Pame Appun Lekoda- আকৌ পামে আপ্পুন

 Pame Appun Lekoda- আকৌ পামে আপ্পুন ,মিচিঙৰ প্ৰথম ৰিমেক বোলছবি

Mising first remake movie Pame appun
Mising First Remake Cinema
লেখা-তপন/কাৰ্চাং তাকাৰ আৰু আদিত্য পায়েং

নমস্কাৰ আজিৰ এই বোলছবি শিতানটোৰ লেখা আমালৈ আগবঢ়াইছে ,মিচিঙ সমাজৰ জনপ্ৰিয় অভিনেতা তথা বৰ্তমান ৰেঙনি টিবিত প্ৰচাৰিত আবেলিৰ ৰদালি নামৰ ধাৰাবাহিকত এজন পুলিচৰ চৰিত্ৰত ৰূপায়ন কৰা সত্যজিৎ মৰাঙৰ ডাঙৰ অনুৰাগী আদিত্য পি'য়ে আমালৈ এই লেখা প্ৰেৰণ কৰিছে।আপুনিওঁ আপোনাৰ চিনেমা বিশেষ লেখা আমালৈ প্ৰেৰণ কৰিব পাৰে ।


চিনেমাৰ আভাসঃ-

মিচিং সমাজৰ অধ্যুষিত অঞ্চলৰ ওপৰত  আৰু মিচিং য়ামে মৃমবৌৰ (ডেকা গাভৰু) প্ৰেম কাহিনী,  নৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্য প্ৰতি আকৰ্ষিত, স্বাস্থ্য  আৰু শিক্ষাৰ ওপৰত আধাৰিত চলচ্চিত্ৰ। মানুহৰ হৃদয়ত অতীতক ৰোমন্থন কৰা স্মৃতি । 
পামে আপ্পুন বুলি কলে অতীতৰ পৰা ককা আইতাৰ মুখত শুনি অহা


 পামে ক আ গৃলাৱ 
নৌঃকে গৌতেং লামতৌদ 
আপ্পুন বৌ আতেৰৌ 
কাবলা দুঃ য়ে দঃলুচ
গীতবোৰৰলৈ সোৱৰাই, গীতৰ কন্ঠশিল্পী ৰামচন্দ্ৰ দলে ।  শ্ৰদ্ধাৰ দিলীপ মৰাং দেৱৰ পৰিচালনাত 1994 চনত  পামে আপ্পুন মুক্তি লাভ কৰা ছবিখনৰ জনপ্ৰিয়তা আজিও প্ৰত্যক জনৰ হৃদয়ত স্থান লাভ কৰি আছে ।
( পামে আপ্পুন লেকদা )
Pame Appun Premiar show
শ্ৰীমন্ত কলাক্ষেত্ৰত 



পামেই আপ্পুন  ক সাৰোগত কৰি পুনৰ  (পামেই আপ্পুন পৰিচালক দিলিপ মৰাং দেৱৰ ভতিজা) সত্যজিত মৰাঙৰ  দ্বাৰা পামেই আপ্পুন লেকদা নামেৰেই নিৰ্মাণৰ প্ৰচেষ্টা আৰম্ভ কৰে ।ছবিখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰি  ১১ আগষ্ট ২০২৪ তাৰিখ, দেওবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ (গুৱাহাটী) ৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত ছবিখনৰ গ্ৰেণ্ড প্রিমিয়াৰ শ্ব আয়োজন কৰা হৈছিল।   

Pame Appun
প্ৰিমিয়াৰ শ্ব

                            

(পামেই আপ্পুন লেকদা)

সংলাপঃ- ডেনি দলে                                  

 অভিনয়তঃ-  সত্যজিৎ মৰাং, সুমন দলে, ফিৰোজ পেগু, অমে দলে, ললিত  পায়েং, দিবাকৰ পেগু, নবকিশোৰ টাও, নৱদীপ কুটুম, প্ৰণমিকা নৰহ, বিদ্যসাগৰ কুটুম, ধ্যান জ্যোতি দলে, জয়া মেদক দলে, পিংকু টাইদ,  দিপ্তিমনি কুম্বাং মেডক, অস্বিনী দলে, গণেশ টাইদ, সদানন্দ পেগু, অজয় মৰাং, মিগম কুম্বাং, মনুজ পেগু, নিকু মৰাং



চিনেমা বিশেষ লেখাসমুহ পঢ়ক            ,



সংগীতঃ-চন্দ্ৰকুমাৰ পাটগিৰি, বিকাশ বৰুৱা, অভিনৱ, জন পেগু  ।


কন্ঠশিল্পীঃ- চন্দ্ৰ কুমাৰ পাটগিৰি, বিনোদ বায়’ পেগু, ৰূপালী পায়েং, প’বা গৌৰৱ, জিন্টি পাংগিং, ৰিচমা পাংগিং, জন পেগু।

গীতৰ কথাঃ-  দিলীপ কুমাৰ মৰাং আৰু ৰাম দলে, আনন্দ দলে আৰু গুলাপ বড়ী

 পামে আপ্পুন লৌকদাৰ  গীতসমুহ সকলোবোৰ প্ৰকৃতিৰ লগত ৰিজাই নিৰ্মাণ কৰা হৈছে । আমি যদি চাওঁ

মৌঃমি য়েমিলঃ মৌপাঃদনে

আয়াঙৌম,,

ভাৱিলে মনত  পৰেনে মোৰ মৰম,শয়নে সপোনে ইত্যাদি ইত্যাদি....


হৌই কহুৱাঙা লুকৃতঃ নক্কৌঃ মৌনাম চেকনৌঃ

আচিন আৰাং আৰাঙৌবঃ চেকঃম বৃয়েনৌঃ

 অসমীয়াত,ঐ চেনাই কোৱাচোন ! তোমাৰ ভালপোৱা কোন নো? হৃদয়ৰ ভিতৰত কাকনো মৰম দিম বুলি সাচি ৰাখিছা।


দৰ্শকৰ বিপুল সমাদৰ লাভ কৰাৰ পাছত সত্যজিত মৰাং পুনৰ পামেই ক ' নামৰে পুনৰ পৰিচিত হৈ পৰিল।  সৌভাগ্য ক্ৰমে মাজুলী জেঙেৰাই মুখত দৰ্শনীৰ বাবে সত্যজিত মৰাং দাদাক সহযোগ কৰিবলৈ পাইছিলো। মাজুলী জেঙেৰাই বাসী ৰাইজৰ সহযোগি সচাঁই প্ৰসংশনীয় আছিল। এদিন দৰ্শনীৰ বাবে কথা আছিল যদিও মাজুলী বাসীৰ ৰাইজৰ বিপুল দাবীত তিনিদিনত তিনটাকৈ শ্ব চলাব লগা হৈছিল। সৰুৰ পৰা মিচিং চিনেমা বহুত চালো যদিও পামেই আপ্পুন চোৱাৰ ৰাইজৰ ইচ্ছুক সেইয়া সচাঁই মানিব লাগীয়া । ইয়াৰ পৰা অনুমান কৰিব পাৰি যে 1994 চনৰ পামেই আপ্পুন  আৱেগ জৰিত হৈ আছে ।


 পামেই আপ্পুন লেকদা ছবিখনৰ মুক্তিৰ  পিছত অভিনয়  কলা কৌশলবোৰ দৰ্শকৰ মাজত বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । সত্যজিত মৰাঙৰ অভিনয় সচাঁই প্ৰশসংনীয়, উদীয়মান অভিনেত্ৰীৰ প্ৰিয়ংকা পেগুৰ অভিনয়ে আৱেগিক কৰি তুলিছে , প্ৰতিজন অভিনেতা, অভিনেত্ৰীৰ অভিনয় অতুলনীয় । আজিৰ নৱ প্ৰজন্মই মাদক দ্ৰব্য সেৱন কৰাৰ প্ৰতি কেনেধৰণে আকৰ্ষিত হৈছে সেয়া ছবিখনত ভালদৰে ফুটি উঠিছে । ছবিখন মুঠতে সকলো ফালৰ  পৰা উন্নত ধৰনে হৈছে, উপভোগ কৰিলে গম পোৱা যাব  । ছবিখন গাঁৱৰ ৰাইজেও অধিক আগ্ৰহে বাট চাই আছিল সেতুকে ৰঙানদীৰ অঞ্চলত কঠাল গুৰি গাঁৱলৈ পোন প্ৰথমবাৰৰ বাবে অনা হয় । অঞ্চলৰ প্ৰায় মানুহবোৰে পামেই আপ্পুন লেকদা  হিল দল ভাঙি উপভোগ কৰিবলৈ আহিছিল ।  গাঁৱে ভূঞে কেৱল পামেই আপ্পুন লেকদা ।

Share:

3 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. সুন্দৰ বিশ্লেষণ । আগলৈ ন ন তথ্য পোৱাৰ আশাৰে।

    ReplyDelete

আমাৰ দ্বাৰা প্ৰকাশিত লেখাবোৰ পঢ়ি কমেন্ট দিব আৰু আপোনাৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব॥
ধন্যবাদ

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ

Blog Archive