প্ৰদৰ্শন কৰিব।এই নৃত্য অনুষ্ঠানত ৭৫০০ নৃত্যশিল্পীয়ে যোগ দিব।


সেৱা সেতু ফ্লেট ফৰ্ম

সেৱা সেতু ফ্লেট ফৰ্মে ৭২৫ টা সেৱাক নাগৰিক অধিকাৰ হিচাপে শ্ৰেণীভূক্ত কৰিছে ,যিয়ে ৬৪ টা চৰকাৰী বিভাগ আৰু তিনিটা স্বায়ত্ত শাসিদ পৰিষদ সামৰি লোৱা হৈছে।এই সেতুৰ জৰিয়তে এটা অধিকাৰৰ বাবে নিৰ্দিষ্ট সময়সীমা জাৰি কৰিছে।

AAHI ৰ উদ্দেশ্য

আমদানিত স্বাস্থ্যসেৱা প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। AAHI য়ে উন্নত গৱেষনাৰ সুবিধা আৰু এখন চুপাৰ স্পেচিয়েলিটি থকা হাস্পাতাল স্থাপন কৰা । ইয়াৰ জৰিয়তে স্বাস্থ্য সেৱাল সূলভ প্ৰদান কৰা ।
চুপাৰ স্পেচিয়েল হাস্পাতালত ৪০০ যুক্ত বিচনা থকা।

বৰদৈবাম বিলমুখ

অসমৰ বৰদৈবাম বিলমূখত ৭০ শতাংশ চৰাইৰ হ্ৰাস।অসমৰ বৰদৈবাম বিলমুখ অভয়াৰণ্য বৰ্তমান সংকটজনক অৱস্থাত।সমীক্ষা অনুসৰি বৰদৈবাম বিলমুখত  ১৬৭ টা প্ৰজাতিৰ ভিতৰত কেৱল এতিয়া ৪৭ টায়ে পোৱা যায়। অসমত ৯০০ৰো অধিক প্ৰজাতি চৰাইৰ বাসস্থান। অসমৰ বিভিন্ন পৰিৱেশ তন্ত্ৰৰ বিভিন্ন পৰিৱেশ জলাশয়,ঘাঁহনি,বনাঞ্চল,আদি অন্তৰ্ভূক্ত।এই বাসস্থান সমুহে বিভিন্ন প্ৰজাতিৰ চৰাইৰ বাবে খাদ্যৰ যোগান ধৰে ।ধৰা হৈছে যে চৰাইৰ হ্ৰাস পোৱাৰ মুখ্য কাৰণ হৈছে জলবায়ুৰ  পৰিৱৰ্তন,মানুসৰ বাসস্থান,ঘাঁহনি আদিবোৰত খেতি-বাতি কৰা ইত্যাদি।


""এইখিনিতে আপোনালোকক জনাওঁ যে আমাৰ এই নতুন অসমীয়া তথ্য তৰপৰ পৰা প্ৰতিটো শনিবাৰে শনিৰীয়া নিয়ৰ নামেৰে. ৱেব আলোচনী প্ৰকাশ কৰা হয়।এই আলোচনীত প্ৰকাশ কৰা হয়,কবিতা,গল্প,নীলা খামৰ চিঠি,অনুগল্প,প্ৰবন্ধ ইত্যাদি,আপোনালোকেওঁ আপোনাৰ সৃষ্টিখিনি আমাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰিব,,
ধন্যবাদ

Share:

নীলা কাৰ্বন পৰিৱেশ তন্ত্ৰ আৰু সুৰজপুৰ জলাশয়ৰ সংৰক্ষণৰ ব্যৱস্থা


আজিৰ এই লেখাটিত নতুন তথ্য অসমীয়াই পৰীক্ষা সম্পৰ্কীয় যেনে APSC,UPSC,SSC,RRB লেখাটোত সন্নিবিষ্ট হৈ আছে নীলা কাৰ্বন(Blue Carbon),সুৰজপুৰ জলাশয়ৰ লগতে ৰামচাৰ চাইত(Ramsar site) কি হয় তাৰ বিষয়ে চমুকৈ লিখা হৈছে ।এই লেখাটিত পাব সুৰজপুৰ জলাশয় কত অৱস্থিত,সুৰজপুৰ জলাশয় কিয় নিউজত আছে?নীলা কাৰ্বন কি হয়?ৰামচাৰ চাইটে কি কৰে।আশা কৰিছো ভাল পাব আপোনালোক। আৰু চেয়াৰ কৰিব নাপাহৰিব।

নীলা কাৰ্বন পৰিৱেশ তন্ত্ৰ আৰু সুৰজপুৰ জলাশয়ৰ সংৰক্ষণৰ ব্যৱস্থা


what is Blue Carbone Ecosystem

জলবায়ু পৰিৱৰ্তন প্ৰশমনত নীলা কাৰ্বন পৰিৱেশ তন্ত্ৰই গুৰুত্বপূৰ্ণ অৰিহনা যোগাইছে । পৃথিৱী গ্ৰহটোৰ আটাইতকৈ পৰিৱেশ সুস্থিৰ বাহালৰ বাবে গুৰুত্বপুৰ্ণ॥ শেহতীয়াভাৱে গৱেষণা অনুসৰি জানিবলৈ পোৱা গৈছে যে অৰন্য সমূহত অধিক নীলা কাৰ্বন নিস্কাশন হৈছে।

পৰিৱেশ তন্ত্ৰত নীলা কাৰ্বনৰ কাম কি ?

  • নীলা কাৰ্বনে পৰিৱেশ তন্ত্ৰত  উপকূলীয় আৰু সাগৰীয় বাসস্থানত কাৰ্বন সংৰক্ষণ কৰে ।
  • কাৰ্বন সংৰক্ষণ ক্ষেত্ৰত মেগ্ৰোভ,নিমখীয়া জলাশয়,সাগৰীয় ঘাঁহ ইত্যাদি অন্তৰ্ভূক্ত।
  • জৈৱ বৈচিত্ৰ্য বজাই ৰখা আৰু সাগৰীয় জীৱৰ বাবে আৱাসৰ বাবে নীলা কাৰ্বন পৰিৱেশ তন্ত্ৰ অতি প্ৰয়োজনীয় ।
  • ইয়াৰোপৰিওঁ নীলা কাৰ্বনে নদীৰ গৰাহখহনীয়া ক্ষয় ৰোধ কৰাতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে ।

কাৰ্বনৰ নিস্কাশনৰ সম্ভাৱনা

  1. ৱেষণা কৰি পোৱা গৈছে যে মেংগ্ৰোভে পূৰ্ণবয়স্ক গ্রীষ্মমণ্ডলীয় অৰণ্যসমূহত  দহগুণ অধিক হাৰত কাৰ্বন নিষ্কাশন কৰিব পাৰে বুলি পোৱা গৈছে।
  2. প্ৰতি এক্টৰত ১০০০ অধিক টন কাৰ্বন জমা কৰিব পাৰে
  3. বিশ্বজুৰি ১০% মাত্ৰ অৱক্ষয় মেনগ্ৰোভ উদ্ধাৰ কৰিব পাৰিছে।

অৰ্থনৈতিক দিশত লাভৰ আশংকা

  • নীলা কাৰ্বনে পৰ্যটন আৰু মীন পালনৰ ক্ষেত্ৰত সম্ভাৱনা।
  • নীলা কাৰ্বন বিনিয়োগত দেশৰ পৰিৱেশৰ ওপৰিওঁ অৰ্থনীতি দিশ গঢ়ি উঠাৰ সম্ভাৱনা॥

নীলা কাৰ্বন সংৰক্ষণত প্ৰত্যাহ্বান

  • ব্যৱস্থাগত বাধা তথা উন্নত ধৰণৰ প্ৰযুক্তি ব্যৱহাৰৰ ক্ষমত প্ৰদুষিত সজুলি।
  • কৃষি খণ্ড,উপকুলীয় খণ্ড উন্নয়নত অবৈধ বাবে কাঠ কটাৰ প্ৰাদুৰ্ভাৱ। 
  • অৰ্থনৈতিক দিশত নিকা পৰিৱেশৰ অভাৱ।

Surajpur Wetland Conservation

নয়ডাত থকা সুৰজপুৰ জলাশয়ে বৃহত্তৰ বাবে ভাবুকিৰ সন্মুখীন হবলগীয়া হৈছে । ভাবুকি প্ৰদান উৎস হল এই জলাশয়ত প্ৰদুষিত জাৱৰৰ দম নিক্ষেপ কৰা হৈছে যাৰ ফলত Surajpur wetlands হে প্ৰদুষনৰ সন্মুখীন হবলগীয়া হৈছে । নয়ডা কতৃপক্ষই এই জলাশয়খনক সুৰক্ষা কৰিবলৈ প্ৰকল্পওঁ উলিওৱাৰ ব্যৱস্থাওঁ কৰিছে । কাৰণ এই জলাশয় পৰিভ্ৰমী চৰাইৰ বাবে অতি গুৰুত্বপুৰ্ণ ।

নীলা কাৰ্বন পৰিৱেশ তন্ত্ৰ আৰু সুৰজপুৰ জলাশয়ৰ সংৰক্ষণৰ ব্যৱস্থা


জলাশয়টোৰ স্থান আৰু বৈশিষ্ট্য

  • প্ৰাকৃতিক হ্ৰদ মুঠ মাটি কালি ৩২৫ হেক্টৰ।
  • উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ চহৰৰ সুৰজপুৰ গা‍ৱঁত অৱস্থিত।
  • নয়দাৰ পৰা ২৫ কিলোমিটাৰ আতৰত।
জলাশয়টোৰ বিভিন্ন চৰাইৰ প্ৰজনন ক্ষেত্ৰ। ভিন্ন ভিন্ন চৰাইৰ সংগম স্থলী। চৰাইসমূহৰ প্ৰজাতিৰ ভিতৰত স্পট-বিল,ডাক-স্পট,লেচাৰ উইচেলিং পৰিভ্ৰমী আদি চৰাই । চৰাই-চিৰিকটিৰ ওপৰিওঁ বিভিন্ন ধৰনৰ গছ-গছনি পোৱা যায়।প্ৰজাতিসমুহৰ ভিতৰত শুকান আদ্ৰ আৰু পৰ্ণপাতী উদ্ভিদ।
        জলাশয়ত মূলতো পানীৰ যোগান দিয়ে ইন্দন নদীয়ে। জলাশয়ৰ  প্ৰকৃতি সমতল  স্থলজ আৰু পানীৰ মিশ্ৰন ।
সুৰজপুৰ জলাশয় সাংস্কৃতিক বাবেওঁ বৈচিত্ৰ্যপূৰ্ণ । কোৱা হয় যে ৰামায়ণ আৰু মহাভাৰত আদি আখ্যান আদিৰ লগতো সম্পৰ্ক আছে বুলি।

সুৰজপুৰ জলাশয়ৰ সংৰক্ষণৰ পদক্ষেপ

উত্তৰ প্ৰদেশ ৰাজ্য চৰকাৰে ২০১০ চনৰ পৰা WWF আৰু Greater Noida ৰ লগত মিলিত হৈ সংৰক্ষণৰ প্ৰকল্প হাতত তুলি লোৱা হৈছে। তেওঁলোকৰ লক্ষ্য হল জলাশয়টোৰ ভাৰসাম্যতা ৰক্ষা কৰা আৰু লগতে চৰাই অভয়াৰণ্য হিচাপে দাবী জনোৱা ।

ভাৰতৰ প্ৰথম জলাশয় চহৰ 
 
ভাৰতে শেহতীয়াকৈ স্বীকৃতি পাইছে যে ৰামচাৰৰ অধীনত  ভাৰতৰ দুখন ঠাই জলাশয় চহৰ হিচাপে স্বীকৃতি লাভ এই চহৰ দুখন হল।
  1. ইন্দোৰ
  2. উদয়পুৰ
ৰামচাৰ সন্মিলনৰ বিষয়ে ,ৰামচাৰ সন্মিলন কি হয়?

  1. বিশ্বৰ জলাশয়সমূহ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ স্বাৰ্থত ১৯৭১ চনত গঠন কৰা হৈছিল।
  2. বিশ্বত মুঠ ৰামচাৰ চাইটৰ অধীনত ১৭১ খন দেশ সদস্য হিচাপে অন্তৰ্ভূক্ত হৈ আছে ।
  3. ৰামচাৰ চাইটৰ লক্ষ্য জলাশয়স্থিত অঞ্চলসমুত আৰ্থ সামাজিক আৰু জনগোষ্টীয় সুবিধা প্ৰদান কৰা।
  4. ৰামচাৰ চাইটত অন্তৰ্ভূক্ত হবলৈ কিছুমান চৰ্তামুহৰ ভিতৰত-ছটা মাপকাঠীৰ প্ৰয়োজন,পৰিৱেশ তন্ত্ৰৰ স্থাবৰ মানি চলা।

Question
1.ৰামচাৰ চাইট কেতিয়া গঠন কৰা হৈছিল?
(ক)১৯৭২
(খ)১৯৯০
(গ)২০০০
(ঘ)১৯৭১
2. সুৰজপুৰ জলাশয় কত অৱস্থিত?
(ক)উত্তৰপ্ৰদেশ
(খ)ৰাজস্থান
(গ)মহাৰাষ্ট্ৰ
(ঘ)তামিলনাডু

Share:

মিচিং ভাষা প্ৰচাৰত Mising GK Channel আৰু পদ্ম মিলিৰ জীৱনী

 

Mising language

মিচিং জনগোষ্ঠীৰ এক অন্যতম YouTube, Facebook চেনেল বুলি ক'লে Mising Gk Channel, ইয়াৰ Creator অৰ্থাৎ ইউটিউবাৰ পদ্ম মিলি ।

  ধেমাজি জিলাৰ গোগামুখ থানাৰ অন্তৰ্গত ক্ষুদ্ৰ এখন গাঁৱত পিৰিকাত ১৯৯৭ চনৰ ৩১ অক্টোবৰত জন্ম গ্ৰহণ কৰে । দন্দিবৰ মিলি আৰু শেৱালী মিলিৰ কনিষ্ঠতম পুত্ৰ পদ্ম মিলি । 

শিক্ষা

প্ৰাথমিক শিক্ষা গাঁৱতে গ্ৰহণ কৰি চাউলধোৱা হাইস্কুলত দশম শ্ৰেণীত উত্তীৰ্ণৰ পাছত বিজ্ঞান শাখাত গোগামুখ মহাবিদ্যালয়ত উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰি উত্তৰ লক্ষীমপুৰস্থিত লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ত স্নাতক গ্ৰহণ কৰে । লগতে ইয়াৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভাষা শিক্ষা গ্ৰহণ কৰে।


              Mg Padma Mili                 

Padma Mili


Education

Chauldowa High School (HSLC)

Gogamukh College(HS)

Bsc Physics from Lakhimpur Telahi Kamalabaria College,

Mising Laguage Honour from Dibrugarh University

Father

Mother

Dandibar Mili

Sewali Mili

Occupation

Youtuber

Facebook

Business

Award

Best Youtuber of Mising 2023-24(1st)

Presented by Mising Youth Fastival

Favourite Actor

Actress

Book

Aksay Kumar

 

Tarulata Kutum

Gompir Kumsung

Organization

Associated with Mising Youtube Association

Place

Shilong

Channel Name

Mising GK Channel



কৰ্ম /পুৰষ্কাৰ 

  সামাজ সেৱা -সামাজিক কাম কাজৰ প্ৰতি আকৃষ্ট আৰু নেতৃত্ব লৈ ভাল পায় । মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাৰ পৰাই এনেবোৰ কামত নেতৃত্ব লৈ আগবঢ়ায়। পদ্ম মিলিৰ নেতৃত্বত মিচিং ইউটিউব Creator সকলক একত্ৰিত কৰি জাতিটোৰ কিছু দিশত অৰিহণা যোগোৱা উদ্দেশ্য " Mising Youtuber Association " নামেৰে এক সমিতি গঠন কৰে । ভাষা সাহিত্যৰ প্ৰতি আকৃষ্ট হৈ  Mising Agom Kébang ত ও জড়িত। 

 তেওঁ ২০২৩ বৰ্ষত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱ আৰু TMPK সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ লগতে ২০২৪ বৰ্ষত অনুষ্ঠিত মিচিং যুৱ মহোৎসৱত শ্ৰেষ্ঠ মিচিং ইউটিউবাৰ ( প্ৰথম ) পুৰষ্কাৰ পাবলৈ সক্ষম হৈছে। 

জাৰচাং আৱ কোন ?কিমান উপাৰ্জন কৰে আৰু কোনজন অভিনেত্ৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছ,তাৰ বিষয়ে পঢ়িবলৈ তলৰ শব্দটো ক্লিক কৰক



উপাৰ্জন 

  তেওঁ Mising Gk Channel ইউটিউব আৰু ফেচবুকৰ কামৰ লগতে ব্যক্তিগত ব্যৱসায়িক কামত জড়িত।

প্ৰিয় খাদ্য - গাহৰি মাংসৰ সৈতে মাটিমাহ।

গ্ৰন্থ - Gompir Kumsung 

অভিনেতা - অক্ষয় কুমাৰ 

অভিনেত্ৰী - তৰুলতা কুটুম ।

ঠাই - শ্বিলং 

logo of mising gk channel




ইউটিউব চেনেলটোৰ বিষয়ে ও ভিদিঅৰ বিষয়ে

ইউটিউব চেনেল - নামেই যাৰ পৰিচয় " Mising Gk Channel " মিচিং ভাষা- সংস্কৃতিৰ ইত্যাদি ইত্যাদিৰ প্ৰচাৰ প্ৰসাৰৰ লগতে চচিয়েল মিডিয়া মাধ্যমত সংৰক্ষণৰ উদ্দেশ্যে ২০১৮ চনৰ ১৮ আগষ্ট তাৰিখে চেনেলটো খোলা হয় । আৰু চেনেলটোৰ প্ৰথমটো ভিডিঅ' আছিল মিচিঙত বাৰৰ নামসমূহ কি অৱগত কৰোৱাৰ । 

ইউটিউব চেনেলৰ নাম - নামেই যাৰ পৰিচয " Mising Gk Channel " মিচিং ভাষা- সংস্কৃতিৰ ইত্যাদি ইত্যাদিৰ প্ৰচাৰ প্ৰসাৰৰ লগতে চছিয়েল মেডিয়া মাধ্যমত সংৰক্ষণৰ উদ্দেশ্যে ২০১৮ চনৰ ১৮ আগষ্ট তাৰিখে চেনেলটো খোলা হয় । আৰু চেনেলটোৰ প্ৰথমটো ভিডিঅ' আছিল মিচিঙত বাৰৰ নামসমূহ কি অৱগত কৰোৱাৰ । তাৰ পাছত মাহৰ নামসমূহ , মিচিঙৰ সৰ্বপ্ৰথমে কোনে কি কৰিছিল ইত্যাদি বৰ্তমান "Mising Gk Channel " অকল এনেবোৰ ভিডিঅ' নহয় বৰ্তমান চলি থকা ঘটনা, কোনোবা স্বাৱলম্বী ব্যক্তিৰ সাক্ষাৎকাৰ, জাতীয় অনুষ্ঠান আৰু সজাগতামূলক ভিডিঅ' ও দিয়া পৰিলক্ষিত হয়।


তেওঁ এই চেনেলটোৰ জৰিয়তে মিচিং ভাষাক ইন্টাৰনেটৰ জৰিয়তে বিশ্বতে  মিচিং ভাষা সংস্কৃতি,ইতিহাস আৰু জ্ঞানসমুহ প্ৰচাৰৰ জৰিয়তে সংৰক্ষণ কৰাতো বিশেষভাৱে গুৰুত্বপুৰ্ণ ।তেওঁৰ বিডিঅ সমুহত দেখিবলৈ পোৱা গৈছ মিচিং জনজাতিৰ শ্বহীদ নৰেশ-বগা মেদক-অঞ্জনা মিলি আদি তেওঁলোকৰ বিডিঅ প্ৰস্তুত কৰা হৈছে।

      তাৰোপৰিওঁ  সদ্যসতে আপলোড দিয়া মদ ভাং,অভিয়ান আদি সমুহৰ সজাগতাৰ ওপৰতো বিডিঅ বনোৱা হৈছে । এই চেনেলটোৰ জৰিয়তে মিচিং ভাষা সংৰক্ষণ কৰাতো তেওঁৰ মূল মন্ত্ৰ বুলি ধৰি লোৱা হৈছে । আনহাতে তেখেত চেনেলটোৰ জৰিয়তেওঁ মিচিং ভাষাৰ ব্যাকৰণৰ ওপৰত ভিদিঅ প্ৰস্তুত কৰি  মিচিং ছাত্ৰ সমাজৰ মাজলৈ প্ৰচাৰ কৰিছে ।

  • আপুনি চিনেমা চায়নে ? আপুনি চোৱা যিকোনো চিনেমাৰ বিষয়ে লিখি আমালৈ পঠিয়াব পাৰিব,,শেহতীয়া বাবে আমি MIRO,Pame Appun Lekoda ৰ বিষয়ে আমাৰ এই চাইটত প্ৰকাশ কৰা হৈছে আপোনাৰ লেখা প্ৰকাশ কৰিম নিৰ্বাচিত হ'লে 


তেওঁৰ মতে বৰ্তমান বিশ্বায়নৰ যুগ এই যুগত গোটেই বিশ্বত ভ্ৰমণ কৰি জ্ঞানৰ প্ৰচাৰ নকৰিলেওঁ হ'ব ,প্ৰয়োজন মাথো এখন মবাইল আৰু জ্ঞানৰ  ভাণ্ডাৰ যাৰ জৰিয়তে ঘৰৰ এটা কোঠাতেই বহী সমাজৰ মাজত জ্ঞানৰ শলিতা বিলাব পাৰি।

Share:

IIT Baba অভয় সিং আৰু মহাকুম্ভ মেলাৰ বিষয়ে

 

IITbaba

মহা কুম্ভ মেলা হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূর্ণ ধৰ্মীয় সমাৰোহসমূহৰ ভিতৰত এটা। এই সমাৰোহত লাখ লাখ ভক্ত আৰু ধৰ্ম অনুসন্ধানীসকল একেলগ হৈ অংশগ্ৰহণ কৰে। মহা কুম্ভ মেলা প্ৰতিবছৰ অনুষ্ঠিত নহয়, বৰঞ্চ বিশেষ সময়ত অনুষ্ঠিত হয়।তেওঁৰ এই চিন্তাধাৰাই তেওঁক ধৰ্মীয় নেতাৰ ৰূপত গঢ়ি তুলিবলৈ সহায় কৰিলে। অভয় সিংয়ে বিভিন্ন ধৰ্মীয় গ্ৰন্থ অধ্যয়ন কৰিলে, বিভিন্ন ধৰ্মীয় নেতাৰ সৈতে আলোচনা কৰিলে আৰু নিজৰ অভিজ্ঞতাৰ জৰিয়তে এক গভীৰ আত্ম-অনুসন্ধান আৰম্ভ কৰিলে।

মহা কুম্ভ মেলা আৰু অভয় সিং

মহা কুম্ভ মেলা হৈছে এক বিশেষ অনুষ্ঠান, য'ত লাখ লাখ ভক্ত একেলগ হৈ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই সমাৰোহত অভয় সিংৰ উপস্থিতি বিশেষ গুৰুত্বৰ। তেওঁ ভক্তসকলৰ মাজত এক নতুন দৃষ্টিভংগী আৰু চিন্তাধাৰা প্ৰদান কৰিবলৈ চেষ্টা কৰে।অভয় সিংয়ে মহা কুম্ভ মেলাত বিভিন্ন অধিবেশন, কাৰ্যশালা আৰু আলোচনা অনুষ্ঠিত কৰে। তেওঁ ভক্তসকলক আত্ম-আবিষ্কাৰ, মননশীলতা আৰু দয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "সঁচা সুখ হৈছে আনৰ বাবে সহায় কৰা," তেওঁ কৈছিল।

অভয় সিংৰ দৰ্শন

অভয় সিংৰ দৰ্শন হৈছে এক সৰল কিন্তু গভীৰ। তেওঁ বিশ্বাস কৰে যে জীৱনৰ উদ্দেশ্য হৈছে সুখী হোৱা আৰু আনক সুখী কৰাটো। তেওঁ ভক্তসকলক উৎসাহিত কৰে যে তেওঁলোকে নিজৰ ভিতৰৰ শক্তি আৰু সম্ভাৱনাসমূহ চিনাক্ত কৰক।

 দয়াৰ গুৰুত্ব:-অভয় সিং দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন উদ্যোগত জড়িত। তেওঁ বিশ্বাস কৰে যে দৰিদ্ৰতা দূৰীকৰণৰ বাবে একসাথে কাম কৰাটো অত্যন্ত প্ৰয়োজনীয়।

আত্ম-আবিষ্কাৰৰ প্ৰয়োজনঃ-অভয় সিংৰ মতে, আত্ম-আবিষ্কাৰ হৈছে জীৱনৰ এক গুৰুত্বপূর্ণ অংশ। তেওঁ ভক্তসকলক উৎসাহিত কৰে যে তেওঁলোকে নিজৰ ভিতৰৰ শক্তি আৰু সম্ভাৱনাসমূহ চিনাক্ত কৰক। "আপুনি নিজৰ ভিতৰত এক বিশেষ শক্তি আছে, যিয়ে আপোনাক আপোনাৰ লক্ষ্যৰ বাবে আগবঢ়াব," তেওঁ উল্লেখ কৰে।


মহা কুম্ভ মেলাৰ সময়ত অভয় সিংৰ কাৰ্যকলাপ

মহা কুম্ভ মেলাৰ সময়ত অভয় সিংৰ কাৰ্যকলাপৰ ভিতৰত বিভিন্ন ধৰণৰ অধিবেশন, আলোচনা আৰু কাৰ্যশালা অন্তর্ভুক্ত থাকিব।অভয় সিং দয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ বিশ্বাস কৰে যে দয়া হৈছে এক শক্তিশালী শক্তি, যিয়ে সমাজৰ পৰিৱৰ্তন আনিব পাৰে। "যেতিয়া আমি দয়ালু হ'ব, তেতিয়া আমি এক নতুন সমাজ গঢ়িব পাৰিম," তেওঁ কৈছিল।স্বাস্থ্য উদ্যোগৰ জৰিয়তে, অভয় সিং স্বাস্থ্য সচেতনতা বৃদ্ধি কৰিবলৈ বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছে। তেওঁ স্বাস্থ্যৰ ওপৰত জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ শিবিৰ আৰু কাৰ্যশালা অনুষ্ঠিত কৰে। এই উদ্যোগৰ ফলত, বহু লোক স্বাস্থ্যৰ গুৰুত্ব বুজি উঠিছে আৰু স্বাস্থ্যকৰ জীৱনযাপন কৰিবলৈ আগ্ৰহী হৈছে।অভয় সিংৰ মতে, সমাজৰ উন্নতিৰ বাবে একতা আৰু সহযোগিতা অত্যন্ত প্ৰয়োজনীয়। তেওঁ বিশ্বাস কৰে যে যেতিয়া মানুহে একেলগ হৈ কাম কৰে, তেতিয়া সঁচাকৈয়ে পৰিৱৰ্তন আনিব পাৰে। "এয়া আমাৰ দায়িত্ব, একেলগ হৈ সমাজৰ উন্নতিৰ বাবে কাম কৰা," তেওঁ উল্লেখ কৰে।য'ত তেওঁ ভক্তসকলৰ সৈতে একেলগ হৈ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। এই অধিবেশনসমূহত তেওঁ জীৱনৰ উদ্দেশ্য, আত্ম-আবিষ্কাৰ আৰু দয়াৰ গুৰুত্বৰ ওপৰত আলোচনা কৰে। অভয় সিংয়ে ভক্তসকলক উৎসাহিত কৰে যে তেওঁলোকে নিজৰ অভিজ্ঞতা আৰু চিন্তাধাৰা শ্বেয়াৰ কৰে, যাতে সেয়া আনৰ বাবে সহায়ক হয়।


অভয় সিংৰ শিক্ষা আৰু প্ৰযুক্তি

অভয় সিংৰ শিক্ষা আৰু প্ৰযুক্তিগত পটভূমি তেওঁৰ ধৰ্মীয় নেতৃত্বত এক বিশেষ ভূমিকা পালন কৰে। তেওঁ আইআইটি বম্বয়ত এয়াৰস্পেচ ইঞ্জিনিয়াৰিং অধ্যয়ন কৰাৰ সময়ত শিকিছিল যে কিদৰে প্ৰযুক্তি আৰু বিজ্ঞানৰ জ্ঞানক ব্যৱহাৰ কৰি সমাজৰ উন্নতি কৰিব পাৰি।তেওঁৰ এই শিক্ষা আৰু অভিজ্ঞতা তেওঁক এক নতুন দৃষ্টিভংগী প্ৰদান কৰিছে। অভয় সিংয়ে বিশ্বাস কৰে যে আধুনিক প্ৰযুক্তি আৰু ধৰ্মীয়তা একেলগে চলিব পাৰে। তেওঁ ভক্তসকলক উৎসাহিত কৰে যে তেওঁলোকে প্ৰযুক্তিৰ সুবিধা লৈ নিজৰ জীৱন আৰু সমাজৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰক।


সমাজৰ বাবে অভয় সিংৰ দায়িত্ব

অভয় সিংৰ মতে, সমাজৰ উন্নতিৰ বাবে প্ৰতিজন ব্যক্তিৰ দায়িত্ব আছে। তেওঁ বিশ্বাস কৰে যে যেতিয়া মানুহে একেলগ হৈ কাম কৰে, তেতিয়া সঁচাকৈয়ে পৰিৱৰ্তন আনিব পাৰে। "এয়া আমাৰ দায়িত্ব, একেলগ হৈ সমাজৰ উন্নতিৰ বাবে কাম কৰা," তেওঁ উল্লেখ কৰে।

একতা আৰু সহযোগিতাঃ-অভয় সিংৰ মতে, সমাজৰ উন্নতিৰ বাবে একতা আৰু সহযোগিতা অত্যন্ত প্ৰয়োজনীয়। তেওঁ বিশ্বাস কৰে যে যেতিয়া মানুহে একেলগ হৈ কাম কৰে, তেতিয়া সঁচাকৈয়ে পৰিৱৰ্তন আনিব পাৰে। "এয়া আমাৰ দায়িত্ব, একেলগ হৈ সমাজৰ উন্নতিৰ বাবে কাম কৰা," তেওঁ উল্লেখ কৰে।

 দয়াৰ শক্তিঃ-অভয় সিং দয়াৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে। তেওঁ বিশ্বাস কৰে যে দয়া হৈছে এক শক্তিশালী শক্তি, যিয়ে সমাজৰ পৰিৱৰ্তন আনিব পাৰে। "যেতিয়া আমি দয়ালু হ'ব, তেতিয়া আমি এক নতুন সমাজ গঢ়িব পাৰিম," তেওঁ কৈছিল।

অভয় সিংৰ প্ৰভাৱ

অভয় সিংৰ উপস্থিতি আৰু কাৰ্যকলাপসমূহে মহা কুম্ভ মেলাত এক বিশেষ প্ৰভাৱ পেলাইছে। তেওঁ ভক্তসকলৰ মাজত এক নতুন দৃষ্টিভংগী আৰু চিন্তাধাৰা প্ৰদান কৰিছে। তেওঁৰ অধিবেশনসমূহে বহু লোকক অনুপ্ৰাণিত কৰিছে আৰু তেওঁলোকৰ জীৱনলৈ এক নতুন দিশ আনিছে।অভয় সিংৰ যাত্ৰা হৈছে এক অনুপ্ৰেৰণা, যিয়ে দেখুৱায় যে শিক্ষা আৰু ধৰ্মীয়তা একেলগে কেনেকৈ চলিব পাৰে। তেওঁ বিশ্বাস কৰে যে সমাজৰ উন্নতিৰ বাবে প্ৰতিজন ব্যক্তিৰ দায়িত্ব আছে।অভয় সিংৰ দৰ্শন আৰু উদ্যোগসমূহে সমাজৰ উন্নতিৰ বাবে এক নতুন দিশ প্ৰদান কৰিছে। তেওঁ বিশ্বাস কৰে যে সঁচা সুখ হৈছে আনৰ বাবে সহায় কৰা আৰু সমাজৰ উন্নতিৰ বাবে কৰ্ম কৰা।মহা কুম্ভ মেলা হৈছে এক বিশেষ অনুষ্ঠান, য'ত লাখ লাখ ভক্ত একেলগ হৈ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে। অভয় সিংৰ উপস্থিতি আৰু তেওঁৰ কাৰ্যকলাপসমূহে এই সমাৰোহত এক বিশেষ গুৰুত্বৰ। তেওঁ ভক্তসকলক আত্ম-আবিষ্কাৰ, দয়া আৰু একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।মহা কুম্ভ মেলাত অভয় সিংৰ উপস্থিতি আৰু তেওঁৰ কাৰ্যকলাপসমূহে বহু লোকৰ জীৱনলৈ এক নতুন দিশ আনিব। তেওঁ যুৱসমাজক উৎসাহিত কৰিবলৈ, নতুন চিন্তাধাৰা প্ৰদান কৰিবলৈ আৰু সমাজৰ উন্নতিৰ বাবে এক নতুন দিশ প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।অভয় সিংৰ দৰ্শন আৰু উদ্যোগসমূহে সমাজৰ উন্নতিৰ বাবে এক নতুন দিশ প্ৰদান কৰিছে। তেওঁ বিশ্বাস কৰে যে সঁচা ধৰ্মীয়তা হৈছে আনৰ বাবে সহায় কৰা আৰু সমাজৰ উন্নতিৰ বাবে কৰ্ম কৰা।

Share:

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ