• This is default featured slide 1 title

    নতুন তথ্য অসমীয়া" সাম্প্ৰতিক সময়ৰ কথা তথা লেখা,আন্তঃৰাষ্ট্ৰীয়,ৰাষ্ট্ৰীয়,অসম,শিক্ষা,বিভিন্ন ধৰণৰ সাহিত্য সম্বদ্ধীয় লেখাৰ জৰিয়তে শনিবৰীয়া শিতান বা অতিথী লেখাসমুহো প্ৰকাশ কৰা হ'য়

  • This is default featured slide 2 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 3 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 4 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

  • This is default featured slide 5 title

    Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.

নামঘৰৰ গুৰু আসন তথা সিংহাসন

নামঘৰৰ গুৰু আসন তথা সিংহাসন

অসমীয়া সমাজ-সংস্কৃতিৰ ধৰ্মীয় জীৱনৰ কেন্দ্ৰবিন্দু হৈছে নামঘৰ। শ্ৰীশ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা নামঘৰ প্ৰথা আজিও অসমীয়া জাতিৰ গৌৰৱ। নামঘৰ কেৱল ভক্তিৰ স্থান নহয়, ই অসমীয়া সমাজৰ আধ্যাত্মিক, নৈতিক আৰু সামাজিক জীৱনৰ এক মেলবন্ধন। নামঘৰৰ পূৰ্বফালে থাকে মণিকূট, আৰু মণিকূটত প্ৰতিষ্ঠিত হয় গুৰু আসন

গুৰু আসনৰ মাহাত্ম্য

গুৰু আসনক নামঘৰৰ আত্মা বুলি কোৱা হয়। উপাসকসকলৰ দৃষ্টি, বিশ্বাস আৰু আস্থা সকলো এই আসনৰ ওপৰতে কেন্দ্ৰিত। গুৰু আসনৰ ওপৰত ইষ্টদেৱতা বা ভাগৱতৰ প্ৰতিষ্ঠাৰ লগে লগে আসনটো যেন প্ৰাণময় হৈ উঠে। সেয়েহে ইয়াক "গুৰু আসন" বোলা হয়।

গুৰু আসনৰ প্ৰকাৰ

গুৰু আসন সাধাৰণতে তিনিধৰণৰ হয়—

  1. সিংহাসন

  2. গৰুড়াসন

  3. ম’ৰাসন

ইয়াৰ ভিতৰত সিংহাসনকেই সাধাৰণতে নামঘৰত দেখা যায়। ৰাজহুৱা নামঘৰত ইষ্টদেৱতা প্ৰতিষ্ঠাৰ বাবে এই আসনেই ব্যৱহৃত হয়।

সিংহাসনৰ গঠন

সিংহাসনৰ গঠন একেবাৰে বৈচিত্ৰ্যময় আৰু প্ৰতীকবহ।

  • চাৰিখন কোণত থাকে চাৰিটা সিংহ, যি শক্তি, সাহস আৰু ভক্তিৰ প্ৰতীক।

  • সিংহৰ তলত আঁঠু লৈ থকা হাতীৰ মূৰ্তি থাকে, যি বশ্যতা, বিনয় আৰু ধৰ্মপৰায়ণতাৰ প্ৰতীক।

  • কেতিয়াবা ইয়াৰ তলত কাছৰ প্ৰতিমূৰ্তিও থাকে। ই সিংহ আৰু হাতীৰ লগত মিলি গজ-সিংহ নামেৰে জনা যায়।

  • সিংহাসনত মোট সাতটা ঠাক থাকে। ওপৰৰ ঠাকটো হৈছে আমহী ঘৰ, য’ত সাধাৰণতে ভাগৱত, কীৰ্তন বা দেৱমূৰ্তি সংস্থাপন কৰা হয়।

সপ্ত বৈকুন্ঠৰ প্ৰতিকৃতি

সিংহাসনৰ সাতটা ঠাক মানে হৈছে সপ্ত বৈকুন্ঠ। সিহঁতৰ নাম—

  • শ্বেতবিলাস

  • শান্তনুবিলাস

  • পুষ্পবিলাস

  • পংকজবিলাস

  • কনকদন্ত

  • সনাতন

  • গোলোক

এইবোৰ বৈকুন্ঠে ভিন্ন আধ্যাত্মিক স্তৰৰ প্ৰতিনিধিত্ব কৰে। সকলো বৈকুন্ঠৰ ওপৰত নিয়ন্ত্ৰক ৰূপে থাকে পৰম ব্ৰহ্ম। সিংহাসনৰ ওপৰত স্থাপন কৰা চন্দ্ৰতাপ তৰা ভক্তিৰ উজ্জ্বল জ্যোতিৰ প্ৰতীক।

আধ্যাত্মিক অৰ্থ

আমহী ঘৰক ধৰা হয় পূৰ্ণকৃষ্ণ ভগৱন্তৰ স্নানস্থান বুলি। ভাগৱত, কীৰ্তন-ঘোষা বা অন্য ধৰ্মগ্ৰন্থ স্থাপন কৰাৰ পিছতে আসনটো প্ৰাণময় হয় আৰু "গুৰু আসন" বুলি স্বীকৃতি লাভ কৰে।
সিংহাসনৰ তলত সদায় জ্বলি থাকে চাকিগজ, যাক "অক্ষয় বন্তি" বোলা হয়। এই বন্তি নামঘৰৰ অনন্ত আধ্যাত্মিক জ্যোতি আৰু শাশ্বত শক্তিৰ প্ৰতীক।

গুৰু আসনৰ সামাজিক মূল্য

নামঘৰৰ গুৰু আসনক লৈ ভক্তসকলৰ এক গভীৰ আস্থা থাকে। এই আসনক কেন্দ্ৰ কৰি নাম-প্ৰসংগ, ভজন, পাঠ-পূজা আৰু ধৰ্মীয় মিলনৰ আয়োজন কৰা হয়। নামঘৰ আৰু গুৰু আসন অসমীয়া সমাজৰ ঐক্য আৰু ধৰ্মীয় সংস্কৃতিৰ এক অনন্য নিদৰ্শন।

উপসংহাৰ

গুৰু আসন কেৱল কাঠৰ থাপনা নহয়; ই হৈছে অসমীয়া সমাজৰ আধ্যাত্মিক জীৱনৰ মূল প্রতীক। সিংহাসন নামঘৰৰ আত্মা, য’ত ভক্তি, ধৰ্মপৰায়ণতা আৰু আধ্যাত্মিক একাগ্ৰতা একত্ৰ হয়। ই অসমীয়া সমাজ-সংস্কৃতিৰ এক অমূল্য ধৰ্মীয় সম্পদ

Share:

সংযোগৰ স্বপ্নত যুদ্ধৰ আঁচ: ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ সংকট,তপন পায়েং

সংযোগৰ স্বপ্নত যুদ্ধৰ আঁচ: ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ সংকট

সংযোগৰ স্বপ্নত যুদ্ধৰ আঁচ: ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ সংকট


‎তপন পায়েং


কেইবাদিনৰ পৰা চলি থকা গাজা আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধই ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপীয় অৰ্থনৈতিক কৰিডৰত কিছু সমস্যাৰ সৃষ্টি হৈছে । যিয়ে ভাৰত আৰু মধ্যপ্ৰাচ্য ইউৰোপীয় দেশ সমূহৰ মাজত অৰ্থনৈতিক গুৰুত্ব  ৪০% শতাংশলৈ  হ্ৰাস পাবলৈ ধৰিছে যিটো অৰ্থনৈতিক দিশত শুভ লক্ষণ ন'হয়। সেয়ে এই সম্পৰ্কে চলিত সপ্তাহৰ আগষ্টৰ আৰম্ভণিতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ে আমেৰিকা, ইউ এ ই, চৌদি আৰব, ফ্ৰান্স, ইটালী, জাৰ্মানী, ইজৰাইল, জৰ্ডান আৰু ইউৰোপীয় সংঘৰ দূত আৰু বিষয়াসকলক আতিথ্য প্ৰদান কৰি ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আই এম ই চি)ৰ অগ্ৰগতিৰ বিষয়ে আলোচনাত মিলিত হ'য়।চমুকৈ IMEC হ'ল  সাগৰীয় আৰু ৰেলপথৰ জৰিয়তে ভাৰত, উপসাগৰীয় আৰু ইউৰোপক সংযোগ কৰা এটা বাণিজ্য আৰু সংযোগ কৰিডৰ।

‎           যোৱা ২০২৩ চনত নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষক সন্মিলনত ভাৰত, ইউৰোপীয় সংঘ, ফ্ৰান্স, জাৰ্মানী, ইটালী, চৌদি আৰব, ইউ এ ই আৰু আমেৰিকাৰ  নেতাসকলে  বুজাবুজিৰ  জৰিয়তে চুক্তি কৰে ।এই কৰিডৰৰ লক্ষ্য ভাৰত, আৰব উপদ্বীপ, ভূমধ্যসাগৰীয় অঞ্চল আৰু ইউৰোপৰ মাজত বাণিজ্য বৃদ্ধিৰ বাবে বন্দৰ, ৰেলপথ, পথ, সাগৰীয় লাইন আৰু পাইপলাইনৰ আন্তঃগাঁথনি  বিকাশৰ লক্ষ্যৰে বহু-মডাল সংযোগ প্ৰকল্প নিৰ্মান কৰা  হেতুকে  ভাৰত -মধ্যপ্ৰাচ্য ইউৰোপীয় দেশৰ অৰ্থনৈতিক কৰিডৰ প্ৰতিষ্ঠা কৰিছিল । ফলত ভাৰত-উপসাগৰ আৰু ইউৰোপ-উপসাগৰীয় কৰিডৰৰ পাতনিওঁ আৰম্ভ কৰিছিল ,ইয়াৰে ভাৰত উপসাগৰৰ কৰিডৰৰ পূৱ দিশত ভাৰতৰ পশ্চিম বন্দৰৰ পৰা ইউ এ ইলৈ কণ্টেইনাৰ যাতায়ত কঢ়িয়াই নিব, য’ৰ পৰা তীব্ৰবেগী ৰেল  আৰব উপদ্বীপ (ইউ এ ই, চৌদি আৰব, জৰ্ডান)ৰ মাজেৰে ইজৰাইলৰ হাইফা বন্দৰলৈকে সামগ্ৰী যাতে কঢ়িয়াই নিব পাৰে আনহাতে হাইফাৰ পৰা গ্ৰীচ আৰু ইটালীৰ বন্দৰলৈ সামগ্ৰী প্ৰেৰণ কৰা হ’ব, য’ৰ পৰা ইউৰোপৰ সুপ্ৰতিষ্ঠিত ৰে’ল নেটৱৰ্কে সমগ্ৰ মহাদেশখনৰ চূড়ান্ত গন্তব্যস্থানলৈ সামগ্ৰী লৈ যাব পাৰে । ভাৰত -মধ্য প্ৰাচ্য ইউৰোপীয় কৰিডৰে ( India-Middle East Europe Economic Corridor)হে ভৌতিক দিশত অৰ্থাৎ যাতায়ত ব্যৱস্থা সুচল কৰাৰ উপৰিও ই ডিজিটেল সংযোগ আৰু সেউজ শক্তি সহযোগিতাৰ প্ৰসাৰ ঘটোৱা,  বহুপক্ষীয়তাৰ মনোভাৱক শক্তিশালী গঢ়ি উঠাটো সহায় কৰিছে । তাৰোপৰি আইএমইচি(IMEC) ৰাষ্ট্ৰসমূহৰ (ইউৰোপীয় ইউনিয়নক ব্লক হিচাপে অন্তৰ্ভুক্ত কৰি) মুঠ জিডিপি  প্ৰায় ৪৭ ট্ৰিলিয়ন ডলাৰ, যিয়ে বিশ্বৰ মুঠ জিডিপিৰ প্ৰায় ৪০ শতাংশ প্ৰতিনিধিত্ব কৰাত সক্ষম হৈ উঠিছে । আনহাতে ৰাজনৈতিক দিশত ই মধ্যপ্ৰাচ্যত চীনৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক গুৰুত্বৰ প্ৰতি বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বি আৰ আই) ৰ ৰূপত এক বিকল্প পদ্ধতি আগবঢ়াতো সহযোগীতা গঢ়ি তুলিছে ।


ভাৰতৰ বাবে লাভান্দিত দিশসমূহ :-:::উপসাগৰীয় সম্পৰ্কত শক্তিশালী কৰি আইএমইচিয়ে আন্তঃগাঁথনি আৰু সংযোগৰ   জৰিয়তে ভাৰত- উপসাগৰীয় বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক বিকাশৰ বৰ্তমানৰ লক্ষ্যৰ পৰিপূৰক হৈ উঠিব । আনহাতে এই কৰিডৰৰ জৰিয়তে ওচৰ-চুবুৰীয়া দেশসমূহৰ মাজৰ আঞ্চলিকতাৰ বানিজ্য সেতু গঢ়ি উঠিব যাৰ লগতে ভাৰতীয় বানিজ্য দিশত কূটনৈতিক আৰু ৰাজনৈতিক সদিচ্ছা গঢ়ি তুলিব পাৰিব ফলত সামগ্ৰিক অৰ্থনৈতিক দিশতো বিকাশ হ’ব। সংযোগৰ ক্ষেত্ৰত ভাৰতৰ পৰা ইউৰোপীয় মূল ভূখণ্ডলৈ  চুয়েজ যোজক সামুদ্ৰিক পথতকৈ ৩০% খৰচ হ্ৰাস কৰি প্ৰায় ৪০% দ্ৰুতগতিত উপস্থিত হোৱাৰ আশা কৰিব পাৰিব । ভাৰতৰ ২ টা বৃহত্তম বাণিজ্যিক গোট ইউৰোপীয় সংঘ (ইউৰোপীয় সংঘ) আৰু উপসাগৰীয় সহযোগিতা পৰিষদ (জিচিচি)ক সংযোগ কৰি আইএমইচি ভাৰতৰ দ্ৰুত বিকাশ আৰু বিশ্ব শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পাৰিব ভৱিষ্যতে  ।

শেহতীয়াকৈ হৈ থকা গাজা আৰু ইজৰাইলৰ মাজত যুদ্ধৰ সংঘাতে ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপীয় অৰ্থনৈতিক কৰিডৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে,ফলত আঞ্চলিক সম্পৰ্ক ক্ষীপ্ৰতভাৱে দুৰ্বল হৈ পৰিছে ,আঞ্চলিক সম্পৰ্কৰ অৱনতিৰ ফলত কৰিডৰৰ অগ্ৰগতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিছে। জৰ্ডান-ইজৰাইলৰ সম্পৰ্ক অধিক বেয়া হৈছে, আৰু পেলেষ্টাইনৰ ৰাষ্ট্ৰত্বৰ সমস্যাৰ বাবে ইজৰাইলৰ সৈতে ছৌদি আৰৱৰ স্বাভাৱিককৰণ স্থবিৰ হৈ পৰিছে। এই সংঘাতৰ ফলত বীমাৰ খৰচ আৰু জাহাজ পথৰ বাবে নিৰাপত্তাৰ বিপদ বৃদ্ধি পাইছে। লেবানন, য়েমেন, ছিৰিয়া, ইৰাকত শত্ৰুতা সম্প্ৰসাৰণ আৰু ইৰাণৰ সৈতে উত্তেজনাই কৰিডৰৰ জীৱনমুখীতাক আৰু অধিক জটিল কৰি তুলিছে। এই ভূ-ৰাজনৈতিক উত্তেজনাই প্ৰত্যাহ্বানসমূহক কাৰ্য্যকৰী পৰা মৌলিকলৈ স্থানান্তৰিত কৰিছে।

‎মধ্যপ্ৰাচ্যই আঞ্চলিক সংঘাতৰ ৰূপত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে যেনে ইজৰাইল-হামাছ যুদ্ধ, য়েমেনৰ হাইটী বিদ্ৰোহীয়ে লোহিত সাগৰৰ বাণিজ্যত ব্যাঘাত জন্মা । এই সাম্প্ৰতীক কালত আইএমইচিৰ উন্নয়নে আৰব-ইজৰাইলৰ সম্পৰ্ক স্বাভাৱিককৰণ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ লগে লগে বন্ধ হোৱাৰ পৰিলক্ষ্যত  হৈছে ।

‎                সংঘাতৰ মাজতো  ভাৰত, ইউ এ ই, আৰু চৌদি আৰৱৰ সৈতে জড়িত পূৱীয় অঞ্চলৰ দেশে শক্তিশালী দ্বিপাক্ষিক অংশীদাৰিত্বৰ বাবে সম্ভাৱনা প্ৰকাশ কৰি আছে। ভাৰত দুয়োখন উপসাগৰীয় ৰাজ্যৰ বাবে এক মূল বাণিজ্যিক অংশীদাৰ, ইউপিআই ভিত্তিক ডিজিটেল পেমেণ্টৰ দৰে পদক্ষেপে সংযোগ বৃদ্ধি কৰিছে। কিন্তু আঞ্চলিক প্ৰভাৱক লৈ চৌদি আৰব আৰু ইউ এ ইৰ মাজত হোৱা প্ৰতিযোগিতাই জটিলতাৰ সংকটৰ প্ৰভাৱ পৰিলক্ষিত হৈছে  । কৰিডৰৰ সম্পূৰ্ণ বাস্তৱায়ন আঞ্চলিক স্থিতিশীলতা পুনৰুদ্ধাৰ আৰু পেলেষ্টাইন সংঘাত সমাধানৰ ওপৰত নিৰ্ভৰশীল আৰু তেতিয়াৰ পৰা আইএমইচি য়ে অনুকূল ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বাবে অপেক্ষা কৰি থকা এক কৌশলগত দৃষ্টিভংগী হৈয়েই আছে।

‎                       ভাৰতৰ মধ্যপ্ৰাচ্য ইউৰোপীয় অৰ্থনৈতিক কৰিডৰৰ প্ৰত্যাহ্বান ৰোধ কৰি প্ৰগতিমূখী কৰাৰ ভৱিষ্যত পদক্ষেপ সমূহ এনেধৰনৰ হ'ব পাৰে -

‎     আই এম ই চিৰ  অনিশ্চয়তাৰ সন্মুখীন হোৱাৰ বিপৰীতে ইউ এ ই আৰু চৌদি আৰৱৰ সৈতে ভাৰতৰ শক্তিশালী কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্কই ইয়াৰ পূব লেগৰ সম্ভাৱনা জীয়াই ৰখা।

‎আইএমইচিয়ে ২০২৩ চনৰ দৃষ্টিভংগীৰ সৈতে মিল ৰাখিবলৈ হ’লে ইয়াৰ ধাৰণাটোক সক্ষম কৰি আঞ্চলিক স্থিতিশীলতা পুনৰুদ্ধাৰ কৰিব লাগিব যাতে যিটো লক্ষ্য পেলেষ্টাইনৰ ৰাষ্ট্ৰত্বৰ সমস্যা সমাধানৰ সৈতে জড়িত। ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপীয় ৰাষ্ট্ৰসমূহে সন্মিলনত মিলিত হৈ  জাৰ্মানীয়ে ইজৰাইললৈ অস্ত্ৰ যোগান ধৰাৰ বাধা দি শান্তি পক্ষলৈ লৈ ঘুৰি আনি যুদ্ধ পৰিৱেশ শেষ কৰা।

‎বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিত বাণিজ্য আৰু সংযোগ উন্নত কৰাৰ লক্ষ্যৰে আই এম ই চি এনে অন্যতম বাণিজ্যিক কৰিডৰ। এই কৰিডৰসমূহৰ উন্নয়নত ভাৰতৰ  গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷গতিকে ভাৰতেওঁ  এই ক্ষেত্ৰত ভাৰত-মধ্যপ্ৰাচ্য ইউৰোপীয়ত অন্তৰ্ভূক্ত হৈ  থকা দেশসমূহৰ লগত মিলিত গাজা-ইজৰাইলৰ সংঘাতক সমাপ্ত কৰাৰ চেষ্ঠা কৰিব লাগে ॥

Share:

ইয়াত নদী আছিল,কবি নৱকান্ত বৰুৱা (সাৰাংশ)

ইয়াত নদী আছিল: জীৱনৰ গভীৰ প্ৰতিকৃতি

নৱকান্ত বৰুৱাৰ কবিতাৰ সাৰাংশ

ইয়াত নদী আছিল,কবি নৱকান্ত বৰুৱা (সাৰাংশ)


“ইয়াত নদী আছিল”—এই কেইটা শব্দতে এক গভীৰ বেদনা আছে। এটা সময় আছিল, য’ত নদী আছিল, সেউজ পথাৰ আছিল, শস্য আছিল, জীৱন আছিল। কিন্তু এতিয়া? নৱকান্ত বৰুৱাৰ এই কবিতাখনত তেওঁ দেখুৱাইছে — সময়ৰ লগে লগে কেনেকৈ নদীহীন, বালি-মাটি-পখিলা শূন্য এটা মৰুভূমি আমাৰ সমাজখনলৈ আহি পৰিছে।নৱকান্ত বৰুৱা কেৱল কবি নহয়, তেওঁ সময়ৰ সাক্ষী। তেওঁ যেন হৃদয়ৰ মাজেৰে সমাজখনক চায়, আৰু তাৰ দুঃখ, দ্বন্দ্ব, ধ্বংসেৰে দুখ পায়। এই কবিতাটোত নদী হৈছে  জীৱনৰ এক প্ৰবাহ  — সৃষ্টিৰ, আশা-আকাংক্ষাৰ, শস্যৰ, সুখৰ। কিন্তু সেই নদী আজিৰ সময়ত হেৰাই গৈছে।

নদী আৰু মৰুভূমি: দুটা প্ৰতিক, দুটা সময় কবিতাৰ আৰম্ভণিতে তেওঁ নদীৰ কথা কয় —

নদী যি সময়ত আহে, সেই সময়ত মাঠৰ পৰা শস্য উঠে, নগৰ গঢ় হয়, গাঁও-চহৰ উজপুৱা হয়।

কিন্তু সেই একে নদী কেতিয়াবা ধ্বংসো আনিব পাৰে — ঢলে পথাৰ লণ্ডভণ্ড কৰে, শস্য কবৰত যায়।এই দুইটা চিত্রৰ মাজত কবিয়ে অনুভৱ কৰে,ধ্বংসৰ মাজতো এক প্ৰকৃত সৌন্দৰ্য্য  আছে।

তেওঁ কয় —

"মই দিওঁ দুঃস্বপ্নকো স্বপ্নৰ মৰ্যাদা"

অৰ্থাৎ তেওঁ ভয়ংকৰ বাস্তৱৰো এক ধৰণৰ সৃষ্টিশীলতা দেখে।



ইয়াত নদী আছিল,কবি নৱকান্ত বৰুৱা (সাৰাংশ)


তাৰ পাছতে আহে মৰুভূমি —

এটা শব্দ যি কবিতাটোত বৰঙনিৰ দৰে ঘূৰি ঘূৰি আহে।

এই মৰুভূমি খৰ, শূন্য, নিস্তব্ধ। সেয়া অলপে অলপে আহে — মাহে মাহে, বছৰে বছৰে।

নেদেখা ভয়ৰ দৰে, যিয়ে সেউজ ধাননি খেতিত বালি সৰে, গছৰ জোৰ কাটি দিয়ে, মাটিৰ ৰং তামৰঙী কৰি দিয়ে।

এই মৰুভূমি কেৱল পৰিবেশৰ নহয় — ই আমাৰ মন, সমাজ, চিন্তা আৰু মূল্যবোধতো সোমাই পৰিছে।

--মানুহ, সমাজ আৰু আত্মবিশ্বাসৰ বিপৰ্যয়,কবিতাটো কেৱল প্ৰকৃতিৰ ওপৰলৈ সীমাবদ্ধ নহয়।

ইয়ে এটা সময়ৰ কথাও কয় —য’ত আধ্যাত্মিক শূন্যতা,প্ৰেমহীনতা, আৰু,নিষ্ক্ৰিয়তাক আঁকোৱালি লয়।

কবিয়ে কয় —"এই যে ৰোমাঞ্চ মৰণৰ, ইয়ে প্ৰৌঢ়া ৰমণীৰ ৰমণ বিলাস অনভিজ্ঞ কিশোৰৰ সৈতে" —এইটো নিছক দেহৰ অভিসাৰ নহয়, ই হৈছে যি সময়ত জ্ঞান আৰু অভিজ্ঞতা বেকাৰ হ’ব ধৰিছে, আৰু অভিজ্ঞতাহীন হাতত সমাজৰ নিয়ন্ত্ৰণ গৈছে।সেয়া এক অশান্তি — য’ত গ্লানি আছে, কিন্তু তৃপ্তি নাই।শেষত – এক কঠোৰ সজাগতা কবিতাৰ শেষৰ অংশত কবিয়ে স্পষ্টকৈ কয় —

ভাগৰ লাগিছে মোৰ গঢ়ি গঢ়ি নতুন বিগ্ৰহ।

অৰ্থাৎ, তেওঁ আজি সন্দেহ কৰে — যি আমি নিৰ্মাণ কৰিছোঁ, যি নতুন বিশ্বাস গঢ়িছোঁ, সেয়া সঁচাকৈয়ে মূল্যৱান নে মিছা সান্ত্বনা?

তেওঁ অশান্ত — কাৰণ সমাজটো এতিয়া গঢ়া হ’বলৈ না, বাগৰিবলৈ লৈছে।ইয়াত নদী আছিল এই কবিতাটো হৈছে এটা সময়ৰ দলিল । নদী আৰু মৰুভূমিৰ কথা কৈ কবিয়ে বাস্তৱিকতে মানুহৰ চিন্তা, সমাজ, সংস্কৃতি, আশা আৰু ভয়ৰ কথাই কৈছে।

তেওঁ অস্বীকাৰ নকৰে ধ্বংস; তেওঁ ধ্বংসৰ মাজতো সৌন্দৰ্য্য বিচাৰে, কিন্তু সেই সৌন্দৰ্য্যত আশ্ৰয় বিচাৰিব পৰা যায় নে? — সেয়া কবিয়ে নিজেই সন্দেহ কৰে।

এই কবিতাটো পাঠকক ভাবিবলৈ বাধ্য কৰে  আজি আমাৰ জীৱনত নদী আছে নে, নে ক্ৰমে ক্ৰমে মৰুভূমি আহি আছে?

এটা শক্তিশালী প্ৰশ্ন — যিটো কেৱল উত্তৰ খুজিবলৈ নহয়, জগাবলৈ।



Share:

অসমত অসহযোগ আন্দোলন,তপন পায়েং

অসমত অসহযোগ আন্দোলন


অসমৰ ইতিহাসত স্বাধীনতা আন্দোলনৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ। ১৯২০ চনত মহাত্মা গান্ধীয়ে সমগ্ৰ ভাৰতত আৰম্ভ কৰা অসহযোগ আন্দোলন অসমৰ জনসাধাৰণৰ মাজতো স্বাধীনতাৰ প্ৰতি শক্তিশালী  জাগ্ৰত কৰিছিল। এই আন্দোলন আছিল এক অহিংস প্ৰচেষ্টা—যাৰ লক্ষ্য আছিল ইংৰাজ ৰাজৰ অসাম্যনীতি, শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে ব্যাপকভাৱে সহযোগিতা বন্ধ কৰা। অসমত এই আন্দোলনৰ বিস্তৃতি, নেতৃত্ব, ছাত্র-যুৱসকলে লোৱা ভূমিকা, সাহিত্যিক প্ৰতিফলন আৰু তাৰ পৰিণামৰ বিষয়ে এই প্রবন্ধত আলোচনা কৰা হৈছে।

অসমত অসহযোগ আন্দোলন,তপন পায়েং


অসহযোগ আন্দোলনৰ প্ৰেক্ষাপট
১৯১৯ চনৰ ৰাওলাট আইনৰ দৰে আইন আৰু সেই বছৰে সংঘটিত জালিয়ানৱালাবাগ হত্যাকাণ্ডই সমগ্ৰ ভাৰতৰ লগতে অসমৰো দেশপ্ৰেমিকসকলক হতভম্ব কৰি তোলে। গান্ধীয়ে উপনিবেশবাদৰ বিৰুদ্ধে অহিংস পথত প্ৰতিবাদ কৰাৰ আহ্বান জনায়। ১৯২০ চনত আনুষ্ঠানিকভাৱে আৰম্ভ হয় অসহযোগ আন্দোলন, য’ত জনসাধাৰণে ইংৰাজ চৰকাৰৰ সৈতে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা বর্জন কৰাৰ সংকল্প গ্ৰহণ কৰে।


অসমত আন্দোলনৰ আৰম্ভনি
অসমত এই আন্দোলনৰ ঢৌ অহা আৰম্ভ হৈছিল মূলত ১৯২০ চনৰ শেষ আৰু ১৯২১ চনৰ আৰম্ভণিতে। প্রথমতে গুৱাহাটীৰ educated মধ্যবিত্ত সমাজত এই আন্দোলন প্ৰচাৰ পায় আৰু পাছলৈ ধাৰাসৰকৈ নগাঁও, শিৱসাগৰ, যোৰহাট, ধুবুৰী, গোলাঘাট, বরপেটা আদিত বিস্তাৰ লাভ কৰে।
গাঁৱে গাঁৱে স্বদেশী সভা, মিছিল, বিদেশী সামগ্ৰী বর্জন, কংগ্ৰেছ সভা অনুষ্ঠিত হ’ব ধৰিলে। এই আন্দোলন আছিল অসমীয়া জনতাৰ বাবে প্ৰথমবাৰ যি তেওঁলোকক ইংৰাজ শাসনৰ বিৰুদ্ধে সংগঠিত হৈ আহ্বান জনালে।


নেতৃত্ব: কেৱল গাঁৱৰ মানুহ নহয়, শিক্ষিত শ্রেণীয়ে আগবাঢ়ে
অসমত অসহযোগ আন্দোলন সফল হোৱাৰ অন্যতম কাৰণ আছিল সক্ৰিয়, আদৰ্শবাদী স্থানীয় নেতৃত্ব।
তালিকাখন:
চন্দ্ৰকান্ত বৰদলৈ – অসম কংগ্ৰেছৰ অন্যতম গঠনকাৰী।
পুৰ্ণানন্দ দাস – ধুবুৰী অঞ্চলৰ আন্দোলন সংগঠক।
চন্দ্ৰধ্বজ নাথ – গুৱাহাটীৰ কংগ্ৰেছ মিটিঙৰ অন্যতম চৰ্চিত বক্তা।
শ্ৰীকৃষ্ণনাথ শর্মা আৰু গোপীনাথ বৰদলৈ – গুৱাহাটীত কংগ্ৰেছ সভা আৰু ছাত্র আন্দোলনৰ নেতৃত্ব।


ছাত্র-যুৱ অংশগ্ৰহণ: শিক্ষাৰ ক্ষেত্ৰত বিপ্লৱ
গান্ধীৰ আদৰ্শত প্ৰভাৱিত অসমীয়া ছাত্র-যুৱসকলেই প্ৰথমে ইংৰাজী বিদ্যালয় আৰু কলেজ বর্জন কৰে। তেওঁৰ দৰে বহু শিক্ষাৰ্থীয়ে "অসম ৰাষ্ট্ৰীয় বিদ্যালয়, "জাতীয় বিদ্যাপীঠ" (শিৱসাগৰ), "স্বদেশী পাঠশালা" (ধেমাজি) স্থাপন কৰে।
ইয়াৰে এটা পৰ্যায়ত — বিদ্যাৰ্থীসকলে কংগ্ৰেছ স্বেচ্ছাসেৱক হিচাপে ঘূৰি ঘূৰি গাঁৱে গাঁৱে লোক জাগৰণৰ কাৰ্যসূচী লয়।


সংবাদপত্ৰ, সাহিত্য আৰু সাংস্কৃতিক প্ৰভাৱ
এই আন্দোলন প্ৰচাৰ কৰিবলৈ সংবাদপত্ৰসমূহে বৰ গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। 'অভ্যুদয়', 'দেশ', 'আলোক', 'পুবৰ বতৰা' আদিত ৰাষ্ট্ৰীয় চেতনা আৰু আন্দোলনৰ সংবাদ প্ৰকাশ পোৱা যায়।
বিভিন্ন লেখকে অসহযোগ আন্দোলনৰ চেতনা সাহিত্যিক ৰূপত ব্যক্ত কৰে। উদাহৰণস্বৰূপে:
নাটকৰ মাজেৰে ইংৰাজ শাসনক বিদ্ৰূপ কৰা।
গীত আৰু কবিতাত স্বদেশী চেতনাৰ প্ৰচাৰ।


স্বদেশী সামগ্ৰীৰ প্ৰচলন
অসমত বিদেশী কাপোৰ, চাবোন, চুলোকাঠি, চাহপাত আদিৰ প্ৰতিবিম্ব হিচাপে নিজস্ব স্থানীয় সামগ্ৰীৰ ব্যৱহাৰ আৰম্ভ হয়। মহিলাসকলে হাতে ওলোৱা গামোছা-চাদৰ আৰু কাপোৰেৰে বিহু পালন কৰা চল তেতিয়াৰ ফল।


গাঁওবাসী আৰু কৃষকসকলৰ সঁহাৰি
অসহযোগ আন্দোলন মাত্ৰ শহৰকেন্দ্ৰিক নাথাকি গাঁওলৈও প্ৰৱাহিত হয়। গাঁওবাসীয়ে কৰ নিদিয়া, ধন নপঠোৱা, হাটত বিদেশী সামগ্ৰী বর্জন কৰাৰ দৰে অহিংস প্ৰতিবাদত অংশ লয়। অনেক ঠাইত গাঁৱৰ পঞ্চায়ত বসি নিজেই ন্যায় বিচাৰ আৰম্ভ কৰে।


চৰকাৰী দমননীতি: গ্ৰেপ্তাৰ, জরিমনা আৰু জেল
ইংৰাজ চৰকাৰে এই আন্দোলনৰ ভয় পাই বহু নেতা আৰু কৰ্মীক গ্ৰেপ্তাৰ কৰে। ধুবুৰী, শিৱসাগৰ, নগাঁও আদিত কংগ্ৰেছী নেতা তথা সাধারণ লোককো জেললৈ পঠিওৱা হয়। কিছুমান স্থানত সভা-মিছিলে আৰক্ষীৰ লাঠিচাৰ্জো সহ্য কৰিব লগা হয়।

গান্ধীয় স্থগিতকৰণ আৰু অসমৰ স্থায়ী প্ৰভাৱ
১৯২২ চনৰ চৌৰী চৌৰা ঘটনাৰ পিছত মহাত্মা গান্ধীয়ে আন্দোলন স্থগিত কৰে। অসমত এনে স্থগিততাৰ পিছতো ইয়াৰ দীৰ্ঘকালীন প্ৰভাৱ বজাই থাকে—
ৰাষ্ট্ৰীয় চেতনা দৃঢ় হয়।
নতুন নেতৃত্বৰ জন্ম হয় (যেনে গোপীনাথ বৰদলৈ)।
শিক্ষাৰ বিকল্প পথ স্থাপন হয়।
সাহিত্যিক, সাংস্কৃতিক জগতত নতুন দিশ দেখা যায়।

অসমত অসহযোগ আন্দোলন স্বাধীনতা লাভৰ এক যুগান্তকাৰী পদক্ষেপ। এই আন্দোলনে অসমীয়া সমাজক স্বাধীনতাৰ অৰ্থ বুজাইছে, সাহসিকতা শিকাইছে আৰু স্বাভিমানৰ পথ দেখুৱাইছে।
আজিৰ প্ৰজন্মেও এই আন্দোলনৰ পৰা শিকিব পৰা শিক্ষাবোৰ হৈছে—
অহিংস প্ৰতিবাদৰ শক্তি,
একতা আৰু আদৰ্শত বিশ্বাস,
আৰু নিজৰ পৰিচয়ৰ বাবে সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা।

লেখক: তপন পায়েং

Share:

হীৰুদাৰ নাগৰিক কবিতাৰ সাৰাংশ

নাগৰিক
                             (ৰচনাৰ সময় – ১৯৬১)

নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ |
ভগ্ন-হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন | তথাপি
সময়-শানিত তৰোৱালৰ চিকমিকনিত
এতিয়াও জ্বলিছে এখন পৃথিৱী –
দিক‍হাৰা হৃদয়ৰ আশ্ৰয় |

কলঘৰৰ ক’লা ধোঁৱাই
এদিন আকাশত বিজুলী জ্বলাব,
ৰাস্তাৰ কাষৰ এইজাক ল’ৰাই
জীৱনৰ বাটে বাটে ফুল ফুলাব,
ব্যধিগ্ৰস্ত এই নগৰে এদিন
আকাশলৈ মূৰ তুলি চাবঃ আকাশ ইমান বহল !
দ-কৈ উশাহ লৈ ক’বঃ বতাহ ইমান কোমল !!

পোহৰৰ এই স্বৰ্ণ-স্পৰ্শে উজ্জ্বল কৰিলে
মোৰ অন্ধকাৰ হৃদয় | উদ্দাম কৰিলে নিস্তেজ মন
যি মনৰ স্তৰে স্তৰে চেতনাৰ বিদ্যুৎ বিস্ময় |

হীৰুদাৰ কবিতা "নাগৰিক" ৰ সাৰাংশ


নাগৰিক – হীৰেন ভট্টাচাৰ্য

(লিখনৰ সময় – ১৯৬১)

✦ কবিতাটোৰ সাৰাংশ আৰু বিশ্লেষণ 

হীৰেন ভট্টাচাৰ্য দ্বাৰা ৰচিত "নাগৰিক" কবিতাখন ১৯৬১ চনৰ সময়ছোৱাত সৃষ্টি হোৱা আধুনিক নগৰজীৱনৰ গভীৰ বোধ আৰু আশা-নিরাশাৰ দ্বন্দ্বক স্পষ্টকৈ প্ৰতিফলিত কৰে। এই কবিতাত আধুনিকতা, নাগৰিক জীৱনৰ একাকীত্ব, অথচ এক সম্ভাৱনাময় ভৱিষ্যতৰ সপোনেৰে হৃদয়ৰ দীঘল যন্ত্ৰণাক কাব্যিক ৰূপত প্ৰকাশ কৰা হৈছে।

✦ মূল বক্তব্য (Main Theme in Assamese):

এই কবিতাটোৱে বৰ্ণনা কৰে এক গম্ভীৰ, নিস্তব্ধ নাগৰিক জীৱন, য'ত আশা আছে, কিন্তু সি অন্ধ আশা। সমাজৰ বহু লোক ভগ্ন হৃদয় আৰু অজ্ঞাত ভয়ৰ মাজত জীয়াই আছে। তথাপিও কবিয়ে আশা কৰে — সময়ৰ নীতি, জ্ঞান আৰু চেতনাৰ তীক্ষ্ণতা “সময়-শানিত তৰোৱাল” হৈ পৃথিৱীৰ নতুন ৰূপ গঢ়িব পাৰে।

✦ আস্থা আৰু আশাৰ কণ্ঠ (Voice of Hope):

কবিতাৰ দ্বিতীয় অংশত কবিয়ে আশাবাদৰ কণ্ঠেৰে কয় – কলঘৰৰ ক'লা ধোঁৱাই একদিন আকাশৰ পোহৰ হ'ব, ৰাস্তাৰ কাষৰ সাধাৰণ ল'ৰাবোৰও সমাজ পৰিবৰ্তনৰ বীজ বপন কৰিব। যি নগৰ ব্যধিগ্ৰস্ত, সেয়া একদিন নিজক চিনাকি পাব, মূৰ তুলি আকাশৰ বিশালতা অনুভৱ কৰিব, আৰু নিজৰ ভিতৰত লুকাই থকা আলোক বিচাৰি উলিয়াব।

✦ চূড়ান্ত বাণী (Final Message):

শেষত কবিয়ে কয় — "পোহৰৰ স্বৰ্ণ-স্পৰ্শে" তেওঁৰ অন্ধকাৰ হৃদয় উজ্জ্বল কৰিলে। নিষ্ক্ৰিয়, শীতল মনটো "চেতনাৰ বিদ্যুৎ বিস্ময়" অনুভৱ কৰিলে। এই বিস্ময় হৈছে – জীৱনৰ নবচেতনা

✦ সাহিত্যিক মূল্যায়ন (Literary Significance):

  • প্ৰতিক-চিত্র (Symbolism): সময়-শানিত তৰোৱাল, কলঘৰৰ ধোঁৱা, আকাশৰ বিশালতা, বতাহৰ কোমলতা – সকলো প্ৰতিকে এক সুন্দৰ সমাজৰ প্ৰতিশ্রুতি দিয়ে।

  • ভাষা আৰু ছন্দ: কবিতাখনত সহজ, অথচ গভীৰ ভাষা ব্যৱহাৰ হৈছে। শব্দবোৰে স্পষ্ট চিত্র আঁকে, যি পাঠকৰ মনত জীৱন্ত ৰূপত ভাঁহি উঠে।

  • আধুনিক চেতনা: নাগৰিক জীৱনৰ সংকট, যান্ত্রিকতা, অথচ তাৰ মাজত অলেখ সম্ভাৱনা – এই সকলোবোৰে কবিতাটোক আধুনিকতাৰ এক শক্তিশালী কণ্ঠস্বৰলৈ উন্নীত কৰিছে।

হীৰুদাৰ কবিতা "নাগৰিক" ৰ সাৰাংশ
যোগাযোগ কৰক


"নাগৰিক" কবিতাটো কেৱল নগৰজীৱনৰ বিষাদৰ প্ৰতিচ্ছবি নহয়, ই হৈছে এক আশাবাদী সমাজৰ সপোন। হীৰেন ভট্টাচাৰ্যৰ কলমেৰে, এক সময়ৰ অন্ধকাৰ সমাজতো "আলোকৰ স্পৰ্শ" পাই জ্যোতিষ্মত হ’ব পাৰে। কবিতাটোৱে আজি আৰু অধিক প্ৰাসংগিক, যি সময়ত মানুহে যান্ত্রিকতাৰ মাজত চেতনাৰ বিদ্যুৎ বিচাৰি আছে।

Share:

BIMSTEC ২০২৫ বিশ্বৰ দক্ষিণ-পূৱাঞ্চলৰ বাবে অতি গুৰুত্বপূর্ণ এক সহযোগিতা

 BIMSTEC ২০২৫: ভাৰত-বাংলাদেশসহ সাত ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰযুক্তিৰ দিশে নতুন পদক্ষেপ

BIMSTEC ২০২৫: ভাৰত-বাংলাদেশসহ সাত ৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰযুক্তিৰ দিশে নতুন পদক্ষেপ


বিশ্বৰ দক্ষিণ-পূৱাঞ্চলৰ বাবে অতি গুৰুত্বপূর্ণ এক সহযোগিতা গঠনতন্ত্র BIMSTEC — অর্থাৎ Bay of Bengal Initiative for Multi-Sectoral Technical and Economic Cooperation — ২০২৫ চনত নিজৰ ছয় নম্বৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰিলে থাইলেণ্ডৰ বেংকক চহৰত। এই সন্মিলনত অংশ লয় সাতটা সদস্য ৰাষ্ট্ৰ — ভাৰত, বাংলাদেশ, মিয়ানমাৰ, শ্ৰীলংকা, নেপাল, ভূটান আৰু থাইলেণ্ড

📍 শীৰ্ষ সন্মিলনৰ থীম: “সমৃদ্ধ, সহনশীল আৰু উন্মুক্ত BIMSTEC”

এইবাৰ সন্মিলনৰ মূল উদ্দেশ্য আছিল বংগোপসাগৰীয় অঞ্চলখনত বানিজ্য, পৰিবহণ, সুৰক্ষা, আৰু সাংস্কৃতিক সহযোগিতা অধিক মজবুত কৰি তোলা।
“PRO BIMSTEC” — Prosperous, Resilient, Open — বুলি অভিহিত এই থীমটোৱে সদস্য ৰাষ্ট্ৰসমূহক এখন যুক্ত দৃষ্টিভংগীৰে উন্নয়ন দিশে আগবঢ়াৰ আহ্বান জনায়।

Home Tution
স্থান-লখিমপুৰ,অধিক জানিবৰ বাবে যোগাযোগ কৰক


📘 মুখ্য ঘোষণা আৰু চুক্তিসমূহ

এই শীৰ্ষ সন্মিলনত বহুত গুৰুত্বপূৰ্ণ চুক্তি আৰু ঘোষণা গ্ৰহণ কৰা হয়, যাৰ ভিতৰত উল্লেখযোগ্য:

  • Bangkok Vision 2030: BIMSTEC-ৰ প্ৰথম দীঘলীয়া লক্ষ্য নির্দেশিকা, যি সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ পথ দাঙি ধৰিছে।

  • সামুদ্রিক পৰিবহণ চুক্তি (Maritime Transport Agreement): এই চুক্তিৰে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বন্দর সংযোগ, জলপথে মালসামগ্রী পৰিবহণ আৰু সাগৰসুৰক্ষা অধিক সুদৃঢ় হ'ব বুলি আশা কৰা হৈছে।

  • UNODC (United Nations Office on Drugs and Crime)-ৰ সৈতে সহযোগিতা: ড্ৰাগ চোৰাংচালান, মানব-চোৰাংচালান আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ বিৰুদ্ধে যুঁজ দিবলৈ এই চুক্তি গুৰুত্বপূৰ্ণ।



 বাংলাদেশে ল’লে BIMSTEC-ৰ নেতৃত্ব

এই বছৰৰ শীৰ্ষ সন্মিলনত বাংলাদেশে ২০২৫-২০২৭ সময়সীমাৰ বাবে BIMSTEC-ৰ অধ্যক্ষতাৰ দায়িত্ব গ্ৰহণ কৰে।
ঢাকাৰ লক্ষ্য স্পষ্ট — বংগোপসাগৰীয় অঞ্চলৰ সংযোগ, বানিজ্যিক সহযোগিতা, আৰু মুক্ত বাণিজ্য চুক্তি (FTA)-ৰ বাবে নতুন গতি দিয়া।

বাংলাদেশে এই অধ্যক্ষতাৰ সময়ছোৱাৰ ভিতৰত ভাৰত-মিয়ানমাৰ-থাইলেণ্ড সংযোগ পথ, Kaladan Transit Project, আৰু ডিজিটেল বেনিফিট আদান-প্ৰদান ব্যৱস্থাৰ ক্ষেত্ৰত অধিক আগবঢ়াই আনিব বুলি ঘোষণা কৰিছে।

🇲🇲 বিতৰ্কৰ কেন্দ্ৰবিন্দুত মিয়ানমাৰ

সন্মিলনত মিয়ানমাৰৰ সামরিক শাসক মিন অং হ্লাইং-এ ব্যক্তিগতভাৱে অংশ গ্ৰহণ কৰে।
২০২১ চনৰ সামরিক কুপৰ পিছত এই উপস্থিতি আছিল প্রথম, আৰু ই বিশ্বজুৰি সমালোচনাৰ সৃষ্টি কৰে।
বিশেষকৈ মিয়ানমাৰৰ গণতান্ত্ৰিক পক্ষসমূহ আৰু মানৱ অধিকাৰ সংগঠনসমূহ-এ এই অংশগ্ৰহণক "অবৈধ শাসনক স্বীকৃতি দিয়া" বুলি অভিহিত কৰে।
থাইলেণ্ডে তেওঁলোকৰ তৰফৰ পৰা এই সিদ্ধান্তক “BIMSTEC সনদ অনুযায়ী দায়িত্ব” বুলি কৈ যুক্তি দিয়ে।

👥 BIMSTEC যুৱ শক্তি আৰু সাংস্কৃতিক সম্প্ৰীতি

🔹 Young Gen Forum ২০২৫

বেংককত অনুষ্ঠিত BIMSTEC Young Gen Forum ২০২৫-ত সদস্য ৰাষ্ট্ৰসমূহৰ যুৱ উদ্যোগপতি, পেচাদাৰী, আৰু চিন্তাবিদসকলে অংশ লয়।
এই ফোরামৰ মূল লক্ষ্য আছিল সোচিয়েল ইনোভেশ্যন, ডিজিটেল বানিজ্য, জলবায়ু পৰিৱর্তন আৰু শিক্ষা বিষয়ত যুৱসকলৰ ভুমিকা বঢ়োৱা।

🔹 “সপ্তসুৰ: সাত ৰাষ্ট্ৰ, এক সুৰ”

অগাস্ট ৪, ২০২৫, ভাৰতৰ দিল্লীত অনুষ্ঠিত হয় BIMSTEC পৰম্পৰাগত সংগীত উৎসৱ
এই অনুষ্ঠানত সাতটা সদস্য ৰাষ্ট্ৰৰ শিল্পীসকলে নিজৰ সাংস্কৃতিক ঐতিহ্যক সংগীতৰ জৰিয়তে উপস্থাপন কৰে।
উদ্বোধন কৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী ড॰ এছ. জয়শংকৰ

🔐 ডিজিটেল সংযোগ আৰু সুৰক্ষা ক্ষেত্ৰত পদক্ষেপ

BIMSTEC সদস্যসকলে চলিত বছৰত কাঠমাণ্ডুত অনুষ্ঠিত এটা বিশেষ কাৰ্যশালাত অংশ লয়, য’ত cross-border digital payments সম্পৰ্কে পৰিকল্পনা কৰা হয়।
উদ্দেশ্য আছিল — সদস্য ৰাষ্ট্ৰসমূহৰ মাজত ডিজিটেল লেনদেন, ভেনমো/UPI ধৰণৰ আন্তঃদেশীয় পেমেণ্ট প্ৰযুক্তি উন্নত কৰা।


বিষয় তথ্য
সন্মিলনৰ স্থান বেংকক, থাইলেণ্ড
অংশগ্ৰহণকাৰী দেশসমূহ ভাৰত, বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা, নেপাল, ভূটান, থাইলেণ্ড
থীম “PRO BIMSTEC” (Prosperous, Resilient, Open)
নতুন নেতৃত্ব বাংলাদেশ (২০২৫-২০২৭)
মুখ্য চুক্তিসমূহ Bangkok Vision 2030, সামুদ্রিক চুক্তি, UNODC সহযোগিতা
সাংস্কৃতিক অনুষ্ঠান দিল্লীত "সপ্তসুৰ" সংগীত উৎসৱ
বিতৰ্কিত অংশগ্ৰহণ মিয়ানমাৰৰ সামরিক নেতাৰ উপস্থিতি
প্রযুক্তিগত উদ্যোগ ডিজিটেল পেমেণ্ট, বানিজ্যিক সংযোগ উন্নয়ন


BIMSTEC ২০২৫ শীৰ্ষ সন্মিলনে অঞ্চলীয় সহযোগিতাৰ বাবে এক নতুন অধ্যায় আৰম্ভ কৰিছে।
বাংলাদেশৰ নেতৃত্ব, নতুন দৃষ্টিভংগী আৰু সাংস্কৃতিক সম্প্ৰীতিৰে ভৰপূৰ এই সন্মিলনে ভবিষ্যৎ সময়ত বংগোপসাগৰীয় অঞ্চলক উন্নয়ন, স্থিতিশীলতা আৰু সম্প্ৰীতিৰ দিশে লৈ যাব বুলি আশা কৰা হৈছে
Share:

‎ৰাজনীতিৰ প্ৰেক্ষাপটত তথ্য-প্ৰযুক্তিৰ নতুন সমীকৰণ ,‎তপন পায়েং

 ৰাজনীতিৰ প্ৰেক্ষাপটত তথ্য-প্ৰযুক্তিৰ নতুন সমীকৰণ

‎তপন পায়েং/Karsang Takar

‎ৰাজনীতিৰ প্ৰেক্ষাপটত তথ্য-প্ৰযুক্তিৰ নতুন সমীকৰণ ‎তপন পায়েং


‎বিশ্বত বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নে বিশ্বৰ সকলো ৰাষ্ট্ৰকেই সৰ্বাংগীন কৰি তুলিছে সামৰিক দিশৰ পৰা ধৰি কোনো এখন দেশৰ চিকিৎসা ,অৰ্থনৈতিক,শিক্ষা আদিকে ধৰি বিভিন্ন দিশত উন্নত কৰি তুলিছে আৰু ইফালে কৃত্ৰিম বুদ্ধিমত্তাৰ আৱিভাৰ্ৱে অধিকত্বম বিশ্বক উন্নত কৰিছে। তেনে ক্ষেত্ৰত বৰ্তমান সময়ছোৱাত দেশৰ ৰাজনীতিবিদ সকলেওঁ তথ্য-প্ৰযুক্তিক নিৰ্বাচনৰ আহিলা হিচাপে বাঁচনি কৰি লৈছে । বৰ্তমান সময়ত   কোনো সভা  আয়োজন নকৰাকৈয়ে এটি কোঠালীতে হাজাৰ হাজাৰ জনসাধাৰনক তেওঁলোকে প্ৰস্তুত কৰা বিডিঅ অথবা লেখাৰে আকৰ্ষিত কৰাৰ নতুন এটা কৌশল গ্ৰহন কৰিছে । তেনে ক্ষেত্ৰত 4G Digital India হোৱাৰ পাছৰে পৰা বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডীৰ কাৰ্যকাল তথা তেওঁৰ পৰা তথ্য প্ৰযুক্তিৰ বিস্তাৰ হৈছে বুলি ক'ব পাৰো । ভাৰতৰ প্ৰধানমন্ত্ৰী যিজনে ফেচবুক,ইউটিউব,ইনষ্ট্ৰগ্ৰাম,টুইটাৰ আদিত আন ৰাজনীতিবিদতকৈ অধিক ফলৱাৰছ  লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতিটো ভাষণসমূহ বা চৰকাৰী সম্বদ্বীয় তথ্যবোৰ প্ৰতিটো সামাজিক মাধ্যমৰ ফ্লেটফৰ্মত আপলোড কৰা দেখিবলৈ পোৱা যায়।  আনহাতে গ্ৰাম্য অঞ্চলসমূহত আটাইতকৈ জনপ্ৰিয় "মন কী বাত" আদি ৰেডিঅ অনুষ্ঠান প্ৰতিমাহে আয়োজন কৰা হ'য় যত  ডিজিটেল  তথা 4g নেটৱৰ্কে ঢুকি নোপোৱাবোৰক ৰেডিঅৰ যোগেদি সাধাৰণ জনসাধাৰণক অৱগত কৰাত প্ৰচেষ্ঠা চলাই আহিছে। এইবোৰ একপ্ৰকাৰৰ জনসাধাৰণৰ হিতৰ কাৰণে কৰিছে যদিওঁ পৰোক্ষভাৱে জনসাধাৰণৰ পৰা ভোট বেংকৰ বাবে কাম কৰিছে বুলি ক'ব পাৰি। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত মোবাইল এপ্লিকেচন হৈছে "নমো এপ"॥এই এপ্লিকেচনটোৰ বৈশিষ্ট্য হ'ল যে ৰেডিঅৰ যোগেদি প্ৰতিমাহে সমাপন হোৱা "মন কী বাত" ৰ ভিদিঅ ,টেক্সট আদিসমূহ এই এপটোত উপলব্ধ কৰোৱা। আনাহতে এই এপটোত আচঁনি আদিৰ লগতে বিজেপি দলৰ নিয়মীয়া কৰ্ম অভিযান আদিৰ বিষয়ে আপডেট দি থকা হ'য়। এই এপটোৰ জৰিয়তে নৰেন্দ্ৰ মোডীৰ চিন্তা-চৰ্চাক জনতাৰ ওচৰলৈ পঠিওঁৱা,জনসাধাৰণৰ পৰা মতামত সংগ্ৰহ কৰা,BJPৰ ইচ্ছুক সমৰ্থকসকলক সংগঠিত আৰু সক্ৰিয় কৰা,চহৰ-গাঁও সৰ্বত্র ডিজিটেল ৰাজনীতিৰ বিস্তাৰ ইত্যাদি ।

‎   এই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত অসমৰ ৰাজনীতিবিদসকলেওঁ আগবঢ়া। অসমৰ ৰাজনীতি বিদসকলেওঁ নিজৰ নিজৰ ফেচবুক একাউন্ট,ইনষ্ট্ৰগ্ৰাম,টুইটাৰ আদিৰ জৰিয়তে বৃহতৰ নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ চেষ্ঠা কৰি আহিছে । আজিকালি নেতা বা ৰাজনীতিবিদ সকলেওঁ ফেচবুক লাইভেৰে নৱপ্ৰজন্মৰ ভোটাৰ সকলক উদ্দেশ্য কৰি  ভিদিঅ প্ৰস্তুত কৰিবলৈ চেষ্ঠা কৰিছে । তাৰোপৰিওঁ অসমৰ বিভিন্ন ইউটিউব চেনেলসমূহত পডকাষ্টৰ জৰিয়তে নৱপ্ৰজন্মক আকৃষ্ট কৰাৰ চলেৰে কৌশলগত কথনশৈলীৰে ভোট অৰ্জন কৰাৰো চেষ্টা কৰিছে । আনহাতে কিছু ৰাজনীতিবিদ সকলে ৱেৱ পৰ্টেল খুলি নিজৰ ধনাত্মক চিন্তা ,কামসমূহক প্ৰচাৰ কৰিবলৈ বাতৰি আকাৰে প্ৰচাৰ কৰাৰো নতুন পদ্ধতি অৱলম্বন কৰিছে।

‎  ৰাজনীতিৰ   IT Cell (Information Technology Cell) বুলি ক'লে-  এটা ৰাজনৈতিক দলৰ ডিজিটেল শাখা বা টিমক বুজোৱা হয়, যিয়ে দলৰ ডিজিটেল কৌশল, প্ৰচাৰ, সামাজিক মাধ্যমত উপস্থিতি, জনসংযোগ আদিৰ বাবে কাম কৰে।

ৰাজনীতিত তথ্য-প্ৰযুক্তিৰ ভুমিকা বুলি ক'লে-

‎অনলাইন বাবে প্ৰচাৰ,সামাজিক মাধ্যমত বিজ্ঞাপন, Email Blasts, SMS Alerts আদিৰে ভোটাৰক তৎক্ষণাৎ প্ৰভাৱিত কৰা হৈছে।

‎ফেচবুক লাইভ, ইউটিউব ভিডিঅ’, টুইটাৰ পষ্ট, ওৱাটছাপ গ্ৰোপ ইত্যাদিৰ সহায়েৰে নিৰ্বাচনী কৰিব পৰা গৈছে। আনহাতে Big Data আৰু AI ৰ সহায়েৰেওঁ ভোটাৰৰ আশা, ধাৰণা, অঞ্চলভিত্তিক জনমত বিশ্লেষণ কৰি নিৰ্বাচনী কৌশল সাজি লোৱা হয়। যত Opinion Poll, Exit Poll, আৰু Vote Swing Prediction-ৰ ক্ষেত্ৰত IT অতি গুৰুত্বপূর্ণ হৈ পৰিছে।দলীয় সদস্যতা বৃদ্ধি কৰিবলৈয়ো অনলাইনযোগেওঁ জইনিং কৰোৱা হ'য় ,উদাহৰণস্বৰূপে ভাৰতীয় জনতা পাৰ্টীৰ মিছ কলৰে সদস্যতা লাভ অৱশ্যে সকলো ৰাজনীতি দলৰে পদ্ধতি নিজস্ব থাকিব পাৰে।

‎       তথ্য-প্ৰযুক্তিয়ে  চৰকাৰী নীতি,আঁচনি প্ৰচাৰ কৰাতো সহায় কৰিছে যেনে MyGov, Digital India, CM Dashboard, Janata Darbar Apps আদিৰে নাগৰিকক চৰকাৰী কাম-কাজত অংশগ্ৰহণৰ সুযোগ দিয়া ।

ৰাজনীতিত তথ্য-প্ৰযুক্তিৰ ধনাত্মক দিশসমূহ:

‎সময় অপচয় বা অৰ্থৰ ব্যয় নোহোৱাকৈ ডিজিটেল মাধ্যমৰ যোগেদি জনসাধাৰণৰ কাষ চাপা,তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰে ৰাজনীতিবিদ সকলক জনতাৰ সমস্যাসমূহ, মতামত আৰু অভিযোগ সমূহ  জানিবলৈ সহায় কৰিছে। সামাজিক মাধ্যমত হোৱা আলোচনা, মতামতসমূহ বিশ্লেষণ কৰি  নিজৰ ৰাজনৈতিক দিশৰ সমস্যাসমূহ সমাধান কৰাত সহায়ক হৈছে।

‎      তথ্য-প্ৰযুক্তিৰ জৰিয়তে  বিৰুদ্ধী দলে শাসকীয় দলৰ মিত্যাচাৰ,ভূল আসোৱাহ সমূহ অনলাইন যোগে সভা অনুষ্টিত নকৰাকৈ সামাজিক মাধ্যমত জনসাধাৰণক অৱগত কৰা ।সামাজিক মাধ্যমত  আকর্ষণীয় ভিডিঅ’, মিম, চার্ট, গ্ৰাফিক্সৰ জৰিয়তে ৰাজনৈতিক বিষয়ক সহজকৈ জনতাৰ ওচৰলৈ লৈ যোৱা।AI, Big Data, Geographic Targeting আদি ব্যৱহাৰ কৰি কোন অঞ্চলত কেনেদৰে প্ৰচাৰ চলাব লাগে সেই কৌশল নিৰ্ধাৰণ কৰে।

ৰাজনীতিত তথ্য-প্ৰযুক্তি ঋণাত্মক দিষমূহ:

‎সকলো বস্তুৰে বা ক্ষেত্ৰতে ধনাত্মক আৰু ঋণাত্মক ফল থাকে ,তেনে ক্ষেত্ৰত -এটা ৰাজনৈতিক দলৰ IT cell  সদস্যই আন ৰাজনৈতিক দলৰ নেতাক কৃত্ৰিম বাবে অপপ্ৰচাৰ কৰি জনসাধাৰণৰ মাজত সেৱ প্ৰতিফলন কৰা ।

‎        কিছু IT Cell হে উদ্দেশ্য প্ৰণোদিতভাৱে ভুৱা খবৰ, বিকৃত তথ্য বা মিছা ভিডিঅ’ প্ৰস্তুত কৰি, জনসাধাৰণৰ মাজত বিভ্ৰান্তি, ভয় বা ঘৃণা সৃষ্টি কৰা। উদাহৰণস্বৰূপে নিৰ্বাচন পূৰ্বে ৰাজনৈতিক প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলক ভিডিঅ’ বা মিছা বক্তব্য  ব্যৱহাৰ কৰা । বিৰোধী নেতা, সাংবাদিক, সমাজকর্মী অথবা যি কোনো প্ৰতিকূল মত ধাৰাক IT Cell ৰ অংশ হিচাপে সংগঠিতভাৱে গালি-গালাজ, অপমান  কৰা । যেনে Twitter বা Facebook-ত বিৰোধী মত প্ৰকাশ কৰোঁতাসকলৰ ওপৰত সংঘবদ্ধ ‘ট্ৰোল’ অভিযান।

‎          ধৰ্মীয়, জাতিগত, ভাষাগত বিভাজন সৃষ্টি কৰিবলৈ IT Cell কেতিয়াবা ঘৃণা উদঙাবলৈ  পোষ্ট প্ৰচাৰ কৰা।এইবোৰে সমাজত উত্তেজনা, সহিংসতা সৃষ্টি কৰিব পাৰে। যেনে  বিশেষভাৱে ধৰ্মীয় গোষ্ঠীৰ বিৰুদ্ধে বিদ্বেষমূলক মিম, ভিডিঅ’ বা উক্তি ছাৰি দিয়া।IT Cell এ কেতিয়াবা অনৈতিকভাৱে ব্যক্তিগত তথ্য সংগ্ৰহ কৰি ভোটাৰক লক্ষ্য কৰি প্ৰচাৰ বা বিভ্ৰান্তিমূলক মেছেজ পঠোৱা ।

‎                 তথ্য-প্ৰযুক্তিয়ে ৰাজনীতিৰ  মুখমণ্ডল সম্পুৰ্ণকৈ সলনি কৰিবলৈ আৰম্ভ কৰিছে । তথ্য-প্ৰযুক্তিয়ে  জনসাধাৰণক অধিক সচেতনতা কৰি তুলিছে । তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰে দেশৰ গণতন্ত্ৰ সবল কৰাতো অগ্ৰণী ভুমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। তথাপিওঁ এ অপবাদ অপপ্ৰচাৰে ব্যৱহাৰৰ কৰাতো অধিক সচেতনতা অৱলম্বন কৰিব লাগে।যাতে, তথ্য-প্ৰযুক্তি আৰু ৰাজনীতি একেলগে মিলি এটা উত্তম শাসনৰ পথ দেখুৱাব পাৰে — য’ত জনতাৰ অংশগ্ৰহণেই হ’ব মুখ্য শক্তি।

Share:

কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?

 কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?

‎তপন  পায়েং

কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?


‎বৰ্তমান সময় প্ৰযুক্তিশীল সময়  পূৰ্ৱতকৈয়ো কম্পিউটাৰ আৰু ইন্টাৰনেটৰ অত্যাধুনিক সুচলতাৰ পাছত বৰ্তমান পৰ্যায়ক্ৰমে কৃত্ৰিম বুদ্ধিমত্তাৰো বৃহতৰ বাবে উন্নত হৈ পৰিছে ফলত কৃত্ৰিম বুদ্ধিমত্তাৰ ঋণাত্মক আৰু ধনাত্মক দুয়ো দিশ বৃদ্ধি হৈছে।আমি জানো যে  বৰ্তমান সময়ত AI হিচাপে পৰিচিত  সত্তাই আমাৰ চিকিৎসা বিদ্যা,শিক্ষা,উৎপাদন আদি বিভিন্ন দিশসমূহত বহল ভাৱে সহায় কৰি আহিছে। কিন্তু সকলো বস্তুৰে এটা ঋণাত্মক আৰু ধনাত্মক দিশ দুটা জড়িত হৈ পৰিছে,আমি বেছি সংখ্যক ঋনাত্মক দিশত ব্যৱহাৰ কৰিছো যদিওঁ অত্যাধিকভাৱে ব্যৱহাৰ কৰাৰ ফলত ঋণাত্মকৰ পৰা গৈ ধনাত্মকলৈ ধাৱমান হৈছেগৈ । তেনেক্ষেত্ৰত যদি চাওঁ চিন্তাকৰিবলৈ এৰি দিয়া যেনে কোনো এজন ছাত্ৰই Google chatbot,Gemini,Chatgpt,Grook ,Deepsheek আদিৰ দৰে কিছুমান ফ্লেটফৰ্মৰ জৰিয়তে মগজুৱে ঢুকি নোপোৱা বিষয়ক অনুসন্ধান কৰি ব্যৱহাৰ কৰা ফলত   চিন্তাশক্তি,সমস্যা সমাধান দক্ষতা আদিবোৰৰ দৰে গুণবোৰ ধবংস কৰাত প্ৰভাৱ পেলাইছে । এজন লৰা বা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত নিজে ভাৱি লিখাৰ পৰা এলাগি হোৱা,কোনো এটা বিষয়ত নিজৰ পাঠ্যপুথিৰ পাঠ এটি নপঢ়াকৈ AI ৰ জৰিয়ত কম সময়ৰ ভিতৰতে প্ৰশ্নৰ উত্তৰ কৰা ইত্যাদিয়ে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কিতাপ পঢ়াৰ পৰা হেমাহিৰ সৃষ্টি কৰিছে । AIয়ে ছাত্ৰ-ছাত্ৰীৰ আত্মবিশ্বাসৰো হ্ৰাস কৰাইছে,কৃত্ৰিমবুদ্ধিমত্তাই লৰা-ছোৱালীক নকল কৰা আৰু কপি পেষ্ট কৰাতো ধনাণাত্মকভাৱে ইন্ধন যোগাইছে । তদুপৰি AI ভিত্তিত e-sport আগ্ৰাসন কৰাৰ ফলত লৰা-ছোৱালীৰ মাজত শাৰীৰিকভাৱে খেলপথাৰক  দূৰৈলৈ ঠেলি দিছে আৰু ইয়াৰ ফলস্বৰূপে বিভিন্ন ৰোগৰ দেখা দিছে ।AI য়ে সামাজিক ,একাকীকত্ব আৰু পৰিয়ালৰ আত্মীয়তাৰ মাজত যোগাযোগৰ বিছিন্নতা কৰিছে তেনেক্ষেত্ৰত  নৱপ্ৰজন্মই ডিজিটেল যুগত "Feel"ৰ সলনি "Feedback"ৰ অধিক প্ৰাধান্য দিবলৈ আৰম্ভ কৰিছে লৰা-ছোৱালীয়ে মানুহৰ কথাতকৈ অনলাইন ভাৰ্ছুৱেলৰ পৰামৰ্শকে বেছিকৈ বিশ্বাস কৰিব লৈছে।লাহে লাহে সামাজিক,সহানুভূতি আৰু মূল্যবোধ ধ্বংস হৈ নিৰ্জনতা বৃদ্ধি পাইছে। তদুপৰি বৰ্তমান প্ৰেক্ষাপটত আটাইতকৈ আপদজনক ছবি কোনোবা নায়িকাৰ ফটোৰ অপব্যৱহাৰ  কৰা আনহাতে  ছোৱালীৰ ফটো AI ৰ জৰিয়তে প্ৰতিলেপন কৰি ইন্টাৰনেটত মুকলি কৰি ছোৱালী বা মহিলাৰ মান হানি কৰা  উদাহৰণস্বৰূপে শেহতীয়াকৈ চৰ্চিত অৰ্চিতা ফুকনৰ কাণ্ডকো আঙুৰিয়াব পাৰি । যুৱতীৰ ফটো অশ্লীল ৰূপ দি ব্লেকমেইলিং কৰা ইত্যাদি । AI-ৰ সহায়ত Deepfake ভিডিঅ’, নকল Photo, Voice cloning ইত্যাদি নিৰ্মান কৰি  সমাজক ভূল দিশলৈ লৈ যোৱাত ধনাত্মক শক্তি প্ৰবাহিত কৰিছে । এইবোৰে তথ্যৰ বিশ্বাসযোগ্যতা ধ্বংস কৰি “যি দেখিছোঁ তাকেই সত্য” বুলি ভাৱ ধাৰাটো ওলোটা কৰি পেলাইছে। AIৰ ওপৰত নিৰ্ভৰ কৰি বা সংযুক্ত কৰা-App হে আৰু Platform (Instagram, TikTok AI Filters, Face Recognition App) নতুন প্ৰজন্মৰ ব্যক্তিগত তথ্য সংগ্ৰহ কৰি লগত লগত বিপদৰ ত্ৰাসো সৃষ্টিৰ তুংগত কৰিছে । Data Breach, Cyber Crime, Online Bullying ইত্যাদি ব্যাপক হাৰত বৃদ্ধি পাইছে । নিজৰ মুখ, অৱস্থা, চলন ফুৰন, চিন্তাভাবন সকলো AI ৰ বাবে উলংগ হৈ পৰিছে সেয়া মানসিক অস্থিৰতা আৰু ভয়ৰ বাতাবৰণ গঢ়ি উঠিছে। এনেবোৰ কাৰণত মানুহৰ গোপনীয়তাৰ সংকট নামি আহিছে। নৱপ্ৰজন্মৰ মাজত ধনাত্মক ক্ৰিয়াসমূহ আৰু ধনাত্মক সম্ভাৱ্য সমস্যাসমূহ সমাধানৰ বাবে ল'ব পৰা পদক্ষেপসমূহ যদি চাওঁ,স্কুল বা কলেজসমূহত কৃত্ৰিম বুদ্ধিমত্তা শিক্ষাৰ ওপৰত ঋণাত্মক আৰু ধনাত্মক দিশসমূহত বিশদভাৱে শিক্ষা বা কৰ্মশালা আয়োজন কৰিব লাগে। অভিভাৱকসকলে নিজ নিজ সন্তানক  AI  ভিত্তিত প্ৰস্তুত কৰা এপচ আৰু মোবাইল ব্যৱহাৰত নিৰ্দিষ্ট অনুশাসন দিব লাগে । চৰকাৰীভাৱে মিছা তথা কৃত্ৰিম বুদ্ধিমত্তাৰ ভিডিঅ,ফটো,মাতসমূহ চিনাক্ত কৰিব পৰাকৈ আৰু অটমেটিকভাৱে বা নিজাকৃত ভাৱে ডিলিট কৰিব ব্যৱস্থা কৰিব লাগে। মিছা বা ফেক ফটো,মাত বা voice আৰু  বিডিঅ প্ৰস্তুত কৰাৰ ওপৰত কঠোৰভাৱে আইন অৱলম্বন কৰিব লাগে। আনহাতে এই AI app আৰু  Software প্ৰস্তুত কৰ্তাসকলে নিৰ্দিষ্ট বয়সৰ ধৰ‍াবন্ধাৰ ওপৰত ভিত্তি কৰি নিৰ্মান কৰিব লাগে।AI কেনেকৈ আন আন লেখা বা ফটোবোৰক চাই কেনেকৈ হুবহু ক্লনিং কৰে "AI য়ে আমাৰ পৰাহে চুৰ কৰে ,মানুহে ন'হয়"তাৰ সম্পৰ্কে বিতং ভাৱে জ্ঞান দিব লাগে ।

কৃত্ৰিম বুদ্ধিমত্তা: নৱপ্ৰজন্মৰ বাবে আশীষ নে অভিশাপ?


‎             AI বা কৃত্ৰিম বুদ্ধিমত্তা যি নামাকৰণেই কৰক ,AI আমাৰ ভাৱে সমস্যা নহ'য়,সমস্যা হ'ল এইজন, যিজনে AI ৰ দ্বাৰা অপপ্ৰচাৰ ,বিকৃত কৰি সমাজত প্ৰতিচালিত কৰি আছে প্ৰকৃততে এই ব্যৱহাৰকাৰীজনহে সমাজৰ বাবে আপদ। যি ধৰনে AI য়ে বিশ্বব্ৰহ্মাণ্ডত বিভিন্ন দিশত উন্নয়নৰ মুকুত পিন্ধাইছে এইধৰনে নৱপ্ৰজন্মৰ মাজত "কলা সেঙাৰ"ৰ  সৃষ্টিৰ আশংক্ষা গঢ়ি তুলিছে। আমি সচেতন হোৱা উচিত কৃত্ৰিম বুদ্ধিমত্তা কি হ'য়?

‎          আমি সদায় মনত ৰাখিব লাগে যে কৃত্ৰিম বুদ্ধিমত্তাৰ আমি দাসত্ব নহ'য়,কৃত্ৰিম বুদ্ধিমত্তা আমাৰ বাবে  তথা আহিব লগা অনুজৰ বাবে উপযোগী আৰু ব্যৱহাৰকাৰীৰ চক্ষু দিয়ে ব্যৱহাৰ কৰিব লাগে যাতে আহিবলগীয়া দিনবোৰ বেয়া দিশত প্ৰবাহ চালিত নহ'য়॥

Share:

‎৬ নং দফা: অসমীয়া জাতিৰ অধিকাৰৰ নতুন সন্ধান

 

Section 6

‎৬ নং দফা: অসমীয়া জাতিৰ অধিকাৰৰ নতুন সন্ধান

তপন পায়েং


‎১৯৮৫ চনৰ ১৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰ তথা এই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু তেতিয়াৰ সময়ছোৱাৰ অসমৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাই ত্ৰিপাক্ষীকভাৱে অসম চুক্তি  সাক্ষৰিত কৰে । এই চুক্তিৰ জৰিয়তে 

‎৬ নং দফাই বিশেষভাৱে অসমীয়া জাতিৰ সাংস্কৃতিক, সামাজিক, আৰু ভাষাগত পৰিচয় সংৰক্ষণৰ বাবে প্ৰয়োজনীয় সাংবিধানিক, বিধি-ব্যৱস্থা আৰু ৰাজনৈতিক অধিকাৰ দিয়াৰ উল্লেখ কৰিছে । ৬নং দফাত উল্লেখ কৰা অসমীয়া জাতি শব্দটোৱে সংজ্ঞা এনেধৰনৰ যেনেকৈ আমাৰ ভাৰতীয় সংবিধানত অনুচ্ছেদ ১২ টোৱে ৰাষ্ট্ৰৰ সংজ্ঞা দিছে অৰ্থাৎ ৰাষ্ট্ৰ মানে ভাৰত চৰকাৰ আৰু সংসদ ভৱন ,ৰাষ্ট্ৰ মানে ৰাজ্য চৰকাৰ আৰু বিধান পৰিষদ,ৰাষ্ট্ৰ মানে হৈছে পঞ্চায়ত আৰু পৌৰসভা।ঠিক তেনেদৰে ন্যায়ধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ মতে অসমীয়া জাতিৰ সংজ্ঞা হ'ল ১৯৫১ চনৰ পৰা অসমত বাস কৰাসকল যত তেওঁলোকৰ ভোটাৰ তালিকাত নাম আছিল,দ্বিতীয়তে যিসকলে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অসমত বাস কৰাসকল,তৃতীয়তে যিসকলে স্থানীয় জনজাতি যেনে মিচিং,বড়ো,ডিমাছা আদিক অসমীয়া বুলি অভিহিত কৰিছে। ৬নং দফাৰ মূল উদ্দেশ্য ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে অসমীয়া অধিবাসীক অসমীয়া হিচাপে স্বীকৃতি  দিয়া,অসমীয়া ভাষাক মাধ্যমিক শিক্ষাপৰ্যায়লৈকে বাধ্যতামূলক কৰি তোলা,ভূমি অধিকাৰ,চাকৰিৰ আৰু শিক্ষাক্ষেত্ৰত ৮০-১০০% শতাংক সংৰক্ষণৰ পৰামৰ্শ দিয়া,ভূমি সংৰক্ষণত ভূমি নীতিত স্থানীয় লোক অধিকাৰৰ প্ৰাধান্য দিয়া। ৬ নং দফাৰ সদৃশ্য তথা সামঞ্জস্যক হিচাপে Assam Domicial Policy ৰ বিষয়ে উনুকিয়াব পাৰি য'ত অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰিছিল যে  অসমত জন্ম গ্ৰহণ কৰা সকলৰ বাবেহে চৰকাৰী চাকৰিৰ সীমাবদ্ধতা থাকিব,জনসংখ্যা বৃদ্ধিৰ ৰোধৰ ব্যৱস্থাপনা আৰু অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কৰা আৰু মূখ্যমন্ত্ৰীৰ অনুমোদন অভিহনে হিন্দু-মুছলমানৰ মাজত কোনো ধৰনৰ মাটি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰিব। তাৰোপৰিওঁ অসম চৰকাৰে নদীদ্বীপ মাজুলী,বৰপেটা,বটদ্ৰৱা আদি ঠাইসমূহক ঐতিহ্য অঞ্চল হিচাপে চিহ্নিত কৰি সংৰক্ষিত অঞ্চল হিচাপে ঘোষনা কৰিছে। আনহাতে ৮০% শতাংশ থকা অনুসুচিত জাতিৰ লোক থকা গাওঁক "মাইক্ৰ ট্ৰাইবেল বেল্ট আৰু ব্লক"হিচাপে স্বীকৃতি দিয়া হ'ব বুলি ঘোষনা কৰিছে ইতিমধ্যে অসমত মুঠ ১২ টা অঞ্চলক মাইক্ৰ ট্ৰাইবেল বেল্ট আৰু ব্লক হিচাপে আছে।

‎এইবছৰৰ  অসম বাজেট ২০২৫-২৬ টো ৬  নং দফাক  অধিক অগ্ৰাধিকাৰ দিছে ,এইক্ষেত্ৰত উল্লেখনীয় দিশসমূহ,অসমীয়া জাতিৰ চিনাকী আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে আত্ম-পৰিচয়ৰ সংস্থাপন,অসমীয়া ভাষাৰ উন্নয়নৰ বাবে অসম গৱেষনা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা ,অসমীয়া ভাষাৰ পাঠ্যপুথিৰ প্ৰস্তুত তথা প্ৰচাৰৰ বাবে বটা প্ৰদান কৰা তাৰোপৰি এক হাজাৰ জন যুৱলেখকক অসমীয়া ভাষাত বিজ্ঞানমূলক ,গঠনমূলক আৰু শিক্ষা আদিৰ ক্ষেত্ৰত গ্ৰন্থ লিখাৰ উৎসাহিত কৰিবলৈ প্ৰতিজনকে ২৫০০০ টকা প্ৰদান কৰা । তাৰোপৰি বিস্তাৰিত অসম দৰ্শন আচঁনিৰ যোগেদি নামঘৰ আৰু আন ধৰ্মীয় ঐতিহ্যসমূহক আৰ্থিক সাহাজ্য ২৫০০০ টকা কৈ প্ৰদান কৰা আদি প্ৰশংসনীয় পদক্ষেপ লৈছে ।

‎      অন্যহাতে বাজেটত নাই যদিওঁ এই  চেগতে উল্লেখ কৰিব লাগিব যে অসমৰ বৰ্তমানৰ ৰাজ্যপাল লক্ষ্মণ প্ৰাসাদ আচাৰ্যই নিৰ্দেশ দিছে যে  অসমৰ কাৰ্য্যালয়সমূহত অফিচিয়েল যাৱতীয় নথিপত্ৰসমূহত ইংৰাজী,হিন্দীৰ লগতে অসমীয়া ভাষাওঁ থাকিব লাগিব ,জনগোষ্ঠীয় ভাষা জনগোষ্ঠীয় অঞ্চল  যেন বড়োঞ্চলত বড়ো ভাষা আনহাতে  কেন্দ্ৰীয় চৰকাৰৰ নথিপত্ৰসমূহকো ৩০ দিনৰ ভিতৰত স্থানীয় ভাষালৈ অনুবাদ কৰিব লাগিব ,এই ক্ষেত্ৰত সহায় সহযোগী হো‍ৱাকৈ  "অনুবাদ ভাষিনী"মোবাইল এপ্লিকেচনৰো ব্যৱস্থা কৰিছে। 

‎৬নং দফাৰ বিভীষিকসমূহ ,৬নং দফাই প্ৰকৃত  অসমীয়া কোন তাৰ সম্পৰ্কে বিৰূপ মতপোষক কৰিছে,বিপ্লভ  শৰ্মা কমিটিৰ সংজ্ঞা গৃহীত নোহোৱাৰ ফলত ৰাজনীতি,জাতিগত আৰু সামাজিক অস্থিৰতা,অসমীয়া জনসংখ্যা হ্ৰাস পোৱাৰ শংকা,Citizenship Amendment Act (CAA)-ৰ দ্বাৰা ১৯৭১ৰ পাছত অহা অ-অসমীয়া লোকৰ নাগৰিকত্ব দিয়া হ'লে ৬ নং দফাৰ মূল আত্মাই ক্ষতিগ্রস্ত হ’ব বুলি ভয়,অসমীয়া ভাষাৰ ওপৰত বিভিন্ন ভাষাৰ প্ৰভাৱ, বিশেষকৈ অসমীয়া অঞ্চলত বাঙালি, হিন্দী, আদিৰ বিস্তৃতি,নতুন প্ৰজন্মত অসমীয়া ভাষা ব্যৱহাৰৰ হ্ৰাস আৰু সংস্কৃতিৰ উপেক্ষা,চৰকাৰী চাকৰি, শিক্ষা আৰু অন্যান্যত বহিৰাগত লোকৰ সংখ্যা বাঢ়ি অহাৰ আশংকা,অসমীয়া, আদিবাসী, বাঙালি, সংখ্যালঘু, ত্রাইবেল গোটসমূহৰ মাজত ভ্ৰাতৃত্ববোধৰ পৰিৱৰ্তে  বিভাজন হোৱাৰ ভয়।

‎এই ধনাত্মক -ঋনাত্মক দিশ দুটাক সমাধান কৰি ল'ব পৰা পদক্ষেপসমূহ এনেধৰণৰ:-

‎বিপ্লভ কুমাৰ শৰ্মা কমিটিৰ ব্যাপক আলোচনাৰ মাধ্যমেৰে অসমীয়াৰ সংজ্ঞা নিশ্চিত কৰা,অসমীয়া জাতিৰ সংজ্ঞা চৰকাৰীভাৱে চূড়ান্ত কৰা,সাংবিধানিক মৰ্যদা দিয়া অৰ্থাৎ ৬ নং দফাক সাংবিধানীকভাৱে ৰাষ্ট্ৰীয় স্তৰৰ মৰ্যদা প্ৰদান কৰা ,ভূমি-চাকৰি-শিক্ষা আদিৰ ক্ষেত্ৰত সাংবিধানিক সংৰক্ষণ দিয়া,বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ৰ পৰা অসমীয়া ভাষা বাধ্যতামূলক কৰা,সামাজিক মাধ্যম, সাহিত্য, চেনেল, পাঠ্যপুথিত অসমীয়া ভাষাৰ বিস্তৃত ব্যৱহাৰ নিশ্চিত কৰা,ভূমি বিক্ৰীৰ ক্ষেত্ৰত স্থানীয় লোকসকলক অগ্ৰাধিকাৰ দিয়াৰ নীতি গঠন,NRC-ৰ ভিত্তিত বৈধ নাগৰিকক চিনাক্ত কৰি সঠিক তালিকা প্ৰকাশ,CAA যেন ৬ নং দফাৰ ওপৰত আঘাত নকৰে – তেনে ব্যৱস্থা আদি পদক্ষেপসমূহ ল'বলৈ চেষ্ঠা কৰিব লাগে ।

‎            শেষত ৬ নং দফা ১৯৮৫ চনৰ অসম চুক্তিত সংবদ্ধ  হৈ থকা ইতিহাস ন'হয়,ই অসমীয়াৰ জাতিয়মান ,স্বাভিমান ,আত্মসন্মান আৰু অধিকাৰৰ প্ৰতীক।


Share:

মিচিং জনগোষ্ঠীৰ খেল (Mising's Khel System)তপন পায়েং

 মিচিং জনগোষ্ঠীৰ খেল 

◼তপন পায়েং

মিচিং জনগোষ্টীৰ খেল (Mising's Khel System)তপন



খেল বুলি কোৱাৰ কাৰণে  কিছুমান কথা নিশ্চয় ভাহি আহিছে নহ'য়নে বাৰু? হ'য়তো ভাৱিব পাৰে মিচিং সকলেনো কি খেল খেলে ! বক্সিং,বেটমিন্টন,ফুটবল অথবা ক্ৰিকেট।প্ৰিয় পাঠক আমি যেতিয়া অসমৰ মধ্যযুগৰ ইতিহাসত "আহোম ৰাজ্য"ৰ বিষয়ে পঢ়ো তেতিয়া হ'য়তো পাওঁ আমি খেলৰ বিষয়ে । এই খেলনো কি খেলৰ বিষয়ে যদি চাওঁ,খেল হৈছে-আহোমৰ স্বৰ্গদেউসকলে আহোম ৰাজ্য সু-শাসনৰ বাবে প্ৰনয়ণ কৰা ব্যৱস্থা। এই খেল ব্যৱস্থা স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনৰ পৰা আৰম্ভ হৈছিল। এই খেলত ৰাজ্যৰ সু-সাংগঠনিক দিশসমূহক  উন্নত কৰিবলৈ বিভিন্ন ভাগত বিভক্ত কৰিছিল,উদাহৰণস্বৰূপে নাওঁবৈচা খেল যত এই খেলে নাওঁ ব্যৱস্থাক চোৱাচিতা কৰা,জাপিসজীয়া খেলে জাপি বনোৱাত ইত্যাদি। কিন্তু মিচিং জনজাতিৰ তেনে ব্যৱস্থা নাছিল বৰঞ্চ খেল মিচিং সকলৰ বংশ গোত্ৰ বুলিয়ে ক'ব পাৰি। মিচিং সকলৰ খেল স্থান অনুসৰি বেলেগ বেলেগ পৰ্বতীয়া অঞ্চলত দুই প্ৰকাৰৰ মিয়ং আৰু দাম্ৰ আনহাতে ভৈয়ামলৈ আহি কেইভাভাগ বিভক্ত যেনে-অয়েঙ্গিয়া(অয়ান),ময়েঙ্গিয়া(ময়িং),চায়েঙ্গিয়া(চায়াং),দাম্বোকিয়াল(দাম্বোক),ডেলো বা লাচং গঞা,তায়ে বা জন গঞা,চামু-গুৰীয়া বা মিৰাং,চুতীয়া মিৰি বা পাগৰ। কিন্তু এই খেলত কোনো ডাঙৰ সৰু নহ'য় কোনো কাৰো পৰাধীন নহয়, সকলো সমান আছিল আৰু আছে ।

এই খেলসমূহৰ বিষয়ে যদি চাওঁ

দাম্বোকিয়াল মিৰিঃ-দামনে দাম্ব্ৰ আবৰৰ পৰা ভৈয়ামলৈ নতুনকৈ অহা মিচিং ,তেওঁলোকে পাহাৰৰ পৰা ভৈয়ামলৈ অকলে আহিছিল কাকো লগত  নলৈ বা পৰাধীন নোহোৱাকৈ নামি অহা মিচিং।তেওঁলোকৰ খেলত নিজ গাম পাতিছিল। দাম্বোক খেলৰ পৰা উৎপত্তি হোৱা উপাধিসমূহ পেৰতিন,পেৰমে,পেগু,মেগু,লেগ,টায়েং,কুম্বাং,পাতিৰ ,অচিক ইত্যাদি।

অয়েঙ্গিয়া(অয়ান):-ভৈয়ামত মানৰ আক্ৰমনৰ পাছত দেশত শান্তি বিস্তাৰ হোৱাৰ পাছত মিয়ং আবৰৰ এই খেলৰ লোকসকলে পাহাৰৰ পৰা ভৈয়ামলৈ স্বাধীনভাৱে নামি আহে ।তেওঁলোকৰ খেলৰ মাজতেই গাম,কটকী আদি বিষয়বোৰত নিজ খেলৰ মানুহৰ ভিতৰত পাতে। অয়ানৰ পৰা উৎপত্তি হোৱা উপাধি সমূহ-বৰি,তাৱ,পাঞাং,টায়ে,পাৱ,পাইত,টাইদ,মিলি ইত্যাদি।এই খেলে আয়োজন কৰা সভাক "মিয়ং কেবাং"বুলি কোৱা হয়।

মঞিং(ময়েঙ্গিয়া):- এই খেলৰ লোকসকল পাহাৰৰ ঠেক ঠাইৰ পৰা ভৈয়ামত গৈ বাস কৰা লোক।তেওঁলোকক ময়েঙ্গিয়া বুলিওঁ জনা যায়।এই খেলৰ লোকসকলেওঁ স্বাধীনভাৱে নামি অহা খেল।এই খেলৰ দ্বাৰা উৎপত্তি হোৱা উপাধিসমূহৰ ভিতৰত-নৰহ,চিন্তে,ঙাতে,পায়েং,পগাগ,পলেং,মিলি,কাৰ্দ্দং,দাপাক,দানাং,পায়ুন ইত্যাদি।পূৰ্বতে তেওঁলোক নদীৰ কাষত থাকি ভাল পাইছিল বৰ্তমান এই খেলৰ লোকসকল নৈ নোহোৱা ঠাইতে থাকি ভাল পায়।

চায়েঙ্গিয়াঃ-পেচাং পৰ্বতেদি আহি ভৈয়ামত বাস কৰা লোক। এই খেলতোৰ পৰা উৎপত্তি হোৱা উপাধিসমূহৰ ভিতৰত-বৰাং,ৰেগন,দাঙ্গ,পামে,পাছাৰ,বাচিং ইত্যাদি।

ডেলো/লাচংঃ- দামনে আবৰৰ পৰা ব্ৰহ্মপুত্ৰৰ উজাইদি ঘূৰি আহি ভৈয়ামত বাস কৰা ,ডেলোৰ অৰ্থই হৈছে ব্ৰহ্মপুত্ৰৰ উজাইদি অহা।ভৈয়ামত তেওঁলকক ডেলো মিৰি বুলিওঁ কোৱা হ'য়।তেওঁলোকক লাচং গঞাঁ বুলিও জনা যায় কাৰণ তেওঁলোকক গামৰ তলতীয়া হৈ ভৈয়ামলৈ নামি আহিছিল।এই খেলৰ পৰা হোৱা উপাধিসমূহ হ'ল এনেধৰনৰ-পাংগি,য়েইন,টায়ে,মিলি।

তায়ো তায়ে বা জন গঞাঃ- মিয়ং বৰ আবৰৰ পৰা ভৈয়ামলৈ অহা লোক।তায়োতায়েৰ অৰ্থ হ'ল- দাম্ৰবৰ আবৰৰ সৈতে যুঁজ দিওঁতে দাম্ৰ বৰ আবৰে পেটৰ নাড়ীৰ ভুৰু ওলাই যোৱাকৈ কাটে।আনহাতে বৰ আবৰক এই যুদ্ধত কেনেকুৱা হ'ল বুলি সুধোতে "তায়োংতায়ে"অৰ্থাৎ পেটৰ গুহ ওলোৱাকৈ কাটিছিল বুলি কৈছিল।পাছত জন নামেৰে তেওঁলোকৰ মানুহ এজন গাম হৈ শাসন কৰিছিল বাবে তেওঁৰ নাম জনগঞা বুলিওঁ জনা গৈছিল।

চামুগুৰীয়াঃ- এই খেলক তিনি ভাগত ভাগ কৰিব পাৰি চাবৰু গঞা,তামাৰ গঞা আৰু চামুগুৰীয়া।এই খেলৰ মানুহসকলে বৰ্তমান উত্তৰ লখিমপুৰৰ ৰঙানৈ,নাৰায়ণপুৰ,দিক্ৰং,ধনশিৰি,মহুৰা আদি ঠাইত বাস কৰিছে।

পাগৰ/চুতীয়া মিৰিঃ- এই  লোক সকল মিয়ং বা দাম্ৰ আবৰৰ ।আহোম ৰাজ্য আৰু চুতীয়া ৰাজ্য তথা চুহুংমুঙ আৰু নীতিপালৰ মাজত যুদ্ধ হওঁতে কিছু চুতীয়াসকলে মিৰি বা মিচিং লোকসকলৰ ঘৰত আশ্ৰয় লৈছিল,চুতীয়াৰ এই লোকসকলে মিচিঙৰ লগত সম্বদ্ধ তথা বৈৱাহিক সুত্ৰ গঢ়ি তোলে আৰু আবৰে তেওঁলোকক পাগৰ নাম দিয়ে আৰু হিন্দুসকলে চুতীয়াৰে মিল থকাৰ কাৰণে "চুতীয়া"মিৰি বুলিছিল।


আহোমৰ খেলসকলে কেতিয়াবা পাইক হৈ ৰজাৰ ঘৰত বছৰতে তিনি মাহ (পিছলৈ ৪ মাহ)কাম কৰিবলগীয়া হৈছিল।মিচিঙৰ খেলসমূহত তেনে নিয়ম নাছিল। আহোমসকলৰ মাজত ৰজাই পতা বুঢ়া গোহাঁই,বৰগোহাঁই আদি আছে তেওঁলোকৰ মাজত সৰু বৰ আছিল।কিন্তু মিচিঙৰ মাজত এই এইটো নাছিল  কাৰণ মিচিঙৰ মাজত ৰজা নাই ,সমাজনীতি আছিল। একো একোটা খেলত এক হাজাৰৰ পৰা তিনি হাজাৰ লৈকে পাইক আছিল।প্ৰতিটো খেলৰ সমষ্টিত পোনপটীয়াকৈ একোজন ফুকন নিয়োগ কৰিছিল।উদাহৰণস্বৰূপে নাওসজা খেলৰ দায়িত্বত নাওশলীয়া ফুকন। কিন্তু মিচিঙৰ ক্ষেত্ৰত তেনে নাছিল।

একে বংশৰ গোত্ৰৰ মাজত বৈৱাহিক সম্বন্ধ স্থাপন কৰিব নোৱাৰে। এটা খেলৰ মানুহে অন্য খেলৰ লগত বিবাহ সুত্ৰ গঢ়োতে যি খেলত বিয়া হ'ব এই খেলৰ উপাধি লাভ কৰিব। উদাহৰণস্বৰূপে কুশল মিলি নামৰ লৰা এজনে যদি নীতামনি পেগু নামৰ কন্যা এজনী বিবাহ কৰিলে তেতিয়া পেগু কন্যাই মিলি উপাধি লাভ কৰিব অৰ্থাৎ নীতামণি পেগুৰ পৰা নীতামণি  মিলি হ'ব।কিন্তু যদিয়ে এটা খেলৰ একেটা বংশৰ মাজতে যুৱক-যুৱতীয়ে বিবাহ হ'লে খেলৰ গাম জনে পাপী বুলি বংশৰ বংশৰ কুলংগাৰ বুলি যাতে শাস্তি বিহিবলৈ পাহৰি নামে সজাঁ এটা সাজি নদীত উঠোৱাই দিয়া হ'য়। এই ব্যৱস্থাক পাহৰি প্ৰথা বুলিওঁ কোৱা হৈছিল।

       মিচিঙৰ খেল হৈছে বংশটোৰ ঘাইমূল শিপা। এই খেলেই হৈছে তেওঁলোকৰ মূল সস্তীত্ব ।

(সহায়ক গ্ৰন্থঃ-মিৰি জাতিৰ বুৰঞ্জী,পাঞাং কটকী সোণাৰাম)

Share:

Botany notes for APSC Forest Ranger exam note With MCQ.

Whether you're preparing for the APSC Forest Ranger exam or the Indian Forest Service (IFS), having a strong grasp of botany is essential. Forest officers deal directly with plants—be it for conservation, biodiversity management, or afforestation. This guide covers all important botany concepts along with practice MCQs to boost your preparation.

Botany notes for APSC Forest Ranger exam note With MCQ.



🌱 Section 1: Understanding the Plant Kingdom

The plant kingdom is vast and diverse. To simplify, it is divided into five major groups based on structure and reproduction:

🔹 1. Algae

  • Found mostly in water

  • No true roots, stems, or leaves

  • Example: Spirogyra, Ulva

🔹 2. Bryophytes

  • Small land plants like mosses

  • No vascular tissues (xylem, phloem)

  • Known as “amphibians of the plant kingdom”

🔹 3. Pteridophytes

  • Vascular but reproduce via spores

  • First true land plants

  • Example: Ferns

🔹 4. Gymnosperms

  • Seed-bearing but non-flowering

  • Seeds are “naked” (not enclosed in fruit)

  • Example: Cycas, Pinus

🔹 5. Angiosperms

  • Flowering plants with enclosed seeds

  • Divided into monocots (e.g., rice) and dicots (e.g., mango)

Key Terms:

  • Cryptogams = Non-seed plants (algae, mosses, ferns)

  • Phanerogams = Seed-producing plants (gymnosperms, angiosperms)

✅ Sample MCQs:

Q1. Which group lacks vascular tissue?
A) Ferns
B) Mosses
C) Pines
D) Mango
Answer: B) Mosses

Q2. What is a common trait of bryophytes?
A) True seeds
B) Double fertilization
C) Lack of vascular tissue
D) Enclosed ovules
Answer: C) Lack of vascular tissue


🌿 Section 2: Plant Anatomy – Internal Structure

Plants have various tissues that support growth, strength, and food/water transport.

🔹 Meristematic Tissues

  • Actively dividing cells

  • Found at root and shoot tips

🔹 Permanent Tissues

  • Simple Tissues:

    • Parenchyma: Living, thin-walled, stores food

    • Collenchyma: Support in growing stems

    • Sclerenchyma: Dead, thick-walled, gives strength

  • Complex Tissues:

    • Xylem: Transports water

    • Phloem: Transports food

Fun Fact: Trees grow in thickness due to lateral meristem (cambium).

✅ Sample MCQs:

Q3. Which tissue helps in food transport?
A) Xylem
B) Phloem
C) Sclerenchyma
D) Cork
Answer: B) Phloem

Q4. Which simple tissue is made up of living cells?
A) Parenchyma
B) Collenchyma
C) Sclerenchyma
D) Xylem
Answer: A) Parenchyma


☀️ Section 3: Photosynthesis – The Life Process in Plants

Photosynthesis allows green plants to make their own food using sunlight.

📌 Key Formula:

6CO2+6H2O+sunlightC6H12O6+6O26CO_2 + 6H_2O + sunlight → C_6H_{12}O_6 + 6O_2

🔹 Important Components:

  • Chlorophyll-a: Main pigment

  • Light Reaction: Produces ATP and oxygen (in thylakoid)

  • Dark Reaction (Calvin Cycle): Fixes CO₂ into glucose (in stroma)

✅ Sample MCQs:

Q5. Which pigment plays the most important role in photosynthesis?
A) Chlorophyll-a
B) Xanthophyll
C) Anthocyanin
D) Carotene
Answer: A) Chlorophyll-a

Q6. Where does the Calvin cycle occur?
A) Cytoplasm
B) Mitochondria
C) Stroma of chloroplast
D) Thylakoid
Answer: C) Stroma of chloroplast


🌸 Section 4: Reproduction in Flowering Plants

Plants reproduce to ensure the survival of their species. There are two main types:

🔹 Asexual Reproduction

  • Does not involve seeds

  • Examples: budding, vegetative propagation

🔹 Sexual Reproduction

  • Involves formation of seeds through fertilization

  • Key events: Pollination → Fertilization → Seed and fruit formation

Unique Feature of Angiosperms:

  • Double fertilization: One sperm fertilizes egg, another forms endosperm

✅ Sample MCQs:

Q7. Double fertilization is found in:
A) Algae
B) Gymnosperms
C) Angiosperms
D) Ferns
Answer: C) Angiosperms

Q8. What develops into the fruit in flowering plants?
A) Ovary
B) Ovule
C) Petal
D) Anther
Answer: A) Ovary


🌳 Section 5: Forest Botany and Ecology

This section is directly linked to the role of a Forest Officer. You need to understand:

🔹 Plant Adaptations:

  • Xerophytes: Dry areas (e.g., cactus)

  • Hydrophytes: Water plants (e.g., lotus)

  • Mesophytes: Moderate climates (e.g., mango)

🔹 Forest Types in India:

  • Tropical evergreen

  • Deciduous

  • Montane

  • Thorn forests

🔹 Conservation Concepts:

  • Biodiversity hotspots: Western Ghats, NE India

  • Afforestation, reforestation, joint forest management

✅ Sample MCQs:

Q9. Which adaptation is found in xerophytes?
A) Aerenchyma
B) Sunken stomata
C) Thin cuticle
D) Broad leaves
Answer: B) Sunken stomata

Q10. Where is India’s richest biodiversity found?
A) Western Ghats
B) Indo-Gangetic Plain
C) Thar Desert
D) Central India
Answer: A) Western Ghats


💧 Section 6: Water Transport and Mineral Nutrition

Plants absorb water and nutrients from the soil to grow and stay healthy.

🔹 Key Processes:

  • Osmosis: Water movement into roots

  • Transpiration: Water loss through leaves

  • Root Pressure: Pushes water upward at night

🔹 Essential Nutrients:

  • Macronutrients: Nitrogen, Potassium, Magnesium

  • Micronutrients: Zinc, Boron, Molybdenum

✅ Sample MCQs:

Q11. Which nutrient is essential for chlorophyll formation?
A) Phosphorus
B) Magnesium
C) Sulfur
D) Iron
Answer: B) Magnesium

Q12. Guttation is caused by:
A) Capillary action
B) Transpiration
C) Root pressure
D) Osmosis
Answer: C) Root pressure


🧬 Section 7: Genetics and Plant Improvement

This section helps in understanding plant traits and how new varieties are developed.

🔹 Key Concepts:

  • Mendel's Laws: Inheritance patterns

  • Genotype vs. Phenotype

  • Hybridization: Crossing of two varieties for better yield

🔹 Importance in Forestry:

  • Disease-resistant varieties

  • Drought tolerance

  • Better yield and wood quality

✅ Sample MCQs:

Q13. Who is known as the father of genetics?
A) Darwin
B) Mendel
C) Pasteur
D) Lamarck
Answer: B) Mendel

Q14. Which crop saw a boost during the Green Revolution?
A) Maize
B) Wheat
C) Sugarcane
D) Cotton
Answer: B) Wheat


🌾 Section 8: Economic Botany – Plants that Support Economy

Forests are a source of several plant products:

🔹 Important Products:

  • Timber: Sal, Teak, Deodar

  • Medicines: Neem, Tulsi, Ashwagandha

  • Non-Timber Forest Products (NTFPs): Bamboo, resin, honey, gum

✅ Sample MCQs:

Q15. Which of these is a non-timber forest product (NTFP)?
A) Sal wood
B) Honey
C) Teak
D) Pine timber
Answer: B) Honey

Q16. Bamboo is used in:
A) Fuel
B) Paper industry
C) Medicines
D) None of these
Answer: B) Paper industry


🌍 Section 9: Forests, Climate Change, and Sustainability

Forests play a crucial role in fighting climate change:

🔹 Key Concepts:

  • Carbon sink: Forests absorb CO₂

  • Deforestation: Leads to loss of biodiversity

  • Sustainable Forestry: Balances ecological health and human needs

✅ Sample MCQs:

Q17. What is a major cause of deforestation in India?
A) Organic farming
B) Mining
C) Biogas plants
D) Greenhouse farming
Answer: B) Mining

Q18. Eucalyptus is widely used for:
A) Fruits
B) Timber
C) Afforestation
D) Medicinal oil
Answer: C) Afforestation


✅ Final Words: How to Use This for Forest Service Exams

To succeed in forest service exams:

  • Revise these concepts regularly

  • Practice drawing plant diagrams

  • Attempt previous years’ question papers

  • Focus on ecology and plant uses in Indian forests.

Share:

Contact Form

Name

Email *

Message *

Followers

শনিবৰীয়া নিয়ৰ

শনিবৰীয়া নিয়ৰ
নতুন তথ্য অসমীয়াই মাহৰ প্ৰতিতো শনিবাৰে সাহিত্য সম্ভাৰ প্ৰকাশ কৰা হয়,তাত আপুনি পঢ়িবলৈ পাব গল্প,প্ৰবন্ধ,কবিতা,নীলা খামৰ চিঠি,অণুগল্প ইত্যাদি,সংখ্যাসমুহ পঢ়িবলৈ ফটোখন ক্লিক কৰক॥

আমাৰ প্ৰকাশিত লেখাসমুহ ইয়াত অনুসন্ধান কৰক

New Post Article

Design by - Blogger Templates |

আমাৰ বিষয়ে

নমস্কাৰ আমাৰ "নতুন তথ্য অসমীয়া"লৈ আপোনালোকক স্বাগতম জনাইছো । আমাৰ এই ৱেৱচাইটত বিভিন্ন ধৰণৰ যেনে ◼আন্তঃৰাষ্ট্ৰীয় খবৰ ◼ৰাষ্ট্ৰীয় খবৰ ◼অসম বিশেষ খবৰ ◼চিনেমা বৃত্তান্ত খবৰ ◼ সাহিত্য প্ৰবন্ধীয় লেখা ◼শিক্ষা/ইতিহাস/অৰ্থনীতি/ৰাজনীতি আদি প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰো । তাৰোপৰিওঁ শনিবৰীয়া বা অতিথী লেখাৰ শিতানো প্ৰকাশ কৰা হয়।

আকৰ্ষনীয় লেখাসমুহ