পৰিয়াল,স্বজন পদ্ধতি,বিবাহ আৰু ধৰ্ম
◼সুখলতা টাইড
পৰিয়ালৰ হৈছে এক বিশ্বজনীন সংস্থা। পৃথিৱীৰ সকলো ঠাইতে পৰিয়ালৰ অস্তিত্ব বিৰাজমান। সকলো মানৱ সমাজতে পৰিয়ালৰ পদ্ধতি প্ৰচলিত হৈ আহিছে। কিছুমান পণ্ডিতে বিশ্বাস কৰি আহিছে যে ,মাক আৰু সন্তানৰ মাজৰ যোগসূত্ৰই মানৱ সমাজৰ পৰিয়ালৰ বিকাশৰ বৈবাহিক যোগসূত্ৰ কথাকে স্পষ্ট কৰে। শিশু তথা সন্তানৰ যত্নৰ খুবেই আবশ্যক হয়। সেইকাৰণে সন্তানক যত্ন লোৱাৰ দায়িত্ব মাতৃৰ ওপৰতে নিৰ্ভৰশীল। পৰিয়াল, আৱেগ আৰু অনুভূতিৰ ওপৰত প্ৰতিষ্ঠিত। পৰিয়ালৰ সুখ দুখ, হাঁহি কান্দোন,আৱেগ অনুভূতি প্ৰকাশৰ প্ৰধান কেন্দ্ৰ। সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজিৰ আৰু সু সম্পূৰ্ণই আত্মীয়তাবোধ গঢ়ি তোলে। ইজনে সিজনৰ প্ৰতি কোনোধৰণৰ ভেদাভেদ নাথাকে প্ৰত্যক্ষভাৱে দায়বদ্ধ হয়। পৰিয়ালৰ মাজত থকা মৰম স্নেহ, বন্ধুত্ব, সহনশীলতা, সহযোগিতা,আৱেগ অনুভুতি সকলো গঢ় লৈ উঠে।
এগৰাকী সমাজতত্ববিদ কিংচলি ডেভিছে "A Human Society" নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে a group of persons whose relations to one another are based upon consanguinity and who are therefore kin to one another. ব্যক্তিৰ ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত এখন পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব থাকে। এখন ভাল পৰিয়ালৰ পৰাই এখন সুন্দৰ জীৱন লগতে এখন সুস্থ সবল শক্তিশালী সমাজ এখন গঠন হয়। জন্মৰ পৰা মৃত্যু পৰ্যন্তলৈকে এখন পৰিয়ালত থাকি সমাজৰ ৰীতি-নীতি,চাল-চলন, আচাৰ-ব্যৱহাৰ, আদৰ্শ নীতি নিৰ্দেশনা মাজত ব্যস্ত থাকে। পৰিয়ালৰ দুটা ভাগ আছে , যুটীয়া পৰিয়াল আৰু একক পৰিয়াল। আজিকালি সমাজত প্ৰায়ভাগ যুটীয়া পৰিয়াল দেখা নোপোৱা হৈছে কাৰণ আজিকালি একক পৰিয়াল গুৰুত্ব বেছি হৈছে। যুটীয়া পৰিয়ালৰ সদস্যসকলে শাৰীৰিক আৰু মানসিক সংগ লগত নিৰাপত্তা প্ৰদান কৰে। দুৰ্বল,ৰুগীয়া, বৃদ্ধ, শিশু,বিকলাংগ আজি সকলো ক্ষেত্ৰত সহায় সহযোগিতা থাকে।কাৰণ তেওঁলোক এখন পৰিয়ালৰ সদস্য, সেয়েহে মৰম স্নেহৰ অন্ত নাই, প্ৰত্যেকেই প্ৰত্যেক সদস্যক সহায় সহযোগিতা আৰু আন্তৰিকতাৰে ভৰি থাকে। অসুবিধাও বহুত সন্মুখীন হ'ব লগা হয়। যুটীয়া পৰিয়ালৰ আকাৰত বৃহৎ হোৱাৰ বাবে ই একৌ হুলস্থূলীয়া আৰু উৎশৃখলতাৰ পৰিৱেশ সৃষ্টি হয়। যিহেতু পৰিয়ালৰ সদস্যৰ সংখ্যা বেছি হোৱা বাবে, অগ্ৰজ আৰু অনুজ সদস্যৰ মাজত হাই কাজিয়া কথা বতৰা,সৰু সৰু ল'ৰা-ছোৱালীৰ কন্দা কটা সকলো এক অসুবিধা সৃষ্টি কৰে। আৰ্থিক সমস্যাই দেখা দিয়ে কিছুমান মহিলা সদস্যসকলৰ মাজতো মিলাপ্ৰীতি নাথাকে।
বিবাহ
বিবাহ হৈছে এক অতিজৰে পৰা প্ৰচলিত এক প্ৰথা আৰু এক সামাজিক সংস্থা। পৃথিৱী সকলো মানৱ সমাজতে এই সংস্থা দেখা যায় পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন মানৱ সমাজত সামাজিক, ধাৰ্মিক, অৰ্থনৈতিক আদি কাৰনত বিবাহ পদ্ধতি দেখা যায় পৃথিৱীৰ সকলো সমাজতে বিবাহ কাৰ্য সম্পাদন কৰে।
হিন্দু বিবাহৰ প্ৰকাৰঃ হিন্দু বিবাহৰ প্ৰকাৰ বুলিলে আমি সাধাৰণতে যি পদ্ধতিৰ দ্বাৰা বিবাহ কাৰ্য সম্পাদন কৰা হয়।
(১)ব্ৰাহ্ম বিবাহ :- এনে বিবাহত কন্যাৰ পিতৃয়ে এজন বেদজ্ঞ বিদ্ধান,সু-চৰিত্ৰ আৰু যোগ্য পুৰুষক নিজৰ ইচ্ছানুযায়ী নিমন্ত্ৰণ কৰি আনি বেদমন্ত্ৰ পাঠ কৰি কন্যাক বস্ত্ৰ,আ অলংকাৰ আদিৰে সজাই সেই পুৰুষলৈ দান কৰে।
(২)দৈৱ বিবাহ:- এনে বিবাহত কন্যাৰ পিতৃ-মাতৃয়ে এটা যজ্ঞৰ আয়োজন কৰে আৰু সেই যজ্ঞৰ পুৰোহিতৰ কাম কৰিব পৰা যোগ্য ব্যক্তিজনৈ কন্যাক দান কৰা হয়।এনে বিবাহত কন্যাক বস্ত্ৰ,আ অলংকাৰ সজাই পৰাই ৰাখে যেতিয়া যজ্ঞত পুৰোহিতালি কৰি বিবাহ কাৰ্য সমাপন কৰা পাছতেই কন্যাক গ্ৰহণ কৰিব পাৰে।
(৩) অৰ্চ বিবাহ:- এই বিবাহত কন্যাৰ পিতৃ-মাতৃয়ে দৰাৰ পৰা এজনী গাই গৰু আৰু এটা বলধ, ধৰ্মৰ বিধি অনুযায়ী উপহাৰ হিচাপে পোৱাৰ পাছত কন্যাক দান দিয়ে।দৰা ঘৰৰ পৰা কন্যাৰ পিতৃ-মাতৃয়ে গাই আৰু বলধ লোৱাৰ মূল উদ্দেশ্য হৈছে ধৰ্মৰ বিধি পালন কৰা,তেওঁৰ ছোৱালী বিক্ৰী কৰা নহয়। অন্যকথাত এজনী গাই আৰু এটা বলধ দৰাই কন্যাৰ পিতৃক কৃতজ্ঞতাৰ চিন হিচাপে উপহাৰ দিব লাগিছিল; কন্যাৰ মাতৃয়ে গৃহস্থাশ্ৰমৰ ধৰ্ম বিলাক পালিব।
(৪)প্ৰজাপত্য বিবাহ:- এনে বিবাহত কন্যাৰ পিতৃয়ে কন্যাদান দিবৰ সময়ত দৰা কন্যা দুয়োকে আশীৰ্বাদ দিয়ে। কন্যাৰ পিতৃয়ে দুয়োকে পতি পত্নীৰ মিলিজুলি গৃহস্থৰ ধৰ্ম পালন কৰিবলৈ উপদেশ দিয়ে আৰু দুয়োৰে সুখ সমৃদ্ধিৰ বাবে কামনা কৰে।এই বিবাহ পদ্ধতিৰ দ্বাৰা উচ্চাৰিত মন্ত্ৰ বা বিধিৰ পৰা এইটোৱে বুজিব পাৰি যে এই বিবাহত ধৰ্মৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়
(৫) অসুৰ বিবাহ:- ওপৰৰ আলোচনা কৰা চাৰি প্ৰকাৰৰ বিবাহত কন্যাৰ পিতৃয়ে কন্যাক দৰালৈ দান দিয়ে। কিন্তু এই অসুৰ বিবাহ পদ্ধতিটোত দৰাই কন্যাৰ পিতৃক বা কন্যাৰ অভিভাৱকক কন্যামূল্য দিব লগা হয়। কন্যা মূল্য নিদিলে বিবাহ হ'ব নোৱাৰে।
(৬) গান্ধৰ্ব বিবাহ:- এই বিবাহত দৰা কন্যা উভয়ে পৰস্পৰ মাজত হোৱা প্ৰেমৰ কাৰনে হয় ।এই বিবাহত দৰা কন্যাৰ মিলনত তেওঁলোকৰ পিতৃ মাতৃ বা পৰিয়ালৰ কোনো লোকৰ কোনো হাত নাথাকে। দৰা-কন্যাৰ তেওঁলোকৰ মাজত থকা প্ৰেমৰ বিষয়ে পিতৃ মাতৃ জানিবলৈ দি অনুমতি সহকাৰে তেওঁলোকৰ বিবাহ সম্পন্ন হয়
(৭) ৰাক্ষস বিবাহ:-এনে বিবাহক বলাৎকাৰ বিবাহ বুলিও কোৱা হয় ।এনে বিবাহত দৰাই কন্যাৰ পিতৃৰ ঘৰ- দুৱাৰ ভাঙি পেলাই কন্যাৰ আত্মীয়সকলক জখম কৰে বা হত্যা কৰে চিঞৰি চিঞৰি কান্দি থাকোঁতেই জোৰ-জবৰ কৰি কন্যাক পলুৱাই নিয়ে।
(৮) পিশাচ বিবাহ:- দৰাই যেতিয়া গোপনে সুৰাপান কৰি অস্তিৰ হৈ থকা অৱস্থাত বা আন কোনো কাৰণত অচেতন হৈ থকা সময়ত কন্যাৰ সতীত্ব নাশ কৰে আৰু বিবাহপাশত আৱদ্ধ হয় তাকেই পিশাচ বিবাহ কোৱা হয়। এনে বিবাহৰ সামাজিক স্থান নিকৃষ্ট।
বৰ্তমান কালত হিন্দু সমাজৰ পৰিবৰ্তিত ৰূপত ব্ৰাহ্ম বিবাহ আৰু অসুৰ বিবাহৰ প্ৰচলন আছে বুলি কব পাৰি। পৰম্পৰাগত বিবাহ আধাৰত সাম্প্ৰতিক কালত ভাৰতৰ প্ৰচলিত বিবাহৰ প্ৰকাৰ ভেদ কৰিবলৈ হ'লে সাধাৰণতে এইকেইটা কব পাৰি ব্ৰাহ্ম বিবাহ, অসুৰ বিবাহ, গান্ধৰ্ব বিবাহ (প্ৰেম বিবাহ) ; কিন্তু বৰ্তমান যুগত আধুনিক শিক্ষা, ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শৰ প্ৰভাৱত পৰি প্ৰাচীন হিন্দু বিবাহ প্ৰথাৰ বহুতো পৰিৱৰ্তন ঘটিছে।
ধৰ্ম
এতিয়া ভাৰতবৰ্ষত থকা কেইটামান প্ৰধান ধৰ্মৰ সম্পৰ্কে চমুকৈ আলোচনা কৰিম। প্ৰকৃততে, ধৰ্ম একক আৰু সাৰ্বজনীন অৱধাৰণাহে।ধৰ্ম এক সামাজিক সংস্থা। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ বিভিন্ন ধৰ্ম পৃথকে পৃথকে আমি হিন্দু, জৈন , ইছলাম,শিখ,আদিকে ধৰ্ম বুলি আমি কও।এই ধৰ্মক আমি পৃথক কৰিব নোৱাৰো। ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি আচৰণ পদ্ধতিৰ ভিন্নতাৰ প্ৰকাশ ঘটোৱা একোটা ধৰ্মীয় সম্প্ৰদায় বুলি কোৱাৰহে যুক্তি আছে।
(১) হিন্দু ধৰ্ম:-
ভাৰতবৰ্ষৰ অন্য ধৰ্ম বিলাকৰ ভিতৰত হিন্দু ধৰ্মই সকলোতকৈ পুৰণি ধৰ্ম বুলি বিশ্বাস কৰা হয়। ভাৰতবৰ্ষৰ বাহিৰেও অন্য দেশটো এই হিন্দু ধৰ্ম দেখা পোৱা যায়। যেনে জাভা, বালি আদিটো হিন্দু ধৰ্মৰ প্ৰভাৱ আছে। হিন্দু ধৰ্ম কোনো ধৰ্ম প্ৰচাৰক নাই। অতীতৰ ঋষি-মুনিসকলৰ পৃষ্ঠপোষকতাতেই এই ধৰ্ম গা কৰি উঠে।বেদ হিন্দু ধৰ্ম প্ৰধান ধৰ্মপুথি। বেদ চাৰিখন ঋক,মজুত,সাম আৰু অথৰ্ববেদ। ৰামায়ণ আৰু মহাভাৰত হিন্দু ধৰ্মৰ দুখন মহাকাব্য। অন্যহাতে প্ৰত্যেক বেদৰে চাৰিটাকৈ ভাগ আছে যেনে ---সংহিতা, ব্ৰাহ্মণ,আৰণ্যক আৰু উপনিষদ। সংহিতা বৈদিক গোত্ৰৰ সমাহাৰ; ব্ৰাহ্মণ গদ্যত ৰচিত পুথি।আৰণ্যকবোৰ বৈদিক সাহিত্যৰ পৰিশিষ্ট মাত্ৰ। উপনিষদত বেদৰ শেষান্ত মৰ্ম আলোচনা কৰা হয়। সেইকাৰণে ইয়াক বেদান্ত বুলিও কোৱা হয়। উপনিষদৰ হিন্দু ধৰ্মৰ দাৰ্শনিক তত্ব অন্তৰ্নিহিত হৈ আছে। ইয়াৰ উপৰিও পুৰাণ ভাগৱত,গীতা আদি হিন্দু ধৰ্ম ধৰ্ম শাস্ত্ৰ।এই ধৰ্ম গ্ৰন্থ সমুহত বিশ্লেষণ কৰা সকলো বিশ্বাস,কৰ্ম, ন্যায়-নীতিসমূহ হিন্দু ধৰ্ম প্ৰধান ধৰ্মৰ উৎস হিচাপে গণ্য কৰা হয়। ব্ৰক্ষ্মা, বিঞ্চু,শিৱ, পাৰ্বতী, লক্ষ্মী সৰস্বতী সকলো দেৱ দেৱী প্ৰায়বোৰ হিন্দু ধৰ্মৰ দেৱতা হিচাপে বিশ্বাস কৰে। তদুপৰি ৩৩ কোটি দেৱতাই বিশ্বাস পৰিচালনা কৰে হিন্দু সমাজৰ বিশ্বাস। হিন্দু ধৰ্ম সকলৰ যুগৰ ওপৰত বিশ্বাস কৰে। এই যুগবোৰক সত্য,দ্বাপৰ,আৰু কলিযুগ আদি।যুগ অনুসৰি দেৱতাসকলৰ অৱতাৰ ৰূপ বেলেগ বেলেগ হয় বুলি বিশ্বাস কৰা হয়।
হিন্দু ধৰ্মক এটা সমন্বয় ধৰ্ম বুলি কব পাৰি।
(২) ইছলাম ধৰ্ম:-
ভাৰতবৰ্ষৰ প্ৰধান ধৰ্মৰ ভিতৰত ইছলাম ধৰ্মও অন্যতম।হজৰত মহম্মদ ইছলাম ধৰ্ম প্ৰচাৰ কৰিছিল। ইছলাম ধৰ্মৰ অৰ্থ হৈছে শান্তি। ইছলাম ধৰ্মৰ মতে ঈশ্বৰ হৈছে আল্লাহ। আল্লাহ সৰ্বশক্তিমান, সৰ্বব্যাপ্ত আৰু চিৰন্তন সত্য। ইছলাম ধৰ্মী হিন্দু ধৰ্মৰ দৰে , গ্ৰহ, নক্ষত্ৰ,জীৱ-জন্তু, দেৱ- দেৱী আদিৰ পূজা বিশ্বাস নকৰে। কোৰান ইছলামৰ ধৰ্মৰ প্ৰধান পুথি। বিশ্বব্যাপী ইছলামৰ মূল নীতি একে। কোৰানত সকলো বাণীকে আল্লাহৰ বাণী বুলি বিবেচনা কৰা হয়।এই ধৰ্মৰ মতে ঈশ্বৰ বা ভগৱান মাত্ৰ এজন। বস্তুবাদী বিশ্বাসক ইছলাম সকলে বিশ্বাস নকৰে।
ইছলাম ধৰ্মত দীক্ষিত মুছলমান সকলে পাঁচটা নীতি পালন কৰে, কলিমা, নামাজ, ৰোজা, হজঠ আৰু জাকাত।
কলিমা: হৈছে আল্লাহ আৰু হজৰত মহম্মদ প্ৰতি প্ৰশংসা। ই বাধ্যতামূলক। সৰ্বমুঠ কলিমা পাঁচটা আৰু প্ৰতিটো কলিমা আল্লাহ আৰু মহম্মদ প্ৰশংসা কৰা হৈছে।
নামাজ : নামাজো প্ৰতিগৰাকী মুছলমানৰ বাবে বাধ্যতামূলক। ইছলামৰ মতে নামাজ নপঢ়াকৈ কোনো ইছলাম ধৰ্মৰ লোক হ'ব নোৱাৰে। ইছলাম ধৰ্মৰ মতে প্ৰতিদিনে পাঁচবাৰকৈ নামাজ পঢ়িব লাগে।বেলেগ বেলেগ পঢ়া নামাজ বেলেগ বেলেগকৈ আছে।
ৰোজা: ইয়াৰ শব্দৰ অৰ্থ উপৱাস। প্ৰতিগৰাকী মুছলমানে ৰমজান মাহৰ এমাহ কাল ৰোজা অৰ্থাৎ উপবাসে থাকিব লাগে। আকাশত জোন ওলোৱা বা নোলোৱাৰ ওপৰত নিৰ্ভৰ কৰে প্ৰতিগৰাকী মুছলমানে ৰোজা পালন কৰিবলৈ প্ৰয়াস কৰে।
হজ: হজ মানে তীৰ্থযাত্ৰা বুজাই। ইছলাম ধৰ্ম ভিতৰত এই পাঁচোটা নীতি পালনৰ ক্ষেত্ৰত এইটো হজ নীতিটো ইছলাম ধৰ্ম লোক সকলৰ বাবে বাধ্যতামূলক নহয়। আৰ্থিকভাৱে সবল লোকসকলেহে জীৱনত এবাৰ হ'লেও আৰৱ দেশৰ মক্কালৈ গৈ হজ,মানে তীৰ্থযাত্ৰা কৰিব লাগে। প্ৰতি বছৰে লাখ লাখ ইছলাম ধৰ্মৰ লোক সকলে মক্কালৈ হজ কৰিবৰ বাবে যায়।
জাকাত: ইয়াৰ অৰ্থ হল আৰ্থিক অবস্থাপন্ন মুছলমানসকলৰ দান। অবস্থাপন্ন মুছলমানসকলৰ আৰ্জিত সা-সম্পত্তি কিছু অংশ দুখীয়া মানুহক দান কৰিব লাগে।।
(৩) বৌদ্ধ ধৰ্ম
বৌদ্ধ ধৰ্মৰ মূল প্ৰৱৰ্তক হৈছে বুদ্ধদেৱ। বৌদ্ধদেৱৰ মতে তেওঁ পূৰ্বৰ ' বৌদ্ধ' সকলৰ পৰিচিত পৃথক অনুকৰণ কৰিছিল।(প্ৰকৃত সত্য অনুভৱ কৰা সকলেই বৌদ্ধ)। যি পথত থাকে 'বোধি' অথবা উপলদ্ধিৰ জ্যোতি। তেওঁ মত প্ৰকাশ কৰিছে যে 'বোধি'হৈছে মানুহৰ প্ৰকৃত সত্যৰ সৈতে অন্তৰ্নিহিত হৈ থকা অনিনিৰ্দেশিত আৰু অস্বাভাৱিক সমন্ধ। ইয়াত কোনো ধৰণৰ মতবাদ জড়িত জ্ঞান নহয়। বৌদ্ধ ধৰ্মৰ শিষ্যসকল দহটা নীতি পালন কৰিবলৈ পৰামৰ্শ দিছে। নীতি কেইটা হ'ল
( ১) জীৱ হত্যা নকৰিবা,
(২) কোনো বস্তু চুৰ কৰাৰ পৰা বিৰত থাকিবা।
(৩)ব্যভিচাৰি কাৰ্যত লিপ্ত নহবা
(৪) কেতিয়াও মিছা কথা নকবা
(৫)আন মানুহৰ কুৎসাত ৰতনা নকৰিবা
(৬)আনৰ দোষ বিচাৰ নকৰিবা।
(৭) অশ্লীল বাক্য প্ৰয়োগ নকৰিবা
(৮)আনক ঘৃণা চকুৰে নাচাবা।
(৯) লোভ আৰু মোহৰ পৰা আঁতৰত থাকিবা
(১০)সৎ কৰ্ম কৰিবা।
বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখন হ'ল "ত্ৰিপিটক " বৌদ্ধদেৱে তেওঁৰ বাণীসমূহ লিপিবদ্ধ কৰা হোৱা নাছিল তেওঁৰ মৃত্যুৰ পাছতহে পালি ভাষাত এই বাণী সমূহ লিপিবদ্ধ কৰা হয়।এই গ্ৰন্থখনকে "ত্ৰিপিটক" নামাকৰণ কৰা হৈছে। ত্ৰিপিটকৰ প্ৰথম গ্ৰন্থখনৰ নাম "সুও-পিটক", দ্বিতীয়খন "বিনয়-পিটক",আৰু তৃতীয়খন "অভিধৰ্ম পাঠক",।সুও-পিটক পাঁচটা খণ্ডত বিভক্ত কৰা হৈছে ইয়াৰ ধৰ্মপদ,থেৰীগাঠা আৰু জাতকসমূহ উল্লেখযোগ্য।
সাম্প্ৰতিক বৌদ্ধ ধৰ্ম দুটা ভাগত বিভক্ত কৰা হৈছে " হীনযান" আৰু "মহাযান"। মহাযান পন্থাই মূৰ্তি পূজা সমৰ্থন কৰে কিন্তু হীনযান পন্থাই মূৰ্তি পূজাক প্ৰশ্ৰয় নিদিয়ে লগতে বৌদ্ধ ধৰ্মৰ নীতিসমূহ অনুসৰণ কৰি কঠোৰভাৱে পালন কৰে। সাধাৰণতে দক্ষিণ ভাৰতত হীনযান আৰু উত্তৰ ভাৰতত মহাযান পন্থাই প্ৰাধান্য দিয়া দেখা যায়। থাইলেণ্ডৰ বৌদ্ধ ধৰ্মৰ জনপ্ৰিয়তা অধিক অসমত ইয়াৰ প্ৰাধান্য কম বা নাই বুলি কব পৰা যায়। উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশত ইয়াৰ প্ৰাধান্য মুঠ জনসংখ্যাৰ ১৩.৬৮ শতাংশ বৌদ্ধ ধৰ্মাৱলম্বী; যিটো উত্তৰ পূব ভাৰতৰ এখন প্ৰদেশতকৈ বেছি। মিজোৰামটো ইয়াৰ প্ৰাধান্য হিন্দু ধৰ্মলোকতকৈ কম পৰিমাণে আছে।
(৪)খ্ৰীষ্টান ধৰ্ম
যীশু খ্ৰীষ্টৰ জীৱনৰ কাহিনী আৰু অভিজ্ঞতাক কেন্দ্ৰ কৰিয়েই খ্ৰীষ্টান ধৰ্ম গঢ় লৈ উঠিছে। যীশুৰ মতে এই পৃথিৱীৰ সকলো মানুহেই ভগৱানক পাবৰ বাবে চেষ্টা কৰিব লাগে।সেয়েহে সকলো মানুহেই সেই একে পথ অনুসৰণ কৰে। খ্ৰীষ্টানসকলে যীশুক ভগৱানৰ পুত্ৰ হিচাপে গণ্য কৰে। খ্ৰীষ্টান ধৰ্মত ক্ৰচৰ তাৎপৰ্য অসীম। যীশুৰ জন্মৰ সময়ত আৰবীয় দেশসমূহত চলা নানা ব্যভিচাৰি, অত্যাচাৰ বিৰুদ্ধে এক ধৰ্মীয় সংস্কাৰ আন্দোলন চলোৱাৰ বাবে ধৰ্মবিৰোধী হিচাপে দোষী সাব্যস্ত কৰি যীশুক চক্ৰ বিদ্ধ কৰি হত্যা কৰে। যীশুৰ মৃত্যুৰ পাছত তেওঁৰ প্ৰধান শিষ্য চেন্ট প'ল আৰু পিটাৰে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰে।চেন্ট প'লৰ মতে মানুহৰ উৎপত্তি হয় অলৌকিক ঈশ্বৰৰ পৰা সেয়েহে মানুহৰ ঈশ্বৰৰ প্ৰতি গভীৰভাৱে সম্পৰ্ক আছে আৰু তেওঁৰ সকলোৰে বাবে স্থান আৰু আশ্ৰয়ৰ স্থান। খ্ৰীষ্টান সকলৰ ধৰ্ম উপাসনা স্থানৰ নাম গীৰ্জা (Church) বুলি নামাকৰণ কৰা হৈছে। খ্ৰীষ্টান ধৰ্ম দুটা ভাগত বিভক্ত কৰা হৈছে ---কেথলিক(Catholic),আৰু প্ৰচেষ্টান(Protestant)
ভাৰতবৰ্ষৰ প্ৰায় পঞ্চদশ শতিকাতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ আৰম্ভ হৈছিল।১৪৯৮ চনত পোন প্ৰথম বাৰৰ বাবে ভাস্কোদাগামা ভাৰতলৈ আহে।লগে লগে পৰ্টুগীজ সকলে বেপাৰৰ বাবে সদাগৰৰ ৰূপত ভাৰতলৈ খোজ দিয়ে। ইয়াৰ পাছতে খ্ৰীষ্টান মিছনেৰী সকলে ভাৰতলৈ আহি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰে।১৬ শতিকাত মোগল সম্ৰাট আকবৰে জেচুইট মিছনেৰীসকলক মোগল দৰবাৰলৈ আমন্ত্ৰণ জনায়।এই সুযোগতে মিছনেৰীসকলে খ্ৰীষ্টান ধৰ্ম ভাৰতৰ বিভিন্ন স্থানত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰে।১৭৯৩চনত ইলিয়াম কাৰ নামৰ এগৰাকী খ্ৰীষ্টান মিছনেৰীয়ে ভাৰতত প্ৰথম বাইবেলৰ বাণী প্ৰচাৰ কৰা হয়। এই বাণী সমূহৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে।
ভাৰতবৰ্ষত বাস কৰা লোকসকলৰো খ্ৰীষ্টান মিছনেৰীসকলৰ আকৰ্ষন বৃদ্ধি পাবলৈ ধৰিলে। খ্ৰীষ্টান ধৰ্মই ভাৰতবৰ্ষত এক সংস্কাৰমুখী মনোভাৱ গ্ৰহণ কৰে। এই ধৰ্ম অনুসৰি মানুহে জীৱনত কৰা কৰ্মসমূহৰ শেষ বিচাৰ হ'ব।এই বিচাৰৰ দ্বাৰা মানুহক স্বৰ্গ আৰু নৰকলৈ যাত্ৰা বুলি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰে।
(৫)শিখ ধৰ্ম :-
শিখ ধৰ্ম, হিন্দু আৰু ইছলাম ধৰ্মৰ এক সংমিশ্ৰণ ধৰ্ম বুলি ক'ব পাৰি।এই ধৰ্ম গুৰু নানকে শিখ ধৰ্ম প্ৰৱৰ্ত্তন কৰিছিল। অৱশ্যে শিখ ধৰ্মত হিন্দু ধৰ্মৰ প্ৰভাৱেই অধিক। সেইকাৰণে হিন্দুসকলে শিখ ধৰ্মক হিন্দুধৰ্মৰ এটা মাত্ৰ ভাগ হিচাপে গণ্য কৰিব বিচাৰে। শিখ ধৰ্ম মতে ঈশ্বৰ এজন। এওঁ সৰ্বশক্তিমান দয়াৰ সাগৰ। উত্তৰ পূব ভাৰতৰ মুঠ জনসংখ্যাৰ ৮.৬৫ শতাংশ লোকেই শিখ ধৰ্মাৱলম্বী। অৱশ্যে শিখ ধৰ্ম পাঞ্জাৱতেই এই ধৰ্মৰ প্ৰাধান্য অধিক। উত্তৰ পূব ভাৰতৰ ত্ৰিপুৰাটো ইয়াৰ ধৰ্মপদ প্ৰসাৰতা লাভ কৰা দেখা যায়।
শিখ ধৰ্ম গ্ৰন্থখন হ'ল 'আদিগ্ৰন্থ' শিখ ধৰ্মাৱলম্বী লোক সকলে এই আদিগ্ৰন্থ খন পঢ়িবলৈ নিৰ্দিষ্ট কৈ ঠাই ৰখা হয়। শিখসকলে ধৰ্মীয় সভাত কিৰ্তন পাত কৰে। এওঁলোকে বাদ্যযন্ত্ৰ সহ ধৰ্ম গ্ৰন্থখনৰ স্তুতি সমূহ গায়। শিখসকলে তিনিটা গুৰুত্বপূৰ্ণ বছেৰেকীয়া উৎসৱ পালন কৰে। এইকেইটা হ'ল গুৰু নানকৰ জন্ম উৎসৱ,গুৰু গোবিন্দ সিংৰ জন্মজয়ন্তী আৰু পঞ্চম গুৰু ছহিদ। আন এটা উৎসৱ "Gurpur" হিচাপে অভিহিত কৰা হয়। "pur" শব্দৰ অৰ্থ হৈছে বন্ধদিন। ভাৰতবৰ্ষৰ এই উৎসৱসমূহ উদযাপন কৰা হয়। উৎসৱসমূহ হ'ল মাঘী উৎসৱ,বাবা দীপ সিং ছহিদ দিৱস, অমৃতসৰ উৎসৱ,দেৱালীমেলা,গুৰু অমৰ দাস, মহাৰজা,ৰণজিৎ সিং আৰু গুৰু অৰ্জুন সিংৰ মৃত্যু দিৱস, বৈশ্যালী উৎসৱ,গুৰু হৰকিষাণ,গুৰু নানকৰ জন্ম জয়ন্তী আদি।
(৬)জৈন ধৰ্ম :-
মহাবীৰে জৈন ধৰ্মৰ প্ৰৱৰ্তন কৰা ধৰ্মই হৈছে জৈন ধৰ্ম। জৈন ধৰ্মৰ মতে সংসাৰ পৰা মুক্তি পোৱাৰ মূল তীৰ্থকৰ সকলৰ পূজ্য 'অৰ্হ ' অৰ্হত, সিদ্ধ,সংঘ আৰু ধৰ্মই মুক্তিলাভৰ প্ৰধান উৎস। মহাবীৰৰ আগৰ গৰাকী তীৰ্থঙ্কৰ পাৰ্শ্বনাথেই পদ্ধতিগত ভাৱে জৈন ধৰ্মৰ বাণীসমূহ প্ৰচাৰ কৰিছিল। জৈন ধৰ্মৰ তীৰ্থঙ্কৰসকল চাৰিটা গুণৰ অধিকাৰী হ'ব লাগে।এই গুণ কেইটা হ'ল
১/অনন্ত -জ্ঞান ২/অনন্ত শক্তি ৩/অনন্ত দৰ্শন আৰু৪/অনন্ত সুখ
জৈন ধৰ্মৰ পাঁচটা প্ৰধান নীতি পালন কৰা হয় এইকেইটা হ'ল
(১) অহিংসা অৰ্থাৎ কাকো হিংসা নকৰিবা
(২) সত্যবাদিতা অৰ্থাৎ বোধ শক্তিৰ জৰিয়তে প্ৰকৃত উপলদ্ধি কৰিবা।
(৩) অষ্টেয় অৰ্থাৎ আনৰ সম্পদ চুৰ নকৰিবা।
(৪) অপৰিগ্ৰহ অৰ্থাৎ আনৰ বস্তু গ্ৰহণ নকৰিবা।
(৫) ব্ৰহ্মচৰ্য অৰ্থাৎ কঠোৰ ব্ৰত পালন কৰিবা।
জৈন ধৰ্মত ত্যাগৰ মহত্বক স্বীকাৰ কৰা হয়। জৈন ধৰ্মৰ মতে ত্যাগৰ জৰিয়তে মুক্তিৰ সন্ধান পাব পাৰি। ত্যাগৰ দ্বাৰা সত্যৰ অন্বেষণ কৰা হয়। মহাবীৰে তেওঁৰ ধৰ্ম বাণীসমূহ লিপিবদ্ধ কৰা নাছিল। এইবোৰ মৌখিকভাৱে প্ৰচলন আছিল। মহাবীৰৰ মৃত্যুৰ পাছতহে এই বাণীবোৰ লিপিবদ্ধ কৰা হয়।